বিহু-অনামিকা কলিতা

চিকিৎসকে পৰীক্ষা কৰি চাই কেইবাবিধো ঔষধ দি গুছি গ’ল।পথৰ দাঁতিত পৰি থকা বৃদ্ধ মানুহজনক এখন বৃদ্ধ আশ্ৰমত থকাৰ সুবিধা কৰি দিলে তেওঁ । বিহুৰ বজাৰ কৰিলেনে?ঘৰলৈ অহাত শ্ৰীমতীৰ প্ৰশ্নৰ উত্তৰত  এক সন্তুষ্টিৰ হাঁহিৰে ক’লে, : আজি ঘৰত যি আছে হ’ব দিয়া। কাইলৈ কৰিম। ************

Read more

ইচ্ছা-মামণি কলিতা

অকলশৰীয়া মানুহগৰাকীক দেখিলে ওচৰ চুবুৰীয়াই সদায় কয়….. “আপুনি নিমাওমাওকৈ অকলে থাকি কি ভাল পায়? ল’ৰা ছোৱালীৰ ওচৰলৈ গুচি নাযায় কিয়”?  এই কথাৰ একো উত্তৰ নিদি তেওঁ মিচিকিয়াই হাঁহে। চুবুৰীৰ মানুহবোৰে তেওঁ নুশুনাকৈ ফুচফুচনিৰ মেল পাতি হাঁহে। নিজৰ ঘৰত থাকি মুকলিকৈ উশাহ লোৱাৰ সুখ আনৰ ঘৰত কেনেকৈ পাব; লাগিলে তেওঁৰ নিজৰ পুত্ৰ কন্যাৰ ঘৰেই হ‌ওক। আজিকালি সকলো নিজৰ নিজৰ কেৰিয়াৰ গঢ়াত ব্যস্ত।আগৰ দিন নাই। নিজৰ সৰু অৱস্থালৈ মনত পেলাই সেই সময়বোৰলৈ ঘূৰি যাবলৈ হেঁপাহ জাগে। ককা-আইতা,বৰদেউতা,বৰমা,দদাইদেউ,খুৰী আদিৰ যৌথ পৰিয়ালত কোনো অকলশৰীয়া

Read more

অণুগল্প- কমলা দাস। 

 (১) প্ৰত‍‍্যুত্তৰ কি খবৰ ধৰিত্ৰী, চিনি পাইছানে?   বিয়া ঘৰত লগৰ এজনীৰ লগত হাঁহি হাঁহি কথা পাতি থকা তাইক উদ্দেশ্য কৰি দূৰৰ পৰাই তাইৰ নাম ধৰি মতা মানুহজনলৈ তাই ঘূৰি চালে।  তাক দেখি তাই ঠিকেই  চিনি পালে। দেখিবলৈ মন নোযোৱা এজন অপ্ৰিয় মানুহ। দাঁতকেইটা উলিয়াই এটা ব্যংগাত্মক হাঁহি মাৰি সি তাইৰ ফালে  আগুৱাই আহিল।   নিজৰ মানুহজনে ডেকা কালতে তাইক চিৰদিনলৈ এৰি যোৱাত,অকলশৰীয়া তাইক সি বহু বছৰলৈকে বহুতো অশ্লীল ইঙ্গিত দি আমনি কৰিছিল। এবাৰ তাই খুব বেয়াকৈ কোৱাৰ ফলত বহু বছৰ মাত-বোল,দেখাসাক্ষাৎ নাছিল

