আশ্বাস-মূৰ্ছনা বৰা

সেমেকা ভাৱটোয়ে মূৰলৈকে শিপাইছে চাৰিওফালে কিলকিলাই থকা সাপকেইডালে গছডাল ক্ৰমশঃ মেৰিয়াই ধৰিছে। অৱলম্বনৰ অভাৱত ভেজা দি থকা বেৰখন খহিছে… সবল হাতবোৰে এটা এটাকৈ সেউজীয়া পাতবোৰ কাঢ়ি নিছে নিৰাপত্তাহীনতাই কোঙা কৰা নিঃসঙ্গ লঠঙা গছডালৰ ঠালবোৰ  নিৰ্লজ্জভাৱে কাটিছে… অনিশ্চয়তাৰ মাজত তথাপিও গছডাল অলসভাৱে থিয় হৈ আছে মিছা আশ্বাসৰ আধাৰত, অংকুৰণৰ নতুন সম্ভাৱনাৰে লঠঙা গছডালক পূৰ্ণ  কৰাৰ অসাৰ প্ৰচেষ্টাৰে…..|| ******

Read more

সময় গতিশীল-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

হে  সময়! তুমি গতিশীল গতিশীলতাই তোমাৰ ধৰ্ম। কেতিয়াবা মন যায়… হাতৰ মুঠিত ধৰি তোমাক আলফুলে ৰাখি থ’ম… কিন্তু নোৱাৰোঁ… আঙুলিৰ ফাঁকেৰে কেতিয়ানো ওলাই যোৱা গমকে নাপাওঁ। হে সময়! তুমি গতিশীল গতিশীলতাই তোমাৰ ধৰ্ম…. শৈশৱৰ পৰাই কৈশোৰলৈ… কৈশোৰৰ পৰা যৌৱনলৈ… যৌৱন অবধি  বৰ্তমানলৈ… কেৱল পাৰ হৈ গৈছা…. পূৰ্ণ অপূৰ্ণ তোমাৰ বৈভৱ গাঁথা ৰাখি থৈছা মাথোঁ তোমাৰ স্মৃতিৰ সুৱাস.. স্মৃতিৰ দুৱাৰ খুলি কেতিয়াবা.. তোমাকেই বিচাৰোঁ….. পাৰ হোৱা দিনবোৰ জুঁকিয়াই চালো.. নাপাওঁ একোকে বিচাৰি… সময়ৰ সোঁতত সকলোবোৰ.. গ’ল উটি-ভাঁহি.. কাৰণ সময় গতিশীল… গতিশীলতাই

Read more

অভিব্যক্তি-পৰশ প্ৰতিম

বাস্তৱ জীৱনৰ প্ৰতিফলনকেই নকৈছিলা জানো কবিতাৰ ডেফিনেচন বুলি হয়; ঠিকেই ধৰিছিলা তুমি আৰু তুমিতো জানাই মোৰ মন তোমাৰ মন তোমাক দিয়া ভালপোৱাৰ প্ৰস্তাৱ মোৰ কাব্যিক জগতত প্ৰথম পদাৰ্পণ এটা আনটোৰ পৰিপূৰক স্বৰ্ণিল সময়ত লিখা বৰ্ণিল কবিতাৰ শব্দবোৰতে প্ৰতিফলিত হ’ব তোমাৰ ‘প্লেট’নিক লাভ’। সেয়েহে কৈছোঁ মোৰ কবিতা তোমাতেই আৰম্ভ তোমাতেই শেষ। ******

Read more

যাত্ৰা-দেবজিত শৰ্মা

দূৰণিবটীয়া ৰেলগাড়ী এখনৰ ডবাৰ শেষৰ পূৰণ চিনটো! তোক এবাৰ চুই চাবৰ মন আছিল৷ মোৰ দৰেই তয়ো স্থবিৰ হৈ ৰৈ যাৱনে চিনাকি বাটবোৰত! যেতিয়া বসন্ত নামে অথচ কৰুণ সুৰ এটা বগাই আহে কলিজালৈ… যেতিয়া সংলাপবোৰৰ বাবে শ্ৰোতা নাথাকে কিন্তু কৈ থাকিবৰ জোখাৰে এসাগৰ কথা থাকে! যেতিয়া আকাশখন নামি নামি ক্ৰমশ: কেনভাচৰ দিন এটা হয় আৰু তুলিকাৰ গতিত নিউটনৰ সূত্ৰটো অপ্ৰাসংগিক হৈ পৰে৷ শেষ নোহোৱা দুটা চিৰিৰে মোৰো গৈ থাকিবৰ মন যায়, নিজৰে আঙুলিত ধৰি৷ কৰবাত নদী এখন ৰৈ থাকিব, কৰবাত বেলিটো

