সাক্ষাৎকাৰ

(আজীৱন অসমীয়া সাহিত্যৰ সাধিকা, ‘জোনাকী মন’ৰ স্ৰষ্টা, ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত পৰিৱেশন হোৱা গীতৰ গীতিকাৰ কুমকুম দেৱী শৰ্মাবৰুৱা বাইদেউৰ সৈতে এটি সাক্ষাৎকাৰ।সাক্ষাৎকাটি গ্ৰহণ কৰিছে সমীৰণ শৰ্মাই।অন্যান্য ক্ষেত্ৰত সহযোগ কৰিছে উপাসা ভাগৱতীয়ে) সমীৰণ: বাইদেউ নমস্কাৰ। আৰম্ভণিতে আপোনাৰ জন্ম, পিতৃ-মাতৃ আৰু বৰ্তমানৰ পৰিয়ালৰ বিষয়ে অলপ জনাওকচোন। শৰ্মাবৰুৱা: নমস্কাৰ, মোৰ জন্ম হয় যোৰহাট কেন্দুগুৰিৰ ২ নং ব্ৰাহ্মণ গাঁৱত ১৯৬১ চনৰ ১৯ জানুৱাৰীত।মোৰ মাতৃৰ নাম স্বৰ্গীয় অৰুণি দেৱী আৰু পিতৃৰ নাম স্বৰ্গীয় ৰামেশ্বৰ শৰ্মা। ঘৰখনত সাতোটি সন্তানৰ ভিতৰত মই নুমলীয়া আছিলোঁ। বিভিন্ন সৰু -সুৰা ব্যৱসায়

Read more

সাক্ষাৎকাৰ

(‘চান্দেৰ নগৰ’ নামৰ অনুবাদ গ্ৰন্থৰ স্ৰষ্টা, ‘মৌচাক’ৰ এগৰাকী অন্যতম লেখিকা, কিৰণ তামুলী শিশু সাহিত্য পৰ্যালোচনা বঁটাপ্ৰাপক,শিশু সাহিত্যিক ববিতা শৰ্মাৰ সৈতে এটি সাক্ষাৎকাৰ।সাক্ষাৎকাৰটি যুগুতাইছে সমীৰণ  শৰ্মাই) সমীৰণ: বাইদেউ নমস্কাৰ। আমাৰ “শব্দচিত্ৰ” গোটৰ তৰফৰ পৰা আপোনালৈ ৰঙালী বিহু তথা অসমীয়া নববৰ্ষৰ ওলগ জনালোঁ। বাইদেউ, আমি প্ৰথমতে আপোনাৰ জন্ম তথা পিতৃ-মাতৃৰ বিষয়ে কিছু কথা জানিবলৈ বিচাৰিছোঁ। ববিতা শৰ্মা: নমস্কাৰ।মোৰ ফালৰ পৰাও ‘শব্দচিত্ৰ’ গোটৰ সকলো সদস্যকে ৰঙালী বিহুৰ ওলগ জনালোঁ। লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। মোৰ জন্ম হৈছিল অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাটত।

Read more

সাক্ষাৎকাৰ

(অসমৰ এগৰাকী বিশিষ্ট কবি,সাহিত্যিক,সমালোচক,ঔপন্যাসিক,গল্পকাৰ,নিবন্ধকাৰ,আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া ডo নন্দ সিং বৰকলাৰ সৈতে এটি সাক্ষাৎকাৰ। বিষয়:মানুহ আৰু সমাজৰ চেতনা) অসমীয়া সমাজ, সাহিত্য, সংস্কৃতিৰ জগতৰ চিনাকি নাম ড০ নন্দ সিং বৰকলা। তেখেতৰ মাটি আৰু মানুহ চেতনা সমাজৰ বিনন্দীয়া বাট। তেওঁৰ কলমত নিৰ্গত হয় মাটিবিলাসী মানুহৰ শ্ৰমচেতনাৰ বাংময়তা। অমৱস্যাৰ ভয় লগা দিনকালৰ বুকুৰপৰা পূৰ্ণিমাৰ জোনটোক প্ৰকাশিবলৈ তেওঁ পান কৰে সমাজৰ যাতনাৰ বিহ। তেওঁৰ প্ৰিয় বিষয় মানুহ আৰু মাটি। মানুহ আৰু মাটিৰ স্বাৰ্থতে তেওঁ ঘুৰি-ফুৰে দিহিঙে-দিপাঙে। তেওঁৰ জীৱন অভিধানত জাত-পাত-বৰ্ণ, ধৰ্মীয় গোড়ামিক কোনোদিনে প্ৰশ্ৰয়

