সম্পাদকীয়-ইলি তালুকদাৰ

চিৰ চেনেহী মোৰ ভাষা জননী।  বিদ্যালয়ত পঢ়ি থাকোঁতে ইংৰাজী সাহিত্যত ফ্ৰান্সৰ প্ৰখ্যাত সাহিত্যিক আলফন্স ডাউডেডে  (Alphonse Dauded) লিখা ‘The last lesson’ নামৰ পাঠ এটা পঢ়াৰ সুযোগ মিলিছিল। সেই বয়সতে পাঠটো পঢ়ি মাতৃভাষা কিমান আপোন হ’ব পাৰে আৰু আপোন ভাষাটো হেৰুওৱাৰ বেদনা কিমান গভীৰ হ’ব পাৰে সেই কথা অনুধাৱন কৰি বুকুখন শোকে খুন্দা মাৰি ধৰিছিল। প্ৰুছিয়াৰ হাতত ফ্ৰান্সৰ পৰাজয়ৰ পাচত আলচেছ (Alsace) আৰু লোৰেইন(Lorraine)ৰ শিক্ষানুষ্ঠান সমূহত ফৰাচী ভাষাৰ পৰিৱৰ্তে জাৰ্মান ভাষা প্ৰচলনৰ বাবে বাৰ্লিনৰ পৰা নিৰ্দেশ আহিছিল। তাৰেই পটভূমিত ৰচিত এই

Read more

সম্পাদকীয়

  পুৱাৰ সূৰুয যেনেদৰে পূব আকাশত উদিত হয়, একেদৰে নিৰ্দিষ্ট সময় হ’লে ই পশ্চিম আকাশত মাৰ যায়। এয়া সময় অথবা কালচক্ৰৰ অমোঘ বিধান। একেদৰে মানৱ জীৱন জন্মৰে আৰম্ভ হয় আৰু ইয়াৰ মৃত্যুত সমাপ্তি ঘটে। আজিৰেপৰা কুৰি বৰ্ষৰ আগলৈকে বাৰ্ধক্য কোনোধৰণে সংশয়ৰ কাৰণ নাছিল। এনে নহয় যে তেতিয়া ৰোগ-ব্যাধিবোৰ নাছিল। ৰোগ-ব্যাধি মানুহৰ তেতিয়াও আছিল, আজিও আছে আৰু আগলৈও থাকিব। পাৰ্থক্য ইমানেই যে আজিৰ দিনৰ ৰোগ-ব্যাধিবোৰৰ স্বৰূপ বহু পৰিমাণে সলনি হ’ল। আজিৰ দিনত বাৰ্ধক্য মানেই যেন ৰোগ হ’বই। আশী আৰু নব্বৈৰ দশক

Read more

সম্পাদকীয়-নয়নমণি হালৈ

যোৱা বছৰৰ গ্ৰীষ্মৰ কোনো এটা অলস আৰু বিমৰ্ষ দুপৰীয়া| মোৰ মন গ’ল কোনোবা এখন শান্ত নিৰিবিলি ঠাইত বহি ‘বীয়েৰ’ (পানী আৰু চাহৰ পিচতেই ই হেনো সৰ্বাধিক জনপ্ৰিয় পানীয়!) এটা হাতত লৈ দুপৰীয়াটো কটাই দিবলৈ| প্ৰকৃতিগতভাৱে মানুহ বান্ধোন মনা জীৱ নহয়| পৰিৱেশ আৰু পৰিয়ালৰ প্ৰতি থকা কৰ্তব্যই মানুহক বান্ধোনমুখী কৰি তুলিছে| এই দায়িত্ব আৰু কৰ্তব্যই সীমিত কৰি অনা পৰিসীমাৰ ভিতৰতে বহু মানুহৰ আদিম আকাংক্ষা আৰু হেঁপাহৰ ফল্গুধাৰা শুকাই কৰকৰীয়া হৈ গৈছে| অসংখ্য ইচ্ছা, আকাংক্ষা মনত ঢৌ তুলি সি বুৰবুৰণি হৈ এদিন

Read more
1 2