অদৃশ্য খিৰিকীৰ সিপাৰে-ববিতা শৰ্মা 

“মন্ত্ৰ সাহিত্য ভাৰতবৰ্ষৰ ঐতিহ্য, পৰম্পৰা, সংস্কৃতি, লোক সংস্কৃতি।মহেঞ্জোদাৰো, হৰপ্পাৰ দিনৰপৰা আছে মন্ত্ৰ আৰু লোক চিকিৎসা।ভাৰতৰ তথা পৃথিৱীৰ প্ৰথম সাহিত্য বেদত আছে মন্ত্ৰ।অথৰ্ববেদত আছে চিকিৎসা। আজি অসমৰ গাঁৱে-ভূঞে মৃত্যুৰ ক্ষণ গণিছে মন্ত্ৰ সাহিত্যই,আসুৰিক চিকিৎসাই।আজি বাহিৰৰ বিশ্ববিদ্যালয়ে মায়ঙৰ ওপৰত গৱেষণা কৰিছে,পেপাৰ উলিয়াইছে।তেওঁলোকে আমাক উপহাস কৰে আমি হাতত থকা ৰত্ন চিনি নাপাওঁ বুলি।”                                          _অদৃশ্য খিৰিকীৰ সিপাৰে_  ‘মায়ং’।এক মায়াসনা নাম।মৰিগাঁও জিলাৰ লুইতৰ পাৰৰ এই অঞ্চল যাদু-মন্ত্ৰৰ কিংবদন্তিপূৰ্ণ ইতিহাসৰ বাবে বিখ্যাত।মধ্যযুগৰপৰাই এই অঞ্চল প্ৰাচীন ভাৰতৰ যাদুবিদ্যাৰ কেন্দ্ৰস্থল হিচাপে পৰিগণিত হৈছিল বুলি জনা যায়।সাহিত্য আলোচক ডিম্বেশ্বৰ

Read more

অসমীয়া টম মাধুৰীমা ঘৰফলীয়াৰ….ফচং-ববিতা শৰ্মা

আমেৰিকাৰ উইলিয়াম হানা আৰু জোচেফ বাৰবাৰৰ জনপ্ৰিয় এনিমেটেড কাৰ্টুন চিৰিজ টম আৰু জেৰি।টম এটা মেকুৰী আৰু জেৰি এটা সৰু নিগনি।জেৰিক ধৰিবলৈ টমৰ বিভিন্ন প্ৰচেষ্টা আৰু বিফলতা, জেৰিৰ সৰু সৰু দুষ্টামি,জেৰিৰ হাতত সদায়ে পৰাজিত টমৰ প্ৰতিশোধ প্ৰৱণতা আদিবোৰ ছয়ৰপৰা দহ মিনিট জোৰা দৃশ্যবোৰৰ মূল বিষয়।১৯৪০ চনত নিৰ্মিত এই কাৰ্টুন চিৰিজটোৰ মুঠ দৃশ্য সংখ্যা ১১৪ টা।১৯৪০ চনৰপৰা ১৯৫৮ চনলৈ নিৰ্মিত এই কাৰ্টুন চিৰিজটোৱে সেই সময়ছোৱাত সাতবাৰকৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ একাডেমী এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল।’টম এণ্ড জেৰি’ নামৰ এই এনিমেটেড কাৰ্টুন

