স্বাৱলম্বন-কুঞ্জ খাউণ্ড

ছেমুৱেল স্মাইছৰ (Self-Help)গ্ৰন্থখনৰ অসমীয়া অনুবাদ ভহ’ল স্বাৱলম্বন।ছেমুৱেল স্মাইলছৰ জন্ম ইংলেণ্ডৰ হেডিংটন নামৰ ঠাইত।তেওঁৰ পিতৃ আছিল এজন দোকানী।ছেমুৱেল নিজে এজন ছাৰ্জন,বাতৰি কাকতৰ সম্পাদক, এটা ৰেল কোম্পানীৰ ছেক্ৰেটাৰি।আজৰি সময়ত সামাজিক আৰু ৰাজনৈতিক সংস্কাৰৰ কথা চিন্তা কৰি বহুত নেতৃস্থানীয় ব্যক্তি ,উদ্যোগপতি আৰু নিজৰ ভৰিত থিয় দি মহান হোৱা ছাত্ৰৰ জীৱনী লিখিছিল।এইখন গ্ৰন্থকে ডঃ প্ৰফুল্ল কটকী দেৱে অসমীয়ালৈ সুন্দৰ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ কিঞ্চিৎ হলেও অৱদান আগবঢ়ালে।এই গ্ৰন্থখনো পৃথিৱীৰ অনেক ভাষালৈ অনুবাদ কৰা হৈছে।যদিও সময় সলনি হৈ মানুহৰ ধ‍্যান ধাৰণা বেলেগ হৈছে, বিজ্ঞান

Read more

ইকিগাই-কুঞ্জ খাউণ্ড

গ্ৰন্থখনৰ নামটোৰ অৰ্থই হ’ল দীৰ্ঘায়ু আৰু সুখী জীৱনৰ জাপানী ৰহস্য। আমাৰ মনত অলপো সন্দেহ নাই যে   জাপানেই হৈছে বিশ্বৰ দীৰ্ঘ জীৱন লাভ কৰা ব‍্যক্তিসকলৰ অন‍্যতম হোতা। মই এটি থুলমূল আভাষেৰে আলোকপাত কৰিবলৈ লোৱা কিতাপখনৰ নাম হ’ল  ‘ইকিগাই’। যিখন কিতাপ পৃথিৱীৰ ৬০ টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে। কিতাপখনৰ লেখক হ’ল-হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সেক মিৰালেছ। অসমীয়ালৈ সুন্দৰ অনুবাদ কৰিছে ড০ কুল কমল সেনাপতিয়ে, তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। ‘ইকিগাই’ হ’ল এটা জাপানী শব্দ। অন্যান্য দেশৰ তুলনাত জাপানীসকলৰ দীৰ্ঘ জীৱনৰ সৈতে জড়িত হৈ

Read more

মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত-সংহিতা ভট্টাচাৰ্য

মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত সমগ্ৰ জীৱন নিৰৱচ্ছিন্ন ভাবে অসমীয়া ভাষা সাহিত্যৰ সেৱাত আত্মনিয়োগ কৰা সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্য হ’ল এক অসাধাৰণ সৃষ্টিশীল ব্যক্তিত্বৰ অধিকাৰী। ‘দুই বন্ধু’ গল্পটোৰে সাহিত্য জীৱন আৰম্ভ কৰা ভট্টাচাৰ্য্য দেৱৰ প্ৰথম উপন্যাস হ’ল চীনাযুদ্ধৰ পটভূমিত লিখা ‘বুদ্ধদেৱৰ মৃত্যু’। ইয়াৰ পিছত ঊনবিংশ শতিকাৰ অসমীয়া ভাষা সাহিত্যৰ এক সংকটপূৰ্ণ সময়ক লৈ ৰচনা কৰা উপন্যাস ‘সাঁচিপাতৰ পুথি’, আহোমৰ ছশ বছৰীয়া ৰাজত্বকালৰ মৰ্মস্পৰ্শী সত্যকাহিনীৰ আধাৰত ৰচিত ‘চৰাইদেও’, মহাকাব্যৰ আধাৰত ৰচিত প্ৰথম অসমীয়া

Read more

গ্ৰন্থ:১৯৬২,লেখক: মৃণাল তালুকদাৰ-মামণি কলিতা

মৃণাল তালুকদাৰৰ ‘১৯৬২’ পঢ়িলোঁ। এক ভ্ৰমণ কাহিনীৰ আলমত লিখিছে। বিগত ৫০ বছৰে সকলোৰে অলক্ষিতে লুকাই থকা এক অলিখিত বুৰঞ্জী। দেশ,প্ৰদেশ,গাঁও আগেয়ে নাম নুশুনা অজস্ৰ এলেকাৰ কাহিনী। নতুন নতুন ঘটনাৰ মোৰ। অনন্য বৰ্ণনা আৰু উপস্থাপনে পাঠকক টানি লৈ যায় সেই দুঃসময়লৈ। যি সময়ৰ বুৰঞ্জী আজিও মানুহে নাজানে সঁচা কি। এখন যুদ্ধ। নাম ভাৰত-চীন যুদ্ধ। সৰুৰেপৰা শিকোৱা হৈছে সেয়া চীনৰ আক্ৰমণ বুলি। কিন্তু সেয়া কিমানদূৰ সত্য বাৰু? ব’মডিলা পাৰ হৈ আহিও চীনা সৈন্য কিয় ঘূৰি গ’ল? দৰাচলতে কাৰ আৰু কিহৰ কাৰণে হৈছিল