Read more

অণুগল্প-নাজিয়া হাচান

(১)অকথ্য সহায়িকাগৰাকী আচৰিত হ’ল মালিকনীৰ কথাখিনি শুনি!―”অভাৱে স্বভাৱ নষ্ট কৰে। তই তোৰ পুতেৰক ইমান বিশ্বাসত নাৰাখিবি বুজিছ। অলপ চকু-কাণ দিবি পুতেৰৰ। কালি সিয়ে বিকিক বাৰ্থডে পাৰ্টিটোলৈ লৈ গৈছিল আৰু বিকিয়ে মানি বেগটো গাড়ীতে থৈছিল। তই আৰু কাইলৈৰ পৰা কাম কৰিবলৈ আহিব নালাগে মোৰ ঘৰত।” দুবছৰৰ পিছত, বিকিৰ খবৰটো শুনি সহায়িকা গৰাকী সিমানেই আচৰিত হ’ল!―”মালিক বাইদেউৰ ল’ৰাটোনো কিহৰ অভাৱত বাৰু আজি জেলত..!” (২)সমাজ আঁঠুৰ বিষবোৰ লৈ গোটেই দিনৰ কামবোৰ সামৰা মানুহজনীৰ অৱস্থাটোক মানুহজনে নক’লেও বুজে। সমাজে তিৰোতাসেৰুৱা উপাধি দিলেও; আজিৰপৰা ত্ৰিশ

Read more

অণুগল্প-চেবিনা বেগম

(১) স্বস্তি উদযাপনৰ দহ হাজাৰটকীয়া পৰিকল্পনাবোৰৰ কথা মণিয়ে বাচন ধুই থাকোঁতে শুনিছিল। সন্ধিয়া অত্যধিক ভাগৰুৱা হৈ ঘৰলৈ আহি তাই দেউতাকৰ ক’লা মুখখন ডাৱৰবিহীন জোন যেন দেখিলে। নুমাই যোৱা চৌকাখনৰ জুইকুৰা পুনৰ জ্বলাবলৈ চেষ্টা কৰি থকা মাকৰ ওচৰলৈ ঘটনাৰ উম ল’বলৈ যোৱাতহে তাই জানিবলৈ পালে যে দেউতাকৰ ওপৰৱালাজনে হেনো অৱশেষত তেওঁৰ কষ্টৰ মূল্যত পাঁচৰ পিছপিনে তিনিটা শূন্য যোগ কৰালে। এতিয়াৰ পৰা সিয়ে দুই পষেকৰ মূৰে মূৰে …….। (২) মগনীয়া   হেমাই অফিচৰপৰা অহা গিৰীয়েকক পানী গিলাচ দিবলৈ ধৰোঁতে মগনীয়া এজনে মাত

Read more

ৰুগীয়া_প্ৰেম-অজান অনুভৱ বৰা

(এক) “ফোনটো ধৰিবলৈ ইমান‌ সময় লাগে?কাৰ লগত লাগি আছিলি?শেষ কৰি দিছ তই‌ মোক”- সদায় কৰাৰ দৰে ৰিয়ানে আজিও তুলিকাৰ ওপৰত চিঞৰি উঠিছে ।তাই‌ বুজাবলৈ চেষ্টা কৰি কৰি ভাগৰি পৰে, সদায়ে ৰিয়ানৰ অশ্ৰাব্য  গালি-গালাজবোৰ কাণত বাজি থাকে ।  তথাপি তাই‌ ৰিয়ানৰ কাষ চাপি যায়।তাক সাবটি ধৰে। মানসিক ৰোগ বিশেষজ্ঞা তুলিকাই ঠিকেই বুজে  thantophobia ত আক্ৰান্ত ৰোগী এজনৰ বাবে এইখিনি মৰমৰ কিমান প্ৰয়োজন ।    (দুই) “তই মোক বুকুত কেনেকৈ হাত দিব পাৰিলি?ইমান দিনৰ বন্ধুত্বৰ এয়া কি উপহাৰ দিলি? ….”  গালি পাৰি

Read more

সম্প্ৰদায়-আৰতি ডেকা

মৌচুমী আৰু মৌমন সৰুৰেপৰাই একেলগেই পঢ়া শুনা কৰি দুয়োজন এতিয়া নিজৰ কৰ্মজীৱনত ব্যস্ত। :মৌমন, আজি তিনিবছৰ এৰি চাৰিবছৰত সোমাল…. আমাৰ প্ৰেম এইবাৰ দিঠকত নিশ্চয় দেখা পাম।  :হয় মৌচুমী,আজি ভেলেন্টাইন দে’।এই দিনটোতেই    তোমাক মই প্ৰেম নিবেদন কৰিছিলো।এতিয়া কোৱা তোমাক কি উপহাৰ লাগিব?? : বাঃ! মই  যি বিচাৰোঁ– তুমি সচাঁকৈ মোক দিব পাৰিবা নে?? :মই কথা দিছো মৌচুমী কোৱা। :মোক তুমি আজিয়েই সেন্দূৰ পিন্ধাই তোমাৰ অৰ্দ্ধাঙ্গিনী কৰি ল’ব পাৰিবা? : উসঃ! কি ডাঙৰ বৰ বিচাৰিলা!!  মই হৈছো নিম্নজাতৰ দাসৰ ল’ৰা আৰু

