সেউজগৃহ (Greenhouse)-কুমকুম দেৱী শৰ্মাবৰুৱা

‘ৰীমা বা আজি তুমি মোক সেউজগৃহৰ কথা ক’ব লাগিব। মই কিতাপ লৈয়েই আহিছোঁ।’ ‘ ৰ’বা, কিবা এটা খাই লওঁ প্ৰথমতে।’ ‘কি ৰান্ধিছা। বৰ ধুনীয়া গোন্ধাইছে।’ ‘পায়স অকণমান ৰান্ধিছোঁ অ’। হ’বই এতিয়া গোঁসানী।’ ‘মই লৰাই থাকোঁ দিয়া।তুমি বেলেগ কাম কৰা।’ ‘হোৱা যেন দেখিলে এই ইলাচি গুড়িকণ দি দিবা দেই।’ ‘বাৰু, জেঠাই নামঘৰলৈ গ’ল নহয়নে, ৰীমা বা? ‘ ‘ হয় অ’ আইজনী, কিমান নো ঘৰৰ কামকে কৰি থাকিব।’ ‘ হয়তো, মই আজি নামঘৰৰ গছকেইজোপাৰপৰা বুটলি বহুত বকুলফুল আনিলোঁ ৰীমা বা।’ ‘ অকলে

Read more

অসমৰ ঈগল চৰাইবোৰ-প্ৰান্তৰ ভাগৱতী

“সেইটো কি চৰাই পাপা?সেই আকাশত যে ঘূৰি ঘূৰি  উৰি আছে।” কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী ৰেঞ্জত জীপচীৰে বনৰীয়া জীৱ-জন্তু আৰু চৰাইবোৰ চাই থাকোঁতে দূৰৰ আকাশত উৰি থকা ডাঙৰ চৰাই এটা লৈ আঙুলিয়াই দি মোৰ ছোৱালী জনীয়ে সুধিলে। “ৰ’বা মাজনী। এনেকৈ ইমান দুৰৰপৰা চাই ক’বলৈ অসুবিধা।মই ফটো এখন তুলি চাওঁচোন দেই।” এইবুলি কেমেৰাৰে উৰি থকা চৰাইটোৰ ফটো কেইখনমান তুলিলোঁ। তাৰ পিছত ফটো কেইখন চাই নিশ্চিত হৈ ছোৱালীজনীক কলো—- “এইটো এটা ‘Short Toed Snake Eagle’ ।  অসমীয়া নাম ” চুটি আঙুলিয়া ঈগল “।

Read more

গছৰ উশাহ-কুমকুম দেৱী শৰ্মাবৰুৱা

“ৰুমীবা , আজিৰপৰা মই তোমালোকৰ ঘৰত থাকিম”,  মুনুৱে চিঞৰি আহিল। “আহি যোৱা, আহি যোৱা। তোমাৰ বস্তু লৈ”,  ৰুমীয়ে মাত লগালে। মুনু আৰু ৰুমীৰ ঘৰ সন্মুখা-সন্মুখি। ৰুমীয়ে পঢ়ে কলেজত বি.এচ.চি আৰু মুনুৱে পঢ়ে ষষ্ঠ শ্ৰেণীত।ৰুমীৰ খুৰাকৰ ছোৱালী মুনু। মুনুহঁতৰ কেঁচা ঘৰবোৰ ভাঙি নতুনকৈ সাজিবলৈ লৈছে কেঁচাকৈয়ে।সেয়ে তাই ৰুমীহঁতৰ ঘৰত থাকিবহি ঘৰ সাজি নোহোৱালৈকে। মুনুৱে প্ৰথমে কিতাপখিনি আনিলে বেগত ভৰাই। তাৰপিছত অলপ কাপোৰ আনিলে। তাই ৰুমীবাৰ লগতে শুব, লগতে খাব আৰু লগতে পঢ়িব। ৰুমীবায়ে তাইক নজনাটো শিকাই দিব। “ৰুমীবা আজি বিজ্ঞান পঢ়িম।

Read more

জীৱনৰ বাবে অ’জন-চন্দামিতা শৰ্মা

চন ১৯৮৫। স্থান: এন্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অ’জন স্তৰ। সমগ্ৰ বিশ্বৰ বিজ্ঞানীমণ্ডল তথা প্ৰতিজন পৰিৱেশপ্ৰেমী লোককে জোকাৰি যোৱা এটা ঘটনা আৱিস্কৃত হৈছিল আৰু সেইটো আছিল এন্টাৰ্কটিকা মহাদেশৰ ওপৰৰ অ’জন স্তৰত এক বৃহৎ ছিদ্ৰৰ উমান পোৱা।এইটো ঘটনাই লগে লগে অৱধাৰিত ৰূপত সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি তুলিছিল। পিছে কিয়? কিহৰ বাবে সমগ্ৰ বিশ্বৰ বাবে ই উদ্বিগ্নতাৰ কাৰক হৈ পৰিল? এই অ’জন নো কি?  অজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ  তথা এবিধ জাৰক।অ’জনবিলাক বায়ুমণ্ডলৰ উচ্চ স্তৰত থকা অক্সিজেন(O2) আৰু  অতি

