আকৰ্ষণ -ঋতুপৰ্ণা দত্ত

“তোক নাপালে মই মৰি যাম।”  তাই মোক কাকুতি কৰি ক’লে। কিন্তু…তাই কোৱা কথাবোৰক গুৰুত্ব দিব লগা কথা বুলি মনে নকʼলে।ইমান দূৰ সম্পৰ্কটোত আগবাঢ়ি গৈয়ো মই বেলেগ এটা বাট ল’বলৈ কুন্ঠাবোধ নকৰিলোঁ। নতুন চহৰ,নতুন কলেজ আৰু নতুন আৱেগক জীৱনত প্ৰাধান্য দিয়াটোকে প্ৰয়োজনীয় যেন লাগিল।মই ন আৱেশত ডুব গʼলোঁ।সেই আৱেশৰ নাম আছিল…মৃদু। ঘৰলৈ মাত্ৰ বন্ধবোৰত যাওঁ।তাইৰ লগত মুখামুখি হোৱাৰ আশংকাত গাঁও ফুৰিবলৈ নাযাওঁ।মোৰ লগত প্ৰেম প্ৰেম খেলি সময় নষ্ট কৰি কোনোমতে চুচৰি বাগৰি মেট্ৰিক পাছ কৰা শেৱালীক মই জোৰ কৰি মন মগজুৰপৰা

Read more

কিৰণ-নন্দিতা ঠাকুৰীয়া

শুধ বগা চেলোৱাৰ কামিজযোৰ পৰিধান কৰিলে স্বপ্নাই। মূৰটো আঁচুৰি সৰুকৈ খোপা এটাও বান্ধিলে। পাউদাৰ লাগি ধোঁৱা বৰণীয়া হৈ যোৱা ফোঁটটো সলাই নতুন ফোঁট এটা লগাই ল’লে কপালৰ সোঁমাজতে থকা মাহটোৰ ঠিক তলতে।সামান্য লিপষ্টিক অকণ ওঁঠত বুলাই তাই যাবলৈ সাজু হ’ল পঁচিশ কিলোমিটাৰ আঁতৰৰ টাউনৰ নিজৰ কৰ্মক্ষেত্ৰ চিভিল হাস্পতালখনলৈ বুলি। বৃত্তিত এগৰাকী নাৰ্চ হিচাপে সুদক্ষ তাই। এদিনতে দক্ষতা অৰ্জন নহয় সেয়া। দহ বছৰৰ অভিজ্ঞতাই  বহুত শিকালে তাইক। হাত দুখন হৈ পৰিল নিপুণ। ৰুগীয়াজনৰ  তাইৰ পৰশ পালেই বেমাৰ বহুখিনি উপশম হয়।  স্বপ্নাৰ

Read more

সুখবোৰ কেনেকৈ বিচাৰি পাওঁ-উপাসা ভাগৱতী

“মাঘৰ ষষ্ঠী তিথিটো এইবাৰ আগুৱাইছে,চাবাচোন”…. বাণী বৌৱে ফোনতে কৈ উঠিল।মনটো ষষ্ঠী তিথিটোত সোমাই পৰিল।কেৰাহীত এটা ছন্দত লৰি থকা হাতখনে যেন ছন্দ হেৰুৱালে।লাহেকৈ ঘূৰি পাকঘৰত বিভিন্ন হিচাপ-নিকাচ কৰিবলৈ থোৱা ডাঙৰ ডাঙৰকৈ তাৰিখবোৰ লিখা কেলেণ্ডাৰখনলৈ চকু দিলে।এৰা মাঘৰ ষষ্ঠী এইবাৰ জানুৱাৰীত।সৰস্বতী পূজা তাৰমানে ফেব্ৰুৱাৰীত পৰিছে।এই তাৰিখত পূজা বুলি লিখি থোৱা নাই দেখোন।পাতটো লুটিয়াই ফেব্ৰুৱাৰীত চকু পৰিল… ১৪ফেব্ৰুৱাৰী।লগতে বুধবাৰ আৰু ফাগুন মাহ পৰা দেখিয়েই মনলৈ আহিল–আলি-আই-লৃগাং উৎসৱো এই একেটা দিনতে–যেন ত্ৰিবেণী সংগম।ভাল লাগি গ’ল মনটো।গুণগুণাই গান এটি গাই উঠিল মানসীয়ে।মনটো যেন পাতল হৈ

