দিবা স্বপ্নৰ কৰুণ পৰিণতি-সুভাষ শৰ্মা

হৃদয়খনৰ লগতে এদিন মোৰ চকুযুৰিও তোমাক দিছিলোঁ তোমাৰ চকুৰে দেখিছিলোঁ সকলো আকাশ,বতাহ আৰু হৃদয়। তুমি যি দেখুৱাইছিলা যেনেদৰে দেখুৱাইছিলা মই তাকেই দেখিছিলোঁ। এক সন্মোহিনী আৱেশে গিলি ৰাখিছিল মোৰ সমগ্ৰ সত্বা। তেতিয়া তোমাৰ দৃষ্টিৰে চালে আন্ধাৰবোৰ উজলি উঠিছিল সাতোৰঙী ৰামধেনুৰ ৰঙে ৰঙাই তোলা মোৰ আবেগ আৰু বিবেক মোৰ মন মগজু আৰু হৃদয় তোমাৰ সত্বাত বিলীন হৈছিল। শিহৰিত হৈ পৰিছিল  সময়ৰ প্ৰতিটো বিন্দু জীয়াই থকাৰ হেঁপাহবোৰক  কৰি তুলিছিল উৰ্বৰ দুখবোৰ পাতল পাতল লাগিছিল এক অজান যাদুকৰী শক্তিয়ে দিছিল মোক হেজাৰ অশ্ব শক্তিৰ

Read more

পৰিচয়-দীপাংকৰ মল্ল বৰুৱা

মই নিজকে সুধিলোঁ, মই কোন? নামটোৱে দাবী কৰিলে মই এটা নাম পদবীটোৱে দাবী কৰিলে মই এটা পদবী চেহেৰাটোৱে দাবী কৰিলে মই এটা চেহেৰা কিন্তু ক’তা, এটাৰ মাজতোচোন মই নিজকে বিচাৰি নাপালোঁ এটা মাথোঁ চিৎকাৰ অন্তৰৰ পৰা অহা এটি হাহাকাৰ মই নিজকে যেন হেৰুৱাই পেলাইছোঁ লাহে লাহে, ক্ষণে ক্ষণে  মই নিজকে বিচাৰি চাম মাৰ সেই চেনেহী কোলাত দেউতাৰ সেই স্নেহভৰা কথাত শৈশৱৰ বন্ধুবোৰৰ কোলাহলত কৈশোৰৰ সেই সপোনৰ মাজত যৌৱনৰ উশৃংখল মুহূৰ্তবোৰত নিজৰেই বুকুৰ নিভৃত গহ্বৰত তিল তিলকৈ মই গঢ়ি উঠিছোঁ  ক্ষণে

Read more

লিমাৰিক-হৰেশ্বৰ গোস্বামী

এইবাৰ নিবনুৱাৰ হ’ব  চাকৰি  বহু বিভাগত আছে খালীপদ ভৰি            যদি কিবা মেৰপাক            লাগে আকৌ ক’ৰবাত  হাই কৰ্টে লগে লগে থ’ব বন্ধ কৰি।             আহিন মানে বুজিবা পূজাৰ বতৰ  চিন্তা লাগিল এতিয়া অভিভাৱকৰ          ধন-বিত  নাইকিয়া          উপায়ো নাই এতিয়া দিবই  লাগিব যে কাপোৰ সিহঁতৰ।       অভিজাত হ’বলৈ বুলি কৰি সি পণ বিলাতী কুকুৰ পোহাৰ কৰিলে মন           আনিলে এটা কুকুৰ           জাত হ’ল লাব্ৰাডোৰ  পস্তাইছে খৰচ কৰি সাঁচতীয়া ধন। ফুৰিবলৈ মন কৰি উঠিলে ৰে’লত  পাহৰিলে ল’বলৈ দৰকাৰী  টিকট            টি টি য়ে  খুজিলে সেয়া            নাই

