বিধাতাৰ লিখন-গীতামণি দত্ত

যশোদাৰ আজি ৰতনলৈ বৰ মনত পৰিছে।হাতত তুলি লোৱা কামখিনি যেন কৰিবলৈ তাই অপৰাগ।আজি দিনটোতে তাই ৰতনৰ লগত মুখামুখি হৈছিল আৰু দুয়োৰে মাজত চাৰিচকুৰ মিলন হৈছিল। যশোদাহঁতৰ গাৱঁখনৰ ভিতৰত ৰতনহঁতেই আটাইতকৈ ধনী।লক্ষী-সৰস্বতী দুয়োজনৰে যেন বসতি স্থান ৰতনহঁতৰ ঘৰখন।ৰতন ঘৰখনৰ ডাঙৰ ল’ৰা। সৰুৰেপৰাই ৰতন খেলা-ধূলা পঢ়াশুনা সকলো পিনে আগৰনুৱা।সৰুৰেপৰাই ৰতনে টাউনৰ স্কুলতে পঢ়া শুনা কৰা।সেইবাবে যশোদাহঁতে ৰতনক চিনি নাপায়,যদিও একেখন গাৱঁৰে আছিল। ৰতনৰ পৰিয়ালৰ লগত যশোদাহঁতৰ পৰিয়ালটো নিমিলে।একেবাৰে সাধাৰণ পৰিয়ালৰ ছোৱালী যশোদা। যশোদাৰ মাকে ৰতনৰ ঘৰত দিন হাজিৰা কৰিছিল। তাৰে সিহঁতৰ পৰিয়ালটো

Read more

শেষ পৰিণতি -পিকু শইকীয়া

“হে-ৰি আপুনিনো ইমানকৈ কি চিন্তা কৰিছে ?”   “চিন্তা , কিনো চিন্তা কৰা দেখিলা তুমি ?”   “হে-ৰি, আপুনি মোৰ পৰা লুকুৱাব নালাগে।মই সকলো বুজি পাওঁ।”   “হে-ৰা ,চাওঁতে চাওঁতে আমি ঘৰৰ পৰা ওলাই অহা আজি এবছৰেই হ’ল।তথাপি কিন্তু সিহঁতে এবাৰো আমাৰ খবৰ এটাকে নল’লে।নাতিকেইটালৈ আজি বৰ মনত পৰিছে অ’।জানা,সিহঁতক এবাৰ চাবলৈ মোৰ মনটোৱে যে হাহাকাৰ কৰি উঠিছে।”   “হে-ৰি আপুনি নিজৰ স্বাস্থ্যটোৰ কথা  নাভাবে কিয়?এই বয়সত বৰকৈ চিন্তা কৰি নিজকে মনোকষ্ট নিদিবচোন। তাতে আপোনাৰ স্বাস্থ্যটোও বৰ ভাল নহয়।” “এৰা,তুমি

Read more

অমৰ প্ৰেম গাঁথা-ইভা শইকীয়া গোহাঁই

পাহাৰৰ তলত এটা সুন্দৰ উপত্যকা। নদীৰ দুয়োফালে দুখন গাঁও।এখন কলংগাঁও, আনখন মধুৰীপুৰ। প্ৰতি বছৰে এই দুই গাঁৱৰ সীমান্তত অনুষ্ঠিত হয় বসন্ত উৎসৱ—ঢোল, পেপা, বাঁহীৰ সুৰে পাহাৰ-উপত্যকা গুঞ্জৰি উঠে। ডেকা গাভৰুৱে মিলি নাচ গান কৰে। এনে এটা দিনতেই প্ৰথমবাৰ লক্ষ্মী আৰু হিৰণৰ এজনৰ আনজনৰ ওপৰত চকু পৰিল। লক্ষ্মী আছিল কলংগাঁৱৰ, লাহিপাহি গাভৰু ,গাঁৱৰ সকলো অনুষ্ঠানত ধুনীয়াকৈ কাপোৰ পিন্ধি নাচিবলৈ যায়। হিৰণ আছিল মধুৰীপুৰৰ যুৱক,যাৰ বাঁহীৰ সুৰে পাহাৰৰ সকলোৰে অন্তৰ জয় কৰিব পাৰিছিল ।তেওঁ এজন নিপুণ শিল্পী। উৎসৱৰ দিনা সমূহীয়া নৃত্যত লক্ষ্মীক

