সন্তানৰ চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ দায়িত্ব-অনামিকা কলিতা
সন্তানৰ চৰিত্ৰ গঠন আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত পৰিয়ালৰ স্থান আগত আৰু পিতৃ-মাতৃ হ’ল প্ৰধান শিক্ষক। ঘৰখনেই মূল আধাৰ আৰু পিতৃ-মাতৃ হ’ল প্ৰধান গুৰু, তেওঁলোকৰ অৱদান অতুলনীয়। শিশুৰ জন্মৰ পিছৰপৰাই পাঁচ বছৰ বয়সলৈ ৯০% বিকাশ হয়। গতিকে এই সময়খিনিত শিশুৰ বিকাশ পূৰ্ণগতিত হয়, তাৰ বাবে সু-পৰিকল্পিতভাৱে শিশুটিৰ তদাৰক কৰিব লাগে, এই ক্ষেত্ৰত মাকৰ দায়িত্ব অধিক। শিশুটোৰ প্ৰাথমিক আৰু মৌলিক চাহিদা পূৰণৰ লগে-লগে সিহঁতৰ মানসিক-দৈহিক গঠন, ৰুচি, প্ৰবৃত্তি, বিশ্বাস, ধাৰণাৰ সম্যক জ্ঞানৰ স্বৰূপ পূৰ্ণ বিকশিত হয় আৰু তাৰ ধ্যান ৰখাৰ দায়িত্ব মাক-দেউতাকৰ।
Read more