স্তৱক-পলাক্ষী লস্কৰ

                      (১)   এতিয়া যে …আশাৰ শাওণ মাহ     খেতিয়কৰ সপোন সেউজী কৰাৰ ..      প্ৰতিশ্ৰুতিৰ মাহ । কপালৰ ঘাম, ন-আশা, ন-প্ৰত্যাশাৰে  সপোনক বাস্তৱ কৰিবলৈ ….এজাক মুষলধাৰ বৰষুণক কৰে আহ্বান।                       (২)   ৰিমঝিম বৰষা নামি আহা  তোমাৰ পৰশে আশাৰ সপোন কঢ়িয়াই আনে সেউজ প্ৰতিশ্ৰুতি আৰু ভৱিষ্যতৰ সোণালী বাস্তৱ ।                       (৩) এয়া যে প্ৰতিশ্ৰুতিৰ মাহ ….শাওণ নাহিবি বান, নকৰিবি আশাৰ সপোনক থান-বান। অনাগত দিনবোৰ ৰঙীন আৰু হেঁপাহ সাকাৰ কৰাৰ বাবে ব্যস্ত  খেতিয়ক …..  আঘোণলৈ সোণগুটি

Read more

অপেক্ষাৰ অন্তত-অপৰাজিতা মাধৱ ঘাংগুৰ্ডে

পুৱতিৰ ফেহুঁজালি আঁতৰাই  ৰাঙলী বেলিটিয়ে ভুমুকি মাৰে, বিগত দিনৰ অৱসাদ পাহৰায় লাহে লাহে আগবাঢ়ি আহে, নতুন উদ্যম লৈ নতুন প্ৰভাতক  আদৰি ল’বলৈ ……………..। পুৱতিৰ লগতে শোৱাপাটী এৰি  দিনটোৰ লগতে মিলি যাওঁ দিনৰ শেষত মাথো ক্লান্ত দেহ মনেৰেই  তোমাৰ আগমনৰ বাট চাওঁ………..। নিয়ৰে ঢকা শুভ্ৰ শেৱালিৰ দলিচাত  জোনাকৰে নিশা তোমাৰ কাষত বহি  চাই ৰওঁ পূৰ্ণিমাৰ জোনটোলৈ….. কিমান শান্ত, কিমান কোমল….. জোনৰ পোহৰত দেখা পোৱা  তোমাৰ মুখখনলৈ মই চাই থাকোঁ , এক বুজাব নোৱাৰা শিহৰণ বৈ যায়…  মোৰ দেহৰ প্ৰতি শিৰা উপশিৰাই।

Read more

স্লিপ ডিস্ক-শ্ৰীমন্ত বৰা

গুৰি ল’ৰা গোঁজটোৰ দৰে থিয় হৈ থাকোঁ। বেকা হৈ বহি থাকোঁ। উঁয়ে ধৰা শেতেলীত শুই পৰোঁ ৰাতি  ৰাতি মানে হাতী আৰু এডাল আধামৰা গোমসাপ। ৰাতিৰ বেলিটোক নিচুকাই থাকোঁতে খিৰিকীৰে সোমাই আহে দিনৰ সূত্ৰ সূতা এডালত ধৰি আগবাঢ়ে একোটা বেঁকা দিন কিছুৱে সোধে আৰু কিছুৱে কেৰাহিকৈ চায়। বোলো বৰ বিষ।  আইৰ কঁকালত থেৰাপী দিয়া হ’ল বহুবাৰ  ডুব গ’ল কেবাটাও বেলি। সৰি পৰিল বেলিৰ দেশৰ বহু তৰা, বেঁকা হৈয়ে থাকিল কঁকাল।   পোন হ’বনে আই….!  এচেৰেঙা ৰ’দত কঁকাল বেঁকা  কৰি গৈ আছে