Read more

ডুবিবলৈ ধৰা বেলি-গীতামণি দত্ত

:বাইদেউ আমাৰ আবাক দেখিছিলে নেকি? প্ৰাত:ভ্ৰমণ কৰিবলৈ অহা উৰ্মিলা বাইদেউক ৰুবীয়ে  বাটতে পাই সুধিলে। : এই ছোৱালী জনীয়ে কাক বিচাৰিছে ! উৰ্মিলাৰ গিৰীয়েক অৰ্ণৱে উৰ্মিলাক সুধিলে। :ৰুবী আমাৰ স্কুলৰ এজনী মেধাৱী ছাত্ৰী আছিল। আমাৰ স্কুলৰ সহকাৰী শিক্ষক নিজামুদ্দিন আহমেদ ছাৰৰ ছোৱালী।তেখেতে অৱসৰ লোৱা কেইবা বছৰো হ’ল। মই তেতিয়া স্কুলখনত সোমাইছোঁহে।একেবাৰে নতুন।সেই কেইদিনতে পোৱা ছাৰৰ  সান্নিধ্য আজিও মনত আছে।ছাৰ বৰ পৰিপাটি আৰু নিয়মানুবৰ্তিতা মানি চলা লোক আছিল। ৰুবী ,আহমেদ ছাৰৰ একমাত্ৰ ছোৱালী।ৰুবী বৰ্তমান জাৰ্মানীৰ বিশ্ববিদ্যালয় এখনত অধ্যাপিকা হিচাপে কৰ্মৰত। আহমেদ ছাৰৰ

Read more

শিক্ষা আৰু সেৱক-মাৰ্কণ্ড কিশোৰ কৌশিক

আজি শুক্ৰবাৰ। বতৰটো বৰ এটা ভাল নহয়। শোৱাপাটিতেই পৰি থাকি ঘড়ীটোলৈ চালোঁ,পুৱা ৬ বাজি ১২ মিনিট।চকুহাল মোহাৰি উঠো নুঠোকৈ বিচনাৰপৰা নামি চেণ্ডেলযোৰত ভৰিহাল কোনোমতেহে সুমুৱালোঁ। অ’ ভাইটিৰ স্কুল আছে নহয়, খৰখেদাকৈ তাৰ কোঠা  পালোঁগৈ, সি বা উঠিলনে নাই। সি বেচেৰাই সোনকালেই উঠি গা-পা ধুই কাপোৰ পিন্ধি আগফালে বহি আছে, বৰষুণলৈ চাই। সি চাইকেলখন লৈহে স্কুললৈ যায়, পিছে বৰষুণজাক নেৰিলেনো কেনেকৈ যাব।  মোক ওলাই অহা দেখি সি ক’লে, “চাহ অকণ বনাইছিলোঁ দাদা, ঠাণ্ডাই হ’ল চাগৈ, যোৱাৰ আগত গৰম কৰি খাই যাবি।”  

Read more

তাই আমাৰ ছোৱালী-নন্দিতা ভাণ্ডাৰ কায়স্থ  

বিয়াৰ চিঠি কেইখন ছপাই আনি লক্ষ্য বৰুৱাই সহধৰ্মিনী শান্তিক দেখুৱালে। বৰুৱানীৰ মনঃপুত হোৱা চিঠিবোৰৰ মাজৰপৰাই এখন উলিয়াই নি পাকঘৰত চাহ বাকি থকা তগৰকো দেখুৱালে। চাওঁ নাচাওঁকৈ ‌ তগৰে লাজ লাজকৈ চিঠি খনৰ ওপৰত এনেয়ে চকু ফুৰালে। তাকে দেখি বৰুৱানীয়ে ক’লে……  “ইচ্ লাজটো চা তাইৰ। কাইলৈ বোৱাৰী হৈ ঘৰ ধৰিব লাগিব,এতিয়া চিঠি খনলৈকে মূৰ তুলি চাব নোৱাৰা হ’লি।” চাহ খাই বৰুৱা দম্পত্তিয়ে পুনৰ চিঠিবোৰ গণি চালে। ঠিকেই আছে। হিচাপ মতেই দুশখন  কাৰ্ড আৰু খাম  বেলেগ পেকেট  কৰি ভৰাই দিছে প্ৰেছৰ ল’ৰা

