সময়বোৰ ভবাৰ দৰে-তুলুমনি শইকীয়া

সময়বোৰ ভবাৰ দৰে  হয় জানো এনেকুৱা সুখ সন্তুষ্টিৰে ভৰা এটি ধুনীয়া নিপোটল‌‌ জোনাক নিশা সময়বোৰ ভবাৰ দৰে হয় জানো চঞ্চলা গাভৰুজনী ফেনে ফুটুকাৰে বাঢ়ি বাৰী ঘৰ একে কৰি উটুৱাই নিবহি পদূলিৰ মুখৰ বোকা সময়বোৰ ভবাৰ দৰে হয় জানো পলসুৱা সিঁচি দিলেই ওলাব গজালি ডাল ভৰি ভৰি লাগিব গুটি সময়বোৰ ভবাৰ দৰে কেতিয়াবা ৰ’ব জানো থমকি বেলি হ’ল আবেলি সপোন হেঁচুকি দি মাথোঁ সকিয়নি। **********

Read more

সময়ৰ আহ্বান-আৰেচা বেগম

তোমাৰ শৰীৰত লম্ভিছে কি, উতলা সাগৰৰ ঢৌ নে, সীমাহীন অক্ষয় সাগৰ খটাসুৰ সময়ৰ আহ্বান নে, নিজাকৈ দিয়া     বিষপান। পুৱাৰ আকাশত সূৰ্য্য উঠিবনে, এজাক চিপচিপিয়া বৰষুণ শীতৰ স্পৰ্শ থাকিবনে,ৰ’দৰ। মোৰ চেতনাক,অৱচেতনালৈ ৰূপান্তৰ কৰিব বিচাৰিলেও চালি জাৰি চোৱা তোমাৰ ভাৱনাবোৰ। ক’লা সূৰ্য্য, ক’লা সাপৰ সৃষ্টি নকৰিবা ই যে ঘৃণনীয় পাপ। উৰি যোৱা চৰাই জাকক সোধা, সিহঁতেও বিচাৰিব জানে পথৰ সন্ধান, উৰিব জানে সিহঁতে হাঁহি,হাঁহি ডেউকা ভাঙি। মোৰ চেতনাক সাৰ পোৱাই চিঞৰি, চিঞৰি ক’ম নতুনত্বৰ কঁপনিৰে, নতুনত্বৰ আশাৰে— নালাগে আমাক খটাসুৰ সময়। **********

Read more

দৃষ্টিভংগী -অনসূয়া বৰঠাকুৰ

তেওঁ ভুলবোৰক হুলৰ সৈতে ৰিজালে আৰু…….. ওৰেটো জীৱন বিষাদপান কৰি থাকিল !! মই ভুলবোৰ গচকি মোহাৰি মাটিত সিঁচি দিলোঁ, এদিন তাৰপৰাই এপাহ ফুল ফুলিল ।। আৰু…. ওৰে ৰাতি ফুলপাহে গুণগুণাই থাকিল… “হাতো নেমেলিবি মোকো নিচিঙিবি ক’ৰে অচিনাকি ঐ ?? আইদেউৰে চকুতে ব্যৰ্থতাৰ পোতাশাল, দুকোণত দুখৰে নৈ, মই আহি বাগিছাত সুখ হৈ ফুলিলোঁ, নজৰ নলগাবি তই !!” ******

