মই হেনো বিধৱা-ইলি তালুকদাৰ

“মৃত্যুও এক শিল্প  জীৱনৰ কঠিন শিলত কটা  এক নিৰ্লোভ ভাস্কৰ্য…..” জন্ম যিদৰে সঁচা মৃত্যুও ঠিক তেনেদৰে সঁচা। সেইবাবেই উপলব্ধি হয় আমাৰ জীৱনৰ হাঁহি আৰু চকুলোৰ যেন কোনো দাম নাই। মোৰ গৃহস্থৰ কথা কৈছোঁ। আজি তেওঁ আৰু হুলস্থূল নকৰে। এইটো কাম কৰিবলৈ আছে, সেইটো কাম কৰিবলৈ আছে বুলি চিঞৰ-বাখৰ কৰি কোনোজনকে আৰু কোনোদিনেই আমনি নকৰে। প্ৰাইভেট নাৰ্চিংহ’মৰ এটি কোঠাত শুই আছে প্ৰশান্তিৰে। আজি তেওঁৰ কাৰো ওচৰত আক্ষেপ নাই। এযোৰ উজ্জ্বল চকু, গাখীৰত সেন্দূৰ মিহলোৱা যেন শৰীৰৰ ৰং, সকলোৰে বাবে এটা চিনাকি

Read more

তুমিয়েই সকলো, তোমাৰেই অপাৰ শক্তি!-ৰিমঝিম বৰঠাকুৰ

– কোন দিগে যাবি ৰে আইজনী?  – উইদিগে যাব ৰে আমি।।  কথাকেইটা কৈ দুয়ো ঢেকঢেকাই হাঁহি উঠিল। – কি যে হব ৰে তৰ। ইমান দিনে আমাৰ চাথে থাকি ভী আমাৰ ভাচাটো ছিকিব নোৱাৰিলি।  সদায় কোৱাৰ দৰে আজিও জিতেন কায়ে পৰীক কথাটো ক’লে।  – সেইবোৰ বাদ দিয়ক আপোনাৰ মুখেৰে বেয়া বেয়া হাৱা আহিছে যে কিয়? পৰীয়েও সদায় সোধা কথাটোকে তেওঁক সুধিলে। – কি ক’বি ৰে দুখতে অকণমান খাই দিওঁ আৰু। গোন্ধটো একদম আমাৰ মুখতে বহি যায়। পৰী ঘৰলৈ আহিলে এবাৰ সিহঁতৰ

Read more

বাৰাণ্ডা-নন্দিতা ভাণ্ডাৰ কায়স্থ 

দীঘলে প্ৰায় বিশ ফুট আৰু বহলে আঠ ফুটৰ এখন ডাঙৰ বাৰাণ্ডা। মোজাইক কৰা আহল-বহল বাৰাণ্ডাখন জ্যোতি আৰু ৰেখাৰ গোটেই ঘৰটোৰ ভিতৰতে এখন প্ৰিয় ঠাই বুলি ক’লেও ভুল কোৱা নহ’ব। কি কি নকৰে দুয়ো বাৰাণ্ডাখনত। শাক-পাচলি কুটা, কাপোৰত ফুল তোলা, আলোচনীৰ পৃষ্ঠাত ডুবি থকা মুঠতে দিনটোৰ চৌবিশ ঘন্টাৰ পাঁচ-ছয় ঘণ্টা দুয়ো বাৰাণ্ডাখনতে সময় অতিবাহিত কৰে।  জ্যোতিৰ হাতৰ পৰশত যেনেদৰে ছিজন ফুলবোৰে জকমকাই ফুলি উঠে, তেনেদৰে ৰেখাৰ কৰ্মঠ হাতৰ আদৰত বাৰাণ্ডাৰ মজিয়া জিলিকি উঠে। জহকালি দুয়ো বিচনী লৈ বাৰাণ্ডাতে মনৰ কথা পাতে।

