হায় টোপনি!-অনিমা বড়া

“মৰ টোপনি”—কথাষাৰ বেলেগৰ লগত ঘটিছে নে নাই নাজনো  কিন্তু আজি মই নিজৰ লগত ঘটা দুটা মাত্ৰ ঘটনাৰ লিখিত ৰূপ দিয়াৰ প্ৰয়াস কৰিছো।এতিয়াতো মোৰ অফুৰন্ত সময়।এটা পেট,ওলোটাকৈয়ো নাচিব পাৰি!কোনে দেখা পাব!এথাল ভাতেই হওক বা অন্য খাদ্য আগত লৈ আপোনবোৰৰ বাবে অলপ অলপ কৰি মনতেই বিলাপ গাই গাই  নাকৰ পানী, চকুৰ পানী  একাকাৰ।ভাব হয় গঙ্গা-যমুনাৰ দুটি ধাৰা বৈ আহি মুখ নামৰ সাগৰত থিতাপি।সোৱাদটোও বেয়া নহয় নিমখ নিমখ…… আচল কথাৰপৰা ফালৰি কাটিলো নেকি বাৰু! শিৱসাগৰৰ ভিতৰুৱা গাওঁ নামতিত মামাৰ ঘৰ।সত্তৰ দশকত সৰু মামাহঁতে

Read more

নাককাটি-ৰঞ্জিত কুমাৰ শৰ্মা

বঙাইগাঁও চহৰৰপৰা দক্ষিণ দিশত প্ৰায় তেৰ কিলোমিটাৰ দূৰত্বত আছে দেৱানগাঁও নামৰ এখন গাঁও৷ বইটামাৰী ৰাজহ চক্ৰৰ অধীনৰ এই গাঁওখনৰ পূৱফালে বৈ গৈছে টুনীয়া নৈ৷ নৈখনৰ কাষতে আছে ‘নাককাটি পাহাৰ’৷জনশ্ৰুতিমতে পাহাৰখনৰ পুৰণি নাম আছিল মহাৰাণী৷ এই সম্পৰ্কত মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে এটা কাহিনীও৷ কাহিনীটো এনেধৰণৰ—  বঙাইগাঁও জিলাত থকা পাহাৰবোৰৰ ভিতৰত এখন পাহাৰৰ নাম হ’ল ভূমিশ্বৰ৷ কাহিনীটোত এই ভূমিশ্বৰক ৰজা বুলি কোৱা হৈছে৷ ভূমিশ্বৰ ৰজাৰ ৰাণী আছিল মহাৰাণী৷ ভূমিশ্বৰ ৰজাৰ সৰু ভাতৃ এজন আছিল ভাওৰীয়া৷ মহাৰাণী আৰু ৰজাৰ ভাওৰীয়া ভাতৃৰ

Read more

চৌষষ্ঠি বিধ কলা-ইলি তালুকদাৰ

এসময়ত কৈশোৰ কালত শিষ্যসকলে অধ্যয়নৰ উদ্দেশ্যে গুৰুগৃহলৈ গৈছিল। তেতিয়া তেওঁলোকক গুৰুৱে ব্ৰহ্মচৰ্য্যৰ লগতে যিকোনো এটা কলা শিক্ষা দান কৰিছিল। এই কলা মুঠতে চৌষষ্ঠিবিধ।কোৱা হয় যে এই কলাসমূহৰ যিকোনো এবিধৰ বিষয়ে জ্ঞান নাথাকিলেও গাৰ্হস্থ্য জীৱন সম্পূৰ্ণকৈ কোনেও ভোগ কৰিব নোৱাৰে। গতিকে এই কলাসমূহৰ অলপ অলপ শিক্ষা লাভ কৰা প্ৰতিগৰাকী ব্যক্তিৰে কৰ্তব্য। এই চৌষষ্ঠি কলানো কি ? তলত এই চৌষষ্ঠি কলা চমুকৈ বৰ্ণনা কৰা হৈছে। চৌষষ্ঠি কলা হ’ল ——- ১) সংগীত কলা অৰ্থাৎ সৰ্বপ্ৰধান কলা হ’ল গান বা গীত। ২) বাদন কলা