Read more

সঁচাকৈয়ে -হৰিচন্দ্ৰ ডেকা

গোলাপৰ যদি কাঁইটেই নাথাকে ফুলৰ সুবাসৰ মাদকতা ক’ত? উষাৰ উজ্জ্বল ৰশ্মিত যদিহে চকু চাট মাৰি নধৰে সূৰ্য্যোদয়ৰ সৌন্দৰ্য্যই বা ক’ত?  দুবৰি বনৰ শীতল পৰশত যদি নিয়ৰৰ চিটিকনি নপৰে প্ৰাতঃভ্ৰমণৰ আনন্দ ক’ত? দুখেই যদি নাথাকে জীৱনত সুখী হোৱাৰ বিলাসিতা ক’ত? খলাবমা শিলাময় পথত  যদি তুমি উজুটিয়ে নোখোৱা ৰক্তক্ষৰণৰ আঘাতৰ শিহৰণ  কিদৰে অনুভৱ কৰিবা?  অনাহাৰী বন্যাৰ্তৰ মাজত যদি  তুমি এটা দিনো নকটোৱা বানপানীৰ তাণ্ডৱৰ কথা  কিদৰে হৃদয়ঙ্গম কৰিবা? সোঁতৰ বিপৰীতে যদি  এবাৰো সাঁতুৰি নোচোৱা বিশাল জলধাৰাৰ শক্তি কিদৰে অনুভৱ কৰিবা ? তোমাৰ সোঁহাতখনেৰে

Read more

ঋতুকালীন বিলাপ-মূৰ্ছনা বেজবৰুৱা

(১) কি আনিছা? ৰঙা !! এয়া কি তুলি দিলা  প্ৰেম নে বিষাদ? বিষাদ ৰঙা,ৰঙা প্ৰেমো তেন্তে নীলা? এয়া কোনো ৰুগ্ন হৃদয়ক  নিঃশেষ কৰাৰ ষড়যন্ত্ৰ নহয়তো? (২) নৈৰ পাৰেই যদি প্ৰেমৰ ঘাট, ধুঁৱলিকুঁৱলী কিয় সেই অকোৱা-পকোৱা বাট? গোলাপেই যদি সূচনাৰ আলাপ দীঘলীয়া কিয় সেই কাঁইটৰ  বিলাপ ? মদাৰেই যদি প্ৰেমৰ ৰং নিসংগ কিয় সেই লঠঙা ডাল? (৩) পচোৱাত নীলা,ডালত ৰঙা  গোলাপে কয়, “মই কাঁইটীয়া নহয়।”  ফাগুনে কয় “মই বিষাদ নহয়।”  অভ্যস্ত পথত বহাগ, শাওণ,আহিন.. কেতিয়াবা ফাগুণ..!! খোজত সলনি ৰঙৰ সলনি বহুতো 

Read more

মৃত্যু এক আৰম্ভণি-শিবেশ দে                      

এয়া যৌৱন যাৰ সমদলত যোৱা শ্ৰেষ্ঠ সময়।  এয়া যৌৱন যাৰ যুদ্ধত যোৱা শ্ৰেষ্ঠ সময়।  ঋতু আহে ঋতু যায়  ক্লান্ত পখী ঘৰলৈ উৰা মাৰে  সূৰ্য্য ডুবা আকাশত জোনটি ভাহে  পোহৰৰ চাকি জ্বলে  সেই চহৰত বৰ্ষা  নামে  প্ৰতিটো টোপালে টোপালে   মোৰ তেজ গোট মাৰে ।  মই  কাহানিও দেখা নাই বৰ্ষাসিক্ত খেতি পথাৰ  দেখা নাই পথাৰৰ মাজত  পৰি থকা ধৰ্ষিতা  দেখা নাই তাৰ অসহায়  পিতৃৰ বৃষ্টিত ভিজা মুখ  মই কাহানিও দেখা নাই বৰ্ষাকালীন সন্ধিয়া  কোনো বেশ্যাৰ দুখ, বৰ্ষাসিক্ত চহৰখন আজি ৰক্তৰঞ্জিত  লাঞ্ছিত বঞ্চিত

Read more

সৰাপাতৰ সখী-ৰঞ্জিত কুমাৰ শৰ্মা 

মোৰ দৃষ্টিদূৰত্বৰ ব্যাসাৰ্ধত থকা জলফাইজোপাৰ তললৈ ফাগুণৰ পচোৱাই তাইক লৈ আহে৷ তাইৰ আপোন আপোন লাগে ফাগুনৰ সৰাপাত— পথিকৰ গচকত পৰা সম্পৰ্ক ত্যাগী বান্ধোন ছিগি সৰা৷ তাইৰ বাৰু নামটো কি জানকী নে সীতা? কেতিয়াবা গুণগুণায় কেতিয়াবা উচুপে মাতটো যে ইমান মিঠা! তাই যেন সৰাপাতৰ সখী আলফুলে তুলি লয় সৰাপাত— সেউজীয়াখিনি বিলাই পতিত হোৱা যদিওবা ৰং সনা ৰঙা-সেন্দূৰীয়া৷ তায়ো বাৰু ত্যাগ কৰিছে নেকি সেউজীয়া বনবাসত নাইবা স্বৰ্ণলংকাত? নহ’লেনো ইমান আপোন কিয় সৰাপাত— ৰঙীন অথচ বিচ্ছিন্ন বৰ্ণিল অথচ অনাদৃত! তাইৰ সেওঁতাত সমাজক দেখুওৱা