Read more

শূণ্য পাত্ৰ-উপাসা ভাগৱতী

মনটো খৰালিৰ নৈখনৰ দৰে শুষ্ক স্ৰোতস্ৰিনীয়ে এতিয়া বলুকাৰ পাহাৰ গঢ়িছে শিঙৰ দৰে জোঙা শোকৰ প্ৰস্তৰখণ্ডই নিতে কৰা আঘাতে বুকুত সিঁচি যায় সেই একেই বিষাদৰ লোৰ অতীতৰ দুখৰ ফচিলত কৰ্ণকুহৰত ৰিণিকি ৰিণিকি বজা সুখৰ বাঁহীৰ সুৰটো অন্তৰ্নিহিত হয় এতিয়া অভ্যন্তৰৰ মুঠি মুঠি বালি আঙুলিৰ ফাকেৰে জৰ জৰকৈ সৰিছে এতিয়াহে বুজিছো কাকো ধৰি ৰাখিব নোৱাৰি সকলো গুচি যায় ঘন ঘন উশাহত বুকুখন খৰকৈ উঠা নমা কৰিছে লাহে লাহে সিও টুটি আহে হাতত থাকে কেৱল শূন্যতা, শূন্যতা আৰু শূন্যতা। ******

Read more

পোহৰৰ বাটটোৰ মৃত্যুত-মানসী শৰ্মা

পোহৰৰ বাটটো আজি দেখোন আন্ধাৰ পোহৰৰ বাটটোক মচোৱা-গোম সাপটোৰ দৰে আঁউসীৰ ঘোপমৰা আন্ধাৰে ক্ৰমান্বয়ে মেৰিয়াই ধৰিলে যন্ত্ৰণাত চটফটাই বাটটোৰ উশাহবোৰ তুতি আহি আন্ধাৰত বিলীন হৈ গ’ল। পোহৰৰ বাটটোৰ মৃত্যুৰ বাতৰিয়ে বুকুখনত বৰকৈ আঘাত হানিলে দুখবোৰ ডিঙিলৈ উজাই আহি ডিঙিটো সোপামাৰি ধৰিছে সুখৰ গানটো যে বিষাদৰ গান হৈ উচুপি কান্দিছে। এনেকৈয়ে পলে পলে পোহৰৰ প্ৰতিটো বাট আন্ধাৰৰ অটল গহ্বৰত বিলীন হৈ গ’ল। চৌদিশে এতিয়া মাথোঁ আন্ধাৰৰ ৰাজত্ব।   আন্ধাৰৰ আঘাতত মোৰ হৃদয়খনও ক্ৰমান্বয়ে শিল হ’ল এতিয়া আৰু পোহৰৰ মৃত্যুত মোৰ হৃদয়

Read more

আকৌ শৰৎ আহিল-নিৰুপমা বৰুৱা

আহিনৰ বোকোচাত উঠি ধৰালৈ নামি আহিল শৰৎ। গে ধৰা সেউজীয়া ধাননী ভৰাই কৃষকৰ মুখত হাঁহি বিৰিঙিয়াই। শৰৎ আহিলে পদূলিমুখৰ শেৱালীজোপা ফুলিল আমোল মোল শেৱালীৰ গোন্ধে সন্ধ্যা হ’লেই মন মতলীয়া কৰে। শৰতৰ স্নিগ্ধ ৰাতি নীল আকাশত তৰাৰ জিক্‌মিকনি তৰাৰ তৰাৱলীয়ে পাতে দীপাৱলী । নদীৰ পাৰত ফুলে শুকুলা-কহুৱা শৰতৰ বা লাগি কৰে গা-মন উতনুৱা । শৰৎ আহিলে নিয়ৰৰ মুকুতা সৰে সেউজীয়া ৰোৱাৰ পাতত মুকুতাৰ মালা গাঁথে পুৱাৰ সূৰুজৰ কিৰণত তিৰবিৰণি উঠে। শৰৎ আহিলে এজাক মৃদু চেঁচা বতাহ বলে দেহ মন জুৰ পেলাই

