২০২৫ বৰ্ষৰ পাখিলগা সময়ৰ অভিজ্ঞতা-বৰষা ডেকা

সময় কাৰোৰে বাবে কেতিয়াওঁ ৰৈ নাথাকে। সময় পৰিৱৰ্তনশীল। আজিৰ কৰিবলগীয়াখিনি আমি কাইলৈ কৰিম বুলি ভাবিলেও যেন সময় গৈয়ে থাকে। নদীৰ পানী যেনেকৈ অহৰহ বৈ থাকে ঠিক তেনেকৈ সময় কেতিয়াওঁ স্তব্ধ নহয়। মানুহৰ জীৱনটো দুদিনীয়া সেয়ে আমি প্ৰতিদিনে সৎ কৰ্ম,সৎ চিন্তাৰে আগুৱাই গৈ বাস্তৱৰ পৃথিৱীখনৰ লগত চিনাকি হ’ব লাগে। মানুহৰ জীৱনত কেতিয়াও কাৰোৰে লগত হিচাপ- নিকাচৰ পিছত দৌৰি নাথাকি নিত্য বৰ্তমান কৰ্মৰ যোগেদি জীৱন জীয়াব লাগে। প্ৰত্যেকদিনাই আমি নতুন নতুন কাম,নতুন চিন্তা, নতুন নতুন উদ্ভাৱনৰ দিশে ধাৱমান হ’ব লাগে।  মানৱ জীৱন

Read more

অৱজ্ঞা….এক বিষ-মাতু কুকুৰাছোৱা

“তুমি মোলৈ বেলেগ নাম্বাৰৰ পৰা কিয় ফোন কৰিছিলা?” মেজিকখনত উঠিয়েই কথাষাৰ কাণত পৰাত ল’ৰাটোলৈ চালো।ল’ৰাটোৰ কাষতে এজনী ছোৱালী বহি আছে। ধুনীয়া মৰম লগা ছোৱালীজনী।মেজিকখনত মানুহো বেছি নাই। সিহঁতৰ বাহিৰে মোৰে সৈতে পাঁচজন মাথোন। কিন্তু কোন ক’ত বহি আছে ল’ৰা-ছোৱালীহালৰ সেইবোৰলৈ কাণসাৰ নাই। ল’ৰাটোৰ কথাষাৰ শুনি মই সিহঁতলৈ চালোঁ। ধুনীয়া ছোৱালীজনীৰ চকুকেইটা সজল হৈ আছে।তাই মাত্ৰ কৈছে, “কিয় তুমি মোৰ ফোন বা মেচেজবোৰ ইগ’নৰ কৰিছা। আগতে দেখোন তোমাৰ সময়ৰ অভাৱ নাছিল আৰু এতিয়া সময় নাই বুলি কিয় কোৱা বাৰে বাৰে।” ল’ৰাটোয়ে

Read more

ঋণাত্মক চিন্তা উন্নতিৰ অন্তৰায়-দ্বিজেন্দ্ৰ নাথ শৰ্মা

কোনো বিষয় সংক্ৰান্তত আমি যি ভাবোঁ সেয়াই হৈছে দৃষ্টিভংগী।এই দৃষ্টিভংগী সাধাৰণতে দুই ধৰণৰ… ধনাত্মক দৃষ্টিভংগী আৰু ঋণাত্মক দৃষ্টিভংগী।ধনাত্মক দৃষ্টিভংগী বা ধনাত্মক চিন্তাই মনলৈ কঢ়িয়াই আনে আশাৰ বতৰা।আশাই আমাৰ মনক দিয়ে উৎসাহ উদ্দীপনা আৰু বৃদ্ধি কৰে কৰ্মদক্ষতা।আনহাতে ঋণাত্মক চিন্তাই মনলৈ আনে নিৰাশা ভাব।এই নিৰাশাই আমাৰ কৰ্মোদ্যম হ্ৰাস কৰে।কৰ্মোদ্যম হ্ৰাসেই নাশ কৰে কৰ্ম কৌশলতা।ফলত ই হৈ পৰে উন্নতিৰ অন্তৰায়।আমাৰ মনবোৰ  যেতিয়া দ্বিধাগ্ৰস্ত হয়, তেতিয়াই ঋণাত্মক ভাববোৰে সুবিধা লয়, মনটো ঋণাত্মক চিন্তাৰে আৱৰি ৰাখিবলৈ।এই ঋণাত্মক ভাববোৰ মনলৈ অহাত সহায় কৰে এচাম নেতিবাচক চিন্তাৰ

