‎বৃদ্ধকালৰ জীয়া ছবি : ‘অস্তৰাগ’- ববিতা শৰ্মা

 ‎ সংক্ষিপ্ততে অস্তৰাগ ‎ গ্ৰন্থৰ প্ৰকাৰ : উপন্যাস ‎ গ্ৰন্থকাৰ : হোমেন বৰগোহাঞি ‎ প্ৰকাশক : শ্ৰীভূমি পাবলিচিং কোম্পানী ‎ ৭৯ মহাত্মা গান্ধী ৰ’ড ‎ কলকাতা — ৭০০০০৯ ‎ প্ৰথম প্ৰকাশ : আগষ্ট ১৯৮৬ ‎ দ্বিতীয় প্ৰকাশ : এপ্ৰিল, ১৯৮৯ ‎( ইতিমধ্যে গ্ৰন্থখনৰ নটা সংস্কৰণ প্ৰকাশ পাইছে । ২০১৮ চনৰ অক্টোবৰত গ্ৰন্থখনৰ নৱম সংস্কৰণটো  ষ্টুডেণ্টচ্ ষ্ট’ৰচে প্ৰকাশ কৰি উলিয়াইছে । ) ‎মূল্য : ১১০ টকা    ‎পৃষ্ঠা : ১২৬ ‎OLD AGE : THE  ‎CROWN OF LIFE, OUR ‎PLAY’S LAST ACT . ‎বাৰ্ধক্য

Read more

কাজলী-ড. মৃদুস্মিতা ফুকন

হাতী, মাউত-ফান্দী আৰু হাতী চিকাৰৰ এক বিচিত্ৰ ৰোমাঞ্চকৰ পটভূমিত, এক অভিনৱ বিষয়বস্তুৰে ৰচিত এখন অগতানুগতিক উপন্যাস অমৰ বৰা ৰচিত ‘কাজলী’। উপন্যাসখনৰ নাম ভূমিকাত থকা এই কাজলী হৈছে এজনী হাতী। বন্যপ্ৰাণীৰ জীয়া জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা এই উপন্যাসখনৰ কাহিনীৰ গতিশীলতাই ‘কাজলী’ক নিশ্চয়কৈ এক অনন্য মাত্ৰা প্ৰদান কৰিছে।উপন্যাসখনৰ পাতে পাতে আছে কাজলী, নয়নমণি, পদ্মা, গদাধৰ, জয়মতী, বাহাদুৰ, কাৰ্তিক, চেনেহী আদি অনেক চতুষ্পদীৰ জীৱনৰ লগতে অধুনালুপ্ত হাতী চিকাৰ, হাতী পিলখানা আৰু তাত সংযুক্ত বটু, পেটুকণ আদি মাউত-ফান্দী-ঘাঁহীৰ হাঁহি-কান্দোনেৰে বিঢৌত জীৱনযাত্ৰা। সৰ্ব সাধাৰণ

Read more

অন্তৰীপ:গ্ৰন্থকাৰ ড° ভবেন্দ্ৰনাথ শইকীয়া-শেৱালি শৰ্মা বৰকটকী 

ড° ভবেন্দ্ৰনাথ শইকীয়া দেৱৰ ৩৩০ পৃষ্ঠা জোৰা ‘অন্তৰীপ’ নামৰ এই  মননশীল উপন্যাসখন ১৯৭৯ চনত সেই সময়ৰ সামাজিক পটভূমিত ৰচনা হৈ “ৰামধেনু” আলোচনীত তিনিটা সংখ্যাত প্ৰকাশ হোৱাৰ পিছত বন্ধ হৈ যায় যদিও প্ৰান্তিক আলোচনীত ১৯৮২ চনৰ ১৬ এপ্ৰিলৰ পৰা  ছপা হৈ  ১৯৮৪ চনৰ ১ জানুৱাৰীৰ সংখ্যাত  শেষৰ খণ্ড প্ৰকাশ হয়। এই উপন্যাসখনৰ বিষয়বস্তু প্ৰাক্ স্বাধীনতা কালৰ অসমীয়া সমাজৰ পটভূমিৰ এখন সৰু চহৰৰ এটা আঢ্যৱন্ত পৰিয়ালক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। উপন্যাসখনত এহাতেদি আমাৰ সমাজত যুগ যুগ ধৰি চলি থকা পুৰুষৰ একনায়কত্ববাদী শাসনৰ

