সময়ৰ নিচুকণি-প্ৰণীতা গোস্বামী বৰঠাকুৰ

“সময়ে মানুহক পৰিপক্ক কৰি তোলে। সময়ৰ মেৰপেচত মানুহ অভিজ্ঞ হয়।”  — আৰামী চকীখনত হেলান দি খুৰাই বৰ গম্ভীৰভাৱে ক’লে।‌ ডিচেম্বৰ মাহৰ এটি পুৱা। আগফালৰ বাৰাণ্ডাখনত পুৱাৰ ৰ’দকণৰ আমেজ লৈ খুৰা আৰু মই বহি আছোঁ। হাতত দুকাপ গৰম চাহ আৰু বিস্কুট। পুৱাৰ কুঁৱলী ফালি সূৰুজৰ হেঙুলী কিৰণে আমাৰ শৰীৰ আৰু মনৰ জঠৰতা আঁতৰাই পেলাইছে। পাতল এৰী চাদৰখনেৰে গাটো ভালকৈ মেৰিয়াই ল’লে খুৰাই, মূৰত এটি হিমাচলী টুপী। ৰ’দ ওলাইছে যদিও ঠাণ্ডা ভাবটো আছেই। এইকেইদিন পুৱাৰ চাহকাপ এইদৰেই আমেজ লৈ খাইছোঁ খুৰাৰ লগত।

Read more

নিশাৰ ফুল-হৰিচন্দ্ৰ ডেকা

“পলাশী………. !” ছোৱালীজনীয়ে বিদিশাৰফালে ঘূৰি চালে।অচিনাকি মানুহ এগৰাকীয়ে আচম্বিতে এইদৰে তাইৰ বাহুত খামুচি ধৰি দুৰ্বোধ্য ভাষাত কিবাকিবি কৈ থকা দেখি আচৰিত হ’ল।কথা কোৱাৰ ধৰণ চাই মানুহগৰাকী মানসিকভাৱে অসুস্থ বুলিও পতিয়ন নিয়াব নোৱাৰি ৷ কিবা এটা  যে ভুল হৈছে কথাটো বুজিব পাৰি ছোৱালীজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই কেৱল আতুৰ মাতৃগৰাকীৰ চকুলৈ একেথৰে চাই থাকিল ৷ কাষতে থকা  ছোৱালীজনীৰ মাক উধাতু খাই দৌৰি আহিল ; কন্যাক মানুহগৰাকীৰ কবলৰপৰা উদ্ধাৰ কৰাৰ মানসেৰে তাইক আঁতৰাই নিবলৈ চেষ্টা কৰিলে।ইতিমধ্যে এজন আদবয়সীয়া লোক, বোধকৰো মানুহগৰাকীৰ স্বামী, বেগাবেগিকৈ

Read more

বে-হিচাপ-কৰবী দাস

দাইলখন ফোৰণ দি গেছটোৰ এফালে প্ৰেচাৰ কুকাৰটোত ভাতখিনি উঠাই দি দৌৰা-দৌৰিকৈ কাম খিনি কৰি শেষ কৰি ডাক্তৰৰ ওচৰলৈ যাবৰ বাবে সাজু হ’ল বাসৱীয়ে। যোৱা তিনি-চাৰি মাহৰপৰা হৈ থকা বুকুৰ বিষটোৱে অসহ্য কৰি দিছে বাসৱীক।ল’ৰা-ছোৱালী দুয়োটাকে স্কুললৈ পঠিয়াই তাই চিটি বাছত উঠিল হস্পিতাললৈ বুলি।দুঘণ্টা অপেক্ষাৰ অন্তত ডাক্তৰক দেখুৱালে।এসোপামান পৰীক্ষা কৰিব দিলে। কাউণ্টাৰত প্ৰেচক্ৰিপচনখন দেখুওৱাত ল’ৰাজনে পৰীক্ষাবিলাক কৰিবনে নকৰে বাসৱীক সুধিলে। একেলগে পৰীক্ষা বোৰ কৰিবৰ  মন আছিল যদিও সমস্যা হ’ল টকাৰ হিচাপটো শুনি। চিটিস্কেন, এক্সৰে, তেজৰ পৰীক্ষা সকলো মিলাই আঠ হেজাৰ টকা