Read more

এজনী পিতৃহাৰা কন্যাৰ কথাৰে-মোহাইমিনুৰ ৰহমান

প্ৰচেষ্টাৰ নাছিল অন্ত দুখ যন্ত্ৰনাৰ মাজতো আশাবোৰ এন্ধাৰ হৈ অহাৰ পিছতো সপোন দেখিছিল তাই ঘৰখনক মৰমৰ বান্ধোনেৰে আৱৰি ৰখা দেউতাকৰ হাঁহিটোক ন উদ্যমৰে উভতাই আনিম বুলি।  সৰ্বোচ্চ ত্যাগ কৰিও মাথো ভগৱানৰ চৰণত ভিক্ষা মাগিছিল ম্লান হবলৈ ধৰা দেউতাকৰ হাঁহিটোক উভতাই আনি মৃত্যু জয় কৰিম বুলি।  সপোনবোৰ বন্ধকত দিছিল নতুনকৈ শিৰত সেন্দুৰ লগোৱা সুখবোৰো মোহাৰি পেলাইছিল হাস্পাতালৰ বিছনাত কাতৰ যন্ত্ৰণাত  চটফটাই থকা দেউতাকৰ হাঁহিটোক জীপাল কৰি ৰাখিব বুলি।  কেনেকৈ পাহৰে তাই সেই সময়বোৰ মাতৃহাৰা হোৱাৰ পিচত ঘৰখনত যেতিয়া ক’লা ডাৱৰে বজ্ৰপাত

Read more

দুঃসময়-ৰাজু কুমাৰ নাথ

খলুৱাৰ খলকনিত চোৱা ভাই চৌদিশে লাগিছে জুই, কোদো বৰলেও সাৰ পালে সিহঁতো আছিল শুই। দেশ ৰক্ষা,স্বাভিমানৰ নামত  কুটুমৰ তেজৰ বৈছে এখনি নৈ, চৌদিশে মাথো ধোঁৱা আৰু ছাই মৃত্যুৱে হাত বাউলে তাতে ৰৈ। ওলংগৰ দেশত ‘ধোবা ৰজা’ নামত আছে ৰাজপাট খাই, নিজ বিপদৰ লেশ দেখিলেই মিছাতেই কান্দে ইনাই বিনাই। ভুৱা ছল চাতুৰীৰে নিজকে বোলাই বৰ, দুৰ্বলী হৈ জীয়াই থকাতকৈ তহঁতে  নিঃশেষ হৈ মৰ। প্ৰদৰ্শনকামী এই শক্তিৰ যুঁজত ধৰিত্ৰী হ’ব ছাৰখাৰ, আগতেই মহাপুৰুষে গৈছে কৈ, “…ম্লেছক কৰিব বুন্দামাৰ।” ************

Read more

ডাৱৰত শেলাইৰ ৰং-অনন্যা জি ফুকন

অলপ আগতে উজুটিত সোঁ ভৰিৰ ছাল ছিগিল। বৰষুণ এজাক আহিছিল, অলপ কিনকিনিয়াকৈ। এতিয়া নাই। এতিয়া আছে,মাথোঁ  ভৰিখনক দোমোজাত পেলোৱা অলপ শেলাই। ঘাঁ ডোখৰ এতিয়াও সতেজ। মিহি মিহিকৈ বতাহত নিগৰিছে তেজৰ কেঁচা গোন্ধ। এয়া বিষ নে পোৰণি?  নাৰ্জীজোপাৰ আগবোৰৰ তীব্ৰ গোন্ধত,  চকুপানীবোৰ অলপ থমকিছে। শেলাই ,বোকা মিহলি আঁচোৰবোৰে আঙুলিয়াই,ঘাঁ ডোখৰ এতিয়াও অসুস্থ, কলীয়া ডাৱৰ আৰু মনটোৰ দৰে। এতিয়া থাকি যোৱা নাৰ্জি পাতৰ ৰস মিহলি শেলাইখিনিতে পৰি আছে গেৰোৱাযোৰৰ দীঘল হুমুনিয়াহ। আচম্বিকতাত ঢাল তুলি তাণ্ডৱ কৰা মেঘে ঘোপাকৈ চালে, ঠিক মোৰ বিষাদ

Read more

কেতেকী-হৰিচন্দ্ৰ ডেকা

নিজান নিশা কেতেকীৰ  হিয়াভগা বিননি শুনি, কিয় জানো বাৰে বাৰে  মোৰ বুকুত উঠে কঁপনি, সপোন আৰু দিঠকৰ  তন্দ্ৰাৰ মায়াজালত আন্ধাৰতে খেপিয়াই চাওঁ ক’ত আছে জানো মোৰ হিয়াৰ উজলা মাণিক, খিৰিকীৰে পিৰিকিয়াই চালোঁ কুঁৱলীৰ আঁৰে আঁৰে, তৰা ফুলৰ মাজে মাজে সেয়া কোন বাৰু ডিঙিত পিন্ধি মণিকাঞ্চনৰ সাতসৰী? উজাগৰী নিশা কবিৰ স্তৱকৰ এটি হেঁপাহৰ সুৰ কৰিবলৈ, বিনিদ্ৰ ৰজনীৰ আন্ধাৰ আঁতৰাবলৈ আহিলা নেকি মোৰ ওচৰলৈ হিয়াৰ সুৰ কাণপাতি শুনিবলৈ? ৰিণিকি ৰিণিকি শুনিবলৈ পাওঁ যেন কঁপি উঠে এটি শিহৰণ, বৌ কাকা ক’ত বুলি, নিশাৰ