Read more

তাহানিৰ সোণোৱালী শৈশৱৰ শাসনবোৰ আৰু আজিৰ প্ৰজন্ম-বন্দিতা জৈন

লʼৰালি কালৰ কথা। কথা মানে অতীত ৰোমন্থন। আমাৰ সম বয়সীয়াখিনিৰ বাবে অতীত ৰোমন্থন মানে বেলেগ একো কাহিনী নাই। কিমান বদমাচি কৰি মা-দেউতাহতঁৰ হাতৰপৰা কিমান মাৰ খাইছিলো তাৰেই পৰিসংখ্যা অনুসৰি কৰা হিচাপ। মাৰৰ প্ৰকৃতি আৰু পৰিমাণ কৰ্ম অনুযায়ী হৈছিল। কেতিয়াবা ডাঙৰ দোষ কৰিলেও মাফ, কেতিয়াবা দোষ নকৰাকৈয়ে খোৱা মাৰ,নপঢ়িলেও মাৰ,পঢ়িলেও ভুল হোৱাৰ নামত মাৰ। বেছি সময় পঢ়া টেবুলত থাকিলেও চিন্তা, নাথাকিলেও সেই ফালেই ফলা খৰিৰ কোব খোৱা। খংটো উঠে সেই খৰি কেইডালৰ ওপৰত। হেৰৌ! তহঁতেনো আমাৰ ঘৰলৈ খৰিৰ ৰূপত কিয় আহিব

Read more

মাধৱদেৱৰ গুৰু সেৱা-কুঞ্জ খাউণ্ড

গুৰু শিষ্যৰ কথা ক’লেই প্ৰথমে শংকৰদেৱ আৰু মাধৱদেৱৰ কথাই মনলৈ আহে। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱৰ গুৰুৰ প্ৰতি থকা অগাধ ভক্তিৰ কথা গুৰুভটিমা ভাগিৰপৰাই অনুমান কৰিব পাৰি। মাধৱদেৱৰ গুৰুসেৱা আছিল নিভাঁজ। তেওঁ সদায় পুৱা শুই উঠি নিজৰ প্ৰাতঃকৰ্ম কৰি  লৰালৰিকৈ শংকৰদেৱৰ ঘৰলৈ আহি গুৰুজনৰ নিমিত্তে দাঁতোন, খৰিকা, তেল পীৰা আদি স্নানৰ বাবে যোগাৰ কৰি দিয়ে। সেইখিনিৰ পিছতে গুৰুজনে ঈশ্বৰৰ কথা চৰ্চা কৰিবৰ বাবে কঠ পাৰি দিয়ে। তাৰ পিছতে কীৰ্তন ঘৰত দুয়ো নাম প্ৰসঙ্গ কৰে। প্ৰসঙ্গৰ অন্তত গুৰু কীৰ্ত্তন ঘৰৰপৰা ওলোৱাৰ পিছত

Read more

আব্ৰাহাম লিংকনৰ বিশেষ চিঠিখন-পলাক্ষী লস্কৰ

শিক্ষা দুটা আখৰৰ এটি সৰু শব্দ, কিন্তু ইয়াৰ অৰ্থ ব্যাপক। ইয়াতেই নিহিত হৈ আছে জীৱশ্ৰেষ্ঠ মানুহৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু প্ৰগতি। মানুহে সমাজ পাতি বসবাস কৰিবলৈ শিকাৰপৰাই শিক্ষাৰ প্ৰয়োজন অনুভৱ কৰিবলৈ ধৰিলে। শিক্ষাৰ জয়যাত্ৰাৰ বাবে “শিক্ষানুষ্ঠান” বা বিভিন্ন “টোল” আদিৰ গঠন হ’ল। শিক্ষালাভৰদ্বাৰা শিক্ষাৰ্থী সকলৰ মন, বুদ্ধি , হৃদয়, আৰু শৰীৰৰ বিকাশ ঘটিলেহে পূৰ্ণ মানৱৰূপে স্বীকৃত হয়। স্বামী বিবেকানন্দই কৈছিল….  “শিশুৰ ভিতৰৰ গুণৰাজিক প্ৰকাশৰ বাট দেখুৱাই দিয়াটোৱেই শিক্ষাৰ উদ্দেশ্য হোৱা উচিত।” মানৱ শিশুৰ মাজতেই এজন সুস্থ নাগৰিকৰ গুণসমূহ লুকাই থাকে। এই

Read more

ৰ’দ ফুলা , জোনাক ফুলা বতৰৰ সাধু-জ্যোতিমণি দেৱী

(১) বনফুলৰ গছ আৰু এজাক পখিলাঃ উৰুঙা উৰুঙা এটি ভোকাতুৰ দুপৰীয়া , তাঁতৰ পাটত বহি আনমনা হৈ পৰা সময়ৰ আমনি । ওচৰতে কোনোবা এটি গছৰ ডালত বহি হেটুলুকা চৰাই এটিয়ে মাতিছে –হেটুলুক্ ,হেটুলুক্ । ধূলিয়ৰি বতাহে ধূসৰিত কৰা আকাশৰ তলত তাঁতশালৰ চালিখন। চালিখনৰ আগৰ প্ৰায় দহ-বাৰ ফুট আহল-বহল এডৰা মাটি। মাটিডৰা বনজালুক , শুহুনিবনৰ দৰে বন কিছুমানে ছানি ধৰিছে । গছবোৰত ফুল ফুলিছে –বগা ,কমলা ,হালধীয়া ফুলেৰে মাটিডৰাত এখন ফুটুকীয়া ফুলেৰে বনকৰা সেউজীয়া দলিচা পাৰি থোৱা যেন দেখা গৈছে আৰু