Read more

প্ৰমূৰ্ত-অংকিতা বৰুৱা

: তুমি সুখী নে ৰাগিনী ? : সুখী প্ৰিয়ম।অন্ততঃ সুখী হোৱাৰ কৌশলবোৰ আয়ত্ব কৰি লবলৈ শিকিছোঁ। : কিমান বছৰৰ পাছত আমি লগ হৈছোঁ বাৰু আজি মনত আছেনে তোমাৰ? : পঁচিশ বছৰ।সেই যে দৰং কলেজত হায়াৰ ছেকেণ্ডেৰী শেষৰ পৰীক্ষাৰ দিনা তুমি মোৰ লগত তোমাৰ ৰঙা ৰেঞ্জাৰ চাইকেলখন হাফ পেডেল মাৰি মাৰি মোৰ হোষ্টেলৰ পদূলিলৈকে আহিছিলা!সেয়াই শেষ দেখা হৈছিল আমাৰ! জীৱনৰ সকলো সমীকৰণ সলনি হ’ব পৰাকৈ এক দীৰ্ঘ সময়ৰ ব্যৱধান আছিল এই পঁচিশটা বছৰ।অপলক নেত্ৰে চাই ৰ’ল প্ৰিয়মে তাইলৈ।ইমান সূক্ষ্মতাৰে তাই কথাখিনি

Read more

এনেকৈয়ে আগুৱাই জীৱন-দুলুমণি শইকীয়া

: অনুৰাগ,তুমি কিয় এনেকুৱা কৰিছানো,কোৱাচোন কি হৈছে তোমাৰ?মই একো ধৰিব পৰা নাই দেই!!কি দেখিনো মৌন হৈ গ’লা তুমি!মোৰ উপস্থিতিয়ে তোমাক আনন্দ দিব পৰা নাই নেকি বাৰু?মই বৰ অশান্তি পাইছোঁ দেই এনেদৰে থাকি। ঠিক আছে তেন্তে। আজিলৈ যাওঁগৈ ব’লা।এনেদৰে থাকিব নোৱাৰি আৰু। অনুৰাগে তাইৰ হাতখনত থাপ মাৰি ধৰি ক’লে…. : অনামিকা,মোক ক্ষমা কৰিবা।তোমাক বহুত কথা ক’বলৈ আছে।এদিন সকলো ক’ম তোমাক ।কিন্তু আজি জোৰ নকৰিবা প্লিজ ।মোৰ মনটো কিবা এটা ভাল লগা নাই। : তোমাৰ মনটো বেয়া লগা বাবেই কৈছোঁ অনু,আজি যাওঁগৈ

Read more

চুনামী-নমী ফুকন বৰা

: হেল্ল’ বাইদেউ , হেল্ল’ —শুনিছেনে ? : শুনি আছো কোৱা গীতি। : বাইদেউ আজি ইমনক লৈ আমি এফালে যাবলগা আছে।অনুগ্ৰহ কৰি আপুনি বাৰু অলপ সোনকালে আহি মাঁহতৰ লগত থাকিব পাৰিবনে? : অঁ,ঠিক আছে।মই এয়া যাবলে লৈছিলোৱেই ।তুমি নিশ্চিন্ত মনেৰে যাব পাৰা। : বাইদেউ আপোনাক যে কি বুলি ধন্যবাদ দিম ——–। : নালাগে ধন্যবাদ,মাত্ৰ তুমি তোমালোকৰ কাম কৰি যোৱা।  ফোনটো কাটিয়েই মোৰ কামবোৰ সামৰি ছাৰক কৈ  লৰালৰিকৈ ই-ৰিক্সা এখন লৈ ঘৰ পালোহি।দেখিলো গীতুহঁতৰ গাড়ীখন সিহঁতৰ গাড়ী ৰখা জেগাতেই আছে। তাৰমানে

Read more

জুনুকা-পল্লৱী কৌশিক শৰ্মা

নাই,  এটা চৰম সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তাক জুনুকাই আৰু নুই কৰিব নোৱাৰে। বিশ্বাসৰ চিলাখন ভূলুণ্ঠিত হোৱাৰ পিছত, ভ্ৰম এটাকে সত্য বিবেচনা কৰি হাত সাবটি বহি ৰোৱাটো কোনোমতে যুক্তিসংগত নহয়।  প্ৰচণ্ড আক্ৰোশত যোৱা কেইবাদিনো ধৰি অৱহেলিতভাৱে পৰি ৰোৱা চাউল সিজোৱা চিলভাৰৰ চৰুটো দমকলৰ পাৰলৈ উলিয়াই নিলে তাই।চৰুটোৰ তলিৰ অৱশিষ্ট ভাতকেইটাৰ ওপৰত ইতিমধ্যে ভেঁকুৰে তৰপ বান্ধিছিল। ফলত অকটা গোন্ধ এটা বাহিৰ হৈ পেটটো পকাই ধৰিলে।এনেয়ো আজিকালি অদ্ভুত গোন্ধ কিছুমানে অহৰহ খেদি ফুৰা হৈছে মানুহজনীক। যেন পানীটোপাও ডিঙিৰে নসৰকিব! চাদৰৰ আঁচলেৰে নাকটো সোপা মাৰি