Read more

ভৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট আৰু ইয়াৰ নিৰ্মাণৰ আঁৰৰ কাহিনী-পংকজ বৰুৱা

বিংশ শতিকাৰ আৰম্ভণিতে যি সময়ত সমগ্ৰ ইউৰোপত  উদ্যোগীকৰণ হৈছিল সেই সময়ত ভাৰতবৰ্ষ  ব্ৰিটিছৰ অধীন আছিল।সেই  সময়ত ভাৰতত আন্দোলন,বিপ্লৱ তুংগত আছিল।এনে এক পৰিস্থিতিতো চি. ভি.ৰমণ,মেঘনাদ সাহা,ৰামানুজন,সুব্ৰমণিয়াম চন্দ্ৰশেখৰ আদিৰ দৰে প্ৰতিভাবান বিজ্ঞানীৰ জন্ম হৈছিল। তেওঁলোকে তেওঁলোকৰ গৱেষণাৰ বাবে বিদেশলৈ যাবলগা হৈছিল।১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দেশত  বিজ্ঞান আৰু উদ্যোগীকৰণৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে।সেই সময়ত পৰমাণু শক্তি আৰু মহাকাশ গৱেষণাক বিজ্ঞানৰ ক্ষেত্ৰখনত অগ্ৰাধিকাৰ দিয়া হৈছিল।ইয়াৰ ফলস্বৰূপেই ১৯৪৮ চনত Indian Atomic Energy Commission ৰ গঠন হৈছিল আৰু পৰমাণু

Read more

আমাৰ খাদ্যত বৰবিহ-ৰঞ্জনা দত্ত

কিছুদিন আগতে মোৰ এগৰাকী ভতিজা বোৱাৰীয়ে বেলতলাৰ স্থানীয় বজাৰৰপৰা সৰু সৰু চাই লোকেল ফুলকবি দুটামান কিনি আনিলে। ডাঙৰবোৰত হৰমন ব্যৱহাৰ কৰিব পাৰে বুলি সৰু চাইজৰ বিচাৰি আনিছিল। ভালদৰে ধুই পখালি আন শাক-পাচলি বোৰৰ লগত কবি দুটা ফ্ৰিজৰ পাচলি থোৱা প্লাষ্টিকৰ বাকচটোত ভৰাই থলে। ৰাতি শুবলৈ যোৱাৰ পিছত গোটেই ৰাতি ঘৰৰ ভিতৰৰ ক’ৰবাৰপৰা কেৰকেৰ মেৰমেৰ শব্দ আৰম্ভ হ’বলৈ ধৰিলে। চাৰিওফালে শব্দটোৰ উৎসটো বিচাৰিবলৈ চেষ্টা কৰিলে যদিও উলিয়াব নোৱাৰিলে। পিছদিনা ৰাতিপুৱা ফ্ৰিজটো খুলি চাই হতবাক হ’ল। ফ্ৰিজৰ প্লাষ্টিকৰ বাকচটো কেইবা ঠাইতো ফাটি

Read more

হতাশাগ্ৰস্ততা(Depression)-ডাঃ ধ্ৰুৱজিত বড়ো

মানসিক ৰোগ আমাৰ জীৱনৰ বৰ্তমান সময়ৰ এটা অতি গুৰত্বপূৰ্ণ বিষয় হৈ পৰিছে।কিয়নো এই বিষয়টোৰ সম্পৰ্কত সম্যক জ্ঞানখিনি আমাৰ বেছিভাগৰে নাই , লগতে এই ৰোগ সম্পৰ্কে সমাজত বহুতো ভুল ধাৰণাই তাহানিৰ দিনৰেপৰাই চলি আহিছে। যাৰ ফলস্বৰূপে আমি বহুতেই সঁচৰাচৰ এই ৰোগ বোৰৰ প্ৰতি অৱহেলা কৰা পৰিলক্ষিত হয়।  আমি বেছিভাগ লোকেই আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ নহয়। মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ পৰিধিটো আমি এতিয়াও ভালদৰে উপলদ্ধি কৰিব পৰা নাই। ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ সমাজত চলি অহা কিছুমান ভুল ধাৰণা কিম্বা উৰাবাতৰি। আমাৰ

Read more
1 2