Read more

নৱপ্ৰভাত-মৃণাল নাথ

ৰাতি মানেই হাতী ৰাতিটো মানেই হাতীটো মানুহ মানেইতো মনটো, এনে এটা দিন আছিল– তেজে তেজক চিনিছিল মৰমেৰে মৰমক জিনিছিল বতাহত বলিছিল —বান্ধোনৰ বা ; এতিয়াচোন কিনো হ’ল বিজ্ঞানো আগুৱাই গ’ল মাহী-পেহী, বাই-ভণী কাকোৱেই নিচিনি মাতৃসম দুখুনীকো দিয়ে তলপেটত ঘা।। ধন ওপৰলৈ গ’ল জ্ঞান নীচ্চ হ’ল, হেৰুৱাই বিবেক লক্ষ্য মাথো অস্থিৰ আবেগ চিন্তা চৰ্চা সকলোবোৰ কৃত্ৰিমতাত লীন, হৰি নাম হ’ল সাধু কথা ককা আইতাৰ হুমুনিয়াহ আৰু বেথা সৰু বৰ নমনাবোৰেই বজাব ল’লে– শাসনৰ বেসুৰা বীণ।। লিখাজনে লিখি গ’ল গোৱাজনেও গালে, অনুচিতক

Read more

ওপজা ঠাই-মোহাইমিনুৰ ৰহমান

জীৱনৰ খলা-বমা বাটৰ উজুটি ভৰি দিলোহি আপোন পদূলিত নষ্টালজিক এজাক পছোৱা বতাহে দেহ মনত সিঁচি থৈ গ’ল তাৰুণ্য যৌৱন প্ৰতিটো উশাহত খোল খাই গ’ল হেৰাই যোৱা অন্তৰাত্মাৰ আধৰুৱা পৃষ্ঠা বিচাৰি পালো আপোন মাটিৰ চিনাকি গোন্ধ স্বাৰ্থহীন মৰমৰ ধপ্ ধপনি আপোন প্ৰকৃতিৰ সেউজবুলীয়া দলিচাত প্ৰতিটো খোজত স্বৰ্গীয় সুখানুভূতি জন্মভূমিৰ বুকুতে মাৰিম জীৱনৰ শেষ টোপনি বিলীন কৰিম নিজৰ দেহ শেষ মুহূৰ্ততো দুচুকত কঢ়িয়াই নিম জীৱন জীয়াৰ মনোমোহা স্মৃতি হৃদয় শাঁত পেলোৱা মৰমৰ মাত। ******

Read more

লিমাৰিক -হৰিচন্দ্ৰ ডেকা

                         (১) ফ্ৰেণ্ড ৰিকুৱেষ্ট আহে মোলৈ ঘনেঘনে ময়ো একচেপ্ত  কৰোঁ যদি মিলে মনে হাই হেল্লো বাৰেপতি মোৰ   হয়   লটিঘটি ইনবক্স   ইগন’ৰ   কৰোঁ  তেতিক্ষণে  ৷                       (২) বেটেৰি লগোৱা ৰিক্সাত উঠিছে  নেকি ? ময়ো উঠি পিছে এবাৰ শিকিলোঁ ঠেকি কিনো গতি তাৰ ভাই নমাৰো  উপায়  নাই গতি কমাব নোৱাৰি মাৰিলে ফাঁকি ৷                      (৩) ৰখাব  নোৱাৰি ৰিক্সা  পৰিল  খালত জাপ দিওতে আঁচোৰ লাগিল গালত পুলিচ আহিল দৌৰি নগ’লো কিবাকৈ মৰি

Read more

কন্যা-মানসী শৰ্মা

হৃদয় জুৰোৱা গান এটা হৈ আহিলা মোৰ জীৱনলৈ তোমাৰ আগমনত মোৰ ৰিক্ত হৃদয় পৰিলে জুৰ তোমাৰ খিলখিল হাঁহিত মোৰ শুকান হৃদয়ত বলিলে এচাটি মলয়াৰ বা। তোমাৰ থুনুক-থানাক মাতটিয়ে জগালে বুকুত আশা আকৌ  নতুন জীৱন ঘূৰাই পোৱাৰ আনন্দত হলোঁ মই আত্মহাৰা। তুমি  যেন মোৰ জীৱনলৈ আহিলা  সৰগৰ পাৰিজাত ফুল হৈ বিলালা জ্যোতি মোৰ অন্ধকাৰ গৃহ আমোলমোলাই ফুলি ৰলা মোৰ পদূলি শুৱাই। কিমান দিনলৈ নো থাকিবা মোক আবৰি সমাজৰ নিয়ম মানি যাবাগৈ গুচি অন্য এখন ঘৰ পোহৰ কৰি। বুকুত শিল এটা বান্ধি

