ঘৃণা,মূল লেখক : জেচমিন,ভাবানুবাদ-অঞ্জু মহন্ত
পাঁচ বছৰ, তিনি মাহ,বাৰদিন পিছত মোৰ স্বামী আবিৰক আকৌ দেখিলোঁ।স্বামী বুলি নকৈ প্ৰাক্তন স্বামী বুলি কোৱাহে ঠিক হ’ব।যদিও অফিচিয়েলি এতিয়াও আমাৰ বিবাহ বিচ্ছেদ হোৱা নাই।আবিৰ এতিয়া মোৰ ড্ৰইং ৰুমত বহি আছে।ভাবি অবাক লাগিছে,এই মানুহজনক এটা সময়ত পাগলৰ দৰে ভাল পাইছিলো। মোৰ ধাৰণা আছিল, মোৰ দৰে ইমান নহ’লেও,সিও মোক ভালপায়।যদিও তাৰ প্ৰকাশটো কেতিয়াও দেখা নাছিলোঁ।কিন্তু ভাবিছিলো, সকলোৰে প্ৰকাশ কৰা ক্ষমতা একে ধৰণৰ নহয়। ভালপোৱা কেতিয়াবা কেতিয়াবা মানুহৰ সৰ্বনাশৰ কাৰণো হয়।মোৰো সেয়াই হ’ল।মোৰ জৰায়ুত এটা সৰু টিউমাৰ হৈছিল।সৰু হলেও দুৰ্দান্ত গতিৰে ৰক্তক্ষৰণ
Read more