এখন ব্যতিক্ৰমী শিশু উপন্যাস “পিউ আৰু এখন অভিনৱ পক্ষী মহোৎসৱ”-উপাসা ভাগৱতী

“পিউ আৰু এখন অভিনৱ পক্ষী মহোৎসৱ ” -নামটোৱে পটকৈ মনত সাঁচ বহুৱাই গ’ল ।এদিন স্বত্বাধিকাৰী বিজিত বৰঠাকুৰৰ ‘বুক নুক’ নামৰ কিতাপৰ প্ৰতিষ্ঠানৰ পেজটোত এগৰাকীয়ে বৰ সুন্দৰকৈ কিতাপখনৰ বিষয়ে বিশ্লেষণ কৰা চকুত পৰিছিল।এইবাৰ গুৱাহাটীৰপৰা ঘৰলৈ উভতি আহোতে নগাঁৱৰ আমোলাপট্টিত থকা  ‘বুক নুক’ত সোমাম বুলি ভাবি আহিলো।সোমাই যাওঁতেই স্বয়মে কলে… “মই কিন্তু এই কিতাপ থকা কোঠাতে বহিম।কিতাপ চাম, ইমান যে ভাল লাগিছে কিতাপবোৰ!” কিতাপৰ প্ৰতি চেষ্টা কৰিও ৰাপ আনিব নোৱাৰা ল’ৰাটোৰ উৎসাহ দেখি আচৰিত হলো।সি সমগ্ৰ কোঠাটো ঘূৰি ঘূৰি কিতাপবোৰ চাবলৈ ধৰিলে

Read more

গ্ৰন্থৰ নাম: সূৰুযমুখীৰ স্বপ্ন,লেখক: চৈয়দ আব্দুল মালিক-মামণি কলিতা

অধ্যাপক মহেন্দ্ৰ বৰাৰ ভাষাত চৈয়দ আব্দুল মালিকৰ  ‘সূৰুযমুখীৰ স্বপ্ন’ অসমীয়া উপন্যাসৰ বুৰঞ্জীত এটা  মাইলৰ খুটি। আধুনিক অসমীয়া সাহিত্যৰ  অপ্ৰতিদ্বন্দ্বী নায়ক চৈয়দ আব্দুল মালিকে গল্প, কবিতা, নাটক, প্ৰবন্ধ, উপন্যাস আদিকে ধৰি সাহিত্যৰ আটাইবোৰ দিশলৈ বলিষ্ঠ অৱদান আগবঢ়াই থৈ গৈছে৷ অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ চৈয়দ আব্দুল মালিকৰ সাহিত্য সৃষ্টিৰ পৰিধি বহুব্যাপ্ত৷ তেওঁ ৬৮ খন উপন্যাস, ২৩ খন গল্প সংকলন, ৬ খন নাটক, ১০ খন ৰেডিঅ’ নাটক, ৫ খন সংগীতালেখ্য, ৫ খন কবিতাপুথি, ৩ খন ভ্ৰমণ কাহিনী, ১৪ খন অনুবাদ গ্ৰন্থ, ৮