Read more

বনত ৰঙৰ মেলা : সংগীত আৰু সাহিত্যৰ এক সাৰ্থক যুগলবন্দী-ববিতা শৰ্মা

সংগীত আৰু প্ৰকৃতিৰ মাজত এক গভীৰ সম্পৰ্ক আছে। আমাৰ চাৰিওফালে থকা গছ-গছনিবোৰে প্ৰকৃতিৰ শোভা  বৰ্ধন কৰাত অৰিহণা যোগাই আহিছে । প্ৰকৃতিৰ এক নিজস্ব ৰূপ আৰু শোভা থকাৰ পাছতো গছ-গছনিবোৰেও যে সুৰ সমলয়ত ন-দীপ্তিৰে নাচি উঠিব খোজে সেইকথা জানিব পাৰিলোঁ ‘বনত ৰঙৰ মেলা’ নামৰ এখন বহু চৰ্চিত শিশু পুথিৰ যোগেদি। দক্ষিণ-পশ্চিম এছিয়াৰ ২৬খন দেশৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যক্ৰম হিচাপে নিৰ্বাচিত হোৱা ‘বনত ৰঙৰ মেলা’ মৌচাক মামা শান্তনু তামূলীৰ অনুপম সৃষ্টি। অসমীয়া ভাষাত  শিশু-সাহিত্য ৰচনাৰে শিশুৰ মনোজগতৰ মাজলৈ সোমাব বিচৰা অনুসন্ধিৎসু লেখক তথা নিৰলস

Read more

বলদেৱ মহন্তৰ উজুপাঠ-ববিতা শৰ্মা

‘অৰুণোদই’; প্ৰথম অসমীয়া আলোচনী তথা বাতৰি কাকত। খ্ৰীষ্টধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমৰ মাটিত ভৰি দিয়া আমেৰিকান ব্যপ্তিষ্ট মিছনেৰীসকলৰ দূৰদৰ্শিতা আৰু সদিচ্ছাৰ ফলশ্ৰুতিত ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা ছপা হৈ ওলায় অসমীয়া সংবাদ-পত্ৰৰ বাটকটীয়া এই কাকতখন। অষ্টাদশ শতিকাৰ শেষছোৱা সময় অসমৰ ৰাজনৈতিক ইতিহাসৰ এক দুৰ্যোগেৰে ভৰা সময়। আহোম ৰাজতন্ত্ৰৰ দুৰ্বলতা আৰু গৃহকন্দলে অসমৰ ৰাজনীতিলৈ অস্থিৰতা আনিলে। ১৭৬৯ চনৰ পৰা ১৭৯৪ চনলৈ চলা মোৱামৰীয়া বিদ্ৰোহ, ঊনবিংশ শতিকাৰ আগভাগতে দেখা দিয়া দন্দুৱাদ্ৰোহ আৰু ১৮১৬ চনৰ পৰা ১৮২৪ চনে উপৰিযুৰ্চ্যভাৱে তিনিবাৰকৈ মানৰ

Read more

ত্ৰৈলোক্য ভট্টাচার্যৰ ঐতিহাসিক উপন্যাস “সাঁচিপাতৰ পুথি”:এক পৰ্যালোচনা-কংকনা গোস্বামী

