জ্বালামুখীৰ পাহাৰৰ পৰা স্বৰ্গীয় সূৰ্যোদয়ৰ দৃশ্য আৰু অপূৰ্ব সুন্দৰ গৰম পানীৰ সৰোবৰত এবেলা-ৰঞ্জনা দত্ত

২০১৭ চনৰ জুলাই মাহত আমি ৯ দিনৰ বাবে থাইলেণ্ড আৰু বালি ভ্ৰমণৰ বাবে গৈছিলো।জহকালি গৰম আৰু বৰষুণৰ বাবে বহুত ঠাই ভ্ৰমণৰ বাবে উপযোগী নহয়। ভেঙ্কুভাৰত থকা আমাৰ ছোৱালী ৰিয়াই বহুতো চাই চিতি বালি দ্বীপলৈ যোৱাটোৱেই বতৰৰ ফালৰপৰা অনুকূল হ’ব বুলি ক’লে।গতিকে আমি দুজন গুৱাহাটীৰপৰা আৰু ৰিয়া ভেঙ্কুভাৰৰপৰা আহি একেলগ  হৈ বেংককত দুদিন থাকি বালি পালোগৈ। ‘পেচিফিক ৰিং অফ ফায়াৰ’ত অৱস্থিত ইন্দোনেছিয়াখন  আগ্নেয়গিৰিৰ দেশ।ইয়াত পৃথিৱীৰ সৰু-ডাঙৰ মিলি ১৪৭ টাতকৈও বেছি আগ্নেয়গিৰি আছে আৰু তাৰে ৭৬ টা এতিয়াও সক্ৰিয়।এই ৭৬ টা সক্ৰিয়

Read more

মন্দিৰ পেগোডাৰে ভৰা বেঙ্ককত তিনি ৰাতি-ৰঞ্জনা দত্ত

কেতিয়াবা কিছুমান ঠাইলৈ নভবাকৈয়ে যোৱা হয়, আকৌ কিছুমান ঠাইলৈ যাম যাম বুলি ভাবি থাকিলেও যোৱা নহয়গৈ। ওচৰৰে হাফলং, অৰুণাচলৰ দুখনমান ঠাই, মণিপুৰ , মিজোৰাম আদিলৈ যাম যাম বুলি ভাবি থাকোঁতেই গৈছে। সকলো ঠিক কৰি শেষত কিবা কিবি কাৰণে যোৱাটো নহয়গৈ। বেঙ্ককলৈ যোৱাৰ কথা আকৌ আগতে বিশেষ ভবাই নাছিলোঁ।ছোৱালী তেতিয়া ভেঙ্কুভাৰত থাকে। তায়েই একেলগে ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱটো দিলে। দুয়োখন ঠাইৰে মাজৰ ঠাই এখন হ’লে আমাৰ লগতে তাইৰো সুবিধা হ’ব। সময়টো আছিল জুলাই মাহ। মাজৰ ঠাই হিচাপে থাইলেণ্ড, ভিয়েটনাম আদি বেছিভাগ ঠাইতে

Read more

ত্ৰিৰুপতিত মহাপ্ৰভুৰ দৰ্শণ কৰা নহ’ল-গীতামণি দত্ত

২০১২ চনত ডিচেম্বৰ মাহত চেন্নাই এপ’ল হস্পিতালত চিকিৎসাৰ বাবে সপৰিয়ালে গৈছিলোঁ লগত মোৰ ডাঙৰ বৌ আৰু ভতিজা দুটাও গৈছিল । আমি ত্ৰিৰুপতিলৈ যাম বুলি আগতিয়াকৈ  ভবা নাছিলোঁ।হঠাতে ত্ৰিৰুপতিলৈ যাবলৈ সাজু হ’লো।মনটো ভাল লাগিল। বাছেৰে যাত্ৰা আৰম্ভ কৰিলোঁ।আমি যোৱা বাছখন  ৰাতিপুৱা সাত বজাত সদায় ত্ৰিৰুপতিলৈ যোৱা দৰ্শনাথীসকলক লৈ যায় আৰু ৰাতি সেই একেখন বাছেৰে সকলোকে চেন্নাইলৈ ওভতাই আনে। কেইজনমান যাত্ৰী সময়মতে আহি নোপোৱাত বাছখন সাত বজাৰ ঠাইত ন বজাতহে এৰিলে।ত্ৰিৰুপতিৰ মহাপ্ৰভুৰ বিষ্ণুৰ দৰ্শণৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰিলোঁ। ভাৰতৰ বিভিন্ন ঠাইৰ লোকে

