শিখণ্ডীৰ পত্নীৰ শেষ প্ৰাপ্তি-ৰঞ্জনা দত্ত
ৰীনা মাহীৰ মহা ঢুকুৱাৰ খবৰটো লুকীয়ে ছমাহমান আগতেই পাইছিল। ৰীনা মাহী লুকীৰ মাকৰ খুৰাকৰ ছোৱালী। তাইৰ মাক খুৰাকৰ পৰিয়ালটোৰ লগত একেলগে যৌথ পৰিয়ালত ডাঙৰ হোৱা বাবে ৰীনা মাহীহঁতক নিজৰ ভনীয়েকৰ দৰেই মৰম কৰিছিল। লুকীয়ে খবৰটো পাই মাহীয়েকলৈ দিল্লীৰপৰা ফোনযোগে খবৰ লৈছিল। মাহীয়েকে কোৱামতে মহাকে বৰ বেছিদিন ভুগিবলগীয়া নহ’ল। কেঞ্চাৰৰ একেবাৰে শেষ অৱস্থাতহে ধৰা পৰিছিল। হস্পিতালত দহদিনমান থকাৰ পাছতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিলে। মাহীয়েকৰ জনা শুনা সকলোৱে এষাৰ কথাই ক’লে- “গৈছে ভালেই হৈছে।মানুহটোৱে ওৰেটো জীৱন বৰ কষ্ট দিলে মানুহজনীক। এতিয়া
Read more