তাই-ৰাজু কুমাৰ নাথ
(১) সময়ৰ দুৰন্ত গতি, তাইৰ হাতে ফুটা ঘটি, ফুৰে লোকৰ ৰটনা ৰটি, এদিন পৰিল সকলোৰে যতি। (২) ৰূপ, ধন, যৌৱন হয় জানো আপোন? সময়ত নিজেই ভাঙে নিজৰেই দাপোন, ধনেও লগ এৰে, লৰ মাৰে অযুত সপোন, মৰি আহে মন পাৰভঙা নদীৰ কান্দোন । (৩) তাই দুচকুৰ মায়াজাল এৰুৱালে, অহংকাৰেই পতন পলমকৈ বুজিলে, নতুনকৈ নিজকে তাই পুনৰ সজালে, মৰম আৰু আদৰেৰে জগতখন জিনিলে। ************
Read more