অনুগল্প-মৃদুস্মিতা ফুকন

                                       (১) স্বত্ব   আজি কাছাৰীৰ ৰঙা মোহৰ মৰা কাগজখনত চহীটো কৰিবলৈ দি সি মানুহজনৰ হাতখনত খামুচি ধৰিলে। এসময়ত তেওঁ যেনেকৈ আখৰ শিকাবলৈ গৈ খামুচি ধৰিছিল তাৰ কোমল হাতখন।                              (২)জীৱনৰ_ৰং    ন বোৱাৰীজনীৰ বাবে শিলৰ পটাত পিহা সেউজীয়া জেতুকাৰ ৰঙচুৱা ছিটিকণি দুটামানে যেন মালতীৰ বগা কাপোৰযোৰত ফুলহে বাচি দিলে!                                 (৩)পৰম্পৰা    যোনিপীঠৰ ৰজোকালীন ৰক্তবস্ত্ৰ দেহত পৰিধান কৰি স্বস্তিৰ নিশ্বাস লৈ,

Read more

উৎকণ্ঠা-মানসী শৰ্মা

এফালে বিবেকৰ লগত যুঁজ আনফালে পেটৰ তাড়না। ‎‎এই যন্ত্ৰণাৰ ভৰ সহ্য কৰাতো যে বৰ কঠিন। ‎‎এইবাৰ বেজিনী বুঢ়ীৰ দৰবেও কাম নিদিলে ‎‎কোনোবাই দেখে বুলি ইফালে-সিফালে চাই তাই ‎ৰিপৰ্টৰ বাবে অপেক্ষা কৰি ৰ’ল। ‎ ‎*******

Read more

 বিভ্ৰান্তি-কল্যাণী দেৱী গোস্বামী

কেইবাদিনো ধৰি গুণৰামৰ  বাওঁপিনৰ তলৰ দাঁত পাৰিৰ  গুৰিৰ এটা দাঁতৰ ভীষণ বিষ। যন্ত্ৰণাত বাওঁ গাল খন ফুলি পিছদিনা ৰাতিপুৱালৈ চুৰকৈ নাৰিকলৰ লাড়ু সুমুৱাই থোৱাৰ দৰে ওফন্দি কিম্ভূত-কিমাকাৰ হ’ল। তুৰন্তে ডেন্টিষ্টৰ ওচৰলৈ গৈ দাঁতটো উঠাই, জ্বৰে বিষে তিনিদিনলৈ বিছনাত পৰি থাকিল গুণৰাম । পেইন কিলাৰ খাই  বিষ কমাত দুদিন  পিছত হে গম পালে যে বিষালি দাঁতটো নিজৰ ঠাইত নিগাজীকৈ বহিয়েই আছে, কাষৰ সুস্থটোৱেহে জেগাকণ খালী কৰিলে।  *******         

Read more

‎‎ভোকাতুৰ-ইৰা নাথ

‎ভিক্ষাৰীটোৰ হাতৰ পৰা কুকুৰটোৱে কেনেকৈ যে ৰুটিটুকুৰা থপিয়াই নিলে। অন্য এটা কুকুৰ আহি কাজিয়া কৰি ৰুটিটুকুৰা কাঢ়ি লৈ গ’ল। সিহঁতৰ কাণ্ড দেখি মোৰ হাঁহি উঠিল। অভ্যাসবশতঃ মোৰ হাতখন পেটটোলৈ গ’ল আৰু পেটটো খামুচি ধৰিলোঁ জোৰেৰে।  ‎ ‎*******

Read more

বৃদ্ধাশ্ৰম-গীতামণি দত্ত

ঘৰৰ কাষতে মানে নাতি দূৰত নতুনকৈ পতা বৃদ্ধাশ্ৰম খনলৈ  প্ৰাত: ভ্ৰমণলৈ অহা যোৱা কৰোঁতে দুয়ো ঘূৰি ঘূৰি চাই যায় জানোচা কোনোবা চিনাকি আৱাসী আছে নেকি! হেৰা!ভালকৈ সুধি পুছি ল’ব লাগিব।কি ঠিক আজিৰ ব্যস্ত পৃথিৱীত এদিন এইখনেই আমাৰ শেষ ঠিকনা হ’ব পাৰে ! *******

Read more

ওপজা মাটিৰ গোন্ধ-পঙ্কজ সভাপণ্ডিত 

পৈতৃক সম্পত্তি বুলি ৫ বিঘা ৰোৱতী মাটি অনন্তই পাইছিল।দেউতাকে মৃত্যুৰ পূৰ্বে খাজানাৰ ৰচিদৰ লগতে মাটিৰ পট্টা  তাৰ হাতত তুলি দিছিল।আজি দেউতাক ঢুকুৱা দহ বছৰেই হ’ল।গাঁৱৰপৰা অনন্তৰ বহু আত্মীয় কুটুম,চহৰ অভিমুখী হ’ল।নিজৰ জন্মৰ ভেটিৰ মোহ এৰিব নোৱাৰি অনন্ত তাৰ আপোন গাঁৱতে থাকি গ’ল, পিতৃ পুৰুষৰ সম্পত্তিৰ উত্তৰাধিকাৰী হৈ।কিন্তু এটা সময়ত সিহঁতৰ ৰোৱতী মাটিত জিলাখনৰ মেডিকেল কলেজ নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰিলে।চৰকাৰৰপৰা পোৱা কেইবালাখো টকা আজি অনন্তৰ বেংক একাউন্টত ভৰ্তি হৈ আছে কিন্তু নিজৰ জন্মৰ ভেটি,পথাৰৰ কেঁচা মাটিৰ গোন্ধ,আঘোণৰ পথাৰৰ সোণগুটি বুটলাৰ

