ভিয়েটনাম ভ্ৰমণৰ বাখৰুৱা স্মৃতি(হানয়ৰ আশে পাশে)-ৰঞ্জনা দত্ত

দক্ষিণ-পূব এছিয়াৰ ভিয়েটনাম দেশখন হেনো ভ্ৰমণকাৰীৰ স্বৰ্গ। আমাৰে চিনাকি দুটা পৰিয়ালে ২০১৬ চনত ভিয়েটনাম ভ্ৰমণ কৰি আহি আমাক ঠাইবোৰৰ বৰ্ণনা দিছিল আৰু ফটোবোৰ দেখুৱাইছিল। বাকী বহুত ঠাইৰ তুলনাত বেচ কম খৰচতে সুন্দৰ বৈচিত্ৰ্যময় ঠাইবোৰ ফুৰি আহিব পৰা যায়। ২০১৯ চনৰ প্ৰথম ভাগতে ভিয়েটনামলৈ যোৱাৰ বাবে তেওঁলোকৰ পৰা ভিয়েটনামৰ ট্ৰেভেল এজেঞ্চী এটাৰ নম্বৰটো লৈ যোগাযোগ আৰম্ভ কৰিলো। গুগলত চাবলগীয়া ঠাইবোৰৰ বিশদ বিৱৰণ ফটো আদি চাই ১৩ দিনৰ বাবে প্লেন এটা যুগুত কৰিলো। এই যাত্ৰাত আমাৰ এপাৰ্টমেন্টৰে বাসিন্দা ৰাজীৱ শৰ্মা আৰু তেওঁৰ

Read more

দেৱপানী , ব্ৰহ্মকুণ্ড ,পৰশুৰাম কুণ্ডই কিয় হাত বাউল দি স্বাগতম জনায়-জয়ন্ত গগৈ

প্ৰাথমিক স্কুলৰ অ আ ক খ ….বোৰ শিকি বুজি বাক্য পঢ়িবলৈ লোৱাৰ সময়তে দেউতাই ‘ অমৰচিত্ৰ কথা ‘ শিশু ছবিৰ্ধমী চিৰিজখন হাতত তুলি দিছিল। সেই চিৰিজতে পৰশুৰামৰ বিষয়ে পঢ়িছিলোঁ। আকৌ কেইবছৰমানৰ পিছতে টেলিভিছনত B.R Chopra ৰ দ্বাৰা নিৰ্মিত অতি জনপ্ৰিয় ‘ মহাভাৰত ‘ চিৰিয়েলখন এটাও খণ্ড বাদ নপৰাকৈ , চকু টিপ নমৰাকৈ একান্তমনেৰে উপভোগ কৰিছিলোঁ। মহাকাব্য মহাভাৰতৰ কাহিনীভাগ চকুৰ আগত ভাঁহি থকা যেন হ’ল। এই মহাভাৰত চিৰিয়লখনতো পৰশুৰামৰ কাহিনীভাগ মনত ৰৈ গ’ল। হাইস্কুলীয়া শিক্ষা লোৱা অৱস্থাত বুজিব পাৰিলোঁ আমাৰ উত্তৰ-পূৱৰ

Read more

ভ্ৰমণৰ অভিজ্ঞতা-কুঞ্জ খাউণ্ড

আমাৰ গৃহস্থই চাকৰি সূত্ৰে এল টি চি  পাইছিল প্ৰতি চাৰি বছৰৰ মূৰত।সেইবাবে আমি দুটা পৰিয়াল লগ হৈ উত্তৰ ভাৰত ভ্ৰমণলৈ যোৱাটোকে ঠিক কৰিলোঁ  কিয়নো দক্ষিণ ভাৰতলৈ এবাৰ গৈছোঁ । আমাৰ তিনিজনীয়া পৰিয়াল আৰু তেখেতসকলৰো ল’ৰা এটাৰে সৈতে তিনিজন।দুয়োটা পৰিয়ালৰ মত সাপেক্ষে আমি যাওঁতে ৰাজধানী এক্সপ্ৰেছ আৰু ঘূৰি আহোঁতে বিমানত অহাটোকে ঠিক কৰি সেই মতে টিকেট কৰিলোঁ । চনটো আছিল ২০০৮ চনৰ ডিচেম্বৰ মাহ।কাৰণ ল’ৰা ছোৱালী দুয়োটাৰে বছৰেকীয়া পৰীক্ষা হৈ গৈছে । গতিকে ফুৰাৰ উপযুক্ত সময়।তাৰিখটো বোধহয় ডিচেম্বৰৰ ৮ তাৰিখ আছিল।আমি

Read more

মৰুভূমিৰ মাজৰ এখন পৰিত্যক্ত শাপগ্ৰস্ত গাঁও কুলধৰা-ৰঞ্জনা দত্ত

বেচ ডাঙৰ এলবামখনৰ পাতত শুকান পথাৰৰ মাজত বালি পাথৰেৰে নিৰ্মিত ঘৰ দুৱাৰ মন্দিৰৰ ভগ্নস্তুপেৰে ভৰি থকা ফটো এখন দেখুৱাই মানুহ জনে ক’লে- “ মানুহে কয় সন্ধ্যা লগাৰ পিছত গাঁওখনত কোনো সোমাব নোৱাৰে। কিছুমান ৰহস্যময় শব্দ বতাহত ভাঁহি থাকে। জীৱ জন্তুৰ কথাটো বেলেগেই ইয়াত আনকি চৰাই চিৰিকতিৰ মাতো শুনিবলৈ পোৱা নাযায়।” “এইখন কুলধৰা গাঁৱৰ ফটো নেকি?” মই আগ্ৰহেৰে সুধিলো। “হয় এইখন কুলধৰাৰ ফটো”। মানুহজনে আন এখন ফটোত তৰ্জনী আঙুলিটো ৰাখি ক’লে- “আৰু এইটো চেলিম সিঙৰ ঘৰ। এওঁৰ অত্যাচাৰৰ বাবেই এৰাতিৰ ভিতৰতে

Read more
1 2 3