ক্ৰম’জোম নাম্বাৰ-কুমকুম দেৱী শৰ্মাবৰুৱা
“অ’ ৰীমা , তহঁতৰ এইজোপা জলকীয়া গছনে বৰগছ।মোতকৈ ওখহে।ডালে-পাতে নাচাবা কি!” “আৰে পেহী, পিছফালে আহিলেনেকি ?জোক-চোক লাগিছেনেকি চাওক।এইজোপা ‘প’লিপ্লয়দি’ জলকীয়া গছ।আহক আহক ,চাহ-তাহ খাই মই ভালকৈ বুজাই দিম।আপুনি তপককৈ বুজি পাব।” “তই গোঁসানী থাকোঁতে মই বুজি নাপামনে আৰু।হোঁ ল, পিঠা কেইটামান ভাজিছিলো নাৰিকল দি। তিল নাই অ’।” “আইজ্জাও জোন পিঠা।ঈদো নহয় আজি।মোৰহে পেহী আপুনি।এতিয়া বহক।মই কেক বনাইছিলো ।একেলগে ভালকৈ খাই লওঁ।তাৰপিছত মজলিছ, হাঁ।” লৰালৰিকৈ ৰীমাই চাহ বনালে ।মাকে দুপৰীয়া পাকঘৰ মুচি-কাচি আকৌ এবাৰ গা ধোৱেগৈ ।টেঙা কৰ্দৈজোপাৰ পৰা কৰ্দৈ এটা
Read more