মাৰচুপিয়েল_প্ৰজাতি(Marsupial variety)-কুমকুম দেৱী শৰ্মাবৰুৱা

কিছুমান জন্তুৰ কিছুমান বিশেষ বৈশিষ্ট্য থাকে যিবোৰ আন জন্তুৰ নাথাকে। মাৰচুপিয়েল প্ৰজাতিৰ জন্তুবোৰে পেটৰ জোলোঙাত পোৱালি ভৰাই লৈ ফুৰে। সিহঁত বেলেগ বেলেগ পৰিৱেশত থাকিবৰ বাবে অভিযোজন হয়। সাধাৰণতে স্তন্যপায়ী জন্তুৰ ঠেংকেইখন দীঘল দীঘল থাকে দৌৰিবলৈ সুবিধা হ’বৰ বাবে। কিছুমানৰ পিছ ঠেং কেইখন দীঘল থাকে জঁপিয়াই জঁপিয়াই সোনকালে গৈ খোৱাবস্তু বিচাৰি পাবলৈ বা শত্ৰুৰ পৰা হাত সাৰিবলৈ। ইহঁতৰে কিছুমানৰ আকৌ মজবুত চুটি ঠেং থাকে খান্দিবলৈ, হাঁহৰ দৰে ঠেং থাকে সাঁতুৰিবৰ বাবে অথবা হাতৰ দৰে ঠেং থাকে গছত উঠিবৰ সুবিধাৰ বাবে। এই

Read more

একাপ চাহ-ড° মৃদুস্মিতা ফুকন 

গোটেই পৃথিৱীতে জনপ্ৰিয় পানীয় বুলি পৰিচিত চাহ অসমৰ জাতীয় সম্পদ।পানীৰ পিছতে সমগ্ৰ বিশ্বতে ইয়াক আটাইতকৈ বেছিকৈ সেৱন কৰা পানীয় হিচাপে আখ্যা দিয়া হৈছে।চাহ পৃথিৱীৰ প্ৰথম ৰাগিয়ে নধৰা পানীয় (beverage) হিচাপে প্ৰচলিত।আজিকালি চাহক wonder beverage বুলিও কোৱা হয়।প্ৰাচীন কালত চীনত চাহক ঔষধি হিচাপেই ব্যৱহাৰ কৰা হৈছিল, পাছতহে ই পানীয়ৰ স্থান পালে।আমাৰ শৰীৰৰ বাবে লাগতিয়াল বিভিন্ন ভিটামিন,ধাতু বা মণিক একাপ চাহত পোৱা যায়।সেই পৰিমাণ প্ৰায় এনেধৰণৰ – ভিটামিন কে-১০%, ফলিক এচিড- ৬%-১৩%, নিয়াছিন-৫.২%, ৰিব’ফ্লেভিন-৫%-৬%, তাম-৭%, পটাছিয়াম-২৫%, মেংগানিজ-৪৫% ।‌ তদুপৰি একাপ চাহত ৪০-৫০ মিলিগ্ৰাম

Read more

বজ্ৰপাত-কুমকুম শৰ্মাবৰুৱা    

শেৱালিয়ে ৰাতিপুৱা এনেয়েও উঠে সোনকালে।প্ৰথমেই পাকঘৰৰ পুৰণা ছাইখিনি পেলাই জুই ধৰি মাকে গা ধুবলৈ পানী গৰম কৰে।তাৰ পিছতেই তাই আগচোতাল পিছচোতাল সাৰেগৈ।তাৰ পিছত ভিতৰখন সাৰি গা ধুই কলেজলৈ ওলাবৰে হয়।সম্পূৰ্ণ ডেৰঘণ্টা লাগে কলেজলৈ খোজকাঢ়ি যাওঁতে।আজিও একেধৰণেৰেই সোনকালে উঠি তাই জুই-ছাই ধৰি পিছফালে যাওঁতেহে দেখা পালে ৰাতিৰ বতাহ-বৰষুণত দুজোপা অমিতা গছ ভাগি কলিয়ে- কুলাই অমিতা সৰি চোতালখন ভৰি আছে।এনেতে দেখিলে দেউতাক ঘূৰি আহিছে পথাৰৰ পৰা।কাষৰ ঘৰৰ হালোৱাটো ৰাতিতে গৈছিল পথাৰলৈ, বজ্ৰপাত পৰি ঢুকালে বোলে।চিনি পোৱা ল’ৰাজন ঢুকালত সঁচাই বৰ বেয়া লাগিল।তথাপি

