ত্ৰৈলোক্য ভট্টাচার্যৰ ঐতিহাসিক উপন্যাস “সাঁচিপাতৰ পুথি”:এক পৰ্যালোচনা-কংকনা গোস্বামী
“সাঁচিপাতৰ পুথি” আৰু “উত্তৰাকাণ্ড” এই দুখন ঐতিহাসিক উপন্যাসৰ স্ৰষ্টা ত্ৰৈলোক্য ভট্টাচার্য আছিল অসমীয়া সাহিত্য জগতৰ এগৰাকী নীৰৱ সাধক। ১৯৭৩ চনত সাহিত্য-প্ৰকাশে প্ৰথম প্ৰকাশ কৰা ত্ৰৈলোক্য ভট্টাচার্যৰ এখনি ঐতিহাসিক উপন্যাস হৈছে “সাঁচিপাতৰ পুথি”।নতুন লিখকৰ সন্ধানত সাহিত্য-প্ৰকাশৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত “সাঁচিপাতৰ পুথি” উপন্যাসখন ১৮৩৬ চনৰপৰা ১৮৫৭ চনলৈ ঘটা অসমৰ বুৰঞ্জীৰ ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত। ব্ৰিটিছ যুগৰ পটভূমিত ৰচিত ‘সাঁচিপাতৰ পুথি’ উপন্যাসখন তিনিটা খণ্ডত বিভক্ত; যথাক্রমে ‘হে বিদেশী বন্ধু’, ‘অৰুণোদয়’ আৰু ‘অগ্নিযুগৰ ফিৰিঙতি’। ১৮৩৬ চনৰ ২৩ মাৰ্চ তাৰিখে আমেৰিকাৰ খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন,
Read more