Read more

সাক্ষাৎকাৰ

অতিথিঃ জয়ন্ত মাধৱ বৰা, সাহিত্য অকাডেমী বঁটাপ্ৰাপক,গল্পকাৰ, বিশিষ্ট ঔপন্যাসিক তথা শিশু সাহিত্যিক। সাক্ষাৎ গ্ৰহণঃ ববিতা শৰ্মা ববিতা শৰ্মা – নমস্কাৰ মহাশয়। কথোপকথনৰ প্ৰাৰম্ভতে আপোনাক শ্ৰদ্ধা জনাইছোঁ।  প্ৰথমে জানিব বিচাৰিম আপোনাৰ সোণোৱালী শৈশৱৰ বিষয়ে। শৈশৱ কালৰ এনে কোনো এনে স্মৃতি আছে নেকি, যাক আপুনি আজিও পাহৰা নাই?  জয়ন্ত মাধৱ বৰা – মোৰ শৈশৱ অতিবাহিত হৈছিল গাঁৱত৷ বৰ্তমান গোলাঘাট জিলাৰ এখন ভিতৰুৱা গাঁৱত৷ ‘‘কাকডোঙা’’ নামৰ নৈখন, গাঁৱৰ নামঘৰটো, এখন প্ৰাথমিক বিদ্যালয়, সৰু সৰু কেইখনমান বাঁহনি আৰু বিস্তীৰ্ণ ধাননি পথাৰ, এয়াই আছিল মোৰ

Read more

সাক্ষাৎকাৰ

চতুৰ্থ বৰ্ষৰ (দ্বিতীয় সংখ্যাৰ)শব্দচিত্ৰ( জীৱন জিজ্ঞাসা) ই- আলোচনীৰ বাবে সাক্ষাৎকাৰটি যুগুতাইছো মই শ্ৰী কুশল মহন্তই ।   আজি আমি আপোনালোকক চিনাকি কৰি দিবলৈ ওলাইছোঁ এনে এগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ সৈতে,যি হৈছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ,প্ৰশিক্ষক,ক্ৰীড়া সংগঠক আৰু প্ৰাক্তন ভাৰতীয় ভলীবল দলৰ অধিনায়ক। তেখেত শ্ৰীযুত অভিজিত ভট্টাচাৰ্য্য। কুশল মহন্ত: Sir  নমস্কাৰ। প্ৰথমে ,শব্দচিত্ৰ -জীৱন-জিজ্ঞাসা ই-আলোচনীৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ।  অভিজিত ভট্টাচাৰ্য্য Sir: প্ৰতি নমস্কাৰ জনাইছো। প্ৰশ্ন: আপোনাৰ জন্ম আৰু স্কুললীয়া জীৱনৰ বিষয়ে অলপ জনাওঁকচোন ? অভিজিত ভট্টাচাৰ্য্য Sir: মোৰ জন্ম তেজপুৰৰ

Read more

অসমীয়া সাহিত্য জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা ‘সৌমাৰ নন্দিনী’, ‘ৰাধিকা’ৰ লেখিকা জুৰি শইকীয়াৰ সৈতে এটি সাক্ষাৎকাৰ

(সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে ববিতা শৰ্মাই) ববিতা শৰ্মাঃ নমস্কাৰ।পোনপ্ৰথমতে আপোনাৰ বহুমূলীয়া সময় ‘শব্দচিত্ৰ -জীৱন-জিজ্ঞাসা’ক দিয়াৰ বাবে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। প্ৰথমে আপোনাৰ শৈশৱ আৰু শিক্ষাৰ বিষয়ে জানিব বিচাৰোঁ।সোণসেৰুৱা শৈশৱৰ স্মৃতিৰ বৰপেৰাত সাঁচি থোৱা আপোনাক প্ৰায়ে নষ্টালজিক কৰি তোলা কিবা ঘটনাৰ বিষয়ে আমাকো জনাব নেকি? জুৰি শইকীয়াঃ নমস্কাৰ।আপোনালোককো অশেষ ধন্যবাদ।সৰুতে পথাৰত লেছেৰি বোটলি সেই ধান বেচি পোৱা পইচাৰ আনন্দই সুকীয়া।কঠ বা থৈলা লৈ স্কুললৈ গৈ আমলখি,শিলিখা বিনিময় কৰি খোৱা কথাবোৰে আজিও আনন্দ দিয়ে।অৱশ্যে কলেজত পঢ়ি থকা সময়ত আলফা সংগঠনৰ নামত দুটামান

Read more

সাক্ষাৎকাৰ

(অসমৰ প্ৰখ্যাত নাট্যকাৰ,নাট সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশক,নাট পৰিচালক,অভিনেতা,শিশু সাহিত্যিক,ব্যঙ্গ লেখক শ্ৰদ্ধাৰ প্ৰভাত গোস্বামীদেৱৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎকাৰটি গ্ৰহণ কৰিছে মাতু কুকুৰাচোৱাই। প্ৰশ্নসমূহ যুগুতালে বৰষা ডেকাই।) মাতু: নমস্কাৰ ছাৰ।পোনপ্ৰথমতে আপোনাৰ বহুমূলীয়া সময় আমাক প্ৰদান কৰা বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ,প্ৰথমতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰোঁ। লগতে আপোনাৰ শৈশৱ সজীৱ কৰি স্মৃতিৰ দলিচাত সাঁচ বহুৱাই যোৱা তেনেকুৱা ঘটনা সম্পৰ্কে আমাক জনাব নেকি? গোস্বামীদেৱ: প্ৰতি নমস্কাৰ জনাইছো। শিক্ষাজীৱন আৰম্ভ হৈছিল ডিব্ৰুগড়ত।জ্ঞানদায়িনী এল.পি. স্কুলত শিক্ষা জীৱন আৰম্ভ।তাৰ পাছত ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়।তাৰ পাছত