Read more

অক্সিজেন থেৰাপি-কুমকুম শৰ্মাবৰুৱা

‘জীতেন অ’, কোনফালে যোৱানো?আহাঁচোন এইফালে,’……নুমলি আইতাই আগ্ৰহেৰে মাতিলে। ‘জেঠাই,ইয়ালৈকে আহিছোঁ।আপোনালোকৰ ৰবীন ককাইদেৱে মোক ৰঘূ গছজোপা কাটিবলৈ মাতিছিল,’ জীতেনে সোমাই আহি ক’লে। ‘ অ’ হয়নেকি।সেইজোপা সিনো কেলেই কটাব খুজিছে । ৰ’বা সোধো তাক মই।’ ‘ট্ৰেক্টৰখন থ’বলৈ গেৰেজ এটা সাজিব খুজিছোঁ আৰু এনেয়েও ইমান পাতবোৰ সৰি থাকে তলত,’ ৰবীনে ওলাই আহি ক’লে। ‘তাৰ তলতে সাজিলেই হ’ব ট্ৰেক্টৰখন থোৱা ঘৰ।নেকাটিলেও জুৰিব।গছজোপাই ছাঁ পেলাই গোটেই ঘৰটোকে জুৰ পেলাই থয়।অতবোৰ চৰাই -চিৰিকটিয়ে বাঁহ লৈছে।তোৰ বেয়া নালাগিলনে সেইজোপা কটাবলৈ।নেলাগে কাটিব। জীতেন ,তুমি বাৰীখনৰ অপতৃণবোৰকে উঠোৱাগৈ। ৰ’বা

Read more

ব্ৰত-কুমকুম শৰ্মাবৰুৱা

আমি ব্ৰত পালন কৰিলে বা উপবাসে থাকিলে শৰীৰৰ  বৰ উপকাৰ হয়। উপবাস মানে দিনটো নোখোৱাকৈ থকা। কিছুমানে ৰাতিহে নোখোৱাকৈ থাকে।কিছুমানে সম্পূৰ্ণ এদিন একো নোখোৱাকৈ থাকে।পিছে অলপ পানী খাব লাগে।চল্লিশ বছৰৰ ওপৰৰ লোকসকলে সপ্তাহত এদিন অন্ততঃ ব্ৰত পালনেৰে পৌষ্টিক তন্ত্ৰক জিৰণি দিয়া ভাল। আমাৰ শৰীৰটো কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত।এই কোষবোৰৰ ভিতৰত সকলো কামেই সুন্দৰকৈ স্বতন্ত্ৰভাৱে চলি থাকে।ইয়াত কাম চলাবৰ বাবে শক্তিৰ আধাৰ হিচাবে আছে মাইট’কন্দ্ৰিয়া বুলি এবিধ ক্ষুদ্ৰ অংগাণু ।আমি খোৱা খাদ্যবস্তুবোৰৰ লাগতিয়ালখিনি শোষিত হৈ ক্ষুদ্ৰান্তৰ পৰা প্ৰতিটো কোষলৈ যায়গৈ।তাৰ

Read more

চিকাৰ আৰু চিকাৰী জন্তু =কুমকুম শৰ্মাবৰুৱা

যিবোৰ জন্তু অন্য জন্তুৱে মাৰি খাদ্য হিচাপে ব্যৱহাৰ কৰে সেইবোৰক চিকাৰ বুলি কোৱা হয়। যেনে:- হৰিণা, শহাপহু ইত্যাদি। যিবোৰ জন্তুৱে অন্য জন্তু চিকাৰ কৰি বা মাৰি খায় সেইবোৰক চিকাৰী জন্তু বুলি কোৱা হয়। যেনে:- বাঘ, সিংহ ইত্যাদি। পৰিৱেশৰ লগত মিলি থাকিবলৈ এই দুইবিধ জন্তুৰে বিশেষ কিছুমান বৈশিষ্ট্য আছে। চিকাৰী জন্তুবিলাকৰ চকু আগফালে থাকে যাতে ই চিকাৰটোৰ দূৰত্ব বুজি পায় আৰু খেদি গৈ ধৰিবগৈ পাৰে। যদি ইহঁতে চিকাৰ বেগাই গৈ বা লুকাই থাকি জাপ মাৰি হ’লেও ধৰিব নোৱাৰে তেতিয়া ইহঁত খাবলৈ

Read more

সৰগৰ পখী আৰু নিকুঞ্জবনৰ পখী (Birds of Paradise and Bower Birds)- কুমকুম শৰ্মাবৰুৱা

সৰগৰ পখীৰ মতা চৰাইটোৰ ৰঙীন পাখিবিলাক অতি সুন্দৰভাৱে সজ্জিত আৰু যিমান পাৰে সিমান সুন্দৰকৈ মেলি ধৰি ইহঁতে যোৰ পাতিবলৈ মাইকী চৰাইজনীক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। পৃথিৱীৰ ভিতৰতে ইহঁত অতি সুন্দৰ চৰাই। ইহঁতৰ ৪০(চল্লিশ) বিধ প্ৰজাতিৰ বেছিভাগেই নিউগিনি আৰু কাষৰীয়া দ্বীপপুঞ্জত আছে।কেইটামান প্ৰজাতি অষ্ট্ৰেলিয়াৰ উত্তৰফালে পোৱা যায়। ইহঁতে নাতিশীতোষ্ণ জলবায়ু পছন্দ কৰে আৰু লগতে খোৱাবস্তু য’ত গোটেই বছৰ ধৰি অভাৱ নহয় তেনে ঠাইকে বাসস্থান হিচাপে বাচি লয়।এইবোৰ ঠাইত থকা চৰাইৰ মাইকীজনীয়ে মতা চৰাইটোৰ সহায় নোলোৱাকৈ পোৱালি ডাঙৰ কৰে।মতা চৰাইটোৱে কেৱল নিজক

