মূল:সুধা মূৰ্তিৰ Life secret lessons: ভাৱানুবাদ:বিজয়া শৰ্মা

(মূল…সুধা মূৰ্তিৰ “The day I stopped drinking milk” গ্ৰন্থ খনৰ “Life secret lessons” ৰ  দহটা  জীৱনৰ শিক্ষাৰ পৰা পাঁচটা “জীৱনৰ শিক্ষা”ৰ ভাৱানুবাদ) মোৰ প্ৰথম শিক্ষা… এটা সময়ত মই উপলব্ধি কৰিব পাৰিলোঁ যে শিশুসকলেহে সঁচা কথা কয় আৰু এজনৰ বুদ্ধিদীপ্ততাৰ ওপৰত প্ৰকৃত ৰায় দিব পাৰে শিশু সকলেহে।এদিন মই কলিকতাত শিশুৰ এখন কিতাপ শুভাৰম্ভ কৰিব গৈছিলোঁ।বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা শিশুসকল সেই অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ আহিছিল।কিতাপখনৰ শুভাৰম্ভ কৰিবলৈ গৈ মই কিতাপখনৰ কেইটামান গল্প পাঠ কৰিছিলোঁ।যেতিয়া মই পাঠ কৰিবলৈ আৰম্ভ কৰিলোঁ,এজন ল’ৰাই থিয় হৈ

Read more

মূল:ভৱিষ্যত দ্ৰষ্টা, গুলশন ঘোষ:অনুবাদ-মামণি কলিতা

শুকান পাতবোৰ উৰি আহি বিছনা চাদৰৰ ওপৰত পৰিছেহি।তাতেই দহ,বিশ,পঞ্চাছ,এশ,দুশ টকাৰ নোটবোৰ জমা হৈছে।কোনোবাই আকৌ খুচুৰা প‌ইচা দি প্ৰণাম জনাই গুচি গৈছে।বিছনা চাদৰখনৰ ওপৰত থোৱা হৈছে বিভিন্ন অজানা গছৰ শিপা,কিছু ৰং বিৰঙৰ পাথৰ,লো আৰু তামৰ আঙুঠি। গছৰ তলতে অমূল্যচৰণ শাস্ত্ৰী বহি আছে।আগতে তেখেতৰ নাম আছিল অমূল্য সাঁতৰা।শাস্ত্ৰী তেওঁৰ উপাধি।ইয়াৰ উপৰিও তেখেতৰ আৰু এটা উপাধি আছে-ৰত্নপ্ৰভাকৰ। পুত্ৰৰ চিকিৎসাৰ বাবে ভেলোৰলৈ গৈছে।পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা এসপ্তাহ হ’ল।গোটেই দিনটো এনেই অকলে থাকি সময় নাযায় নুপুৱাই যেন লাগিছে তেওঁৰ।সেয়ে চি.এম.চি.ভেলোৰৰ পুৰণি বিল্ডিঙৰ গেটৰ বাহিৰৰ গছৰ

Read more

ছায়া,মূল লেখক: মঞ্জিল সেন,ভাবানুবাদ-অঞ্জু মহন্ত

অসমৰ পৰা বন্ধু এজনে ঘনাই চিঠি লিখিছিল: এবাৰ ইয়ালৈ ফুৰিবলৈ আহাঁ, তেতিয়া বুজিবা প্ৰকৃতিক কিয় লীলাচঞ্চলা বুলি কোৱা হয়।অলপ ঠাট্টা কৰিয়েই লিখিছিল, তোমালোকে পাহাৰ-পৰ্বতৰ কল্পনা কৰা আৰু তাৰেই বৰ্ণনা পাঠক-পাঠিকাক উপহাৰ দিয়া……অথচ ইটা,কাঠ,শিলৰ বাহিৰে একোৱেই তোমালোকে নেদেখা। ভাবি চালো অপবাদটো একেবাৰে মিছা নহয়, সেয়ে অপবাদটো নোহোৱা কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। বন্ধুৱে যে অলপো বঢ়াই কোৱা নাই সেয়া ট্ৰেইনত গৈ থাকোঁতেই অনুভৱ কৰিলোঁ। খিৰিকীৰ কাষত বহি ঘন সেউজীয়াৰ শোভা আৰু পাহাৰৰ শাৰীবোৰে অ-কবিৰ মনলৈও কবিত্ব অনাটোত আচৰিত হবলগীয়া একো নাই। বন্ধুৱে 