Read more

শিশুসকল এটি সদ্যস্নাতা জোনৰ দৰে-মৃণালী শইকীয়া

শিশুসকল সকলোৰে প্ৰিয়।যাৰ সমুজ্জ্বল জ্যোতিয়ে সকলোকে সন্মোহিত কৰিব পাৰে।দুখৰ অৱগুণ্ঠন খুলি বিলাব পাৰে উদিত সূৰুযৰ শুভ্ৰ জ্যোতি।শিশুসকল পৃথিৱীৰ প্ৰথম হিৰণ্ময়ী খোজ।শিশুৰ সান্নিধ্যৰ শুভ – নিৰ্মলজ্যোতিয়ে  সকলোকে বুৰাই ৰাখে।শিশুসকল আদি অনাদি এটা কবিতা।সঁচাকৈয়ে শিশুসকল এটি সদ্যস্নাতা জোনৰ দৰে চিকমিকাই থাকে।পূৰ্ণিমাৰ দ্বিতীয়া জোনটোৰ দৰে একলা দুকলাকৈ বাঢ়ি গৈ পূৰ্ণিমাৰ দিনা পৰিপূৰ্ণ হোৱাৰ দৰে শিশুসকলো সুশোভিত জোনাকেৰে তেজোদ্দীপ্ত হৈ পৰে ৷ শিশুসকলৰ শোভনীয় জোনাক,যাৰ তিৰবিৰণিয়ে জগতখন পোহৰাই ৰাখে।শিশু এটিৰ বুকুত যেন চিৰ খোদিত হৈ থাকে জোনৰ দেশৰ এটি সাধু আৰু ঈশ্বৰৰ নিনাদ ৷

Read more

পশু-পখীক লৈ চলি অহা কিছুমান লোকবিশ্বাস এতিয়া বিলুপ্তিৰ পথত -গীতামণী দত্ত

এই সুন্দৰ পৃথিৱীখনত জীৱকুলৰ ভিতৰত মানুহেই সকলোতকৈ শ্ৰেষ্ঠ কাৰণ মানুহে আন প্ৰাণীতকৈ সকলো কথা বুজি পায় আৰু ভাল বেয়া বিবেচনা কৰিব পৰা ক্ষমতাও আছে। কেতিয়াবা আকৌ এই অজান বুলি ভবা পশু – পখীবোৰে আমাক কিছুমান আগতীয়াকৈ মঙ্গল বা বিপদৰ আগজাননী দিয়ে আৰু সেই ইংগিতবোৰ সঁচা বুলি প্ৰমাণিত হোৱাও দেখা যায়। আমি সৰু হৈ থাকোতে কেতিয়াবা কাউৰীয়ে ঘৰৰ চালত পৰি বা বাৰীৰ গছৰ ডালত পৰি কলকলাই থাকিলে আমি কওঁ…… “আজি আমাৰ ঘৰলৈ আলহী আহিব!”  সঁচাই দূৰৰে হওক বা ওচৰ চুবৰীয়াই হওক

Read more

বসন্তই আনে বহাগীৰ বতৰা-নিবেদিতা শৰ্মা

ফাগুনে ৰিক্ত-শীৰ্ণ কৰা ধূলি ধুসৰিত  পৃথিৱীয়ে মাজ চ’তৰপৰা অহা বৰষুণজাকৰ পৰশত শীতৰ ৰুক্ষ ৰূপ আঁতৰাই নিজকে নতুন ৰূপত সজাই-পৰাই প্ৰকৃতিয়ে বসন্ত অহাৰ জাননী দিলে…!বসন্তৰ আলফুলীয়া পৰশত গছে গছে পোখা মেলে ন কুঁহিপাতৰ…নানা ৰঙী ফুলবোৰে আঁজলি ভৰাই সুশোভিত কৰিলে লঠঙা গছৰ ডাল… শুষ্ক পৃথিৱীক প্ৰকৃতিৰাণীয়ে শ্যামলী অৱগুন্ঠনেৰে আৱৰি ভৰ যৌৱনা কৰিলে…বোৱনী শিপিনীহঁতো ব্যস্ত হৈ পৰিছে প্ৰিয়জনৰ বাবে এখনি গামোচা বৈ যাচিবলৈ…!পলাশ-মদাৰ-শিমলু-কৃষ্ণচূড়াই আকাশত জুই ছটিয়াইছে ! আঁহতৰ ডালত মেল খোৱা ৰঙা ৰঙৰ কুঁহিপাতৰ ৰাঙলী বোলে কোনোবা অতীতৰ শিল্পীপ্ৰাণা আইতাৰ মনত দোলা দি

Read more

সুখৰ সংজ্ঞা মানুহৰ জীৱনৰ-অনামিকা (সংগীতা) কলিতা

“সুখ সুখ বুলি মানুহ বলিয়া               নেদেখে সুখৰ মুখ, সুখ বিচাৰোঁতে পায় সংসাৰত               দুখৰ উপৰি দুখ।” এই কবিতাফাঁকিৰ পৰা অনুভৱ হয় সুখ এটা সংজ্ঞাবিহীন শব্দ। ইয়াৰ কোনো এটা পৰিধি নাই; ইমানেই বিশাল, বিচাৰি পোৱা নাযায়। মনৰ সন্তুষ্টিয়েই জীৱনৰ শান্তি।ৰাজ অট্টালিকাত থাকিও সুখ নাথাকিব পাৰে যদি বেমাৰ বা বিভিন্ন সমস্যাৰে ভৰপূৰ। কিন্তু জুপুৰি ঘৰ এটাতো সুখ থাকিব পাৰে তাত যদি প্ৰশান্তিৰে ভৰি থাকে। ক’বলৈ গ’লে, আত্ম-সন্তুষ্টিত সুখ থাকে। কাৰণ জীৱন নামৰ পাহাৰটোৰ মাজত দুখোজমান দূৰৰপৰা দেখা সেউজীয়া বৰণৰ সুখখিনি বিচাৰি মৰুভূমিৰ মাজত