Read more

মেকং নৈত নৌকা বিহাৰ-ৰঞ্জনা দত্ত

(ভিয়েটনাম ভ্ৰমণৰ শেষ ছোৱা) মেকং নদীৰ নাম বহুত সৰুৰেপৰাই শুনিছোঁ। ১৯৬৭ চনতে প্ৰকাশ পোৱা প্ৰয়াত হেম বৰুৱাদেৱৰ ভ্ৰমণ কাহিনী  ‘ মেকং নৈ দেখিলো’ অসমীয়া সাহিত্যৰ এক যুগান্তকাৰী ৰচনা। কিছু ডাঙৰ হোৱাৰ পিছত তেওঁৰ কিতাপখন পঢ়িছো। কি সুন্দৰ ভ্ৰমণ কাহিনী! মাজে মাজে এনে লাগে যেন কবিতাহে পঢ়িছো, কেতিয়াবা লাগে যেন আমোদজনক গল্প এটাহে পঢ়িছো! তেওঁৰ বিখ্যাত কিতাপখনত সন্নিবিষ্ট আছে পাঁচখন দেশ থাইলেণ্ড, কাম্বোডিয়া, লাওচ, মালয়ছিয়া আৰু চিঙ্গাপুৰৰ ভ্ৰমণ কাহিনীৰ ৰেঙনি। অৱশ্যে মালয়ছিয়া আৰু চিঙ্গাপুৰৰ মাজেৰে মেকং নদী প্ৰৱাহিত হোৱা নাই। আমাৰ

Read more

হো চি মিন চিটি …কু চ্চি সুৰঙ্গ আৰু ভিয়েটনামৰ অন্ধকাৰ পৰ্যটনৰ এছোৱা-ৰঞ্জনা দত্ত

সকলোদিশে  উন্নতিৰ শিখৰলৈ আগুৱাই যোৱা আজিৰ ভিয়েটনামখন দেখিলে কোনেও বিশ্বাস কৰিব নোৱাৰে ৪০ বছৰ আগলৈকে যুদ্ধৰ সন্ত্ৰাস আৰু বিভীষিকাৰে জৰ্জৰিত ভিয়েটনামখনৰ কথা। ১৯৭৪ চনত স্বাধীনতা লাভ কৰা ভিয়েটনামৰ প্ৰাক স্বাধীনতা কালছোৱাৰ প্ৰকৃত ছবিখন চাবলৈ হ’লে চাইগন চহৰলৈ পৰ্যটকসকল যেনে  তেনে এবাৰ যোৱা উচিত। আমাৰ ১৩ দিনীয়া ভিয়েটনাম ভ্ৰমণৰ প্ৰথম ৬ দিন উত্তৰ ভিয়েটনামৰ হানয় আৰু ইয়াৰ ওচৰ-পাঁজৰৰ ঠাইসমূহ চাইছিলো । ইয়াৰ পিছৰ চাৰি দিন দা নাং, হুৱে আৰু ঐতিহাসিক চহৰ হই এনৰ আশেপাশে আৰু শেষৰ তিনিৰাতি আছিলো চাইগন চহৰত।  চাইগনৰ নতুন

Read more

মধ্য ভিয়েটনামত কিছুদিন-  ৰঞ্জনা দত্ত

** হুৱে ( Hue) , দা নাঙ( Da nang) আৰু হ’ই এন ( Hoi ann)    “নানা দেশ ফুৰে যি,নানা কথা শিকে সি।” মই নিজকে যথেষ্ট সৌভাগ্যবান বুলি ভাবোঁ যে জীৱনত মই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্ত দেখিবলৈ পাইছো।সঁচাই বিচিত্ৰ এই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্তৰ প্ৰাকৃতিক শোভা।চলিত বৰ্ষৰ ১৭ এপ্ৰিল তাৰিখে প্ৰকাশিত হৈ যোৱা ‘শব্দচিত্ৰ ই- আলোচনী’ ৰে দ্বিতীয় সংখ্যাত প্ৰকাশ কৰিছিলো মোৰ এক ভ্ৰমণ কাহিনী “ভিয়েটনাম ভ্ৰমণৰ বাখৰুৱা স্মৃতি”(হানয়ৰ আশে পাশে)।প্ৰকৃতিৰ কোলাত পালিত হানয়ত কটোৱা ৫ দিনৰ স্মৃতি মোৰ মানসপটত সদায়

Read more

উদ্ভিন্ন যৌৱনা জলকন্যা,কাকচাং-প্ৰণৱ কুমাৰ বৰা 

২০১৭ চনত কাৰ্বি আংলং জিলাৰ ডিফুত চাকৰিত যোগদান কৰাৰপৰাই কাকচাঙৰ নামটো শুনি আছিলো। যাম যাম বুলি ভাবি থাকোতেই পাঁচোটা বছৰ পাৰ হ’বৰ হ’ল। প্ৰতিটো সপ্তাহতে নগাঁৱৰ ঘৰলৈ যোৱা হয়েই। এই বছৰৰ ছোৱালীৰ স্কুলৰ গৰম বন্ধ শেষ হ’বৰে হ’ল। সেয়েহে শ্ৰীমতীৰ লগত কথা পাতি এইবাৰ কাকচাঙলৈ যোৱাটোকে সিদ্ধান্ত কৰিলো। (কাকচাং যদিও কাৰ্বি আংলং জিলাত অৱস্থিত,বোকাখাতৰ দিশৰপৰাও যাতায়ত সুচল)। কাকচাঙলৈ যাম যেতিয়া তাৰ স্থানীয় লোক এজন লগত থাকিলে যাত্ৰাটো সহজ হয়। গতিকে পলম নকৰি বোকাখাত চহৰৰে বাসিন্দা প্ৰাক্তন সহকৰ্মী তথা বন্ধু চাইফুৰ