Read more

শাহুৰ সংসাৰ,মূলঃ জান্নাতুল আক্ততাৰ মুন্নি,অনুবাদ-বিজয়া শৰ্মা

মই দক্ষিণ অঞ্চলৰ ছোৱালী।বিয়া হৈ যেতিয়া ওলোটা পথ ধৰি উত্তৰাঞ্চললৈ যাওঁ তেতিয়া মোৰ বয়স বিশ বছৰ। দেউতাৰ এজন  সহকৰ্মীৰ পুত্ৰৰ লগত  মোৰ বিয়া হয়। মোৰ স্বামী ৰিফাতৰ দেউতাকৰ যেতিয়া মৃত্যু হৈছিল ৰিফাত তেতিয়া প্ৰাথমিক স্কুলৰ ছাত্র আছিল।গতিকে  ল’ৰাৰ মুখলৈ  চাই শাহুৱেও দ্বিতীয়বাৰ বিয়াত নবহিল।ৰিফাতৰ কোনো ভাই-ভনী নাই।শাহুয়ে অকলেই ৰিফাতক মানুহ কৰিছে। মোৰ দেউতাই ভাবি চাই দেখিলে যে- একমাত্ৰ ল’ৰা, ননদ-দেৱৰৰ সমস্যা নাই।কেৱল মাত্ৰ মাৰ বয়সৰ শাহু। তাতে আমাৰ শাহু সাহসী, দৃঢ় মহিলা।দেউতাৰ তাতেই ভৰসা পাইছিল নিজৰ বিশ বছৰীয়া ছোৱালীক ইমান

Read more

নদী আৰু সমুদ্ৰ,মূলঃ চন্দন চৌধুৰী: অনুবাদ-মামণি কলিতা

এদিন সমুদ্ৰ আৰু নদীয়ে কথা পাতিছিল। সমুদ্ৰ‌ই ক’লে…… “বন্ধু তোমাৰ ফালে চালে মোৰ বৰ দুখ লাগে। আমি দুয়োজনেই পানী।অথচ তুমি ইমান সৰু।অতি ক্ষুদ্ৰ। আৰু মোক চোৱা , মই কিমান বিশাল। অতিশয় বিশাল। নদীয়ে ক’লে….. “তোমাৰ ফালে চালে মোৰো বৰ দুখ লাগে বন্ধু।” এই কথা শুনি সমুদ্ৰ একেবাৰে আচৰিত হৈ পৰিল। মনে মনে ভাবিলে “কি কথা কয় এই  ক্ষুদ্ৰ নদীয়ে”। নদীয়ে ক’লে……. “ইমান বিশাল জলধাৰ তুমি! অতি বিশাল। কিন্তু তোমাৰ পানী কোনেও অকণমানো খাব নোৱাৰে আৰু মোক চোৱা, ইমান ক্ষুদ্ৰ মই।

Read more

মাচাউকি খাতাঁওৰা,লিখক: হুমায়ূন আহমেদ,ভাবানুবাদ-অঞ্জু মহন্ত 

মধ্যবিত্তসকলৰ জীৱনত উত্তেজনা সৃষ্টি কৰিবপৰা ঘটনা খুব এটা নঘটে। তেওঁলোকৰ জীৱন যাত্ৰা খোৱা,শোৱা, টিভি চোৱা এইবোৰৰ মাজতেই মোটামুটি সীমাবদ্ধ। কিন্তু মোৰ সৰু ভাইটিৰ ঘৰত ব্যতিক্ৰম হ’ল। সিহঁতৰ ঘৰত উত্তেজনা সৃষ্টি কৰিবপৰা এটা ঘটনা ঘটাৰ উপক্ৰম হ’ল। শুনিলোঁ, এজন জাপানী যুৱক হেনো ভাইটিৰ ঘৰত এমাহ থাকিব। জাপান-বাংলাদেশ টেকনিকেল এচিচটেণ্ট প্ৰোগামৰ তেওঁ এজন কৰ্মী। বাংলাদেশৰ গাঁৱত দুবছৰ থাকিব। অৱশ্যে পোষ্টিং হোৱাৰ আগেয়ে বাংলাদেশৰ কোনো এঘৰ মধ্যবিত্ত পৰিয়ালৰ লগত তেওঁ এমাহ কটাব লাগিব, যাতে তেওঁ আমাৰ ৰীতি-নীতি, আচাৰ-আচৰণ সম্পৰ্কে এটা প্ৰাথমিক ধাৰণা পাব

Read more

অমৰা  আৰু ক্ৰেব নেবুলা,মূল(বাংলা): মুহম্মদ জাফৰ ইকবাল::অনুবাদ-ৰঞ্জনা দত্ত 

তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰু কালৰেপৰা। ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ। তাৰ মাক দেউতাকে ভাবিলে সি এতিয়া ডাঙৰ হৈছে গতিকে অকলে শোৱা দৰকাৰ। বায়েক শেৱালীৰ কোঠাত তাৰ কাৰণেও সৰু বিছনা এখন ঠিক কৰা হ’ল, তাত ৰংচঙীয়া বিছনা চাদৰ আৰু কোমল গাৰু এটা দি সজাই দিলে। মাজৰাতি টোপনিৰপৰা সাৰ পাই গ’লে যাতে অকলশৰীয়া নালাগে তাৰবাবে মূৰৰ কাষত তাৰ প্ৰিয় খেলনা ভালুকটোও থৈ দিলে। মাজৰাতি মাকে দেখিলে ৰঞ্জুৱে নিজৰ কোঠাৰপৰা হাতত সাৰে ভৰিত সাৰে উঠি আহিছে। মাকে সুধিলে- “ কি

