দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুষমা বিচাৰি-জয়ন্ত গগৈ

ৰাতিপুৱাই বন্ধু প্ৰভাতৰ ফোনটো পালোঁ। সি জানিব বিচাৰিলে মই এইকেইদিন ফ্ৰি আছোঁ নে নাই। বিশেষ ব্যস্ত বা কোনো ফালেই যোৱাৰ প্ৰ’গ্ৰাম নাই বুলি জনোৱাৰ লগে লগেই সি জনালে দূৰ্গাপূজাৰ পিছতে সিহঁতৰ ( প্ৰভাত আৰু একে সহপাঠী এজনৰ) , নাহৰকটীয়া জয়পুৰৰ দিহিং পাটকাই বৰ্ষাৰণ্যলৈ সিহঁতৰ ৰিচাৰ্চৰ কামত তিনিটা দিনৰ বাবে অহাৰ প্লান কৰিছে। গতিকে ৰিচাৰ্চ সহকাৰী হিচাবে স্থানীয় মোকেই সিহঁতে নিৰ্বাচন কৰিছে। উক্ত কেইদিনত সিহঁতৰ পথপ্ৰদৰ্শক তথা সহকাৰী হ’ব লাগে বুলি জনালে। মনটো ভালেই লাগিল। এইখন বিখ্যাত অৰণ্যৰ মাজলৈ পুনৰ যোৱাৰ

Read more

কাৰ্দম কাৰ্বি আংলং, খুবলেই খাচীয়া মামা-ৰাম নিৱাস পাণ্ডে

অসম মেঘালয়ৰ সীমান্তত অৱস্থিত তাৰালাংছ। হামৰেণৰপৰা অলপ যাব লাগে। সেই ঠাইতে  অৰণ্যৰ মাজত নিৰ্মাণ কৰা হৈছিল এটা আটকধুনীয়া আৱৰ্ত ভৱন। বন্ধু আৰু সেই সময়ৰ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী  সদস্য (EM PWD,Karbi Anglong Autonomous Council) ৰবি কুমাৰ ফাঞ্চোৱে দহ  দিন মানৰ আগতে খবৰ দিলে যে তেওঁৰ বিভাগৰদ্বাৰা নতুনকৈ নিৰ্মাণ কৰা এই আৱৰ্ত ভৱনৰ উদ্ঘাটনৰ দিনা মই তাত উপস্থিত থাকিব লাগে।সেই সময়ত কাৰ্বি আংলং জিলাখনত সাংবাদিকৰ সংখ্যা নিচেই তাকৰ, এজন বা দুজন মানুহহে আছিল।তেওঁলোকো ডিফুত হে থাকিছিল। হামৰেণ মহকুমাত এজনো  সাংবাদিক

Read more

মেঘালয় ৰাজ্যৰ ডাউকী গাঁৱত এদিন-গীতামণি দত্ত

২০১৪ চনৰ কথা। গ্ৰীষ্ম বন্ধত শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ। লগত আমাৰ গিৰীহঁতৰ সহকৰ্মী মনোজ দত্তৰ পৰিয়ালটো ওলাল। মুঠতে আমি সাতজন। আমাৰ চাৰিজন আৰু তেওঁলোকৰ তিনিজন। কিন্তু কি হ’ব! গ্ৰীষ্মৰ বন্ধৰ পিছদিনাৰ পৰাই গৰম দিনত হোৱা সেই আপদীয়া জ্বৰটো আহি লগ ল’লেহি। প্ৰথমে গিৰীহঁতৰ, তাৰ পাছত মোৰ পাল। জ্বৰ ভাল নহয় হে নহয়। যাবলৈ নাপাব বুলি ল’ৰা-ছোৱালীকেইটাৰ মনবোৰ বেয়া। অৱশেষত জ্বৰে লগ এৰিলে। ১৫ জুলাই সোমবাৰে যোৱাটো ঠিক কৰিলোঁ। অনলাইনতে সকলো ঠিক হ’ল। পুৱা সাত বজাত এখন ইন’ভা গাড়ীৰে শ্বিলং অভিমুখে

Read more

আইচফিল্ড পাৰ্কৱে আৰু জেচপাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ সপোন যেন যাত্ৰা-ৰঞ্জনা দত্ত