Read more

ক’লা ককাইৰ দুখ-প্ৰণীতা গোস্বামী বৰঠাকুৰ

ভমকা-ফুলীয়াই তিৰ্যক চাৱনিৰে  ক’লা ককাইলৈ চালে, তোৰ দেখোন বছৰ চেৰেক হ’ল একে ঠাইতে আছ শিপা গজিল চাগে। নুবুজিবি ভনীটি তই মোৰ দুখ  কিয় মাৰিছ খোঁচ এসময়ত আছিলোঁ বাটৰ লগৰী আজিহে নোপোছে মোক। তই হ’লি সাতাম পুৰুষীয়া চেহেৰাও নহয় ভাল, আধুনিক সমাজত তই এলাগী লৈ ফুৰাও টান। নক’বি হেৰৌ তেনেকৈ মোক আছিলোঁ আলাসৰ লাড়ু জ্যেষ্ঠজনেই লগ দিছিল মোক নবখানো এতিয়া আৰু। প্ৰতি খোজতে মই তেওঁক দিছিলোঁ  মনত অপাৰ ভৰসা , মোৰ জোৰতেই তেওঁৰ খোজবোৰেও লৈছিল স্থিতপ্ৰজ্ঞতা। ‘ছাতি, লাঠি, তিয়নি নেৰিবি’  বুলি

Read more

স্তৱক-শিখা গোস্বামী মহন্ত

১.                    #গোলাপ প্ৰিয়ই আছিল ভয় আছিল ৰক্তাক্ত হোৱাৰ ২. #বৰষুণ বুলিলেই মনত পৰে ‘অৰুন্ধতী’ৰ কবিলৈ পেভিলিয়নত ভৰি থোৱাৰ আগতেই পলায়িত মই ৩. “#ৰূপালী ৰং চুলিত লাগিছে বেয়া নেদেখি লাগক” এতিয়া এডাল-দুডাল চুলিত সময়ৰ আঁচোৰ দিন আগবঢ়াৰ লগে লগে ভাবিছোঁ কাহানিও প্ৰিয় হ’ব নোৱাৰা ৰংটোৱেই হ’ল বগা ৪. #বেলি_ডুবাৰ_আগতেই_আহা এবাৰৰ বাবে হ’লেও অন্তিমবাৰৰ বাবেই শীৰ্ণ দুহাতত সঞ্চাৰিত আবেগৰ সৰ্বোত্তম আভা ঢালি একেলগে পাঠোদ্ধাৰ কৰোঁ মৌনতাৰ শ্ৰেষ্ঠ আলাপ ************

Read more

শীতৰ ৰাতিৰ ইলিজি-অনসূয়া বৰঠাকুৰ

(এবছৰীয়া মৃত্যু তিথিত আইৰ চৰণত এটুপি চকুলোৰে)            (১) নীলা আলোৱানখন গাত মেৰিয়াই, উজাগৰী ৰাতিটোক নিচুকাই, বুকুৰ পিয়াহ খুৱাই, সৌৱা কোন? জোনবাই নে মোৰ আই!         (২) বেলিটোৱে  আত্মগোপন কৰাৰ দিনা জোনটোকে থপিয়াই আনি, আইৰ কপালত আঁকি দিলোঁ! মূধচটো খহি পৰাৰ দুখতেই নে কি জানো! আকাশখনেও উচুপি উঠিল!!        (৩) ৰাতিৰ আকাশত লেটি লৈ থকা ঘূৰণীয়া সৌটো যেন আইৰ আখলৰ পানীপিঠা!! হাঁহিছা? ভোকাতুৰ, শোকাতুৰ সেই সন্তানক সোধা, যাৰ আই এতিয়া তৰাৰ দেশৰ সাধু-কথা!! **********

Read more
1 6 7 8 9 10