Read more

উপহাৰ-শুভ বৰা শইকীয়া

“মা, তুমিনো আজি ৰাতিপুৱাৰ পৰা ইমান মন মাৰি কি চিন্তা কৰি আছা? তুমি এনেদৰে মন মাৰি থকা দেখিলে মই অলপো সহ্য কৰিব নোৱাৰোঁ। তোমাৰ গা বেয়া নেকি মা? নে মোক কিবা কথাত বেয়া পাইছা? তোমাৰ কি হৈছেনো কোৱাচোন মা।” “মোৰ একো হোৱা নাই বাবা। তোমাকনো মই কি কথাত বেয়া পাম বাৰু? মোৰ গা বেয়া লগা নাই। মনটোহে বেয়া লাগিছে। আজি দিনটোতে তোমাৰ দেউতাৰা আমাৰ মাজৰ পৰা কোনোদিনে উভতি নহাৰ বাটেৰে গুচি গৈছিল। অতীতৰ সেই দুখৰ দিনটোৰ কথা আজি বৰকৈ মনত

Read more

 যাত্ৰা-চিৰঞ্জীত বড়া

“We are in the same boat brother We are in the same boat brother, If you tip one end you gonna To rock the other,  We are  in the same boat brother.” আমেৰিকাৰ কৃষ্ণাংগ শিল্পী পল ৰবচনৰ বিখ্যাত গীতটিৰ সান্নিধ্যতে আমাৰ ভূপেন হাজৰিকাদেৱে গাইছে “আমি একেখন নাৱৰে যাত্ৰী” গীতটো। গীতটো মোৰ বৰ প্ৰিয়। সেয়ে কেতিয়াবা অকলে থাকিলে এই গীতটিকে গুণগুণাই থাকোঁ। মই বৰ্তমান স্নাতকোত্তৰৰ শেষ পৰীক্ষাটো দিলোঁ। পৰীক্ষাবোৰ ভালেই গৈছে। জুলাই মাহৰ আৰম্ভণিতে গৰম অলপ বেছিয়েই। সেয়েহে কেইদিনমানৰ বাবে ঘৰলৈ

Read more

বৃত্ত-নীলাক্ষী ভট্টাচাৰ্য্য

ফাগুণ মাহ, ইফালে বৰষুণ নাই বাবে চাৰিওফালে ধূলি। গছবোৰো লঠঙা হ’ল। সঁ‌চাকৈ বৰষুণ এজাকৰ বৰ প্ৰয়োজন হৈছে।  বাহিৰৰ হেলনীয়া চকীখনত বহি তৰালী অধিকাৰীয়ে সন্মুখৰ পদূলিটোলৈ লক্ষ্য কৰি আছে। আবেলি সময়ত তৰালী অধিকাৰী এনেকৈ বহি থকাটো দৈনন্দিন কৰ্মৰাজিৰ ভিতৰতে পৰে বুলি ক’ব পাৰি। ভিতৰত ভৱদেৱ অধিকাৰী শুই আছে নিজৰ কোঠাত। গা ভাল নহয় তেখেতৰ। গা ভাল নহয় বুলিও ক’ব নোৱাৰি যিহেতু তেওঁৰ মনৰ হে বেমাৰ। মানুহজন দুদিন হ’ল এনেকৈ কোঠাটোত সোমাই থকা। তৰালী অধিকাৰীয়ে বহুত চেষ্টা কৰিছিল মানুহজনক বুজাবলৈ কিন্তু নাই

Read more

সখি-মৃদুস্মিতা ফুকন

এইকেইদিন ৰাতিপুৱাই বেলিটো দুপৰীয়াৰ দৰেই তমোময় ৰূপত ওলাইছে। দিনটো যিহে গৰম! সেয়ে পুৱা শুই উঠিয়েই জোনাকে ঘৰৰ দুৱাৰ-খিৰিকীবোৰ খুলি দি ঘৰৰ বেলকনিলৈ ওলাই আহিল। কাষৰ নিমজোপাত সৌটো পালোৱান। জোনাকৰ সখি। নামটো জোনাকে দি লোৱা। সিহঁতৰ ঘৰৰ ওচৰত নিম, তামোল, নাৰিকল আদি সকলো গছতে সি নোদোকা চেহেৰাৰে অ’ৰ পৰা ত’লৈ জঁপিয়াই থাকে বাবে জোনাকে তাক এই নামটো দিছে। জোনাকে পালোৱানৰ সৈতে অকলে অকলেই কথা-বতৰা পাতি সখি পাতি লৈছে। পালোৱানেও যেন জোনাকৰ ভাৱনা-চিন্তাবোৰ বুজি পায়! আজি পিছে জোনাকহঁতৰ কাষৰ এপাৰ্টমেণ্টটোৰ ছাদত পালোৱান