Read more

অসমীয়া ভাষাৰ প্ৰথম সংবাদপত্ৰ অৰুণোদয়ৰ পাতত অসমীয়া ছাত্ৰ আমেৰিকালৈ যোৱাৰ খবৰ-সুভাষ শৰ্মা

অসমীয়া ভাষাৰ এটি দুৰ্যোগপূৰ্ণ সময়ত আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকলে ১৮৪৬ চনত অসমীয়া ভাষাত “অৰুনোদই” সংবাদপত্ৰখন প্ৰকাশ কৰি উলিয়ায়। মিছনেৰীসকলে মূলতঃ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবেই যদিও এই সংবাদপত্ৰখন প্ৰকাশ কৰি উলিয়াইছিল তথাপি ‘অৰুনোদই’য়ে সেই সময়ৰ ৰাজ্যখনৰ লগতে দেশ বিদেশৰ বা-বাতৰি প্ৰকাশ কৰি অসমীয়া পঢ়ুৱৈ সমাজক জ্ঞানৰ পৰিধি প্ৰসাৰিত কৰাত সহায় কৰিছিল।  ১৮৪৬ চনৰপৰা ১৮৮০ চনলৈ প্ৰায় ৩৪ বছৰীয়া ‘অৰুনোদই’ৰ জীৱন কালত ধৰ্ম প্ৰচাৰৰ উপৰিও সমসাময়িক ঘটনা প্ৰৱাহৰ বাতৰি, নীতি-কথা, বিজ্ঞান, ইতিহাস, ভূগোল, সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে সজাগতা আদি বিভিন্ন বিষয়ৰ লগত অসমীয়া পাঠকক

Read more

একতাই পৰম বল-কুমকুম দেৱী শৰ্মাবৰুৱা

মাকজনীয়ে পঢ়াই  উঠি যাবলৈহে পালে ৰন্টু আৰু মন্টু দুয়োটাৰে খেল  আৰম্ভ হৈ গ’ল। স্কেলপাতেৰে পেন্সিলৰ সৰু সৰু টুকুৰা, ৰবৰ ইত্যাদি মাৰি পঠিয়ায় আৰু এইবিলাক ভেণ্টিলেচনৰ তলৰ পকাখনত জমা হৈ থাকেগৈ। এবাৰ ৰন্টুৱে মন্টুৰ ৰবৰটুকুৰা মাৰি পঠিয়ালে । মন্টুৱে তাৰ  পিঠিত দিলে এঢকা। উভতি আকৌ ৰন্টুৱেও এঢকা দিলে। মাকে দৌৰি আহি  দুয়োজনকে কাজিয়া কৰা দেখা পাই ধমকি দিলে। ৰন্টুৱে বোলে সিহে আগতে মাৰিছে, মন্টুৱে বোলে সিহে আগতে মাৰিছে । মাকে বোলে মই ভাতৰ কামখিনি কৰি সোনকালে আহি আছোঁ। দুয়োটাই নিজৰ নিজৰ 

Read more

জীৱনৰ ৰং-মাতু কুকুৰাচোৱা

আপোনতাৰ এষাৰ মাতেও সঞ্জীৱনী সুধা কঢ়িয়ায়। জন্ম, মৃত্যু আৰু বিবাহ এইকেইটাৰ ওপৰত অদৃষ্টৰ বাহিৰে কাৰোৱেই হাত নাই কিজানি। প্ৰভুয়ে নিবিচাৰিলে একোৱেই সম্ভৱ নহয় আনকি মৃত্যুও! জীৱন সেইজনৰ বাবে বৰ সুন্দৰ হয় যিয়ে মৃত্যুক অতি ওচৰৰপৰা দেখা পায়।  তেতিয়া মই ক্লাছ নাইনত আছিলো। এদিন ৰাতি হঠাৎ সাৰ পাই মাক বাহিৰলৈ যাবলৈ মাতিলো, মায়ে নিজৰ ৰূমৰপৰাই “উঠি আহ” বুলি ক’লে। আৰে, মই দেখোন উঠিব পৰা নাই বিছনাৰপৰা! কৰঙনত এটা বিষ অনুভৱ কৰিছো। মাক চিঞৰি মাতিলো। মায়ে আহি “দিনত ক’ৰবাত দুখ পালি হ’বলা”

Read more
1 2 3 4