শ্ৰীযুত দীপাংকৰ মল্ল বৰুৱাদেৱৰ সৈতে অন্তৰংগ আলাপ
অইল ইণ্ডিয়া লিমিটেডৰ এজন সুদক্ষ অভিযন্তা, উপন্যাসিক, প্ৰবন্ধ লেখক, সুবক্তা তথা এজন সামাজিক ভাৱে জনপ্ৰিয় লোক শ্ৰীযুত দীপাংকৰ মল্ল বৰুৱাদেৱৰ সৈতে এটি সাক্ষাৎকাৰ ( ‘শব্দচিত্ৰ’ গোটৰ তৰফৰপৰা ই-মেগাজিন ‘জীৱন জিজ্ঞাসা’ৰ কাৰণে এইবাৰৰ সাক্ষাৎকাৰটি গ্ৰহণ কৰিলে শ্ৰীমতী কুমকুম দেৱী শৰ্মাবৰুৱাই) শৰ্মাবৰুৱা: নমস্কাৰ বৰুৱাদেৱ। মই ‘শব্দচিত্ৰ ‘ গোটৰ তৰফৰপৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ। আশাৰাখোঁ আপুনি সহায় কৰিব। বৰুৱাদেৱ:- নিশ্চয়। মই ‘শব্দচিত্ৰ’ গোটৰ সকলো সদস্য-সদস্যা, লগতে আপোনাকো মোৰ দৰে অভাজনক সাক্ষাৎকাৰৰ বাবে নিৰ্বাচন কৰাৰ বাবে ধন্যবাদ জনাইছোঁ।
Read more