বিবাহঘটিত,লিখকঃ তাৰাপদ ৰায়,ভাবানুবাদ-অঞ্জু মহন্ত
প্ৰথম তৰঙ্গ: পঙ্কজবাবুৰ বিপদ কোট-পেণ্ট পিন্ধি অফিচলৈ ওলাইছিল পঙ্কজবাবু। অফিচত তেওঁৰ পৰিচয় মিষ্টাৰ পি.চক্ৰৱৰ্তী। যিয়েই নহওক এইটো এটা পাৰিবাৰিক কাহিনী।এই গল্পটোত আমি তেওঁক পঙ্কজবাবু বুলিয়েই ক’ম। পঙ্কজবাবুৰ পত্নীৰ নাম সুহাসিনী। মানুহজনীৰ নামটো যে উপযুক্ত নহয়, এই গল্পটো পঢ়িলে সকলোৱে বুজি পাব। কোট-পেণ্ট পিন্ধি, টাইৰ নট বান্ধি আছে, ৰাস্তাত অফিচৰ গাড়ীয়ে হৰ্ণ দিছে এনেকুৱা সময়তে সুহাসিনীয়ে ক’লে, “হেৰা তোমাৰ কোটৰ পকেটত এটা ফুটা আছিল।” পঙ্কজ বাবুয়ে নিৰ্বিকাৰভাৱেৰে ক’লে, ” জানো।” “সেই ফুটাটো মই চিলাই কৰি ঠিক কৰি দিছোঁ।” সুহাসিনীয়ে ক’লে। পঙ্কজ
Read more