সময়বোৰ ভবাৰ দৰে-তুলুমনি শইকীয়া
সময়বোৰ ভবাৰ দৰে হয় জানো এনেকুৱা সুখ সন্তুষ্টিৰে ভৰা এটি ধুনীয়া নিপোটল জোনাক নিশা সময়বোৰ ভবাৰ দৰে হয় জানো চঞ্চলা গাভৰুজনী ফেনে ফুটুকাৰে বাঢ়ি বাৰী ঘৰ একে কৰি উটুৱাই নিবহি পদূলিৰ মুখৰ বোকা সময়বোৰ ভবাৰ দৰে হয় জানো পলসুৱা সিঁচি দিলেই ওলাব গজালি ডাল ভৰি ভৰি লাগিব গুটি সময়বোৰ ভবাৰ দৰে কেতিয়াবা ৰ’ব জানো থমকি বেলি হ’ল আবেলি সপোন হেঁচুকি দি মাথোঁ সকিয়নি। **********
Read more