Read more

বিহুঃ সংস্কৃতি আৰু অপসংস্কৃতিৰ দোমোজাত আমাৰ জাতীয় উৎসৱটি-ড° চাহিন জাফ্ৰি

‘বিহু’ অসমীয়াৰ এক অবিচ্ছিন্ন জাতীয় সংস্কৃতি। জন্মৰপৰা মৃত্যুলৈ অসমীয়াৰ এক গৌৰৱোজ্জ্বল মানৱীয় আৰু সাংস্কৃতিক ধাৰা। অসমত বসবাস কৰি অহা বিভিন্ন নৃগোষ্ঠীসমূহৰ অঞ্চলভেদে স্বকীয়তাৰে অনুষ্ঠিত হোৱা বিভিন্ন বসন্তকালীন উৎসৱ অনুষ্ঠানৰ ভিতৰত বিহুক অন্যতম প্ৰধান উৎসৱ হিচাপে ধৰা হয়। বিহু কোনো নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ নিজস্ব সম্পদ নহয়, ই হৈছে সমগ্ৰ অসমৰ জাতীয় উৎসৱ।জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ আটাইবোৰ জনগোষ্ঠীৰ উৎসৱ-পাবৰ্ণসমূহক বিহুৰ সামগ্ৰিক ৰূপ বুলি অভিহিত কৰিব পাৰি। ভিন্নতাক পৰিহাৰ কৰি একতাৰ ডোলেৰে উদাৰভাৱে অনুষ্ঠিত হোৱা বিহু উৎসৱটি হৈছে অসমীয়া জাতীয় সম্প্ৰীতিৰ এক উৎকৃষ্ট

Read more

অসমীয়া জনজীৱন অন্যতম সম্পদ তাঁতশাল-অনামিকা কলিতা

অসমীয়া জনজীৱনৰ অন্যতম সম্পদ তাঁতশাল। হয়, বস্ত্ৰনগৰী শুৱালকুছিৰ  জীয়ৰী-বোৱাৰী হিচাপে অনুভৱ কৰো। তাঁতশালৰ অন্যতম স্থান আমাৰ শুৱালকুছিত কুটীৰ শিল্পটোৱে প্ৰাচীন কালৰপৰাই এক উল্লেখযোগ্য ভূমিকা বহন কৰি আহিছে ।এই শিল্পবোৰে গ্ৰাম্য অৰ্থনীতিত ওপৰত প্ৰভাৱ পেলাই আহিছে আৰু লগতে অসমৰ শিল্প সংস্কৃতিৰো নিদৰ্শন দাঙি ধৰিছে।কিন্তু বৰ্তমান কুটীৰ শিল্পবোৰৰ শোচনীয় অৱস্থা দেখি মন সেমেকি যায়। বিশেষকৈ তাঁতশালৰ পৰিবৰ্তন হ’ল।এতিয়া থলুৱা তাঁত শালৰ ঠাইত পাৱাৰ লুমৰ মেছিনৰ প্ৰচলন বেছি। আমাৰ শুৱালকুছিত ২০ বছৰৰ আগত প্ৰত্যেক ঘৰ মানুহৰ চাৰিখনকৈ  থলুৱা তাঁতশাল আছিল।সকলো পৰিয়ালৰ লোক সূতা লোৱা,মহুৰা

Read more

অসমীয়া ভাষা: নৱ প্ৰজন্ম আৰু অংগুলীয় মাধ্যম (চমু আলোকন) -হৰগোবিন্দ দাস

সাম্প্ৰতিক কালত সময়ে – সময়ে সভা- সমিতি,দূৰদৰ্শনৰ আলোচনা, বাতৰি কাকত, আলোচনী ,বিজ্ঞলোকৰ আলোচনা আদিত অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে ভিন্ন জনে, ভিন্ন মত প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷এচাম বিজ্ঞলোকে বৰ্তমানৰ পৰিৱেশ, পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অসমীয়া ভাষাৰ ভৱিষ্যত সম্পৰ্কে নেতিবাচক মন্তব্য কৰা দৃষ্টিগোচৰ হয় ৷ আন এচামে আকৌ অত্যুৎসাহী  মনোভাৱেৰে অসমীয়া ভাষা পৃথিৱীৰ বুকুৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে বুলি মত প্ৰকাশ কৰা শুনা যায় ৷ উল্লিখিত বিজ্ঞলোকসকলৰ চিন্তা-চেতনাৰ প্ৰতি সন্মান জনায়ো আমাৰ ব্যক্তিগত অনুভৱ কিঞ্চিত অৱলোকন কৰাৰ প্ৰয়াসেই এই লিখনিৰ

Read more
1 2