তুষাৰ মানৱ,মূল:: হাৰুকি মুৰাকামি,অনুবাদ-ৰঞ্জনা দত্ত

মই এজন তুষাৰ মানৱক বিয়া কৰাইছো।  তেওঁৰ সতে মোৰ প্ৰথম দেখা হৈছিল এটা স্কি ৰিজ’ৰ্ট কেন্দ্ৰত। তুষাৰ মানৱৰ সাক্ষাত পাবৰ বাবে বোধহয় এইখনেই প্ৰকৃত ঠাই। তাত থকা হোটেলৰ লবীত উচ্ছল প্ৰাণৱন্ত ডেকা গাভৰুবোৰৰ ভিৰ। কিন্তু তুষাৰ মানৱজন ফায়াৰ প্লেছৰপৰা বহুত দূৰত থকা এখন চোফাত অকলে বহি বহি এখন কিতাপ পঢ়ি আছিল। যদিও তেতিয়া ভৰ দুপৰীয়া, কুঁৱলী ফালি ওলাই অহা জাৰকালিৰ ৰ’দৰ পোহৰজাক তেওঁৰ ওপৰত আহি পৰিছিলহি। “চোৱা সৌজন তুষাৰ মানৱ।” মোৰ বান্ধবীয়ে ফুচফুচাই ক’লে।  সেই সময়লৈকে তুষাৰ মানৱ সম্পৰ্কে মোৰ

Read more

পঢ়ক আৰু হাঁহক-লেখক: অজ্ঞাত,ভাবানুবাদ-অঞ্জু মহন্ত

অৱশেষত গৃহিণী আৰু কণ্যাৰ যৌথ চাপত হাতত বজাৰৰ মোনাখন লৈ ওলাই গলো। ইলিচৰ সন্ধানত। ভাইটি বা ভণ্টী ইলিচ হ’লে নচলিব,ডাঙৰ ডাঙৰ ৰাউণ্ড পিচ কৰি আনিব লাগিব,গৃহিণীৰ কাঢ়া অৰ্ডাৰ। প্ৰেচাৰৰ টেবলেট এটা লগত লৈ মামা শহুৰৰ দৰে গম্ভীৰ মুখেৰে বজাৰলৈ গলো।গোটেই মাছৰ বজাৰখন তিনিবাৰ ঘূৰি-পকি প্ৰতিজনকে দুই তিনিবাৰকৈ দাম সুধি অৱশেষত এটা ঠাইত স্থিৰ হলো।তেতিয়ালৈকে মাছ বজাৰৰ বিক্ৰেতাবোৰে গম পাই গৈছে,এজন মহা কৃপণে ইলিচ কিনিবলৈ আহিছে। কেজি ১৬০০ টকা দামৰ মাছ বহুতো দৰদাম কৰাৰ পিছত ১৫৫০ টকাত দিবলৈ সন্মত হ’ল।৭২৫ গ্ৰাম

Read more

যদি মই তুমি হলোহেঁতেন ! -চিত্ৰলেখা দেৱী

(প্ৰখ্যাত ইংৰাজ সাহিত্যিক তথা প্ৰশাসক Douglas James ৰ ইংৰাজী নাটক If I Were You ৰ অসমীয়ালৈ ভাবানুবাদ) মঞ্চসজ্জা : এটা সৰু কোঠাৰ ভিতৰৰ দৃশ্য — সোঁফালে প্ৰৱেশ পথ থাকিব (পৰ্দাও থাকিব পাৰে)। বাওঁফালে থকা প্ৰৱেশ পথত এখন দুৱাৰ থাকিব লাগিব। আচবাববোৰ সাধাৰণ — বাওঁফালে এখন সৰু টেবুল,এখন বা দুখন চকী আৰু সোঁফালে পিছফাললৈ এখন বিছনা। টেবুলৰ ওপৰত এটা টেলিফোন থাকিব। (মঞ্চৰ পৰ্দা আঁতৰি যোৱাত জেৰাৰ্দে টেলিফোনত কথা পাতি থকা দেখা যাব। তেওঁ এজন মধ্যমীয়া উচ্চতাৰ লোক, শিং থকা চছ্ মা