Read more

গ্ৰন্থৰ নাম: মোৰো এটা সপোন আছে-কংকনা গোস্বামী

লেখক: ড° ৰুবুল মাউত প্ৰকাশক: পূৰ্বায়ন প্ৰকাশন দ্বাদশ প্ৰকাশ: নৱেম্বৰ, ২০১৯ মূল্য: ১৮০ টকা বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনত গৱেষণাৰত গৱেষক বিজ্ঞানী তথা ইন’ভেশ্বন ফেল’ ডঃ ৰুবুল মাউতদেৱৰ আত্মজীৱনীমূলক গ্ৰন্থখনেই হৈছে ‘মোৰো এটা সপোন আছে’। অশেষ সংগ্ৰামৰ মাজেৰে শৈশৱ তথা কৈশোৰ অতিবাহিত কৰাৰ লগতে জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাতকো নেওচি কিদৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাছুচেটছ বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিলে তাৰ বিশদ বিৱৰণ গ্ৰন্থখনত বৰ্ণিত হৈছে।গভীৰ অনুপ্ৰেৰণামূলক গ্ৰন্থখনক লেখকে যথাক্ৰমে শৈশৱ, সংগ্ৰাম, সুযোগ, দেউতাৰ অসুখ এই চাৰিটা ভাগত বিভক্ত কৰি জীৱনৰ

Read more

অসম দুহিতা সুধালতা দুৱৰা-উপাসা ভাগৱতী

আজি হাতত তুলি লৈছো “অসম দুহিতা সুধালতা দুয়ৰা” নামৰ বাংলা গ্ৰন্থখন।বঙালী ভাষাত লিখা এই কিতাপখন হাতত লোৱাৰ মূল উদ্দেশ্য নামটো দেখিয়েই চাগৈ সকলোৱে অনুমান কৰিব পাৰিছে।মাজতে এই বিষয়টোৰ ওপৰত বহুজনৰ চিন্তা চৰ্চা দেখিবলৈ পাইছিলো।কিতাপখনৰ কথাও পঢ়িবলৈ পাইছিলো কিন্তু পঢ়িহে থোৱা হ’ল।তাতকৈ বেছি চিন্তাৰ অৱকাশ ঘটা নাছিল।আমাৰ ‘মেদিনী চৌধুৰী’ শীৰ্ষক গ্ৰন্থখনৰ বাবে ‘গতি অসম’ নামৰ সংস্থাৰ লগত জড়িত হৈ পৰিছিলো। তাৰেই সন্দৰ্ভত হঠাতে এই বিষয়ত চিন্তা কৰাৰ সুবিধা লাভ কৰিলো।প্ৰথমে এক ভাবিব নোৱাৰা অৱস্থা।বিশেষ কোনো তথ্য নাই সুধালতা দুৱৰা আৰু বিশেষকৈ

Read more

শান্তনু তামূলীৰ শিশু সাহিত্য ইত্যাদি-ববিতা শৰ্মা

“কৰ্মক জীৱন বুলি ভাবি সমাজৰ পৰম কল্যাণৰ বাবে কাম কৰা অনেক মানুহৰ ভিৰৰ মাজত শান্তনু তামূলী এজন একক সহস্ৰ কৰিব পৰা অভিলাষী মনৰ মানুহ।”  সম্পাদক, শান্তনু তামূলীৰ শিশু সাহিত্য  ইত্যাদি ‘শান্তনু তামূলীৰ শিশু সাহিত্য ইত্যাদি’ অসমীয়া সাহিত্যৰ ভঁড়ালত এক বহুমূলীয়া সংযোজন।চলিত বৰ্ষৰ জুলাই মাহৰ ২২ তাৰিখে যোৰহাট তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অসম চৰকাৰৰ তথ্য আয়ুক্ত ড° সমুদ্ৰগুপ্ত কাশ্যপে গ্ৰন্থখনি উন্মোচন কৰে। শান্তনু তামূলী অসমীয়া শিশু সাহিত্য জগতখনৰ এটি জনপ্ৰিয় নাম।শিশু সাহিত্যৰ প্ৰসাৰ আৰু প্ৰচাৰকে জীৱনৰ ব্ৰত ৰূপে লোৱা, শিশুসকলৰ মৰমৰ ‘মৌচাক মামা’ই অসমীয়া

