বসন্তই আনে বহাগীৰ বতৰা-নিবেদিতা শৰ্মা
ফাগুনে ৰিক্ত-শীৰ্ণ কৰা ধূলি ধুসৰিত পৃথিৱীয়ে মাজ চ’তৰপৰা অহা বৰষুণজাকৰ পৰশত শীতৰ ৰুক্ষ ৰূপ আঁতৰাই নিজকে নতুন ৰূপত সজাই-পৰাই প্ৰকৃতিয়ে বসন্ত অহাৰ জাননী দিলে…!বসন্তৰ আলফুলীয়া পৰশত গছে গছে পোখা মেলে ন কুঁহিপাতৰ…নানা ৰঙী ফুলবোৰে আঁজলি ভৰাই সুশোভিত কৰিলে লঠঙা গছৰ ডাল… শুষ্ক পৃথিৱীক প্ৰকৃতিৰাণীয়ে শ্যামলী অৱগুন্ঠনেৰে আৱৰি ভৰ যৌৱনা কৰিলে…বোৱনী শিপিনীহঁতো ব্যস্ত হৈ পৰিছে প্ৰিয়জনৰ বাবে এখনি গামোচা বৈ যাচিবলৈ…!পলাশ-মদাৰ-শিমলু-কৃষ্ণচূড়াই আকাশত জুই ছটিয়াইছে ! আঁহতৰ ডালত মেল খোৱা ৰঙা ৰঙৰ কুঁহিপাতৰ ৰাঙলী বোলে কোনোবা অতীতৰ শিল্পীপ্ৰাণা আইতাৰ মনত দোলা দি
Read more