Read more

লেখক–আহসান হাবীব,এগৰাকী নাৰীবাদীৰ গল্প: ভাবানুবাদ–অঞ্জু মহন্ত

চোলেমান চাহাবে সাধাৰণতে অফিচৰপৰা উভতি আহে চাৰে পাঁচটাত। আজি পাঁচটা পঞ্চল্লিচত ঘৰৰ দুৱাৰ-ডলিত ভৰি থোৱাৰ লগে লগেই চিঞৰি উঠিল তেওঁৰ প্ৰিয়তমা ইস্ত্ৰি (আচলতে স্ত্ৰী, কিন্তু তেওঁ ইমানেই  কঠোৰ, ইমানেই কঠোৰ… যে স্ত্ৰী বুলি নকৈ ইস্ত্ৰি বুলি ক’লেহে ঠিক হ’ব) “ইমান পলম কিয় হ’ল? আজি যে মোৰ মিটিং আছে নাজানা নেকি?” “মানে অট’ৰিক্সা পোৱা নাছিলোঁ”…..মিনমিনকৈ ক’লে চোলেমান চাহাবে। “অট’ৰিক্সা পোৱা নাই, বাছত আহিব নোৱাৰা… বাছবোৰ নোহোৱা হ’ল নেকি?… যোৱা তৎক্ষণাৎ মোক চাহ একাপ দি,মণ্টুক কোচিঙৰপৰা আনিবলৈ যোৱা।” চোলেমান চাহাবে অফিচৰ ফাইল-পত্ৰ

Read more

ব্ৰজবুঢ়া,মূল :সত্যজিত ৰায়,অনুবাদ -ৰঞ্জনা দত্ত

শঙ্কৰ চৌধুৰীয়ে ৰুটি এফাল লৈ দাইলত ডুবাই  মুখত সুমুৱাই এবাৰ কাষত বহা পুতেকৰ ফালে চাই পঠিয়ালে। তাৰ পিছত টুকুৰাটো চোবাই চোবাই ক’লে – “তোক কথা এটা কওঁ কওঁ বুলিও কোৱা হোৱা নাই আমাৰ ঘৰৰ সোঁফালে এটা ঘৰ এৰি থকা দুতলা ঘৰটোত বুঢ়া এজন থাকে দেখিছনে?” “অঁ অঁ দেখিছো”-  সুবুৱে ক’লে । “সদায় স্কুলৰপৰা অহাৰ সময়ত দেখোঁ।প্ৰথম তলাৰ বাৰান্দা খনত বেতৰ চকী এখনত বহি থাকে।মোৰফালে চাই হাঁহে।” “হাঁহিটো কি খুব স্ফুৰ্তিৰ হাঁহি নেকি?” সুবুৱে অলপমান ভাবি উত্তৰ দিলে ,  “অকণমান দুষ্টামি ভৰাও

Read more

নতুন পথৰ পোহৰ,মূল: অনন্যা পোদ্দাৰ,ভাবানুবাদ-অঞ্জু মহন্ত

সেইদিনা শৈবালৰ হাতৰ সেই চৰটোৱে যে পুষ্পিতাৰ জীৱনৰ গতি এনেকৈ সলনি কৰি দিব, সেয়া সপোনতো কল্পনা কৰিব পৰা নাছিল পুষ্পিতাই। ইমান বছৰ শৈবালৰ সৈতে থকা সময়খিনিত মাথোঁ অনুভৱ হৈছিল, শৈবাল অবিহনে এই জীৱন অচল! শৈবাল নাথাকিলে পুষ্পিতাৰ ইহকাল-পৰকাল সকলো যেন স্তব্ধ হৈ যাব! কিন্তু ক’ত! তেনেধৰণতো একোৱেই নহ’ল। শৈবালৰ অবিহনেও পুষ্পিতাৰ পৃথিবীখনতো সুন্দৰকৈ চলিছে, একোৱেইতো ৰৈ যোৱা নাই। তেনেহ’লে ইমানদিন কিহৰ বাবে এনেকৈ সাবটি আছিল তাই সংসাৰ খন? আজি অফিচলৈ যোৱাৰ সময়ত বাছৰ খিৰিকীৰে পুষ্পিতাই এক মূহূৰ্তৰ বাবে শৈবালক দেখিছিল।

Read more

নিহত মই,মূল বাংলা কবিতা: ডঃ হিমাদ্ৰি সাহা, অনুবাদ-ডুলুমণি দাস

তোমাৰ হাতত নিহত হোৱাৰ পাছতো জীয়াই আছোঁ মই, এতিয়াও যি ৰাতি মোক হত্যা কৰা হৈছিল তোমাৰ মুখত লাগি আছিল  শেৱালি ফুলৰ স্নিগ্ধ হাঁহি৷ তুমি মোক শুৱাই থৈ আহিছিলা  সোণালী শস্যৰ পথাৰত তোমাৰ হাতত লাগি আছিল মোৰ সেউজীয়া ৰক্ত ৷ মোৰ হৃদপিণ্ডৰ মাজত মোৰেই পছন্দৰ  এটি গন্ধৰাজ ফুল   সিঁচি দিছিলা তুমি। সেইকাৰণেই  মই এতিয়াও জীয়াই আছোঁ সেয়ে পাৰা যদি মোক তুমি  প্ৰতি ক্ষণতে হত্যা কৰা৷ প্ৰবলা হৈ মই জীয়াই থাকিব খোজোঁ। ************