Read more

বিভ্ৰান্ত বাস্তৱ: ড° ৰীতা চৌধুৰী -মামণি কলিতা

এই খ্যাতনামা অসমীয়া সাহিত্যিকগৰাকী একেধাৰে কবি, উপন্যাসিক তথা ‘সাহিত্য অকাডেমী বঁটা’ (২০০৮) প্ৰাপ্ত তথা গুৱাহাটীৰ কটন কলেজৰ এগৰাকী প্ৰবক্তা। তেখেত নেচনেল বুক ট্ৰাষ্টৰ নিৰ্দেশক আছিল। ৰীতা চৌধুৰী বাইদেৱে ১৯৮১ চনৰ ‘অসম সাহিত্য সেৱা’ বঁটা আৰু ২০০৬ চনত ‘কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা’ও লাভ কৰিছে।তেখেতৰ প্ৰথম উপন্যাস ‘অবিৰত যাত্ৰা’। ‘মাকাম’ক তেখেতৰ সাহিত্য জীৱনৰ আধাৰশিলা বুলিব পাৰি।  বাইদেউৰ উপন্যাসসমূহৰ ভিতৰত ম‌ই শেহতীয়াকৈ পঢ়া ‘বিভ্ৰান্ত বাস্তৱ’ উপন্যাসখন মোৰ প্ৰিয় উপন্যাসমূহৰ অন্যতম। উপন্যাসখন গায়ত্ৰী নামৰ এজনী সৰলমনা ছোৱালীৰ কাহিনী,য’ত তাই যৌৱনৰ দুৱাৰদলিতে এটা হৃদয়হীন  পাষাণৰ

Read more

এখন ব্যতিক্ৰমী শিশু উপন্যাস “পিউ আৰু এখন অভিনৱ পক্ষী মহোৎসৱ”-উপাসা ভাগৱতী

“পিউ আৰু এখন অভিনৱ পক্ষী মহোৎসৱ ” -নামটোৱে পটকৈ মনত সাঁচ বহুৱাই গ’ল ।এদিন স্বত্বাধিকাৰী বিজিত বৰঠাকুৰৰ ‘বুক নুক’ নামৰ কিতাপৰ প্ৰতিষ্ঠানৰ পেজটোত এগৰাকীয়ে বৰ সুন্দৰকৈ কিতাপখনৰ বিষয়ে বিশ্লেষণ কৰা চকুত পৰিছিল।এইবাৰ গুৱাহাটীৰপৰা ঘৰলৈ উভতি আহোতে নগাঁৱৰ আমোলাপট্টিত থকা  ‘বুক নুক’ত সোমাম বুলি ভাবি আহিলো।সোমাই যাওঁতেই স্বয়মে কলে… “মই কিন্তু এই কিতাপ থকা কোঠাতে বহিম।কিতাপ চাম, ইমান যে ভাল লাগিছে কিতাপবোৰ!” কিতাপৰ প্ৰতি চেষ্টা কৰিও ৰাপ আনিব নোৱাৰা ল’ৰাটোৰ উৎসাহ দেখি আচৰিত হলো।সি সমগ্ৰ কোঠাটো ঘূৰি ঘূৰি কিতাপবোৰ চাবলৈ ধৰিলে

Read more

গ্ৰন্থৰ নাম: সূৰুযমুখীৰ স্বপ্ন,লেখক: চৈয়দ আব্দুল মালিক-মামণি কলিতা

অধ্যাপক মহেন্দ্ৰ বৰাৰ ভাষাত চৈয়দ আব্দুল মালিকৰ  ‘সূৰুযমুখীৰ স্বপ্ন’ অসমীয়া উপন্যাসৰ বুৰঞ্জীত এটা  মাইলৰ খুটি। আধুনিক অসমীয়া সাহিত্যৰ  অপ্ৰতিদ্বন্দ্বী নায়ক চৈয়দ আব্দুল মালিকে গল্প, কবিতা, নাটক, প্ৰবন্ধ, উপন্যাস আদিকে ধৰি সাহিত্যৰ আটাইবোৰ দিশলৈ বলিষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে৷ অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ চৈয়দ আব্দুল মালিকৰ সাহিত্য সৃষ্টিৰ পৰিধি বহুব্যাপ্ত৷ তেওঁ ৬৮ খন উপন্যাস, ২৩ খন গল্প সংকলন, ৬ খন নাটক, ১০ খন ৰেডিঅ’ নাটক, ৫ খন সংগীতালেখ্য, ৫ খন কবিতাপুথি, ৩ খন ভ্ৰমণ কাহিনী, ১৪ খন অনুবাদ গ্ৰন্থ, ৮