কেনাডাৰ ব্ৰিটিছ কলম্বিয়া আৰু আলবাৰ্টা প্ৰদেশৰ উপৰিও আমেৰিকাৰ পশ্চিম দিশৰ ইডাহো,মন্টানা, কলৰাডো হৈ একেবাৰে নিউ মেক্সিকোলৈকে ৪৮০০ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকা ৰকি পৰ্বতমালা ভ্ৰমণকাৰীসকলৰ বাবে স্বৰ্গ বুলি অভিহিত কৰা হয়।এই পৰ্বতমালাতেই আছে ১২,০০০ ফুটতকৈও ওখ প্ৰায় ষাঠিতা বৰফাবৃত পৰ্বত শৃঙ্গ আৰু ইয়াৰ চাৰিওকাষে ঠায়ে ঠায়ে সৃষ্টি হোৱা অপূৰ্ব সুন্দৰ টাৰকুইছ নীলা পানীৰ সৰোবৰ আৰু নদী,ঘন সেউজীয়া অৰণ্য আৰু বিভিন্ন আকৃতিৰ সৰু ডাঙৰ অসংখ্য পাহাৰ চূড়াৰ শেষ নোহোৱা শাৰীবোৰ।এইবোৰৰ মাজে মাজে বহল নিমজ হাইৱে আৰু ইয়াৰ দুয়োকাষৰ অৰণ্য আৰু শিলৰ

Read more

কুৰ্গ – The Scotland of India-গীতালী চক্ৰৱৰ্তী

আপুনি যদি এজন প্ৰকৃতিপ্ৰেমী আৰু দুঃসাহসিক খেল খেলি ভাল পায়, তেন্তে আপোনাৰ এখন প্ৰিয় ঠাই হ’ব পাৰে “কুৰ্গ”৷ আৰু ইয়াৰ লগতে কুৰ্গীলোকৰ আতিথ্য পৰায়ণতাই আপোনাৰ মন পুলকিত কৰি তুলিব৷ কুৰ্গ বা কদাগু হ’ল কৰ্ণাটক ৰাজ্যৰ আটাইতকৈ সৰু জিলা আৰু কম জনবসতিপূৰ্ণ ঠাই৷ ইয়াৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বাবে কুৰ্গক ‘ভাৰতৰ স্কটলেণ্ড’ বুলি অভিহিত কৰা হয়৷  কুৰ্গত প্ৰধানকৈ চাবলগীয়া ঠাইবোৰ হ’ল :- (১) থল কাবেৰী :- ব্ৰক্ষ্মগিৰি পাহাৰৰপৰা কাবেৰী নৈ উৎপত্তি হৈ কৰ্ণাটক আৰু তামিলনাডুৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰিছে আৰু এই উৎপত্তি

Read more

ছিকিমৰ তিস্তা নৈৰ পাৰে পাৰে-গীতামণি দত্ত

২০১৫ চনৰ পূজাৰ বন্ধত সপৰিয়ালে ছিকিমলৈ যোৱাৰ পৰিকল্পনা কৰিলোঁ।লগত এওঁৰ সহকৰ্মী আন এটা পৰিয়ালো ওলাল।আমি আটায়ে ওঠৰ অক্টোবৰৰ দিনা ৰাওনা হ’লো।প্ৰথমে গেংটকলৈ গৈ আহোঁতে দাৰ্জিলিঙত সোমাই ঘূৰি অহাৰ কথা ।দুপৰীয়া বাৰ মান বজাত তেজপুৰৰপৰা ৰাওনা হৈ আবেলি তিনি বজাত গুৱাহাটী পালোঁহি,ইফালে ৰে’ল আছে সন্ধিয়া ছয় বাজি ত্ৰিছ মিনিটত।খন্তেক সময় জিৰণি ল’বৰ বাবে ৰুক্মিণী নগৰত থকা মোৰ ডাঙৰ বাইদেউৰ ঘৰলৈ গ’লো। আমি সময় মতে মালিগাওঁ ৰে’ল ষ্টেচন পালোঁহি। বেছি সময় ৰৈ থাকিব লগা নহ’ল।’গুৱাহাটী পুৰি এক্সপেছ’।আটায়ে টালি-টোপোলা লৈ ৰে’লত উঠিলোঁ। সময়

Read more

কোচবিহাৰ ভ্ৰমণৰ ডুখৰীয়া ছবি-চিত্ৰলেখা দেৱী

কথা এষাৰ আছে — “যিমানে ফুৰিবা, সিমানে শিকিবা”। কথাষাৰৰ সত্যতা নুই কৰিব নোৱাৰি। ফুৰিলে – চাকিলে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পায়। ঘৰ – সংসাৰৰ নানানটা বেমেজালিৰ মাজতো মই বছৰত একোবাৰকৈ কোনোবা এফালে ফুৰিবলৈ যোৱাৰ সুযোগ এটা যেনে তেনে উলিয়াই লওঁ। তাৰ বাবে পাছত আৰ্থিক দিশত কেতিয়াবা অসুবিধাৰো সৃষ্টি নোহাৱাকৈ নাথাকে, যিহেতু আমি সীমিত উপাৰ্জনৰ পৰিয়াল। এইবাৰ বিভিন্নজনে কোচবিহাৰৰ ৰাজপ্ৰাসাদ আৰু মধুপুৰ সত্ৰৰ ফটো ফেচবুকত আপলোড কৰি থকা চাই চাই নিজেও এবাৰ নিজ চকুৰে দেখাৰ লোভ সম্বৰণ কৰিব নোৱাৰিলো। স্কুলত কথা