Read more

প্ৰাচীন ভাৰতৰ সেই মহান জ্যোতিৰ্বিজ্ঞানী তথা গণিতজ্ঞ জন-পংকজ বৰুৱা 

প্ৰাচীন ভাৰতবৰ্ষত অনেক এনে মহান বৈজ্ঞানিক, গণিতজ্ঞ তথা চিন্তাবিদৰ জন্ম হৈছিল যি জ্ঞানৰ নতুন নতুন দ্বাৰ মুকলি কৰিছিল।প্ৰাচীন ভাৰতৰ এনে এজন মহান চিন্তবিদ, প্ৰখৰ বুদ্ধিসম্পন্ন তথা মেধাবী গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী আছিল আৰ্যভট্ট। ৪৭৬ চনতে তেওঁ প্ৰমাণিত কৰিছিল যে পৃথিৱীহে গতিশীল সূৰ্য্য স্থিৰ। পৃথিৱীহে সূৰ্য্যৰ চাৰিওফালে ঘূৰে,সূৰ্য্য পৃথিৱীৰ নহয়। তেওঁৰ জন্মৰ প্ৰায় ১০০০ বছৰৰ পিছত এই কথাকে জ্যোতিৰ্বিজ্ঞানী ক’পাৰনিকাছেও কয়। আৰ্যভট্টৰ জন্ম আজিৰ পৰা প্ৰায় ১৬০০ বছৰৰ আগতে  ৪৭৬চনত বৰ্তমানৰ পাটনা,পুৰণি ভাৰতৰ মগধ ৰাজ্যৰ ৰাজধানী পাটলিপুত্ৰৰ দাতিকাষৰীয়া কুসুমপুৰ নামৰ গাঁৱত হৈছিল।মগধ

Read more

শীতনিদ্ৰা-কুমকুম শৰ্মাবৰুৱা

শীতনিদ্ৰা হ’ল প্ৰাকৃতিকভাৱে সুপ্ত হৈ থাকি শীতকালত জীয়াই থকা এটা অৱস্থা।শীতকালত বহুতো জন্তুৱে বৰ ঠাণ্ডা অনুভৱ কৰে আৰু খোৱাবস্তুৰো অভাৱ অনুভৱ কৰে।সৰু স্তন্যপায়ী জন্তু আৰু সৰীসৃপে শিল বৰষুণ পৰিলে অথবা বৰকৈ ঠাণ্ডা পৰিলে শৰীৰৰ তাপমাত্ৰা ঠিকে ৰাখিবলৈ বিভিন্ন উপায় ল’বলগা হয়।তাৰ লগে লগে ঠাণ্ডা দিনত সিহঁতৰ খাদ্যৰো অভাৱে দেখা দিয়ে।তাৰ এটাই উপায় আছে যে হয় শীতৰ দিনলৈ খাদ্যবস্তু জমা কৰি ৰাখিব লাগিব,নহয় শৰীৰৰ তাপমাত্ৰা কমাই শুই থাকিব লাগিব।কিছুমান জন্তুৱে গোটেই ঠাণ্ডাকালটো জিৰণিয়েই লৈ থাকে।তাকেই শীতনিদ্ৰাত থকা বুলি কোৱা হয়। শীতনিদ্ৰাত

Read more

দীঘলা কাই বগাই যায়- কুমকুম শৰ্মাবৰুৱা

“ৰুণিবা গুচি আহা” বুলি একেটানে পূজাই ৰুণিক আঁতৰাই লৈ আহিল।তাৰপিছতহে দেখুৱাইছে আচল বস্তুটো।ৰুণিয়ে এম.এচ.চি.ৰ শেষ পৰীক্ষা দি ঘৰলৈ আহিছে যদিও তাই নেট,গেট আৰু গৱেষণা কৰিবলৈ প্ৰয়োজনীয় লিখা পৰীক্ষাৰ কাৰণে পঢ়ি আছে। তথাপিও পেহীয়েকৰ ঘৰলৈ এপাক নাহিলে থাকিব নোৱাৰে।নতুনকৈ ফুলা এজেলিয়া ফুলজোপা ভালকৈ চাওঁ বুলি ডিঙি মেলি ওচৰলৈ গৈ চাবলৈ লওঁতেই এজেলিয়াজোপাৰ তলৰ ডাঙৰ ভেকুলীটো খাবলৈ এডাল প্ৰকাণ্ড দীঘল সাপ বগাই আহিছিল।তাই ষ্টেণ্ডডালত থকা টাবটোলৈহে চাইছিল অৰ্জুনে মাছৰ চকুটোলৈ চোৱাৰ দৰে,তললৈ চোৱাই নাছিল।দূৰলৈ আহি দেখি কিন্তু ভয় এটা খালে ভালকৈ।এই জীৱটোৱেই

Read more
1 2 3