Read more

বমি,লেখক:অভীক দত্ত,অনুবাদ-মামণি কলিতা

ডাউন কালকা মেইল ৰেলগাড়ীখন গয়া পোৱাৰ সময়ত অনিৰ্বাণ বাবুৰ এনে লাগিল যেন কোনোবাই তেওঁৰ ভৰিত ধৰি টানিছে।স্লিপাৰ কোচৰ একেবাৰে ওপৰৰ বাৰ্থত শুইছিল তেওঁ। “কি লাগে?”…. বুলি বিৰক্তিৰে প্ৰশ্ন কৰোঁতে‌ই টিটিৰ মাত শুনিবলৈ পালে “টিকট দেখুৱাওক।” অনিৰ্বাণ বাবুৱে কন্ঠত বিৰক্তিৰ ৰেশ লৈয়ে টিটিক ক’লে যে তেওঁ দিল্লীৰপৰা আহিছে আৰু বাটতে তেওঁৰ টিকট চেক কৰা হৈ গৈছে। তথাপিও টিটিয়ে তেওঁৰ কথা নুশুনিলে। উপায়ন্তৰ হৈ অনিৰ্বাণ বাবুৱে শুৱাৰপৰা উঠি পকেটৰপৰা টিকটটো টিটিৰ হাতত দিলে।টিটিয়ে টিকট চেক কৰি ঘূৰাই দিলে।কেঁচা টোপনি ভঙাৰ বাবে টিটিৰ

Read more

ঘৃণা,মূল লেখক : জেচমিন,ভাবানুবাদ-অঞ্জু মহন্ত

পাঁচ বছৰ, তিনি মাহ,বাৰদিন পিছত মোৰ স্বামী আবিৰক আকৌ দেখিলোঁ।স্বামী বুলি নকৈ প্ৰাক্তন স্বামী বুলি কোৱাহে ঠিক হ’ব।যদিও অফিচিয়েলি এতিয়াও আমাৰ বিবাহ বিচ্ছেদ হোৱা নাই।আবিৰ এতিয়া মোৰ ড্ৰইং ৰুমত বহি আছে।ভাবি অবাক লাগিছে,এই মানুহজনক এটা সময়ত পাগলৰ দৰে ভাল পাইছিলো। মোৰ ধাৰণা আছিল, মোৰ দৰে ইমান নহ’লেও,সিও মোক ভালপায়।যদিও তাৰ প্ৰকাশটো কেতিয়াও দেখা নাছিলোঁ।কিন্তু ভাবিছিলো, সকলোৰে প্ৰকাশ কৰা ক্ষমতা একে ধৰণৰ নহয়। ভালপোৱা কেতিয়াবা কেতিয়াবা মানুহৰ সৰ্বনাশৰ কাৰণো হয়।মোৰো সেয়াই হ’ল।মোৰ জৰায়ুত এটা সৰু টিউমাৰ হৈছিল।সৰু হলেও দুৰ্দান্ত গতিৰে ৰক্তক্ষৰণ

Read more

অন্ধকাৰ দিন,ৰচনা : ৱাল্টাৰ কফমেন,ভাৱানুবাদ-ড. মৃদুস্মিতা ফুকন

জৰ্জ মোৰ বন্ধু। কিন্তু এতিয়া আৰু তাক দেখা নাপাওঁ। বহুদিন আগতেই মই তাক হেৰুৱাই পেলাইছোঁ। হয়তো এতিয়া আৰু সি ইহ সংসাৰত নাই। তথাপিও সি মোৰ বন্ধু। যিমান দিন মই জীয়াই থাকিম, সিমান দিন এই বন্ধুত্ব অক্ষুণ্ণ ৰাখি যাম। আমাৰ ঘৰটো বৰ সুন্দৰ আছিল। বগা মাৰ্বলৰ ছিৰিকেইটাৰে অলপ উঠি মূল দুৱাৰখনৰ কাষতে কলিং বেলটো। বেলটোৰ মাতটো শুনিলেই আমাৰ পৰিচাৰিকা কেটি খৰ খোজেৰে আগবাঢ়ি আহে। হলটোৰ দামী কাৰ্পেটৰ ওপৰেদি আহি তেওঁ স্প্ৰিং লগোৱা গধুৰ কাঁচৰ দিৱাৰখন খুলি দিয়েহি। দেউতাই পিয়ানো বজায়। দেউতাক

Read more
1 2 3 4 5 6