সৰগৰ পখী আৰু নিকুঞ্জবনৰ পখী (Birds of Paradise and Bower Birds)- কুমকুম শৰ্মাবৰুৱা
সৰগৰ পখীৰ মতা চৰাইটোৰ ৰঙীন পাখিবিলাক অতি সুন্দৰভাৱে সজ্জিত আৰু যিমান পাৰে সিমান সুন্দৰকৈ মেলি ধৰি ইহঁতে যোৰ পাতিবলৈ মাইকী চৰাইজনীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। পৃথিৱীৰ ভিতৰতে ইহঁত অতি সুন্দৰ চৰাই। ইহঁতৰ ৪০(চল্লিশ) বিধ প্ৰজাতিৰ বেছিভাগেই নিউগিনি আৰু কাষৰীয়া দ্বীপপুঞ্জত আছে।কেইটামান প্ৰজাতি অষ্ট্ৰেলিয়াৰ উত্তৰফালে পোৱা যায়। ইহঁতে নাতিশীতোষ্ণ জলবায়ু পছন্দ কৰে আৰু লগতে খোৱাবস্তু য’ত গোটেই বছৰ ধৰি অভাৱ নহয় তেনে ঠাইকে বাসস্থান হিচাপে বাচি লয়।এইবোৰ ঠাইত থকা চৰাইৰ মাইকীজনীয়ে মতা চৰাইটোৰ সহায় নোলোৱাকৈ পোৱালি ডাঙৰ কৰে।মতা চৰাইটোৱে কেৱল নিজক
Read more