বাজী (The Bet),মূলঃ এণ্টন চেখভ (Anton Chekhov):অনুবাদ-জ্যোৎস্না ৰাণী দাস
(১) সেয়া আছিল এক শৰতকালৰ অন্ধকাৰ নিশা৷ বৃদ্ধ বেংকাৰজনে ইকোণৰ পৰা সিকোণলৈ অস্থিৰভাৱে পায়চাৰি কৰি আছিল তেওঁৰ অধ্যয়নকক্ষত, মনটো তেওঁৰ উৰা মাৰিছিল পোন্ধৰ বছৰ আগতে এনেকুৱা এটা শৰতকালত তেওঁ দিয়া সেই পাৰ্টীটোলৈ৷ তাত আছিল ভালেসংখ্যক বুদ্ধিমান লোক আৰু আমোদজনক কথোপকথনেৰে মুখৰিত হৈ আছিল পাৰ্টীটো৷ তেওঁলোকে আন আন কথাৰ লগতে চৰম শাস্তিৰ (মৃত্যুদণ্ড) বিষয়ে কথা পাতি আছিল৷ অতিথিসকলৰ ভিতৰত বেছ কিছুসংখ্যক পণ্ডিত আৰু সাংবাদিকেই নহয়, উপস্থিত বেছি অংশই মৃত্যুদণ্ডক অপছন্দ কৰিছিল৷ তেওঁলোকে ইয়াক শাস্তি হিচাপে কাল-বিৰুদ্ধ বুলি গণ্য কৰিছিল, যি খ্ৰীষ্টিয়ান
Read more