পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ইটো-সিটো আৰু জৈৱ সংৰক্ষণৰ প্ৰয়োজনীয়তা-জয়ন্ত গগৈ
প্ৰকৃতিয়ে নিৰংকুশভাৱে পৃথিৱীখন বৰ্ণিল ৰূপেৰে সজাই তুলিছে। ভৌগোলিক অৱস্থান, পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৰিৱেশক প্ৰধানতঃ চাৰিটা মণ্ডলত বিভক্ত কৰিছে। এই মণ্ডলবোৰ হ’ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ,স্থলভাগৰ কিছু মিটাৰ গভীৰতা লৈ বিয়পি থকা অংশ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকতি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণী জাতি চিনাক্ত কৰা হৈছে। পৃথিৱীৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল।
Read more