Read more

মুগা দ্য -গ’ল্ডেন থ্ৰেড” : সংকট আৰু সম্ভাৱনা:  (এক অৱলোকণ)-উপাসা ভাগৱতী

‘মুগা’ শব্দটোৱে অসমখনক প্ৰতিনিধিত্ব কৰে।সেই মুগাৰ  সোণোৱালী সূতাৰ অতীতৰ ইতিহাসৰপৰা ভৱিষ্যতলৈ সংকট আৰু সম্ভাৱনাৰ দৃষ্টিৰে অসমৰ গাঁৱৰ ৰাইজে কৰি থকা মুগা শিল্পৰ পুঙ্খানুপুঙ্খ এক তথ্যসম্বলিত দস্তাবেজ হৈছে ‘মুগা দ্য গোল্ডেন থ্ৰেড অফ আসাম’। লেখিকা ডঃ তুলিকা বৰুৱা খেৰাজখাত মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা।এইখন তেওঁৰ চতুৰ্থ গ্ৰন্থ। অসমীয়াৰ জীৱনৰ লগত অংগাংগীৰূপে সাঙোৰ খাই থকা মুগাক মূল উপজীব্যৰূপে লৈ ইয়াৰ গৌৰৱোজ্জ্বল ইতিহাসৰপৰা বৰ্তমানলৈকে, বিশ্ব বাণিজ্যত ইয়াৰ গুৰুত্ব আৰু প্ৰসাৰৰ  সকলো দিশ সামৰি লিখা ই এখন উল্লেখযোগ্য গ্ৰন্থ।লেখিকাই জন্মলগ্নৰেপৰা ঢকুৱাখানাৰ নিজ গৃহৰ লগতে সমগ্ৰ

Read more

“অসম ভৱন,মুম্বাই আৰু মই’-সংহিতা ভট্টাচাৰ্য্য

ত্রিনয়ন সন্দিকৈদেৱৰ ‘অসম ভৱন,মুম্বাই আৰু মই’- প্ৰত্যাহ্বান, অভিজ্ঞতা আৰু সংগ্ৰামৰ এক অবিৰত যাত্ৰা’….এখন ভাল লগা গ্ৰন্থ। ত্ৰিনয়ন সন্দিকৈ দেৱৰ ‘অসম ভৱন মুম্বাই আৰু মই’ হৈছে  জীৱনৰ বিভিন্ন তিতা-মিঠা অভিজ্ঞতাৰে লিখা, জীৱনৰ প্ৰতি প্ৰত্যাহ্বান লগতে আত্মবিশ্লেষণমূলক আৰু বহু তথ্যৰে ভৰপূৰ এখন অতি মনোৰম গ্ৰন্থ। প্ৰকৃতাৰ্থত ক’ব পাৰি গ্ৰন্থখন হৈছে এখন ব্যতিক্ৰমী গ্ৰন্থ।        “ঐ মোক ইনচাল্ট নকৰিবি।          কি বুলি ভাবিছ?          মোক বম্বেত মাতি আছে।”        গ্ৰন্থখনিত প্ৰথম আৰম্ভ হোৱা এই কথাখিনিৰপৰাই অনুমান কৰিব পাৰি যে- লিখকে ল’ৰালি কালৰেপৰা মনত অযুত সপোন লৈ কেনেকৈ

Read more
1 2 3