Read more

জোনৰ আগমন-নন্দিতা ভাণ্ডাৰ কায়স্থ

শিয়ালীয়ে এ নাহিবি ৰাতি            তোৰে কাণে কাটি লগামে বাতি                 এ শিয়ালী নাহিবি ৰাতি।।     তিনিবাৰ নিচুকণি গীতটি গোৱাৰ অন্তত ভনিতাৰ সোণে টোপনিত ঢলি পৰে।ডেৰ বছৰীয়া সোণক টোপনি নিয়াবলৈ ভনিতাই সদায়ে তিনি-চাৰিটা নিচুকণি গীত গাবলগীয়া হয়। কিন্তু শেষত “শিয়ালীয়ে এ নাহিবি ৰাতি” গীতটো গালেহে সোণৰ চকু জাপ খায়।সোণৰ দুয়োকাষে গাৰু দি ভনিতা লাহেকৈ বিচনাৰপৰা নামি আহে। ৰাতিপুৱা জলপান অকণ খাই সোণে সদায়ে টোপনি যায়। কণমানিজনী শুলে ভনিতাইও অলপ সকাহ পায়।নহ’লে তাইক একেবাৰে থৰকাছুটি হেৰুৱাই পেলাবলগীয়া অৱস্থা কৰে। ঘৰুৱা কাম কেইটা অন্ততঃ

Read more

পৱিত্ৰ পাপী-ড°জুমি বৰুৱা গগৈ 

মুনুৰ বিছনাৰপৰা উঠিবলৈকে শক্তি নাইকিয়া যেন লাগিছে। ভাগৰ ভাগৰ লাগি আছে কেইবাদিনৰেপৰা। কিন্তু বাহিৰত চৰাইজাকে অথনিৰেপৰা হুলস্থুল কৰি আছে। উঠিবই লাগিব।নহ’লে সিহঁত নোখোৱাকৈয়ে গুচি যাব।উঠি গৈ মুনুয়ে  চাউল এবাতি চোতালত ছটিয়াই দিলে।চাউলখিনিৰ ওপৰত গোটেইজাক উবুৰি খাই পৰিল।সিহঁতৰ উলাহ দেখি মুনুৰ মুখত হাঁহি বিৰিঙিল, দেহ আৰু মনলৈও শক্তি অহা যেন লাগিল। আজি সদায় কৰা কামৰ উপৰিও এটা বিশেষ কাম আছে। সি দিনটোৰ কামবোৰ  মনতে জুকিয়াই ল’লে। মুনু খাম্ফাৰ ঘৰলৈ গ’ল। খাম্ফা মহিলাৰী।সি তাৰ ঘৰৰ চৌহদটোলৈ চালে।গোটেইখন হাবি-জংঘলেৰে ছানি ধৰিছে।আজি চাৰি মাহৰ

Read more

মিনু মাহী-সঙ্গীতা পাচনি 

মিনু মদাৰগুৰি গাঁৱলৈ বিয়া হৈ আহোঁতে ২১বছৰ।বিয়া মানে এজন আধা পুৰণি মানুহলৈ বিয়া হ’ব লগা হ’ল।মানুহজন মিনুৰ বায়েকৰ মানুহজনহে।অৰ্থাৎ আগতে তেওঁ তাইৰ ভিনিহিয়েক আছিল।বায়েক এক অচিন ৰোগত ঢুকোৱাত তাই ভাগিনীয়েকক চোৱা-চিতা কৰাৰ বাবে প্ৰায়েই তাত থাকিব লগাত পৰিছিল।ভিনিয়েক বৃকোদৰে চাকৰিৰ তাগিদাত প্ৰায়ে ইফালে সিফালে গৈ থাকিব লগাত পৰিছিল।মিনুহঁতৰ ছোৱালী পাঁচজনী,ল’ৰা এটা,সিও একেবাৰে সৰু….পাঁচজনী বায়েকৰ তলৰ।মিনুৰ বায়েক অণু তাইতকৈ চাৰিবছৰৰ ডাঙৰ।মিনুৰ তলত জুনু,ৰাণু,আৰু ভানু।ভানুতকৈ ভায়েক বেণু আকৌ পাঁচবছৰৰ সৰু।বেণু আৰু অণুৰ পুত্ৰ বেদান্ত বিকাশ প্ৰায় সমনীয়াৰ দৰেই।অণুক বিয়া দিওঁতে বেণু মুঠেই

Read more

সহোদৰা-চিত্ৰলেখা দেৱী

“এহ, ইহঁত দুজনীৰ কোনোবা এজনীয়ে অহা হলেও….” বহুত দিনৰ মূৰত অলকাই এনেকুৱা এটা কথা ভাবিলে। ভাবিলে মানে…ভাবিবলৈ বাধ্য হ’ল।এনেকৈ শেষৰবাৰ ভবাও বাইশ বছৰ পাৰ হৈ গ’ল,মুঠেই কম সময় নহয়। ল’ৰা-ছোৱালীহালৰ জন্মৰ সময়তে ইহঁত দুজনীক মানে দীপিকা আৰু লিপিকাক বৰ দৰকাৰ হৈছিল অলকাৰ। তাই হস্পিতালত এডমিট হওঁতে লগত থকাৰেপৰা ঘৰ চম্ভলালৈকে সকলোখিনি জঞ্জাল মাৰিবলৈ নিজৰ সহোদৰা ভনীয়েকতকৈ কোন উপযুক্ত হব?ৰাজা জন্ম হওঁতে দীপিকাক তাই অকলে মাতি আনিছিল।তিনি বছৰৰ পাছত ৰাণী জন্ম হওঁতে আকৌ ৰাজাকো বেলেগে চোৱা-চিতা কৰিবলগা হোৱাত দুয়োজনীয়েই আহিব লগা

