অণুগল্প-ৰঞ্জিত কুমাৰ শৰ্মা

(১)গধূলি  লহিয়া বেলিটোৰ দিশত চিনাকি পথটোৰে গৈ থাকোঁতে অশীতিপৰ লোকজনে বেঁকা হৈ পৰা দেহাটো হাতেৰে খামুচি থকা তৃতীয়খন ভৰিত ভৰ দি এবাৰ পোনাই ল’লে৷কাষেৰে কিৰীলি পাৰি পাৰ হৈ যোৱা চেমনীয়া এজাকক দেখি তেওঁ কিছু চঞ্চল হৈ উঠিল৷পাহৰণি হ’ব ধৰা এই চঞ্চলতা চেমনীয়াজাকেই তেওঁৰ গালৈ ছটিয়াই দিলে৷পিচলৈ ঘূৰি চাই মনৰ দৃষ্টিৰে তেওঁ দেখিলে— একা-বেঁকা এটা দীঘল বাট,কৰবাত মসৃণ কৰবাত গাঁত৷ (২)মিলন জীৱন বৰুৱাক বোৱাৰীয়েকে বৃদ্ধাশ্ৰম এখনলৈ লৈ গ’ল৷জীৱনৰ বিয়লি বেলাত তেওঁৰ ঠিকনা সলনি হ’ল৷ বৃদ্ধাশ্ৰমত বৰুৱাই পত্নীক লগ পালে৷প্ৰবাসী সৰুপুত্ৰৰ আশ্ৰয়ত

Read more

অণুগল্প-চন্দ্ৰপ্ৰভা বৰুৱা

(১)অবৈধ ঘৰৰ কিছুমান অদৰকাৰী বস্তু সোমাই থকা কোঠাটো চিজিল লগাবৰ বাবে সোমাই গলো।পুৰণি বাকচ এটা খুলি চাই দেখিলোঁ,মাটি বাৰী আদিৰ নথি-পত্ৰৰ ওপৰিও কিছুমান কাগজ পত্ৰ আছিল।সেইবোৰ খুচৰি থাকোঁতে দেউতাৰ নাম লিখা থকা এখন ডায়েৰী হাতত পৰিল।সেইখন খুলি চাবলৈ কিয় জানো মোৰ বৰ হাবিয়াস জন্মিল।চকীখন টানি বহি পৰিলোঁ আৰু পাত লুটিয়াই গ’লো।এটা পাতত মোৰ চকু থৰ হৈ ৰ’ল। তেনেহলে অতদিনে মায়ে মোক ফাকি দি আহিছে!মই দেউতাৰ নহয়,কামকৰা হিচাপে আমাৰ ঘৰত সৰুৰে পৰা থকা ভদকাইৰ হে সন্তান!তাৰ পাছত যেতিয়া মোৰ হুচ আহিছিল,নিজকে

Read more

দৃষ্টি-মানসী শৰ্মা 

সকলো কামতে তাই নিপুণ, তথাপিও জীৱনসংগী কৰাৰ বেলিকা সকলোৱে মুখ ঘূৰায়। দুচকুৰ আন্ধাৰবোৰে লাহে লাহে তাইৰ মনটোও বেৰি ধৰিলে। “মই মৰিলে তাইৰ কোনো লগেই নাথাকিব দেখোন।” “কাইলৈ তুমি প্ৰথম পৃথিৱীৰ সুন্দৰতা দেখিবা মাজনী। তুমি প্ৰথমেই কি চাব বিচাৰিবা।” “মোৰ সাহস, মোৰ প্ৰেৰণা, কেতিয়াও মোক ভাগি পৰিবলৈ নিদিয়া মোৰ দেউতাক।” “দেউতাৰ চকুত কি হ’ল?” “দেউতাৰ দৃষ্টিয়েই তুমি আগতো দেখিছিলা, এতিয়া তুমিয়েই দেউতাৰ দৃষ্টি হ’বা।” *******

Read more

ভৈৰৱী-ঋতুপৰ্ণা দত্ত

অজগৰডালক কিংবদন্তিয়ে চুই যোৱা নাছিল। নাছিল তাৰ ভিতৰত ৰূপহ কোঁৱৰ। তাইৰ শৰীৰটোকে নহয় মনটোকো গিলি ধৰিব খুজিছিল সি। ৰূপকথাৰ চৰিত্ৰবোৰ ভেদি অহা বৰ টান। যিটো কৰোঁতে খহি আহিল তাইৰ মঙহৰ এফাল। আনফাল সাৱটি তাই নিজান বাটটোত খোজ দিলে। সেইদিনা জোনাক আছিল। *******

Read more

চোৰ-চেবিনা বেগম

মানুহ নোহোৱা ঘৰখনৰ কোনোবাখন দুৱাৰ ভুলবশতঃ খোল খাই থকাৰ উমান পাই সৰলাই সেইপিনেৰেই বাট পোনালে। ডিঙিলৈকে পোত গৈ থকা ধাৰবোৰ মোকলোৱাৰ এইটোৱে চুটি পথ। সৰলাৰ স্বগতোক্তি — ‘এনেও লোকদৃষ্টিত মইতো মোৰ নামটোৰ দৰেই…;সন্দেহ কিহৰ?’   ******