Read more

লগ পাম তোমাক ইপাৰে!-ৰিমঝিম বৰঠাকুৰ

আইতা….. সৱিতা….. আইতা….. সৱিতা…..      দহবছৰীয়া নাতিনীয়েক জিয়াই যিমান জোৰেৰে চিঞৰিছে ককাকে লগে লগে সমানে ঘৈণীয়েকৰ নাম ধৰি চিঞৰিছে। এই সময় সিহঁতৰ বাবে খুউব ধুনীয়া। ককাক আৰু নাতিনীয়েকৰ সময়। আবেলি প্ৰায় চাৰিমান বজাত জিয়াই ককাকক লৈ ওলাই যায় সিহঁতৰ ঘৰৰপৰা অলপ দূৰৈত থকা পাৰ্কখনৰ ওচৰলৈ। তাতেই দুয়োটাই এক, ডেৰঘণ্টামান কটাই আকৌ ঘৰলৈ উভতি আহে। জিয়াৰ দেউতাকে ককাকক একেবাৰে সিহঁতৰ ঘৰলৈ লৈ অনাত তাইৰ বিৰাট ফূৰ্তি। অন্তত: এতিয়া তাইৰ লগত সকলো সময়তে থাকিবলৈ কোনোবা এজন আছে।তাইৰ মাক-দেউতাকেও ভাল পাইছে তেওঁলোকেও তেওঁলোকৰ

Read more

পৰিবৰ্তনৰ ৰ’দ কাচলিত-প্ৰদীপ বৰা

দেৱজিৎ কলিতাই কেতিয়াও উপেক্ষা কৰিব নোৱাৰে পাপৰি বড়িৰ আন্তৰিকতাপূৰ্ণ নিমন্ত্ৰণ।দহোবন কাতি কৰি হ’লেও  পাপৰিৰ হৃদয়ৰ আহ্বান  ৰক্ষা কৰিব লাগিব।বহুত দিন পাৰ হৈ গ’ল দেখা নাই পাপৰিৰ গোলাপৰ পাহিৰ দৰে মুখখন। শুনা নাই তাইৰ মুখৰ মৌবৰষা মাত।কি যে আমেজ ভৰা যাত্ৰা!মন মোহা সেই পলসুৱা পথাৰবোৰৰ মাজে মাজে  একাবেঁকা গতিৰে  চিৰসেউজীয়া গছবিলাকৰ তলে তলে গৈ থকা নতুনকৈ ব্লেক তপিং কৰা ৰাষ্টাটো।আহিনমহীয়া গেলাবিলৰ দলংখন পাৰ হলেই কলিতাৰ মনত আনন্দৰ জোৱাৰ উঠে….আৰু কেইপলকমান সময় অতিক্ৰম কৰিলেই সি পাবগৈ পাপৰি বড়িৰ ঘৰ ৷ তাক হয়তো

Read more

পোহৰ বিচাৰি-কমলা দাস

সম্পূৰ্ণ প্ৰেক্ষাগৃহটোৱেই কাঁহ পৰি জিন যোৱা অৱস্থা। পাতলীয়া এন্ধাৰত ঠাহ খাই আসন গ্ৰহণ কৰি থকা দৰ্শকৰ চকু মাথোন বৰ্ণিল ৰঙেৰে উদ্ভাসিত মঞ্চত।তালে তালে নূপুৰৰ ৰুণজুণ,ৰুণজুণ শব্দ। নূপুৰৰ তালে তালে প্ৰাণ ঢালি ভাৰতনাট‍্যমৰ নৃত্যকলা প্ৰদৰ্শন কৰিছে শ্ৰীমতী অঞ্জুৰাণী দেৱীয়ে। একান্তমনে ভাব,ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয়ত বিলীন  হৈ তেওঁ যেন এই জগততেই নাই! ধ‍্যানত মগ্ন ঋষিৰদৰে কেৱল অঙ্গ সঞ্চালন কৰি গৈছে। কাণত বাজিছে মাথোন গুৰুৱে বজাই যোৱা মৃদঙ্গৰ ধ্বনি ,তাল আৰু সঙ্গীত।  অন্তিমটো মুদ্ৰাৰ প্ৰদৰ্শনেৰে এটা সময়ত নৃত্যৰ সামৰণি পৰিল। অপূৰ্ব নৃত্যকলা

Read more
1 8 9 10 11 12 15