Read more

দৃষ্টিৰ ভাষা-হৰগোবিন্দ দাস

নিম্ন মধ্যবিত্ত পৰিয়ালৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মনালিছাই কলেজৰ পৰা আহি মাকক ক’লে – “ মা, ছোৱালীবোৰ দেখিবলৈ ভাল হোৱাটোও অপৰাধ নেকি বাৰু?ৰাস্তাই- ঘাটে জুম পাতি থকা ল’ৰাবোৰে চিৰিয়াখানাৰ জীৱ-জন্তু চোৱা দি যেনেকৈহে চায়,কলেজতো একেই অৱস্থা।মই বৰ অশান্তি পাওঁ মা।” জীয়েকৰ কথা শুনি মাকৰ অতীতৰ স্মৃতিবোৰে যেন সাৰ পাই উঠিল।সেই সময়ত তায়ো কিছুমান মানুহৰ চাৱনিতেই নিজকে ধৰ্ষিতা হোৱা যেন অনুভৱ কৰিছিল।

Read more

স্বীকৃতি- পূৰ্ণিমা শইকীয়া গগৈ

(১) স্বীকৃতি (অণুগল্প) পুত্ৰৰ ধৰ্ম পালন কৰাত অকণো  কৃপনালি কৰা নাছিল সি। বৃদ্ধা মাতৃৰ সি  কণাৰ লাখুটিৰ দৰে আছিল । মাতৃৰ মৃত্যুৰ পিছত মুখাগ্নি কৰিবলৈ বৰ ইচ্ছা আছিল তাৰ। কিন্তু বিদেশৰ পৰা আহি বৰপুত্ৰই সেই কাম কৰিলেহি। শ্ৰাদ্ধৰ সকলো আয়োজনত সি আগভাগ ললে। সকলোৰে আগতে চুলি খুৰালে সি।এই কেইদিন ব্যস্ততাৰ বাবে শ্ৰাদ্ধৰ নিমন্ত্ৰণী পত্ৰ খন চাবলৈ পোৱা নাছিল । হঠাতে চকু পৰাত পঢ়ি চালে সি। নিমন্ত্ৰণী পত্ৰৰ কতো তাৰ নাম দেখা নেপালে । তেতিয়াহে তাৰ মনত পৰিল বাইশ বছৰৰ আগতে

Read more

প্ৰভেদ-অনসূয়া বৰঠাকুৰ

পৃথিৱীখনৰ এটা কোণত, খেৰৰ চালিখনৰ ঠিক সোঁমাজতে থকা খাটখনৰ শিতানত লাইব্ৰেৰীৰপৰা অনা কিতাপকেইখন,বাতৰি কাকত আৰু দুই দিস্তা কাগজৰ বহীখনত নাৰায়ণে আঁকি আছে তাৰ ভবিষ্যতৰ ঘৰটোৰ নক্সা। সেই পৃথিৱীৰে আন এটা কোণত এ.চি.টো অন কৰি কমফৰ্টাৰখন গাতে মেৰিয়াই মাজে মাজে আইফ’নটো চাই লেপটপত কিবা টাইপ কৰি আছে সমীৰে……. অৱশেষত সেই দিনটো আহিল, তৃতীয়বাৰৰ বাবে চেষ্টা কৰি বিফল হৈ সমীৰে দেউতাকক জনাই দিলে  প্ৰশাসনিক সেৱাৰ পৰীক্ষা দিবলৈ আৰু জোৰ কৰিলে ঘৰ এৰি গুচি যোৱাৰ নিষ্ঠুৰ সিদ্ধান্ত! দেউতাকে লগে লগেই হোণ্ডাৰ শ্ব’-ৰুম এটা

Read more
1 2 3 4 5