Read more

মুগা দ্য -গ’ল্ডেন থ্ৰেড” : সংকট আৰু সম্ভাৱনা:  (এক অৱলোকণ)-উপাসা ভাগৱতী

‘মুগা’ শব্দটোৱে অসমখনক প্ৰতিনিধিত্ব কৰে।সেই মুগাৰ  সোণোৱালী সূতাৰ অতীতৰ ইতিহাসৰপৰা ভৱিষ্যতলৈ সংকট আৰু সম্ভাৱনাৰ দৃষ্টিৰে অসমৰ গাঁৱৰ ৰাইজে কৰি থকা মুগা শিল্পৰ পুঙ্খানুপুঙ্খ এক তথ্যসম্বলিত দস্তাবেজ হৈছে ‘মুগা দ্য গোল্ডেন থ্ৰেড অফ আসাম’। লেখিকা ডঃ তুলিকা বৰুৱা খেৰাজখাত মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা।এইখন তেওঁৰ চতুৰ্থ গ্ৰন্থ। অসমীয়াৰ জীৱনৰ লগত অংগাংগীৰূপে সাঙোৰ খাই থকা মুগাক মূল উপজীব্যৰূপে লৈ ইয়াৰ গৌৰৱোজ্জ্বল ইতিহাসৰপৰা বৰ্তমানলৈকে, বিশ্ব বাণিজ্যত ইয়াৰ গুৰুত্ব আৰু প্ৰসাৰৰ  সকলো দিশ সামৰি লিখা ই এখন উল্লেখযোগ্য গ্ৰন্থ।লেখিকাই জন্মলগ্নৰেপৰা ঢকুৱাখানাৰ নিজ গৃহৰ লগতে সমগ্ৰ

Read more

“অসম ভৱন,মুম্বাই আৰু মই’-সংহিতা ভট্টাচাৰ্য্য

ত্রিনয়ন সন্দিকৈদেৱৰ ‘অসম ভৱন,মুম্বাই আৰু মই’- প্ৰত্যাহ্বান, অভিজ্ঞতা আৰু সংগ্ৰামৰ এক অবিৰত যাত্ৰা’….এখন ভাল লগা গ্ৰন্থ। ত্ৰিনয়ন সন্দিকৈ দেৱৰ ‘অসম ভৱন মুম্বাই আৰু মই’ হৈছে  জীৱনৰ বিভিন্ন তিতা-মিঠা অভিজ্ঞতাৰে লিখা, জীৱনৰ প্ৰতি প্ৰত্যাহ্বান লগতে আত্মবিশ্লেষণমূলক আৰু বহু তথ্যৰে ভৰপূৰ এখন অতি মনোৰম গ্ৰন্থ। প্ৰকৃতাৰ্থত ক’ব পাৰি গ্ৰন্থখন হৈছে এখন ব্যতিক্ৰমী গ্ৰন্থ।        “ঐ মোক ইনচাল্ট নকৰিবি।          কি বুলি ভাবিছ?          মোক বম্বেত মাতি আছে।”        গ্ৰন্থখনিত প্ৰথম আৰম্ভ হোৱা এই কথাখিনিৰপৰাই অনুমান কৰিব পাৰি যে- লিখকে ল’ৰালি কালৰেপৰা মনত অযুত সপোন লৈ কেনেকৈ

Read more

স্বাৱলম্বন-কুঞ্জ খাউণ্ড

ছেমুৱেল স্মাইছৰ (Self-Help)গ্ৰন্থখনৰ অসমীয়া অনুবাদ ভহ’ল স্বাৱলম্বন।ছেমুৱেল স্মাইলছৰ জন্ম ইংলেণ্ডৰ হেডিংটন নামৰ ঠাইত।তেওঁৰ পিতৃ আছিল এজন দোকানী।ছেমুৱেল নিজে এজন ছাৰ্জন,বাতৰি কাকতৰ সম্পাদক, এটা ৰেল কোম্পানীৰ ছেক্ৰেটাৰি।আজৰি সময়ত সামাজিক আৰু ৰাজনৈতিক সংস্কাৰৰ কথা চিন্তা কৰি বহুত নেতৃস্থানীয় ব্যক্তি ,উদ্যোগপতি আৰু নিজৰ ভৰিত থিয় দি মহান হোৱা ছাত্ৰৰ জীৱনী লিখিছিল।এইখন গ্ৰন্থকে ডঃ প্ৰফুল্ল কটকী দেৱে অসমীয়ালৈ সুন্দৰ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ কিঞ্চিৎ হলেও অৱদান আগবঢ়ালে।এই গ্ৰন্থখনো পৃথিৱীৰ অনেক ভাষালৈ অনুবাদ কৰা হৈছে।যদিও সময় সলনি হৈ মানুহৰ ধ‍্যান ধাৰণা বেলেগ হৈছে, বিজ্ঞান