Read more

পাঁচ দুগুনে সাত (৫×২=৭)-সংগীতা পাচনি

তৰুলতাই ৰাতিপুৱা ছয় বাজিবলৈ পোন্ধৰ মিনিট থাকোঁতে টোপনিৰ পৰা সাৰ পালে।অলপ সময় বিছনাতে পৰি থাকিল। ঈশ্বৰক চিন্তা কৰি দিনটোৰ কাৰ্যক্ৰমণিকা বোৰ মনতে এবাৰ ফঁহিয়াই ল’লে।আজি সহায়কাৰী মালতী নাহে, নাতিনীয়েকৰ নোৱাই তুলনি বিয়া। কথাষাৰ মনত পৰাৰ লগে লগে তৰুলতাই ততাতৈয়াকৈ বিছনা ত্যাগ কৰি পোনতেই বাহি ঘৰটো সাৰি ললে।বাঢ়নী টাৰেৰে বাহি চোতালত পৰি থকা পাতবোৰ সাৰিও ল’লে। একেবাৰে গাটো ধুই পেলালে।আজি মালতীবাই নাহে যেতিয়া গোটেই ঘৰৰ কামবোৰ অকলে কৰিব লাগিব বুলি ভাবি এপাকত বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ ফোন কৰি অলপ দেৰি হ’ব পাৰে

Read more

অনুশোচনা-হৰিচন্দ্ৰ ডেকা

অনল গাঁওখনৰ ভিতৰতে সৰবৰহী ল’ৰা৷ সুদৰ্শন, মিষ্টভাষী বুলি সকলোৰে মাজত জনপ্ৰিয়৷ স্কুলতো তাক সকলোৱে বৰ ভাল পায়৷ পঢ়া-শুনাত অত্যন্ত চোকা নহ’লেও সুন্দৰ কণ্ঠৰ অধিকাৰী অনলৰ গান শুনি সকলোৱে মুগ্ধ হৈ পৰে৷ পিছে তাৰ নাম চৌদিশে বিয়পি পৰিছে সি মঞ্চস্থ কৰা নাটকবোৰত তাৰ অনবদ্য অভিনয়ৰ কাৰণে৷ প্ৰতি বছৰেই স্কুলৰ বাৰ্ষিক সাংস্কৃতিক সমাৰোহত সি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান পাবই৷ যোৱাবেলি আন্তঃৰাজ্যিক স্কুল নাট সমাৰোহতো সি শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈ সমৰ্থ হৈছিল৷ এই বছৰ সি নৱমমান পাইছে৷ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদকৰ দায়িত্ব তাকে

Read more

মৰম হেনো এনেকুৱাই -জয়ন্ত গগৈ

জপনাখন খুলি পদূলিটো পাৰ হৈ ঘৰৰ ভিতৰত সোমাইছোঁহে, বাইদেউৱে গলগলীয়া মাতেৰে ক’লে, “তোৰ চিঠি এখন আহিছে। পিয়নে দেউতাৰ হাতত দি গৈছে। কোনোবা ছোৱালী এজনীৰ চিঠি।” ঘৰলৈ সোমাই আহোঁতে যি ফৰকাল মন এটি লৈ গুণগুণাই আহিছিলোঁ, বাইদেউৰ কথাবিলাক শুনাৰ পিছত মনটো কাঁহ পৰি জীণ যোৱাৰ দৰে গোমা হৈ পৰিল। ছোৱালীৰ চিঠি! বিৰাট এটা লাজৰ আৱৰণে শৰীৰৰ শিৰাই শিৰাই বিয়পি যোৱা যেন লাগিল। লাজ লাজ ভাৱেৰেই টি টেবুলৰ ওপৰত থকা চিঠিখন লৈ পঢ়া ৰুমটোলৈ খৰধৰকৈ সোমাই গ’লোঁ। লাজৰ অনুকম্পাত থৰকাচুটি হেৰোৱা ভৰি

Read more

বংশাৱলী-গীতামণি দত্ত

বৰুৱাৰ বাপেকে মৃত্যুৰ আগে আগে দি যোৱা অৰ্থাৎ মৃত্যুৰ ঠিক দুমাহ মানৰ আগতে তেওঁক নিজ হাতে লিখা বংশাৱলীখন হাতত দি কৈছিল “এইখন সযতনে থ’বি, কেতিয়াবা এইখন পঢ়িবি! পঢ়িলে নিজৰ বংশৰ উপৰি পুৰুষসকল নো কোন আছিল, তাক জানিব পাৰিবি!” বাপেকৰ কথা মানি তেওঁ বংশাৱলীখন সযতনে ৰাখিলে ঠিকেই কিন্তু সেইখন উলিয়াই কোনো দিনেই তেওঁৰ পঢ়ি চাবলৈ সময় নহ’ল। তেওঁৰ সেইখনৰ কথা হয়তো মনতেই নপৰিলেহেঁতেন! আজি গাৱঁৰ ঘৰৰপৰা ফোন এটা আহিলত তেওঁৰ বংশাৱলীখনলৈ মনত পৰিল।ডাঙৰ ককায়েকৰ ভতিজা ছোৱালীজনীৰ বিয়া। সেইবাবে আজু আইতাক-ককাকৰ নাম

Read more
1 2 3 4 5 15