Read more

শব্দৰ বৰষুণ-নিবেদিতা শৰ্মা 

মেঘ মেঘ লগা মোৰ  হৃদয়ত সাঁচি ৰাখো এজাক সপোন যেন বৰষুণ আৰু জীৱনৰ সত্যতা, যোৱা নিশাৰ বৰষুণজাকে কৈ গৈছিল কাণে কাণে মোৰ হেনো হৃদয়ত ফুলি উঠিছে একোপাহি সূৰুযমুখী , তুমি কৈছিলা বাবেই  লিখিছিলোঁ এটা কবিতা বৰষুণৰ, এজাক সপোন যেন বৰষুণৰ শব্দৰ বৰষুণজাকে মোকেই তিয়াই জুৰুলা কৰিলে নিবিড় আন্ধাৰত মই যেন এক বিচ্ছূৰিত সত্তা হৈ ৰ’লোঁ বৰষুণে থেকেচি জুৰুলি জুপুৰি কৰা হৃদয়খনৰে এতিয়া বাট চাইছোঁ , প্ৰত্যাশাৰ উন্মুখ মনলৈ  হয়তো আহিব এজাক শব্দৰ বৰষুণ …! ************

Read more

কি ৰং সানিলা-উপাসা ভাগৱতী

কেতেকীৰ ৰেণুৰ দৰে ৰং নে গোন্ধটো কেতেকীৰ দৰে নাই নাই নহয় ন’হলে যে তোৰ কাষ কোনেও নাচাপিব কাষে পাঁজৰে থাকিব সেই বিষধৰ দেখিলেই ফণা মেলি খেদি আহিব। ডালত ওলমি থকা কপৌৰদৰে নেকি জীৱনটো পৰাশ্ৰয়ীৰ? নাই নাই তগৰৰ দৰেহে  গোন্ধে আমোলমোল হিয়া সেইবাবে সকলোৱে গোন্ধতে ওপঙি প্ৰেমক বৰঘৰত স্থান দি হয় উন্মনা তই আহিলে সৰুদৈ,বৰদৈৰ তাণ্ডৱে দুর্বল মনটো মষিমূৰ কৰিলেও পুনৰ ন-কুঁহিৰে নিজৰেই কৰে গুণ-গান মাহ-হালধিৰ আবিৰ সানি আমৰ মূল ,কঁঠালৰ মুচিৰে কি যে ৰান্ধে জুতি জেতুকাৰ ৰঙা ৰঙে, গোন্ধে শিপাই

Read more

ব’হাগ-মোহাইমিনুৰ ৰহমান 

বৃষ্টিৰ প্লাৱনেৰে সু-সজ্জিত  আজি মোৰ জন্মভূমিৰ  প্ৰতিজোপা গছ সেউজীয়া বৰণৰে কুলিৰ কুউ কুউ মাতত বাপতি সাহোন ব’হাগৰ আগমণ শিপিনীৰ হাতৰ পৰশ তাঁতশালৰ খিতিক্-খিতিক্ শব্দ ডিঙিত স্বাভিমান গামোচা লৈ নতুনত্বক আলিংগন যৌৱনৰে ভৰপূৰ দেহ-মন ঢোল পেঁপা গগনাৰ মাতত অসমী আইৰ বুকুত শান্তিৰ বাতাবৰণ  ব’হাগ মানে প্ৰেম কপৌ পাহি মুগা ৰিহা অলংকৃত গাভৰু নাচনীৰ তত নাই গাত বিহুৱা ডেকাজাককো স্পৰ্শ কৰি যায়হি মৰমৰ সুবাস বিলোৱা প্ৰেমৰ ধুমুহা এজাক  আকৌ যদি লওঁ পুনৰ জনম অসমী আইৰ বুকুত বহাগীৰ কোলাতে মেলিম জীৱনৰ প্ৰথম দুচকু

Read more
1 5 6 7 8 9 12