“সাঁচিপাতৰ পুথি” আৰু “উত্তৰাকাণ্ড” এই দুখন ঐতিহাসিক উপন্যাসৰ স্ৰষ্টা ত্ৰৈলোক্য ভট্টাচার্য আছিল অসমীয়া সাহিত্য জগতৰ এগৰাকী নীৰৱ সাধক।  ১৯৭৩ চনত সাহিত্য-প্ৰকাশে প্ৰথম প্ৰকাশ কৰা ত্ৰৈলোক্য ভট্টাচার্যৰ এখনি ঐতিহাসিক উপন্যাস হৈছে “সাঁচিপাতৰ পুথি”।নতুন লিখকৰ সন্ধানত সাহিত্য-প্ৰকাশৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত “সাঁচিপাতৰ পুথি” উপন্যাসখন ১৮৩৬ চনৰপৰা ১৮৫৭ চনলৈ ঘটা অসমৰ বুৰঞ্জীৰ ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত। ব্ৰিটিছ যুগৰ পটভূমিত ৰচিত ‘সাঁচিপাতৰ পুথি’ উপন্যাসখন তিনিটা খণ্ডত বিভক্ত; যথাক্রমে ‘হে বিদেশী বন্ধু’, ‘অৰুণোদয়’ আৰু ‘অগ্নিযুগৰ ফিৰিঙতি’। ১৮৩৬ চনৰ ২৩ মাৰ্চ তাৰিখে আমেৰিকাৰ খ্ৰীষ্টান মিছনেৰী নাথান ব্ৰাউন,

Read more

“ইয়াৰুইঙ্গম” উপন্যাসত ৰাজনৈতিক পটভূমি-মাতু কুকুৰাচোৱা

বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱৰ ” ইয়াৰুইঙ্গম” অসমীয়া সাহিত্যত নিঃসন্দেহে এখন অন্যতম শ্ৰেষ্ঠ উপন্যাস। উপন্যাসখনত মণিপুৰৰ টাংখুল নগা সমাজৰ জীৱন চিত্ৰ চিত্ৰায়িত কৰা হৈছে। দ্বিতীয় মহাসমৰৰ বিভীষিকা, নগাসকলৰ আত্মসচেতনতা, স্বাধীন নগা ৰাজ্য আৰু এক শ্ৰেণী নগা লোকৰ ভাৰতীয় জাতীয় সংস্কৃতিৰ জাহ যাবলৈ ওলোৱা ঘটনাক কেন্দ্ৰ কৰিয়েই উপন্যাসখন ৰচনা কৰা হৈছে। উপন্যাসখনৰ মূল ঘটনাসমূহ দ্বিতীয় মহাসমৰৰ সময়ত হোৱা ডিভেশ্যেলী আৰু ৰিশ্বাংৰ মতাদৰ্শৰ সংঘাত। উপন্যাসখনৰ কাহিনীভাগ ভালকৈ চালি-জাৰি চালে উপন্যাসখনক বহুল অৰ্থত এখন সামাজিক উপন্যাস হিচাপে চিহ্নিত কৰিব পাৰি। কাৰণ ইয়াত প্ৰতিফলিত হৈছে টাংখুল নগাসকলৰ

Read more

গ্ৰন্থ:মিত‍্যবয়িতা- কুঞ্জ খাউণ্ড

(ছেমুৱেল স্মাইলছৰ গ্ৰন্থ Thrift ক ‘মিতব্যয়িতা’ শিৰোনামেৰে অসমীয়ালৈ অনুবাদ কৰিছে ড°প্ৰফুল্ল কটকীয়ে)   ছেমুৱেল স্মাইলছৰ গ্ৰন্থ Thrift ৰ এক অভিনৱ অনুবাদ গ্ৰন্থ হ’ল ‘মিত‍্যবয়িতা’।অনুবাদক ৰূপে  ড°প্ৰফুল্ল কটকী দেৱে প্ৰায় বিশখনৰো অধিক বিশ্ববিখ্যাত গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰি গৈছে।তাৰ ভিতৰতে মিত‍্যবয়িতা গ্ৰন্থখনো এখন লেখত ল’বলগীয়া।মাত্ৰ ১২৪পৃষ্ঠাৰ গ্ৰন্থখনত আমি শিকিবলগীয়া বহু কথাই আছে।এতিয়া লেখকৰ চিন্তাৰে যদি আমি মিত‍্যবয়িতাৰ মূল কথাখিনি ফঁহিয়াই চাওঁ তেতিয়া জীৱন-নিৰ্বাহৰ কলা-কৌশলৰ কিছু আভাস পাম,যিটো আমি মিত‍্যবয়িতা গুণেৰে সজাব পাৰোঁ। মিত‍্যবয়ী অভ‍্যাসটোৰ উত্তৰণ হয় সভ‍্যতাৰ লগে লগেই।যেতিয়াৰপৰাই মানুহে মৌলিক প্ৰয়োজনখিনিৰ প্ৰয়োজন