Read more

সুখ-মামণি কলিতা

ৰীমা অলপ এলেহুৱা যদিও ঘৰৰ সকলো কাম-কাজ নিজেই কৰে।তাইৰ এই স্বভাৱটো শাহুৱেকে একেবাৰে পচন্দ নকৰে; তেওঁৰ মতে সকলো কাম সময়মতে নিয়াৰিকৈ হ’ব লাগে। আবেলি শাহুৱেকে চাহ খাই থকাৰ সময়তে ওচৰৰ বৰুৱানী আৰু শ‌ইকীয়ানী আহিল।তিনিও বিয়নীমেল মাৰি চাহ তামোল খাই যাবলৈ ওলাই ৰীমাক মাতষাৰ দি থৈ যাবলৈ দুয়ো…”ৰীমা আমি যাওঁ দেই”….. বুলি মতা শুনি ৰীমাই লৰালৰিকৈ ওলাই অহা দেখি শাহুৱেকে ক’লে, “আমাৰ ভাগ্য‌ই আজি, আপোনালোকৰ এষাৰ মাততে বোৱাৰীক দেখিবলৈ পালে। নহ’লে আপোনালোক গেটৰ বাহিৰ হোৱাৰ পিছতহে বোৱাৰী বাহিৰ পালেহিহেঁতেন।ৰীমাই অলপ অস্বস্তিবোধ

Read more

মৌনতা-চন্দ্ৰপ্ৰভা বৰুৱা

নিজৰ ওপৰতে খং উঠিছে বিনীতাৰ। ভগৱান সকলোৰে বাবে সমান কিয় নহয় বাৰু?  “হৰিণাৰ মাংসই বৈৰী”……._কথাষাৰ তাইৰ জীৱনতে ফলিয়াইছে দেখোন! ইমান সৌন্দৰ্য্য ভগৱানে কিয় দিলে বাৰু তাইক? যদি দিছিলেই,তেন্তে নিৰাপত্তাও দিব লাগিছিল।  “কাকো নক’বি কিন্তু!”….. এই কথাষাৰ তাই যে কিমানৰ পৰা শুনিব লগা হৈছে!জন্ম দিয়েই যদি মাক দেউতাকে তাইক এৰি নগ’লহেঁতেন, তাইৰ জানো এনে দশা হ’লহেঁতেন?প্ৰায়ে শুনিবলগা হোৱা……. “কাকো নক’বি কিন্তু”…..এই কথাষাৰ খুড়াক, বৰদেউতাকৰ ল’ৰা আৰু সিহঁতৰ লগৰীয়াবিলাকৰ পৰা থকাৰ ওপৰিও আজি তাই নিজৰ মোমায়েকৰপৰাও শুনিব লগা হ’ল।ধিক! সৌন্দৰ্য্য,ধিক মানৱতা!!  

Read more

এমুঠি অণুগল্প-ইলি তালুকদাৰ

(১)চেল্ফি : মা, মা, আহানা। আহানা পাৰলৈ। শিল এটাত আঁউজি চেল্ফি লোৱাত ব্যস্ত মাক-দেউতাক। প্ৰকাণ্ড প্ৰকাণ্ড ঢৌৰ গৰ্জনে ভয়ত কঁপি থকা সন্তানৰ  চিঞৰ ওফৰাই পেলাইছে বাৰে বাৰে। নাই, এটা সময়ত ঢৌৱে সামৰি ল’লে। সাগৰৰ মাজত শিলটো তাত অকলে পৰি ৰ’ল ভয়ানক দৃশ্যৰ সাক্ষী হৈ ।    (২)নিয়ম জন্মিয়েই মাতৃহাৰা হোৱা ছোৱালীজনীক কোলাই বোকোচাই লৈ ডাঙৰ-দীঘল কৰি এতিয়া তাইৰ নাম বাঁজী!আকৌ তিনিদিনলৈ চাবলৈ নাপাব?গাঁৱৰ বুঢ়ী তিৰোতা কেইগৰাকীৰ ফুচফুচনি শুনি প্ৰদীপ আৰু ৰৈ নাথাকিল। উচুপি থকা ৰীণাক কোঠাৰপৰা উলিয়াই আনি পুষ্পিতা হোৱা

Read more

সময়ৰ ৰং-মানসী শৰ্মা

“ডাঙৰ মানুহবোৰৰ যে কথাৰ কোনো ঠিক নাই জাননে।” “কালিলৈকে জুই ওচৰলৈ নাযাবা নাযাবা কৰি আছিল, আজি আকৌ এমুঠামান  দীঘল খৰি জ্বলাই  মোৰ হাতত তুলি দিছে।” ******

Read more

লাজ-কমলা দাস

: অ’ মা,আপুনি বজাৰৰ ফালে যায় নেকি! শাহুৱেকে কৰবালৈ যাবলৈ সাজু হোৱাৰ পৰতে বোৱাৰী নিতুৱে খৰখেদাকৈ আহি মাত লগালে। : নাই, মই বেলেগ এফালেহে যাম। কিয় সুধিলানো! : কথা এটা হ’ল নহয়!ঘৰত আনি থোৱা পেড নাই আৰু মাইনাৰ মাহেকীয়া আৰম্ভ হৈছে এইমাত্ৰ।আপুনি বেলেগ ফালে গ’লেও আহোঁতে বজাৰত সোমাই মাইনাৰ বাবে পেড এটা লৈ আনিবচোন। : দেউতাককেই নোকোৱা কিয় আনিবলৈ! সি অফিচৰ পৰা আহি পাবৰ হৈছেই নহয়।আহোঁতে লৈ আনিব পাৰিব। : অ’ মা,  কি যে কয় আপুনি! জীয়েকৰ পেড দেউতাকক আনিবলৈ

Read more
1 2 3 4 5