Read more

অগ্নিস্নান-জয়ন্ত গগৈ 

ক্ৰিং ক্ৰিং কৈ ম’বাইলৰ ৰিংট’নটো বাজি থকা বাবে শইকীয়াই ভাতৰ টেবুলৰ পৰা আধা খোৱাকৈ উঠি আহি ফোনটো তুলি অচিনাকী নম্বৰ দেখি ৰিচিভ কৰিবলৈ ইচ্ছা নকৰি পুনৰ ভাতৰ টেবুলত ওচৰ বহিলেহি।সানি লোৱা ভাত গৰাহ মুখত ভৰাবলৈ লওঁতেই পুনৰ ম’বাইলৰ ৰিংট’নটো বাজি উঠাত খোৱা হাতেৰে পুনৰ উঠি গৈ আগৰ সেই অচিনাকী নম্বৰৰ ডায়েল ক’ললিষ্টত জিলিকি আছিল।শইকীয়াই ম’বাইলটো হাতত লৈ ৰিচিভ কৰি হেল্ল’ বুলি কোৱাৰ লগে লগেই সিফালৰ পৰা একো নকৈ মাথোঁ মহিলা গৰাকীয়ে শোক শোকাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।শইকীয়াই কান্দোন শুনিয়েই বুজিবলৈ

Read more

এধানি আকাশ,এধানি পোহৰ-চন্দামিতা শৰ্মা 

বেলিটোৱে পৃথিৱীলৈ পোহৰ ছটিয়াবৰ সময়।জীৱনৰ হিচাপ-নিকাচ তথা উশাহৰ ঘনত্বৰ জোখ-মাপ লোৱা ঠাইখিনিৰ এটা নিৰ্দিষ্ট কোঠাৰ বেৰত ওলমি থকা দেৱাল ঘড়ীটোৰ টং টং শব্দত সাৰ পাই গ’লোঁ।   গাটো সামান্য লৰচৰ কৰি বিছনাৰ পৰা হাতে ঢুকি পোৱা দূৰৈত থকা মণিটৰটোত ৰেখাংকিত হৈ থকা নিজৰে হৃদয়ে সৃষ্টি কৰা অনুপ্ৰস্থ তৰংগবোৰলৈ একেথিৰে চাই ৰ’লোঁ।কি যে আচৰিত কথা!সকলোৱে জীৱন যাত্ৰাৰ পথটো একা-বেকা নহৈ এডাল পোন সৰলৰেখা হোৱাটো বিচাৰে অথচ জীয়াই থকাৰ ছন্দক পতন হ’ব নোৱাৰাকৈ ধৰি ৰখা ৰেখাডাল কিন্তু  একেবাৰেই সৰল নহয়।সাগৰত উঠা জোৱাৰ-ভাটা সদৃশ।সৰল

Read more

পানীৰ তলৰ কাঁইট-হৰিচন্দ্ৰ ডেকা

সেই অঞ্চলত দেৱী মহাজন বুলিয়ে সকলোৱে তেখেতক জানে৷মাটি-বাৰীৰে সমৃদ্ধ এজন আঢ্যৱন্ত খেতিয়ক৷বন্ধা ৰাখি খেতি-বাতি চলায়৷মহাজনৰ চাৰিটা ল’ৰা-ছোৱালী৷সনাতন ডাঙৰ; তাৰ পাছত ছোৱালী দুজনী৷দিগন্ত সকলোতকৈ সৰু৷ল’ৰা দুটা স্বভাৱতে একেবাৰে বিপৰীতমুখী।দিগন্ত সহজ-সৰল মিষ্টভাষী; সকলো সিদ্ধান্ত ধীৰে-সুস্থিৰে লয়।সকলোৰে লগত মিলা-প্ৰীতিৰে থাকি ভালপোৱা বিধৰ৷বিপৰীতে সনাতন একেবাৰে উতনুৱা প্ৰকৃতিৰ,আলাসত চাংপাতি ভালপোৱা এক সপোন কোঁৱৰ৷আলাসতে তাক সকলো লাগে৷ইটো লাগে সিটো লাগে বুলি পিতাকৰ থৰকাচুটি হেৰুৱায়৷পঢ়া-শুনাত অলপো মতি গতি নাই৷মেট্ৰিক পাছ কৰি উঠি সি কেইদিনমান কলেজলৈ অহা-যোৱা কৰিলে যদিও পিছলৈ কিতাপে তাক আমুৱালে৷তাৰ নামতে ইতিমধ্যে উদং হৈ থকা

Read more
1 3 4 5 6 7 15