Read more

চৰাইৰ চোঙত সন্ধ্যাতৰা-ববিতা শৰ্মা

প্ৰকাৰ:উপন্যাস  লেখক:গোবিন কুমাৰ খাউণ্ড প্ৰকাশক:গ্ৰন্থ-সংস্কৃতি এ টি ৰ’ড, তৰাজান  যোৰহাট — ১ প্ৰথম প্ৰকাশ:মাৰ্চ ২০২৪ মূল্য:১৮০ টকা    চৰাইচোং।অসমৰ প্ৰথমখন পক্ষী অৰণ্য।জানিব পৰা মতে চাওফা চ্যু-চেং-ফা বা বুঢ়া ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহই চৰাই চোঙক ৰাজকীয় পক্ষী উদ্যান ৰূপে স্বীকৃতি প্ৰদান কৰি পক্ষী সুৰক্ষা সুনিশ্চিত কৰিছিল। ‘অৰণ্য সুৰক্ষা সমিতি’ৰ দ্বাৰা প্ৰকাশিত ‘সেউজ পত্ৰিকা’ৰ আনুমানিক তথ্য অনুসৰি মাজুলীৰ ভকতি দুৱাৰ অঞ্চলত অৱস্থিত চৰাই চোং বিশ্বৰ প্ৰথমখন সংৰক্ষিত ৰাজকীয় পক্ষী উদ্যান।মাজুলীৰ বৰ্তমানৰ মানচিত্ৰত উজনি মাজুলীৰ গাভৰু মেলীয়া,কাড়ীচুক, ৰতনপুৰ আৰু লাহন গাঁৱৰ উত্তৰে; কঠমীয়াৰ

Read more

ইকিগাই​​ -উপাসা ভাগৱতী

অলপ দিনৰ পৰা ‘ইকিগাই’ শব্দটোৱে বৰ চৰ্চা লাভ কৰিছে।এই একে নামৰ কিতাপখনৰ বিষয়েও দুই এঠাইত পঢ়ি আছিলোঁ।হঠাতে ফুৰিবলৈ গৈ এঘৰত কিতাপৰ আলমাৰিত পিতপিতাই বিচাৰি ফুৰোঁতে কিতাপখন চকুত পৰিল আৰু পঢ়িবলৈ ললোঁ। কিতাপখনৰ বিষয়ে দুই এষাৰ নিলিখাকৈ থাকিব নোৱাৰিলোঁ।এই কিতাপখন আন্তঃৰাষ্ট্ৰীয় বজাৰত সৰ্বাধিক বিক্ৰী হৈছে আৰু এই গ্ৰন্থখনৰ বিষয়বস্তু হ’ল দীৰ্ঘায়ু আৰু আনন্দময় জীৱনৰ জাপানী ৰহস্য। মানুহ দিনক দিনে স্বাস্থ্য সচেতন হৈ আহিছে।কেনেদৰে জীৱন-যাপন কৰিলে মানুহে আনন্দময়,সুখময় এক সুদীৰ্ঘ জীৱন-যাপন কৰিব পাৰে তাৰে চেষ্টাৰ ফলশ্ৰুতিত বৰ্তমান বহু চৰ্চিত, পঠিত এই কিতাপখন

Read more
1 2 3