সম্পাদকীয়
পোনপ্ৰথমতেই মই আটাইলৈ শীতকালীন অভিবাদন জনালোঁ।’শব্দচিত্ৰ জীৱন—জিজ্ঞাসা’ৰ লেখক,পাঠক আৰু সকলো কৰ্মকৰ্তাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।ভাষা-সাহিত্য,সংস্কৃতি হ’ল এটা জাতিৰ দাপোন।ভাষা,সাহিত্য,সংস্কৃতিৰ উন্নতিয়েই হ’ল সমাজ,জাতিৰ উন্নতিৰ মূল চালিকাশক্তি।অসমীয়া ভাষা,সাহিত্য, সংস্কৃতি জীয়াই ৰখাটো অসমী আইৰ সন্তান হিচাপে আমাৰ প্ৰধান আৰু প্ৰথম দায়িত্ব তথা কৰ্তব্যও। ‘শব্দচিত্ৰ–জীৱন জিজ্ঞাসা’ ই-আলোচনীখনৰ প্ৰকাশৰ কাম-কাজ কৰি থকা সময়তে সমগ্ৰ দেশৰ লগতে অসমতো চলি আছিল শাৰদীয় দুৰ্গোৎসৱ।যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছিল শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা৷অসুৰ বিনাশি সমাজৰপৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছিল ভক্তসকল৷শেৱালী
Read more