Read more

গ্ৰন্থৰ নাম:মোৰো এটা সপোন আছে-কুঞ্জ খাউণ্ড

  মই পঢ়ি ভালপোৱা গ্ৰন্থবোৰৰ ভিতৰত ডঃ ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” নামৰ এই সংবেদনশীল গ্ৰন্থখনে  হৃদয়ত এক আলোড়নৰ সৃষ্টি কৰিছিল।সেয়ে গ্ৰন্থ খনৰ এটি থুলমূল আভাষ দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে লেখকৰ পৰিচয়টো দিছোঁ–বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ মেডিচিন’ত গবেষণাৰত গৱেষক বিজ্ঞানী তথা ইন’ভেশ‍্যন ফেল’ ডঃ ৰুবুল মাউতে শৈশৱ, যৌৱনত দৰিদ্ৰতা আৰু নানা ঘাত-প্ৰতিঘাতৰ বিৰুদ্ধে অশেষ সংগ্ৰাম কৰি এদিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাছ‍্যূচেটচ বিশ্ববিদ্যালয়ৰপৰা আধুনিক জীৱবিজ্ঞানৰ এক যুগান্তকাৰী আৱিষ্কাৰ  ‘জিন এডিটিং’ৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। মানৱ কোষৰ ত্ৰুটিপূৰ্ণ

Read more

লেখকৰ প্ৰথম গ্ৰন্থঃলভ এন এডভেঞ্চাৰ অৱ ফিলিংছ্,মোৰ অনুভৱ-খজেন ডেকা

–বুকুখন ভৰি থাকিলেও কোতিয়াবা কথাবোৰে আঁত হেৰুৱাই পেলায়। ক’ব খুজিও ক’ব নোৱাৰা কথাবোৰে আকৌ বুকুলৈকে বাট পোনায়, গধুৰ হৈ পৰে বুকুৰ ভিতৰখন।  –তাই অকলে আছে ঘৰত। অকলশৰীয়া সময়বোৰে পাৰ হৈ যোৱা স্মৃতিৰ কোলাত সপোন ৰচে। হেঁপাহবোৰ জাগি উঠে। …  –মৌনতাৰো ভাষা থাকে। নিজস্ব ভাষা। কিন্তু কেতিয়াবা মৌনতায়ো বৰ অস্থিৰ কৰি তোলে মনক।…. বৰ অপূৰ্ব মৌনতা ভাষাৰ মূৰ্ছনা । অনূভৱী হৃদয়ে ঠিকেই পঢ়ি পেলাব পাৰে এই ভাষাৰ লালিত্য আৰু ব্যঞ্জনা।  —হেঁপাহৰ পিঠিতে আঁউজি আশাবোৰ ঢপলিয়াই আৰু এই আশাবোৰেই মানুহক জীয়াই থাকিবলৈ

Read more

চাহেব পুৰাৰ বৰষুণ-বৰষা ডেকা

‘চাহেব পুৰাৰ বৰষুণ’ শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৱে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত। ‘চাহেবপুৰাৰ বৰষুণ’ কাহিনীটো আৰম্ভ হৈছে বৰ্ষা আৰু প্ৰান্তিকৰ ৰেল যাত্ৰাৰে। প্ৰান্তিক হৈছে বৰ্ষাৰ প্ৰেমিক যাৰ লগত কিছুদিন পাছতেই বৰ্ষাৰ বিয়া হোৱা কথা আছিল। প্ৰান্তিক আৰু বৰ্ষাই ৰেল যাত্ৰা কৰি থাকোঁতেই তেওঁলোকৰ ৰেলখন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বিহাৰৰ চাহেবপুৰা নামৰ ঠাইত ৰ’ব লগা হয় আৰু সেই মুহূৰ্ততেই বৰ্ষাই লগ

Read more

সিংহল সমুদ্ৰ সৈকত-উৎপলা কৌৰ

‘সিংহল সমুদ্ৰ সৈকত’ শীৰ্ষক বিশিষ্ট কবি তথা গল্পকাৰ অতনু ভট্টাচাৰ্যৰ শেহতীয়া গ্ৰন্থখনি পঢ়ি উঠিলোঁ। আগতে আমাৰ বেছি ভ্ৰমণ কাহিনী পঢ়া হোৱা নাই। প্ৰকৃততে আলোচনী-বাতৰি কাকত ইত্যাদিত প্ৰকাশিত ভ্ৰমণমূলক লেখাসমূহ পঢ়ি সিমান আমোদ নাপাওঁ। পঢ়াৰ ভিতৰত ডঃ সুনীল কুমাৰ শইকীয়াৰ বিভিন্ন স্থানত হোৱা খাদ্য সম্পৰ্কীয় অভিজ্ঞতাবোৰ পঢ়োঁ আৰু উপভোগ কৰোঁ কাৰণ তেওঁ বৰ সোৱাদলগাকৈ কথাবোৰ বৰ্ণনা কৰে। খাদ্যৰ বিৱৰণ পঢ়ি যদি লোভেই নালাগে অথবা ভ্ৰমণকাহিনী পঢ়ি যদি বৰ্ণিত ঠাইখন চোৱাৰ হেঁপাহেই নাজাগে তেনেহলে সেই বৰ্ণনাৰ সাৰ্থকতানো ক’ত? সিংহল সমুদ্ৰ সৈকত পঢ়ি

Read more
1 2 3