Read more

সাক্ষাৎকাৰ

(লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা, সাহিত্যসেৱী, সমাজকৰ্মী শ্ৰদ্ধেয়া দীপাঞ্জলী দত্ত বাইদেউৰ সৈতে এটি সাক্ষাৎকাৰ।’শব্দচিত্ৰ_জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিছে ‘শব্দচিত্ৰ’ গ্ৰুপৰ সদস্য মহেশ দাসে) মহেশ: নমস্কাৰ বাইদেউ। মই ‘শব্দচিত্ৰ’ গোটৰ তৰফৰ পৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ। আশাকৰোঁ আপুনি সহায় কৰিব। দীপাঞ্জলি দত্ত: নমস্কাৰ।প্ৰথমেই মই ‘শব্দচিত্ৰ-জীৱন জিজ্ঞাসা’ ই-আলোচনীৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোৰ সাক্ষাৎকাৰ এটি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।ইয়াৰ লগতে কষ্ট কৰি আপুনি মোৰ ওচৰলৈ অহা বাবে আপোনালৈও আন্তৰিক ধন্যবাদ জনালোঁ।

Read more

সাক্ষাৎকাৰ

(অসমৰ এগৰাকী প্ৰখ্যাত শিশু সাহিত্যিক,লেখক,শিক্ষক,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ডক্টৰেট ডিগ্ৰী প্ৰাপক,অসমীয়া গ্ৰন্থ জগতলৈ বহুকেইখন মূল্যবান গ্ৰন্থৰে বৰঙণি আগবঢ়োৱা শ্ৰদ্ধাৰ ড০ মৃদুস্মিতা ফুকনৰ সৈতে এটি সাক্ষাৎকাৰ।) (সাক্ষাৎকাৰ গ্ৰহণৰ প্ৰাকমুহূৰ্ত্তত ড০ মৃদুস্মিতা ফুকন আৰু সমীৰণ শৰ্মা) সমীৰণ শৰ্মা : বাইদেউ পোনতে আপুনি আমাৰ ফালৰপৰা নমস্কাৰ গ্ৰহণ কৰিব। মৃদুস্মিতা ফুকন: নমস্কাৰ। সমীৰণ শৰ্মা:  প্ৰথমে আমি আপোনাৰ জন্ম তথা পিতৃ- মাতৃৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। মৃদুস্মিতা ফুকন: মোৰ জন্ম যোৰহাটৰ নেহৰু পাৰ্কত। পিতৃ অধ্যাপক তৰুণ চন্দ্ৰ বৰুৱা আৰু মাতৃ বীণা বৰুৱা। সমীৰণ শৰ্মা: শৈশৱত মৃদুস্মিতা

Read more

সাক্ষাৎকাৰ

শিক্ষয়িত্ৰী,লেখিকা, অভিনেত্ৰী, নৃত্য শিল্পী, অনাতাঁৰ কেন্দ্ৰৰ নাট্য শিল্পী, অসম চৰকাৰৰ শিল্পী  পেন্সন প্ৰাপক আৰু বহুতো গুণেৰে বিভূষিতা ৰেণু শৰ্মা বাইদেউৰ সৈতে এটি সাক্ষাৎকাৰ গ্ৰহণ। সম্বন্ধত তেখেত জুবিন গাৰ্গৰ দেউতাকৰ বায়েক, জেঠায়েক।জুবিন গাৰ্গে গোৱা কেইবাটাও বিখ্যাত গীত তেখেতে লিখা। তাৰ ভিতৰত…. ‘প্ৰীতিৰ সুবাসে ঢৌৱাই দিলেহি  মোৰ এই উদাসী মন  পাহৰা গীতৰ সুৰে আজি  জগালেহি যৌৱন কিয় বাৰু…..’ (সাক্ষাৎ গ্ৰহণ কৰোঁতা: ‘শব্দচিত্ৰ’গোটৰ ই-মেগাজিন ‘জীৱন জিজ্ঞাসা ‘ৰ হৈ সাক্ষাৎ গ্ৰহণ কৰিছে শ্ৰীমতী কুমকুম দেৱী শৰ্মাবৰুৱাই।) শৰ্মাবৰুৱা: নমস্কাৰ বাইদেউ। মই ‘শব্দচিত্ৰ’গোটৰ তৰফৰপৰা আপোনাৰ লগত

Read more
1 2