Read more

ভৰি নোহোৱাকৈ খোজৰ  চাপ: অনুবাদক – চিত্ৰলেখা দেৱী

(প্ৰখ্যাত ইংৰাজ সাহিত্যিক  H G WELLS ৰ  THE INVISIBLE MAN নামৰ গ্ৰন্থৰ কিয়দংশৰ ভাবানুবাদ । এই অংশটো দশম শ্ৰেণীৰ ইংৰাজী দ্ৰুতপাঠৰপৰা লোৱা  হৈছে ।) ল’ৰা দুটাই বোকা লগা দুটা খালী ভৰিৰ খোজৰ চাপবোৰ চাই চাই অবাক  হ’বলৈ ধৰিলে।লণ্ডন চহৰৰ মাজ মজিয়াত থকা ঘৰ এটাত  মানুহ এজনে খালী ভৰিৰ কেনেকৈ চাপ  পেলাব পাৰিছে?আৰু  মানুহজনেই বা ক’ত? সিহঁতে তধা লাগি চাই  থাকোঁতেই এটা উল্লেখযোগ্য দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিলে। এটা সতেজ খোজৰ চিন এফালে দেখা গ’ল। ইটোৰ পিচত সিটো খোজৰ চাপ ঘৰটোৰ খটখটিৰে 

Read more

পেঞ্চন,লেখক:তনয়া ভট্টাচাৰ্য,ভাবানুবাদ-অঞ্জু মহন্ত

ঝিনুকক চাবলৈ মানুহ এঘৰ আহিছে। ঝিনুকৰ মাহীয়েক এগৰাকীয়ে আনিছে এই সম্বন্ধ।পাত্ৰ চৰকাৰী চাকৰিয়াল।সেয়েহে কোনোমতেই হাতচাড়া কৰিব নোৱাৰি।ৰাতিপুৱাৰপৰাই ঘৰখনত উলহ-মালহ। আজি তাইৰ ইউনিভাৰ্ছিটিলৈ যোৱা নহ’ল। ফাইনেল পৰীক্ষালৈ বেছি দিন নাই।দুটা বছৰৰ পৰা ঝিনুকে ইউনিভাৰ্ছিটিলৈ গৈ ক্লাছ কৰিছে,এসোপামান পইচা খৰচ কৰি প্ৰাইভেট টিউচন লৈছে। দিনে-ৰাতিয়ে পঢ়া-শুনা, সেয়েহে সেইবোৰৰ সন্মানৰ বাবে মাক-দেউতাকে তাইক পৰীক্ষাত বহিবলৈ দিছে।পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীটোৰোতো এটা দাম আছে!ক’বলৈ বা শুনিবলৈও ভাল লাগে।পৰীক্ষা শেষ হ’লেই বিয়াত বহিব লাগিব ঝিনুক। নীৰৱে সকলো মানি লৈছে। মাক-দেউতাকৰ মতৰ বিৰুদ্ধে গৈ কিবা কৰা সম্ভৱ নহয়

Read more

চেলিম চিস্তি,লেখক: নিমাই ভট্টাচার্য্যৰ, অনুবাদ-উপাসা ভাগৱতী

‘দেৱান-এ-আম’ত এতিয়া আৰু সম্ৰাটে বিচাৰ নকৰে। ‘দেৱান- এ -খাচ’ত বীৰবলৰ লগত সম্ৰাটৰ পৰামর্শ নহয়। ৰাজপুত দুহিতা ,জাহাঙ্গীৰৰ পত্নী যোধাবাঈয়ে তুলসী তলত প্ৰণাম কৰি “দেৱান-এ-খাচ’-ৰ আসৰত আসন গ্ৰহণ নকৰে।সেইবোৰ দিন শেষ।শেষ হৈ গৈছে। ফতেহপুৰ চিক্ৰী এতিয়া মুক-বধিৰ, প্ৰাণহীন ৰাতিপুৱা,সন্ধ্যা মিঞা তানসেনৰ গান শুনি যি ৰাজপ্ৰসাদৰ মানুহ চঞ্চল হৈ উঠিছিল,চাৰিওকাষৰ গাঁৱৰ মানুহ মুগ্ধ হৈ পৰে সঙ্গীত সম্ৰাটৰ সুৰত,সেই অমৃত কণ্ঠস্বৰ আৰু শুনা নাযায়। সম্ৰাট নাই ,নাই ৰাজপুত্ৰ মন্ত্ৰী, ৰাজজ্যোতিষী, গায়ক, সখী,বাঈজী, নর্তকী।কোনো নাই।সেনাপতিতো দূৰৰ কথা,এজন সাধাৰণ সৈন্য পর্য্যন্ত নাই ফতেহপুৰ চিক্ৰীত। বুলন্দ

Read more
1 2 3 4 5 6