কুঁৱা -কুমকুম শৰ্মাবৰুৱা
প্ৰাচীন কুঁৱাটোৰ এনেয়ে কাম নাইকিয়া হ’ল। ঘৰৰ ওচৰতে টিউবৱেলটো বহুৱাই লোৱাৰ পৰা পানীকণৰ সমস্যাটো যেনিবা সমাধান হ’ল।এতিয়া মদনে বাৰীত শাক-পাচলিৰ খেতিত পানী দিবলৈ সুবিধা হ’ব বুলি কুঁৱাটো পৰিষ্কাৰ কৰাই ল’ব খুজিলে। দুজন হাজিৰা কাম কৰা লোক লগাই জখলা এটাৰে নমাই কাম কৰিবলৈ দিওঁতেই অঘটনটো আৰম্ভ হ’ল।প্ৰথমতে নামি যোৱাজন উশাহ ল’ব নোৱাৰি ছটফটাবলৈ ধৰিলে।সিজন লৰালৰিকৈ ওপৰলৈ উঠি আহিল কি হৈছে ধৰিব নোৱাৰি।ওপৰৰপৰা তলত থকাজনক চিঞৰিবলৈ ধৰিলে, ‘ওপৰলৈ উঠি আহ বেগেতে,ওপৰলৈ উঠি আহ বেগেতে’ বুলি। কাষৰ ঘৰত থকা ৰজনী মাষ্টৰে কিহৰনো হুলস্থূল
Read more