Read more

মেঘালয় ৰাজ্যৰ দক্ষিণ গাৰোপাহাৰ জিলাৰ লোকচক্ষুৰ আঁৰত প্ৰকৃতিৰ মাজত লুকাই থকা কিছু আশ্চৰ্য্য-ৰঞ্জনা দত্ত

মেঘালয়ৰ পৰ্যটন স্থলবিলাকৰ কথা ভাবিলে আমাৰ মনলৈ আহে কেৱল শ্বিলঙ আৰু চেৰাপুঞ্জীৰ আশে পাশে থকা সুন্দৰ ঠাইসমূহৰ কথা।গাৰো পাহাৰ জিলা যেন সদায় উপেক্ষিত।সাধাৰণ পৰ্যটকসমূহৰ দৃষ্টিৰপৰা নিজকে সংগোপনে লুকুৱাই ৰখা মেঘালয় ৰাজ্যৰ পূব গাৰো পাহাৰ জিলা আৰু দক্ষিণ গাৰো পাহাৰ জিলাও প্ৰাকৃতিক সৌন্দৰ্য্য আৰু কিছু বৈচিত্ৰময় বিস্ময়ৰ আকৰ।দক্ষিণ গাৰো পাহাৰ জিলাৰ বাঘমাৰাৰ ওচৰে পাঁজৰে থকা এনে দুখনমান দৰ্শনীয় ঠাই পাৰিলে এবাৰমান চাই আহিবচোন। গুৱাহাটীৰ পৰা বাঘমাৰাৰ দূৰত্ব প্ৰায় ২৬৫ কি:মি। তুৰালৈ যোৱা ভালেমান চৰকাৰী আৰু বেচৰকাৰী বাছৰ বাহিৰেও বাঘমাৰালৈ এখন নৈশ

Read more

জ্বালামুখীৰ পাহাৰৰ পৰা স্বৰ্গীয় সূৰ্যোদয়ৰ দৃশ্য আৰু অপূৰ্ব সুন্দৰ গৰম পানীৰ সৰোবৰত এবেলা-ৰঞ্জনা দত্ত

২০১৭ চনৰ জুলাই মাহত আমি ৯ দিনৰ বাবে থাইলেণ্ড আৰু বালি ভ্ৰমণৰ বাবে গৈছিলো।জহকালি গৰম আৰু বৰষুণৰ বাবে বহুত ঠাই ভ্ৰমণৰ বাবে উপযোগী নহয়। ভেঙ্কুভাৰত থকা আমাৰ ছোৱালী ৰিয়াই বহুতো চাই চিতি বালি দ্বীপলৈ যোৱাটোৱেই বতৰৰ ফালৰপৰা অনুকূল হ’ব বুলি ক’লে।গতিকে আমি দুজন গুৱাহাটীৰপৰা আৰু ৰিয়া ভেঙ্কুভাৰৰপৰা আহি একেলগ  হৈ বেংককত দুদিন থাকি বালি পালোগৈ। ‘পেচিফিক ৰিং অফ ফায়াৰ’ত অৱস্থিত ইন্দোনেছিয়াখন  আগ্নেয়গিৰিৰ দেশ।ইয়াত পৃথিৱীৰ সৰু-ডাঙৰ মিলি ১৪৭ টাতকৈও বেছি আগ্নেয়গিৰি আছে আৰু তাৰে ৭৬ টা এতিয়াও সক্ৰিয়।এই ৭৬ টা সক্ৰিয়

Read more

মন্দিৰ পেগোডাৰে ভৰা বেঙ্ককত তিনি ৰাতি-ৰঞ্জনা দত্ত

কেতিয়াবা কিছুমান ঠাইলৈ নভবাকৈয়ে যোৱা হয়, আকৌ কিছুমান ঠাইলৈ যাম যাম বুলি ভাবি থাকিলেও যোৱা নহয়গৈ। ওচৰৰে হাফলং, অৰুণাচলৰ দুখনমান ঠাই, মণিপুৰ , মিজোৰাম আদিলৈ যাম যাম বুলি ভাবি থাকোঁতেই গৈছে। সকলো ঠিক কৰি শেষত কিবা কিবি কাৰণে যোৱাটো নহয়গৈ। বেঙ্ককলৈ যোৱাৰ কথা আকৌ আগতে বিশেষ ভবাই নাছিলোঁ।ছোৱালী তেতিয়া ভেঙ্কুভাৰত থাকে। তায়েই একেলগে ফুৰিবলৈ যোৱাৰ প্ৰস্তাৱটো দিলে। দুয়োখন ঠাইৰে মাজৰ ঠাই এখন হ’লে আমাৰ লগতে তাইৰো সুবিধা হ’ব। সময়টো আছিল জুলাই মাহ। মাজৰ ঠাই হিচাপে থাইলেণ্ড, ভিয়েটনাম আদি বেছিভাগ ঠাইতে

Read more
1 2 3