Read more

অনৈতিকতা -নমী ফুকন বৰা

‘কি কৰি আছা নো,ইমান যে নিশ্চুপ……! ………. “নোকোৱা একো ?” ………. “অভিমান নে কিবা !” ……… সন্ধিয়াৰ নিত্যকৰ্মৰ পিছতেই চাহ কাপ খাই আজৰি হৈ মোবাইলটো চোৱা অভ্যাস।বিভাগীয় কৰ্তৃপক্ষই পঠোৱা  কিছুমান বাৰ্তাৰপৰা পিছদিনাৰ কাৰ্যসূচীৰ বাবে সাজু হ’বলৈ সুবিধা হয়।  Whats  App টো অন কৰা লগে লগে এটি বিশেষ নাম্বাৰৰ পৰা অহা বাৰ্তাকেইটা চাই উত্তৰ নিদিয়াকৈ বহি আছে ৰাগিনী।বিৰক্তিত ক’বলৈ  থকাখিনিও  লিখিবলৈ মন যোৱা নাই ।  “জানা নদী পাৰৰ তোমাৰ প্ৰিয় ঠাইকণত আজি বহু সময় কটালো।ধূলিয়ৰী আবেলি,কি যে মায়াময় পৰিবেশ।সেউজীয়া বিৰিখজোপা এতিয়া

Read more

অপ্ৰত্যাশিত-সমীৰ কাশ্যপ বৰা 

: হেৰা, দাখন ক’ত আছে? : দাখন কিয় লাগে ? :- ভাবিছোঁ কামলৈকে যাওঁ। : ডাক্তৰে মানা কৰিছে, গাটো ভালকৈ সুস্থ নোহোৱালৈ ক’লৈকো যাব নোৱাৰে আপুনি। প্ৰেছাৰটোও high হৈ আছে বহুত, ঘৰখন মই চলাম নহয়। : হ’ল বুলি লোকৰ ঘৰত তুমিনো কিমান কাম কৰিবা? লোকৰ মতাৰ লেতেৰা চাৱনিবোৰ চকু মুদি আৰু ইহঁত দুটাক সদায় কি তুমি শুদা ভাত খুৱাবা নেকি? : পৰিস্থিতিত তেনেকৈ চলিব লাগিব, দুদিনমান হে ! সেই বুলি বেমাৰী দেহাৰে কামলৈ যাবনে? পত্নীৰ কথালৈ আওকাণ কৰি মানুহজন কামলৈ

Read more

দেৱতা-অংশুমান ভূঞা

—  “ছাৰ, আপোনাৰ ইউৰোপ ভ্ৰমণ পাক্কা। কেৱল কলমটো . . .।” — “ঠিক আছে। ইউৰোপ নালাগে, চেম্বাৰৰ বাহিৰত বহি থকা ৰোগী ৩ গৰাকীৰ চেন্নাইলৈ যোৱাৰ সুবিধা কৰি দিয়া।” চকু দুটা ঘোপা কৰি মেডিকেল ৰিপ্ৰেজেণ্টেটিভজন চেম্বাৰৰপৰা ওলাই গ’ল। *******

Read more

অণুগল্প-মৃদুস্মিতা ফুকন

(১)অস্তাচলৰ ৰবি মানুহজনক  হস্পিতালত থোৱাৰে পৰা তাইৰো ঘৰৰ ভিতৰত থাকিবৰ মন নোযোৱা হৈছে। সুৰুঙা পালেই  তাই গৈ নদীৰ পাৰ পায়গৈ।  নদীখনৰ সৈতে তাই হিয়া উজাৰি কথা পাতে….নদীৰ পাৰতে বহি তাই জীৱনৰ সেন্দূৰীয়া আলিটোৰে ল’ৰি – ঢাপৰি ফুৰে। তাইৰ কপালৰ দগমগীয়া সেন্দুৰৰ ফোঁটটোৰ দৰেই তেজগোৰা বেলিটোৱে হেঙুলি বৰণ চটিয়াই ক্ৰমান্বয়ে দিগন্তৰ ফাললৈ গতি কৰিছে। হঠাতে তাইৰ হাতৰ মুঠিত থকা ফোনটো বাজি উঠিল। বেলিটো দিগন্তত বিলীন হৈ গ’ল। (২)আবেলি এসময়ত মাহেকৰ মূৰে মূৰে বিশেষ কেইটামান দিনত ৰেৱতীৰ তলপেটটো বিষাইছিল। এতিয়া ‘অস্তৰাগ’ত থাকিবলৈ

Read more
1 2 3 6