বস্তুবাদী-অনসূয়া বৰঠাকুৰ

মালিকনী বাইদেৱে বাহিৰৰপৰা অনা ধুনীয়া কাঁচৰ সজোৱা বস্তুটো হঠাৎ এটা শব্দ কৰি তলত সিঁচৰতি হৈ পৰিল। কেনেকৈ কি হৈ গ’ল তৎ ধৰিবই নোৱাৰিলোঁ, ওচৰতে থকা হ’লে মই গালি খোৱাটো খাটাং আছিল, নেদেখাজনৰ কৃপাত এইবাৰলৈ বাচিলোঁ যদিও গুৱাল-গালিবোৰ হজম কৰি গ’লোঁ।  “নিজেই কেনেকৈ পৰি যাব পাৰে?”  “একেবাৰে কাষত কোনে থৈছিল?”  “ইচ্ ইচ্ পইচাখিনি পানীত পৰিল।” “মোলৈ আজি ভাত নবনাবি মালতী।”  খঙে-দুখে একাকাৰ হৈ ভাত-পানী নাখাই বাইদেউ শুবলৈ গ’ল; হয়তো আজি তেওঁৰ টোপনি নাহিবও পাৰে। এদিন কন্যা মালাৰো হৃদয়খন ভাঙি চূড়মাৰ কৰি

Read more

দৰব-নন্দিতা ভাণ্ডাৰ কায়স্থ

চকীখনত বহি  দৰবৰ বটলটো দুয়োখন হাতেৰে জোৰকৈ ধৰি আছে বিভাই। চকুত খং, ক্ষোভৰ যেন একুৰা জুই হে জ্বলিছে। দৰবখিনিয়ে যেন আজি তাইৰ বাবে মুক্তিৰ পথ লৈ আহিছে। এই দৰব জীৱনদায়িনী নহয়, জীৱন নাশ কৰা হে। স্বামীৰ অকথ্য, অসহনীয় অত্যাচাৰৰ পৰা এই দৰবে তাইক পৰিত্ৰাণ দিব। কথাবোৰ ভাবি বটলৰ সাফৰটো খুলি দিলে বিভাই। বটলটো‌ মুখলৈ নিব ধৰোঁতেই এবছৰীয়া ছোৱালীজনী বিছনাৰপৰা ধপকৈ পৰি পে পে কৈ কান্দিব ধৰিলে। ছোৱালীজনী পৰি যোৱাত বিভাই খোলা বটল তাতেই এৰি দৌৰ মাৰি আহি কণমানিজনীক কোলাত তুলি

Read more

দুটা অণুগল্প- দেৱজিত শৰ্মা

 (১) মা                               “মা,মোৰ আজি প্ৰমোচন হ’ল৷”  কোঠাটোলৈ সোমাই আহি সি মাকলৈ চাই ক’লে,  “তুমি সদায়েই কৈছিলা নহয়, কষ্ট কৰিলে ভাল ফল পোৱা যায় বুলি৷ তুমি সুখীনে মা?” বহু কষ্ট কৰি সি এই পদোন্নতি লাভ কৰিছে৷ আন কাৰোবাক কোৱাৰ আগতেই  মাককে সি প্ৰথম খবৰটো দিলে৷  যদিও সি জানে, মাকে কাহানিও একো উত্তৰ নিদিয়ে৷ দিবনো কেনেকৈ, ফটোৱে জানো কাহানিবা উত্তৰ দিব পাৰে! ২)বোজা  “বোৱাৰী মোৰ কাণত লগোৱা মেছিনটো

Read more

আৱেগ-সদানন্দ ভূঞা

ছোৱালীজনীয়ে বিদ্যালয়ত পঢ়িবলৈ যোৱা দিনৰেপৰাই তাই মাকৰ নামটো উহ্য ৰাখি আহিছে । গাঁওখনৰ বহুতৰে কটুক্তি আৰু উদণ্ড ডেকাচামৰ অশ্লীল ইংগিতত প্ৰায়েই তাই দিশহাৰা হয় । দেউতাকৰ ছত্ৰছায়াত ৰশ্মি বৰুৱাই মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে অসমৰ ভিতৰত প্ৰথম হৈ পাছ কৰাৰ পাছত গুৱাহাটীৰ সম্বৰ্দ্ধনা সভালৈ দেউতাককো লগত লৈ যায় ।সম্বৰ্দ্ধনা সভাৰ অসংখ্য জনতাৰ মাজত নাঙলৰ মুঠিত ধৰা দেউতাকৰ শক্তিশালী হাত দুখন কঁপি উঠিছিল আৰু হুকহুকাই কান্দি দিছিল ঠিক সেইদিনটোৰ দৰে,যিদিনাখন তেওঁৰ ৰূপহী পত্নীক গাঁৱৰে চাৰিজন অসৎ চৰিত্ৰৰ লোকে অসহায় অৱস্থাত পথাৰত অকলে পাই