Read more

চেমখৰ-ৰাজীৱ মহন্ত

২৩ বছৰৰ আগৰ কথা৷ ২০০০ চনতে চেমখৰলৈ গৈছিলো৷ তেতিয়া চেমখৰত দেখা, আমাক লৈ যোৱাসকলৰ মুখেৰে শুনা চেমখৰৰ পৰম্পৰাৰ লগতে যাত্ৰাপথত সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে কিছুদিন পূৰ্বে ‘আমাৰ অসম’ কাকত আৰু ফেচবুকত লিখিছিলো৷ এইকেইদিন চেমখৰক লৈ যথেষ্ট চৰ্চা চলিছে৷ এজন বন্ধুৰ অনুৰোধত পুনৰ লেখাটো দিলো৷ _________________________________________________                                     (১) —‘তালৈ আপোনালোক নাযাব! বিপদত পৰিব। খোজেৰে কেইবাঘন্টাৰো বাট। পাহাৰৰ লুংলুঙীয়া পথবোৰ বৰ ভয়ংকৰ। দুয়োকাষৰ গছবোৰে ঢাকি ৰখা পথবোৰ সুৰংগৰ দৰে।দিনতে এন্ধাৰ।গছৰ ডালবোৰত থোপা-থোপে ওলমি থাকে জোক। মানুহৰ গোন্ধ পালেই জাকপাতি জোকে আক্ৰমণ

Read more

স্বৰ্ণ নগৰী আৰু সোনালী বালিৰ দেশত এভুমুকি-ৰঞ্জনা দত্ত

(১) নীলা সাগৰ , বৰফেৰে ঢকা পাহাৰ আৰু  ঘন সেউজীয়া প্ৰকৃতিৰ মাজত বহুত ফুৰা হ’ল। কৰোণা কালৰ মাজতে এইবাৰ ডিচেম্বৰ মাহৰ শেহৰফালে আমি যাবলৈ ওলালো ভাৰতৰ একেবাৰে পশ্চিম সীমান্তৰ থৰ মৰুভূমিৰ চাম বালিৰ পাহাৰ আৰু স্বৰ্ণ নগৰী জয়সালমেৰ চাবলৈ। দুবছৰ ঘৰত সোমাই থাকি থাকি আমনি লাগিছিল যদিও ওলাই যাবলৈ সাহস কৰা নাছিলো। তাতে মোৰ অৱস্থা পাখি কটা পাৰৰ দৰে। ভেক্সিনৰ মাত্ৰ এটা পালিহে লোৱা হৈছে। তাৰ পাৰ্শ্ব ক্ৰিয়াৰ ফলত এতিয়াও ভালদৰে খোজ কাঢ়িব নোৱাৰা অৱস্থা। ল’ৰা-ছোৱালী, জোঁৱাই সকলোৰে সাহসতে ওলালো।

Read more

মনপক্ষী উৰে পাখি মেলি নামদফা পাহাৰৰ শিখৰে কন্দৰে-জয়ন্ত গগৈ

“পুৱতিৰ আলোকেৰে আলোকিত দেশ” উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশ যাক ‘সূৰ্য্য উঠা দেশ’ বুলিও জনা যায়। প্ৰকৃতিয়ে অকৃপণভাৱে ঐশ্বৰ্য্যশালী মনোৰম প্ৰাকৃতিক পৰিৱেশ গঢ়ি তুলিছে এই পুৱতিৰ আলোকেৰে আলোকিত ঠাইখণ্ডত। সেয়ে সেউজপ্ৰিয় সকলোকে হাতবাউল দি আমন্ত্ৰণ জনাই থাকে অৰুণাচলৰ মনোৰম প্ৰকৃতিয়ে। এনে এক বৈচিত্র্যময় জৈৱিক পৰিবেশৰ সন্মুখীন হােৱাৰ সৌভাগ্য ঘটিছিল ১৯৯৫ চনৰ অক্টোবৰ মাহত। এটি তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ মহাবিদ্যালয়ৰ (তিনিচুকীয়া) স্নাতক দ্বিতীয় বার্ষিক উদ্ভিদ বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকল ৰাওনা হৈছিলোঁ ’নামদফা ৰাষ্ট্ৰীয় উদ্যান’ৰ এটি পৰ্য্যটক ভূমি ‘দিবান’ অভিমুখে৷ অৰুণাচললৈ যাবৰ বাবে যাৱতীয়

Read more
1 2 3