শৰতৰ জোনাক নামিছে-নিবেদিতা শৰ্মা
শৰতৰ নিশাৰ জোনাক নামিছে মোৰ মনৰ নন্দন কাননত হৃদয়ৰ মৰম বোৰ উঠলি উঠিছে নিয়ৰত গা ধোৱা দুৱৰি ডৰা মুকুতা হৈ ৰ’দত জিলিকি উলাহত নাচি হৈছে মতলীয়া আহিনৰ কুঁৱলী ঠেলি চুচুক চামাককৈ সোমাই আহিল শীত এবুকু চেঁচা চেঁচা শীতল মৰম কুৰুকি কুৰুকি প্ৰবাহিত দেহৰ ৰন্ধে ৰন্ধে শেৱালীৰ পাহিবোৰ ৰ’দত জিলিকে উলাহত নধৰে হিয়া সোণালী কিৰণত মতলীয়া হৈ সুৱাসে বিলালে ধৰা শৰত মানেই শুকুলা মেঘ কপহুৱা আকাশ কহুৱা কোমল ৰিৱ ৰিৱ সমীৰণৰ শুভ্ৰ চেঁচা চেঁচা মৃদু সুৱাস শৰৎ মানেই শুকুলা কহুঁৱা বালি
Read more