ৰোমন্থন-কুশল মহন্ত

পোৱা -নোপোৱাৰ দোমোজাত সোণালী সূৰুজ ক’তনো হেৰায় , এলাগী সময়ৰ, ৰঙীন জীৱন। এতিয়া মাথোঁ , এপিয়লা চাহ, চামনি ধৰা দুচকুৰ, নিসংগ এটি বিমূৰ্ত সন্ধিয়া,  আৰু গভীৰ আন্ধাৰত  হৃদয়ৰ কলেৱৰ ভেদি  ওলাই অহা এটি হুমুনিয়াহ। *******

Read more

নৱপ্ৰভাত-নয়নমণি শইকীয়া

নৱ জীৱনৰ শুভ ক্ষণত দুহাতত হাত থৈ দুভৰিৰে খোজ দিয়া সপোনৰ আলিবাটটো।   মাহ হালধিৰ কেঁচা গোন্ধ দুহাতৰ জেতুকাৰ বোল চিৰযুগমীয়া হৈ বলক প্ৰেমৰ যাউতিযুগীয়া পছোৱা।  মোৰ দুচকুৰ কাজল জোনবাইৰ দেশৰ এখন মোহনীয়া আলোকিত চিত্ৰ হৈ জিলিকি ৰওক তোমাৰ দুচকুত।।  অটুট বান্ধোনত সাৰথি হওক সাত জনমৰ হোমৰ শিখা, দুয়োৰে বুকুত সযতনে জ্বলি ৰওঁক এগছি বিশ্বাসৰ চাকি।। *******

Read more

স্বচ্ছতাৰ ৰূপকাৰ-ৰঞ্জিত কুমাৰ শৰ্মা

‘লেতেৰা বস্তি’ত সিহঁত থাকে চিকচিকিয়া পোছাক আৰু  কপাহী জোতা পিন্ধি  বগা-নীলা মুঠিৰে ঝাৰুদণ্ড খামুচি  গান্ধী জয়ন্তীত সিহঁতে ফটো নুঠে৷  সিহঁতে স্বচ্ছতাৰ উৎসৱ নাপাতে আঁচনি ৰূপায়ণৰ ভাগৰ আঁতৰাবলৈ লাঞ্চ বা ডিনাৰ পাৰ্টিতো নবহে নিচাসক্ত ভোগৰ নিশাৰ আবৰ্জনা আঁতৰাই প্ৰভাতক সিহঁতেই নিৰ্মল কৰে৷  হাতত ঝাৰু লৈ সিহঁত আগবাঢ়ে  পায়খানাৰ পৰা বিমানবন্দৰলৈ  ‘সভ্যতা’ৰ জাবৰ চাফা কৰে৷  সিহঁত ঝাৰুদাৰ  অহ্‌! নহয়  তেওঁলোক বাপুৰ হৰিজন  স্বচ্ছতাৰ ৰূপকাৰ৷ *******

Read more

প্ৰত্যাশা-হৰগোবিন্দ দাস

তোমাৰ মায়াসনা স্মৃতিত আহিনৰ বৰষুণ জাকৰ দৰেই ধাৰাসাৰে সৰা চকুলোত চাদৰৰ আঁচল তিতা বৰ লুইতৰ গৰা খহাদি চপৰা চপৰে খহে সুকোমল কলিজাটি উজাগৰী নিশা কাটে প্ৰত্যাশাৰ অন্ত নাই জানোচা – নঙলাৰ শব্দই বাতৰি দিব তুমি কুশলে থকাৰ তুমি উভতি অহাৰ তুমি উভতি অহাৰ৷৷ *******

Read more

সপোনবোৰ নিৰৱে নিগৰে-বৰষা ডেকা

যন্ত্রণাকাতৰ হৃদয়খনত কিনো সপোন জাগিব  সপোন ৰচিবলৈ ভয়েই লগা হ’ল, সপোনবোৰ সাৰ্থক নহয় বুলি  সপোনৰ পিছত দৌৰিবলৈও হেঁপাহ নোহোৱা হ’ল।।   অশ্ৰু বৈ থকা দুচকুত  সজল চাৱনিও নোহোৱা হ’ল  ক্লান্ত হৈ ৰওঁ; যেতিয়া অবুজ ভাষাবোৰে হেঁচা মাৰি ধৰে,  মন গহ্বৰত খলকনি তুলি থকা  ইচ্ছাবোৰ দেখোন তাণ্ডৱ ধুমুহাৰ গতি ল’বলৈ ধৰিলে।।   সপোনবোৰ নিৰৱে নিৰলে কোনোবা অজান দেশলৈ গুচি গ’ল  একেবাৰেই উভতি নহাৰ বাটেৰে,  জ্বলি পুৰি ছাই হৈ যোৱা সপোনবোৰৰ বাবেই  যেতিয়াই তেতিয়াই শিতানৰ গাৰুটিও তিতি যোৱা হ’ল  মাথোঁ মনত জাগিহে

