বিয়াৰিং চিঠি,লেখক–হুমায়ুন আহমেদ:ভাৱানুবাদ-অঞ্জু মহন্ত
জমীৰ চাহাবে অফিচৰপৰা আহি পোৱাৰ পিছতেই তেওঁৰ ডাঙৰ ছোৱালী মিতুৱে ক’লে, “বাবা আজি তোমালৈ এখন চিঠি আহিছে।” কথাষাৰ কৈ উঠি তাই মুখৰ হাঁহি লুকুৱাবলৈ অন্যফালে চালে।মিতুৰ বয়স একৈশ। এই বয়সৰ ছোৱালীবোৰৰ মুখত অকাৰণতে হাঁহি থাকে। হাঁহি-তামাচা জমীৰ চাহাবৰ একেবাৰেই পছন্দ নহয়। বিশেষকৈ মাক-দেউতাকক লৈ হাঁহি-তামাচা। আজিকালি বহুতো পৰিয়ালত তেওঁ এই কথাবোৰ দেখা পায়। মাক-বাপেকৰ লগত বহি আড্ডা দিয়ে,খিলখিলকৈ হাঁহে। এইবোৰ কি? তেওঁ এবাৰ এজন বন্ধুৰ ঘৰলৈ গৈছিল। সেই বন্ধুজনৰ ছোৱালীজনীয়ে বাপেকৰ লগত বহুত হাঁহি-তামাচা কৰিবলৈ ধৰিলে। এটা সময়ত কৈয়েই পেলালে,
Read more