Read more

সময়ৰ আৰ্তনাদ-মৃণাল নাথ

ডাঠ ক’লা মেঘে ছানিলে আকাশ  টোপাটোপে নামিব ছাগে দুখৰ দুধাৰি নীড় পাতল হ’ব আকাশখন,, চিঞৰি কান্দিলে যেনেকৈ পাতল হয় মন, ফৰকাল হৈ পৰে নিস্তব্ধ উপবন। ডাৱৰেতো নিজেই নাজানে কেতিয়ানো খুন্দা খাই হ’ব বৰষুণ সেমেকা হৃদয়ত হেঁপাহৰ কোনোবাই  গান গাব গুণগুণ গুণগুণ।  আইৰ চোতালখন আজি অন্ধকাৰ  জ্ঞানীবোৰ মূৰ্খ হ’ল মূৰ্খবোৰ পৰিচালক , ৰজা হোৱাৰ প্ৰতিযোগিতাত বান্ধোনৰ ৰছীডালেইচোন সোলোক-ঢোলোক। আদৰ্শৰ সততা হেৰাল মূৰ্খ ৰজাৰ কথাত পশ্চিমতো সূৰুয ওলাল,, বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক আজি মন্ত্ৰীৰ সন্মুখত মুক হৈ ৰয়, মানসিক হেঁচা সহিব নোৱাৰি মধ্যবিত্ত

Read more

স্তৱক-হৰগোবিন্দ দাস

             (এক) স্ৰষ্টাৰ সৃষ্টিৰ কঠিয়ানীত বুৰণ, উৰণ, গজন, ভ্ৰমণ চৌপাশে চাৰিমুঠি জীৱ স্ব-গৰিমাৰে আপোন পথত সুবাসিত, বিকশিত সুকৃতি বীজ পৰিস্ফুত ব্যতিক্ৰম মাথোঁন মানৱ  সমাজত নামাঙ্কাকিত শ্ৰেষ্ঠ জীৱ ৷৷ (দুই) আত্মচিন্তন বাহুল্য ভোগ লিপ্সা অন্যায়-অনীতিৰ ধাৰক-বাহক সমাজ বেবেৰিবাঙৰ মুখ্য কাৰক শূণ্য দুহাত লৈ যাবগৈ লাগিব অচিন অজান মুলুকলৈ মানৱৰ সততে নপৰে মনত চৰম দুৰ্ভাগ্য  মানৱ জীৱৰ  আত্মহননৰ চূড়ান্ত নামান্তৰ॥ **********

Read more

মাতৃতীৰ্থ-অচ্যুত কৃষ্ণ বৰদলৈ 

মাতৃতীৰ্থৰ স্নেহাতুৰ আলিংগনত মোহাচ্ছন্ন মৰমৰ আৱেশত, কুঞ্জলতা হৈ খামুচি ৰাখে সেই হৃদয় জুৰোৱা পল, প্ৰাপ্তিৰ দুৱাৰদলিত আজি অপ্ৰাপ্ত হ’ল সেই মৰমৰ জীপাল বুলনি সেই বুকুৰ উমেৰে যোৱা শান্তিৰ টোপনি।। আজিও সাজোৰে বুকুত বাজে সেই স্বৰ সেই ধ্বনি, শিয়ালী এই নাহিবি ৰাতি তোৰে কাণে কাটি লগামে বাতি। ত্যাগোত্তৰ আকাশত মমতাৰ জোনাকৰ ছায়াত আপ্লুত সেই ক্ষণবোৰৰ জুমুঠি জুকিয়াই নিতৌ বান্ধো থোৰালি থোৰালি, সেই অকৃত্ৰিম ভালপোৱাবোৰৰ আজি মানুহে উঠি যায় স্মৃতিপুষ্প সামৰো হাৱলি বাউলি।। বেলিফোঁটৰ কপালত কেঁচা নামৰ শৃংগাৰ ভাগৰিলেও নাভাগৰা সেই ঐশ্বৰিক

Read more
1 2 3 4 5 9