Read more

তাবিজ-ৰাজু কুমাৰ নাথ

                  (১) মোক এটা তাবিজ লাগে, চৌদিশে আমাক গ্ৰাস কৰি কৰ্মস্পৃহাৰে ধনী হোৱা, পমুৱা,ভগনীয়াৰ সৈতে এঘৰী যুঁজিবলৈকে …. মোক এটা তাবিজ লাগে।                 (২) মোৰ কণ্ঠত এতিয়া দুই তিনিখন আঁচনিৰ মালা, নানাৰঙী সপোনৰ বাটত চলি যায়… মোৰ জীৱনৰ মধুবেলা, আস্‌!এই সপোনবোৰ জীৱন দি ৰাখিবলৈ …. মোক এটা তাবিজ লাগে।                 (৩) ঘৰৰ পিৰালিত হাবিয়নি, কেঁচু,শামুকৰ খেতি, ‘মনৰেগা’ৰ শাৰী পাতি উঠোৱা টকা, ব্ৰইলাৰৰ সৈতে ফ্ৰী চাউলৰ ভাত। বাৰীত নতুনকৈ গজা গেজেপনি মৰা হাবিডৰা কটাৰ সাহকণ গোটাবলৈ …. মোক এটা তাবিজ লাগে।

Read more

মধুসূধন-অনামিকা (সংগীতা) কলিতা

শ্ৰীমদ্ ভাগৱতৰ দশম স্কন্ধে বৰ্ণিত শ্লোকৰ ছন্দে ছন্দে প্ৰেমৰ অমৃত নদী, ষোল্ল হাজাৰ গোপীৰ সঙ্গে কৰিলা ৰাস লীলা জগতৰ  মায়াক বান্ধি… নিস্বাৰ্থ প্ৰেমৰ হেতু ভক্ত আৰু ভগৱানৰ মাজত বান্ধিলেক সেতু হে প্ৰভু সনাতন তোমাৰ কৰুণা অপাৰ, জন্মিয়ে কৰিলা অসুৰ বধ আঁতৰাই পিতৃ-মাতৃৰ কৰুণ কাতৰ। নন্দৰ ঘৰে পালিত শৈশৱৰ দুলাল দেখুৱালা যশোদাক জগতৰ অভিমান, তোমাৰ চৰণে ভাৰত পৰশে মথুৰা বৃন্দাবনৰ মাজে আজিও সুৰৰ ধ্বনি বাজে। তুমিয়েতো কেশৱ কৃষ্ণ কৰুণা সিন্ধু , ত্ৰাহি জগন্নাথ অনাথ বন্ধু। ******

Read more

ফাগুন -ভাষ্যতি শৰ্মা

                          (১) গছবোৰৰ শুকাই যোৱা চকুলোবোৰ তলত পৰি আছিল। সৰাপাত বুলি সেইবোৰ মই গচকিছিলো। সিহঁতে মোৰ অস্তিত্বৰ উমান পাই মৰমৰণিৰ সুৰ তুলিছিল। আৰু মই তাত ৰৈ কিছুপৰ জীৱন্ত বিষাদৰ গীত শুনিছিলোঁ।                           (২) শিমলুজোপাত লাগি থকা ৰঙাখিনিৰ প্ৰেমত পৰি বতাহজাকে সদায় শিমলু কেইপাহমান চুইছিল। বতাহৰ কোমল স্পৰ্শত শিমলুকেইপাহ সৰি পৰি সেইদিনা বতাহজাকক শিমলুবোৰে প্ৰেমৰ প্ৰত‍্যুত্তৰ দিছিল।                           (৩) ফাগুনৰ আকাশত চিলাখন উৰুৱাই দিছিলোঁ। আৰু তাত গাঁঠি দিছিলোঁ অতদিন

Read more

কৃষকৰ সপোন-কপিল দেৱগোস্বামী

নিশাৰ তমসা আঁতৰাই কাঁচিয়লি কিৰণেৰে ভুমুকিয়াইছে প্ৰভাতী সূৰুযে। কুকুৰাই ডাক দি জনালে পূৱে ধলফাট দিলে। কান্ধত নাঙল লৈ গৰুহাল যুতি দি ওলালে পথাৰলৈ বুলি কঠিয়া ৰুবলৈও গৈছে ৰোৱনী   দুপৰৰ প্ৰখৰ ৰ’দত দাৱনীৰ সৈতে ধান কটাৰ সময়ত দৌৰা-দৌৰিকৈ জলপানৰ টোপোলা হাতত লৈ পথাৰলৈ যায়। গছৰ ছাঁত বহি হেঁপাহ পলুৱাই জলপান খাই দুয়ো মনৰ কথা কয়।   হেঙুলী ৰহণ সানি সূৰুযে পশ্চিমলৈ ঢাপলি মেলিছে ধানৰ ডাঙৰিৰ ভাৰখন লৈ ঘৰলৈ উভতিছে খেতিয়ক ককাই মুখত ফুটি উঠিছে প্ৰাপ্তি দুচকুত যেন আশাৰ ৰেঙনি।  

Read more

গোপন খেলা-পাৰ্থ সীমান বৈশ্য

এই যে নাই বুলি কোৱাৰ পাছতো আমনি কৰা সেইখিনি কি গোপন খেলা   মোক এখন ফৰিঙৰ বিমান দিয়া উভতি যাওঁগৈ   পঁইতা ভাতৰ পানী গৰৈ পুৰা কলপাত আৰু কিছু মাটিৰ চাকি দিয়া   কাগজৰ চিলাক কিহে চেপি ওপঙাই ৰাখে শূন্যতাত   মই নাৰিকল পাতৰ সেই চম্পাজনীৰ হাঁহি চাবলৈকে বাৰে বাৰে চশমা পিন্ধিছিলো অথচ ইমান অকৃতজ্ঞ আছিল তাই মোৰ সুলকি যোৱা পেন্টটো চায়ো এবাৰলে এটা হাঁহিও নামাৰিছিল   এনে কি আছিল তাইৰ যিখিনিৰ বাবেই মই আজিও উটি যাওঁ চেঁচা নৈত বুৰ

Read more
1 2 3 4 9