Read more

নৈপৰীয়া বতাহজাকৰ দৰে-পলাশ কুমাৰ নাথ

নৈপৰীয়া বতাহজাকৰ দৰে বাদুলি এজাকৰ সৈতে  তামোল গছৰ পাতেদি  গাঁৱলীয়া সপোনবোৰ অহা যোৱা কৰে………। কলৰ পাতবোৰে আনন্দত গা লৰাই নাচিছে। চকু টিপিয়াই উৰি গ’ল  জোনাকী পৰুৱাজাক টোকোৰা চৰাইৰ বাহলৈ…. আঁৰলে-নিৰলে কয় বাৰীৰ থেকেৰা পকিছে……  তৰাবোৰে মিচিকিয়াই হাঁহে……… টোকোৰাই গেৰিয়ায় বেলিফুল ফুলিছে তহঁতৰ ঘৰৰ মূধচত  জোনে এঙামুৰি দিছে……।

Read more

এক পক্ষীৰ ক্ৰন্দন-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে 

এক পক্ষী অভাগা, ডালত থাকে,  সহচৰীৰ লগত সুখেৰেই জীৱন ব্যতীত কৰে।  জীৱনত অহা ৰ’দ বৰষুণো,  হাঁহি হাঁহিয়েই পাৰ কৰে, ইটোৱে-সিটোৰ হাতত ধৰি সংসাৰখন চলাই নিয়ে।  দিন যায় ৰাতি আহে,  হাঁহি কান্দোনৰ খলকনি উঠে…. তথাপিও বিশ্বাস দুয়োৰে  এদিন ফৰকাল হ’বই আকাশ,  নোহোৱা হ’ব দৈন্যতাৰ কৰুণ ক্ৰন্দন।  হঠাতে এদিন আহিল ধুমুহা…. ভাঙি দিলে পক্ষীৰ ঘৰৰ মূধচ…. সৰি পৰিব খোজোঁতেই ধৰি ল’লে তাইৰ মৰমে।  ছিঙিব বিচাৰিলে সম্পৰ্কৰ এনাজৰী.. বন্ধ হ’ল সকলো সম্পৰ্কৰ লগৰী.. পক্ষীৰ দোষ ক’ত কোনেও নাজানে.. সকলোৱেই নিজৰ দোষ ঢাকি… বিচৰণ

Read more

মই নাৰী-কুমকুম দেৱী শৰ্মাবৰুৱা

মই এগৰাকী নাৰী               এক প্ৰতিবাদী কণ্ঠ, নম্ৰতাৰ প্ৰতীকো মই               নহওঁ সহজে উত্তপ্ত। বয়োজ্যেষ্ঠজনক সন্মান কৰোঁ              পুৰুষ-নাৰী নিৰ্বিশেষে, কিন্তু সঁচা কথাটিও               কওঁ মই শীতল মগজুৰে। প্ৰকৃতিৰ নিয়ম মানি               সন্তান জন্ম আৰু পালন, আনন্দেৰে কৰোঁ মই               সকলোৰে সন্তানক মৰম। মই নহওঁ ক্লান্ত                ভীৰু, দুৰ্বলা, নাৰী, সততাৰে যুঁজি যাম              নিজৰ প্ৰাপ্য ল’ম আঁজুৰি। সৰুবোৰক কৰোঁ মৰম               তথাপি নুবুজে যদি, থাকক নিজৰ পৃথিৱীতে              কদাপি নকৰোঁ আমনি। এই পৃথিৱী সকলোৰে ঘৰ               বিচৰণ মাথোঁ দুদিনৰ, কাল ধুমুহাই কেতিয়া উৰায়                মূল্য নাই অহংকাৰৰ।

Read more
1 5 6 7 8 9 10