Read more

ফেঁহুজালি-চন্দামিতা শৰ্মা

মাজে সময়ে কোনো বিশেষ উদ্দেশ্য বা বিশেষ কাৰণ নোহোৱাকৈও অচিন অজানা বনপথ এটাৰে আগবাঢ়ি গৈ থাকিব পাৰি।আজি পিছে কথাটো ঠিক তেনেকুৱা নহয়।মোৰ মগজুক কোনো বিশেষ চিন্তাই ব্যতিব্যস্ত কৰা নাছিল বা চিন্তাশূন্য ভেকুৱাম অৱস্থা এটাও সৃষ্টি হোৱা নাছিল যদিও এক বিশেষ কাম আগত ৰাখি আজি এই বনপথেৰে আগবাঢ়িলো। ফাগুন মাহৰ আকাশ।কোনে কয় ফাগুন কেৱল লঠঙাৰ সমাহাৰ।ফাগুনৰ আছে নিজস্ব এক সুকীয়া সৌন্দর্য।আজি চৌপাশৰ পৰিৱেশে তাকেই কয়চোন। বহুক্ষেত্ৰত নতুনৰ আৰম্ভণিও ফাগুন।  ৰাতিপুৱাৰ সময়।চহৰত সততে  অনুভৱ কৰা গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰভাৱ,ইয়াত বাৰু বৰকৈ অনুভূত

Read more

সৰাপাতৰ উচুপনি-হৰিচন্দ্ৰ ডেকা

অনিতাৰো বিয়াখন ধুমধামেৰেই হৈ গ’ল, ঠিক যেনেকৈ পাঁচ বছৰ আগতে ডাঙৰজনী ছোৱালী নমিতাৰ বিয়াখন উলহ-মালহেৰে সম্পন্ন হৈছিল৷ এইবাৰ যেনিবা জোঁৱাইয়েও দায়িত্ব কান্ধ পাতি লোৱাত কষ্টৰ বোজা কিছু লাঘৱ হ’ল৷ আঠমঙলাৰ দিনা ভনীয়েকক বিদায় দি যেতিয়া নমিতাও কৰ্তব্যৰ খাতিৰত যাবলৈ ওলাল, দুয়োজনী আলাসৰ জীয়ৰীক বিয়া দি উলিয়াই দিয়া দুখটোৱে বৰাক এতিয়াহে যেন হেঁচা মাৰি ধৰিলে৷ সুদীৰ্ঘ বৈবাহিক জীৱনত কোনোদিনে চকুপানী উলিয়াই দেখুৱাব নোখোজা মানুহজনৰ সেমেকা চকুহালে পত্নী আৰোহীৰো মন বাৰিষাৰ মেঘে ঢাকি ৰখা আকাশখনৰ দৰে হ’ল৷ অনবৰতে মাক-দেউতাকৰ মৰম বিচাৰি হুলস্থূল

Read more

বিশ্বাস-গীতামণি দত্ত

বিশ্বাস কিমান সুমধুৰ শব্দ।গোটেই বিশ্বখন  বিশ্বাসতেই চলি আছে । বিশ্বাসে মিলয় হৰি, এনেই কথাফাঁকি কোৱা নাই হয়তো। ইয়াৰ অন্তৰালত আমাৰ জীৱনৰ বহু কথাই সোমাই আছে।বিশ্বাসৰ ওপৰতেই আমাৰ ভৱিষ্যত নিৰ্ভৰ কৰে।কিন্তু যেতিয়া এই সুমধুৰ শব্দটো ‘বিশ্বাসঘাতকতা’লৈ ৰূপান্তৰিত হয় তেতিয়া মানুহৰ অন্তৰাত্মা ভাগি পৰে আৰু দিক্ হাৰা হৈ পৰে। এনে উদাহৰণ এই পৃথিৱীত বহু আছে।তথাপি আমি বিশ্বাসৰ ওপৰতেই জীয়াই আছোঁ আৰু থাকিম। সোণপাহীৰ আইতাও ইমান দিনে এই বিশ্বাসকণ লৈয়ে জীয়াই আছে।সকলোকে সম দৃষ্টিৰে চোৱা সোণপাহী আইতাও এটা সময়ত চালে চকুৰোৱা এজনী ৰাংঢালী

Read more
1 2 3 4 5 6 15