Read more

‌হেঁপাহ-কমলা দাস

বোৱাৰী পুৱাতে খিৰিকী খন খুলি দিলোঁ।  এজাক শৰালি বেলিটো আনিবলৈ উৰি গৈ আছিল।  সিহঁতৰ  ডেউকাৰ সৈতে মোৰ মনো উৰিছিল।  আজি মাৰ ঘৰলৈ যাম!  বনফুল তেল ঘঁহা মাৰ  চুলিৰ সুঘ্ৰাণ প্ৰাণ ভৰি উজাই ল’ম। দেউতাৰ চেনেহ সনা আদৰুৱা মাতত, মই এতিয়া বোৱাৰী বুলি এখন্তেক পাহৰি থাকিম ! নিয়ম আবেলিৰ ৰংবোৰ সানি এজাক পখী ঘৰমুৱা হৈছে।  বেলি নৌ উঠাৰপৰাই কৰা সংগ্ৰাম, দিনান্তত সামৰি থৈছে।  নতুন দিন এটাত নতুন উদ্যমেৰে পুনৰ সংগ্ৰাম আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতিৰে। প্ৰকৃতিয়ে, প্ৰকৃতিৰ নিয়ম মানে। নৰমনিচে হে নামানে। পিঞ্জৰা

Read more

অনুশোচনা- অঞ্জু মহন্ত                           

সঠিক সময়ত  নিবলৈ পৰা হ’লে! চেক আপটো পিছুৱাই আছিল তেওঁ। সীমিত উপাৰ্জনৰ মানুহজনে অনুশোচনাত দগ্ধ  চকুৰে পুতেকৰ অৰ্ধনিৰ্মিত ঘৰটোলৈ চালে। পুতেকৰ বগা সাজযোৰত চকামকাকৈ যেন মানুহজনীকে দেখিলে। শিল,বালিখিনিক সি বেছি গুৰুত্ব দিলে!! **********

Read more

উত্তৰণ-জ্যোতিমণি দেৱী

প্ৰথমে তেওঁ মোৰ ফালে পিঠি দি শুইছিল৷ তাৰপাছত আমাৰ বিচনা দুখন হৈছিল — আৰু তাৰপাছত— শোৱনিঘৰ হৈছিল দুটা৷ আৰু অকলে সন্ধিয়াপৰত দুৱাৰখন খুলি চোতাল গচকিব নোৱাৰা মই মাজৰাতি তামোল পাণ বাৰীৰ মাজত থকা শৌচালয়লৈ অকলেই যাব পৰা হৈছিলোঁ তাৰ পাছৰপৰাই৷ **********

Read more

অণুগল্প-কুশল মহন্ত      

বিসৰ্জন    বায়েকৰ অন্তিম সময়ৰ অন্তিম কথা মানি তাই ভিনিহীয়েকৰ লগত বিয়াত বহিল ।  তাই নিজস্ব আশা- আকাংক্ষাৰ বিসৰ্জন দিলে । আজি আকৌ তাই ভিনিহীয়েকৰ অত্যাচাৰ সহিব নোৱাৰি , নদীত জাপ দি তাইৰ অস্তিত্বকে বিসৰ্জন দিলে । ভাড়াতীয়া লাহে লাহে কোষটোৱে থিতাপি ল’লে তাইৰ গৰ্ভত । অনুভৱ কৰিছিল তাই কোষটোৰ অস্তিত্ব । শৰীৰত সৃষ্টি হৈছিল মমতাৰ অমৃত ধাৰা । এদিন কোষটো সন্তানৰূপে ভূমিস্থ হৈছিল কিন্তু তাই একোলা সন্তানটোক ল’ব নোৱাৰিলে আৰু নেদেখিলে, কাৰণ চুক্তি পত্ৰমতে তাই এগৰাকী ভাড়াতীয়া মাতৃহে , সন্তান

Read more

সপোন-মামণি কলিতা

ৰাতিপুৱাৰপৰা নীলাৰ মনটো বেয়া লাগি আছে। ঘৰৰ কামবোৰ কৰিব লাগে বাবে কৰি আছে যদিও অন্যমনস্ক হৈ থকা বাবে নীলে তাইক মাজে মাজে কিবা হৈছে নেকি সুধিছে যদিও তাই একো হোৱা নাই বুলি পুনৰ কামত মনটো লগাবলৈ চেষ্টা কৰিছে। ৰাতিপুৱা বিস্কুট আৰু একাপ চাহ দুয়ো খাই লৈ তেওঁলোকৰ কণমানি ৰিধিকো শুৱাৰপৰা উঠাই মুখ ধুৱাই গাখীৰ আৰু বিস্কুট দি লৈ দুয়োজনে সমানে ঘৰৰ কামবোৰ আগবঢ়াই গৈছে, ৰ’বলৈ সময় নাই। নীল আৰু নীলাই অফিচলৈ যাওঁতে ৰিধিক প্লে স্কুলত থৈ যাব। নীলা এইক্ষেত্ৰত বৰ

Read more
1 3 4 5