Read more

ইকিগাই-কুঞ্জ খাউণ্ড

গ্ৰন্থখনৰ নামটোৰ অৰ্থই হ’ল দীৰ্ঘায়ু আৰু সুখী জীৱনৰ জাপানী ৰহস্য। আমাৰ মনত অলপো সন্দেহ নাই যে   জাপানেই হৈছে বিশ্বৰ দীৰ্ঘ জীৱন লাভ কৰা ব‍্যক্তিসকলৰ অন‍্যতম হোতা। মই এটি থুলমূল আভাষেৰে আলোকপাত কৰিবলৈ লোৱা কিতাপখনৰ নাম হ’ল  ‘ইকিগাই’। যিখন কিতাপ পৃথিৱীৰ ৬০ টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে। কিতাপখনৰ লেখক হ’ল-হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সেক মিৰালেছ। অসমীয়ালৈ সুন্দৰ অনুবাদ কৰিছে ড০ কুল কমল সেনাপতিয়ে, তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। ‘ইকিগাই’ হ’ল এটা জাপানী শব্দ। অন্যান্য দেশৰ তুলনাত জাপানীসকলৰ দীৰ্ঘ জীৱনৰ সৈতে জড়িত হৈ

Read more

মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত-সংহিতা ভট্টাচাৰ্য

মহাকাব্যৰ ওপৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস ত্ৰৈলোক্য ভট্টাচাৰ্য্য ৰ ‘উত্তৰাকাণ্ড’ত নাৰীবাদী বৈশিষ্ট্য: এক আলোকপাত সমগ্ৰ জীৱন নিৰৱচ্ছিন্ন ভাবে অসমীয়া ভাষা সাহিত্যৰ সেৱাত আত্মনিয়োগ কৰা সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য্য হ’ল এক অসাধাৰণ সৃষ্টিশীল ব্যক্তিত্বৰ অধিকাৰী। ‘দুই বন্ধু’ গল্পটোৰে সাহিত্য জীৱন আৰম্ভ কৰা ভট্টাচাৰ্য্য দেৱৰ প্ৰথম উপন্যাস হ’ল চীনাযুদ্ধৰ পটভূমিত লিখা ‘বুদ্ধদেৱৰ মৃত্যু’। ইয়াৰ পিছত ঊনবিংশ শতিকাৰ অসমীয়া ভাষা সাহিত্যৰ এক সংকটপূৰ্ণ সময়ক লৈ ৰচনা কৰা উপন্যাস ‘সাঁচিপাতৰ পুথি’, আহোমৰ ছশ বছৰীয়া ৰাজত্বকালৰ মৰ্মস্পৰ্শী সত্যকাহিনীৰ আধাৰত ৰচিত ‘চৰাইদেও’, মহাকাব্যৰ আধাৰত ৰচিত প্ৰথম অসমীয়া

Read more

গ্ৰন্থ:১৯৬২,লেখক: মৃণাল তালুকদাৰ-মামণি কলিতা

মৃণাল তালুকদাৰৰ ‘১৯৬২’ পঢ়িলোঁ। এক ভ্ৰমণ কাহিনীৰ আলমত লিখিছে। বিগত ৫০ বছৰে সকলোৰে অলক্ষিতে লুকাই থকা এক অলিখিত বুৰঞ্জী। দেশ,প্ৰদেশ,গাঁও আগেয়ে নাম নুশুনা অজস্ৰ এলেকাৰ কাহিনী। নতুন নতুন ঘটনাৰ মোৰ। অনন্য বৰ্ণনা আৰু উপস্থাপনে পাঠকক টানি লৈ যায় সেই দুঃসময়লৈ। যি সময়ৰ বুৰঞ্জী আজিও মানুহে নাজানে সঁচা কি। এখন যুদ্ধ। নাম ভাৰত-চীন যুদ্ধ। সৰুৰেপৰা শিকোৱা হৈছে সেয়া চীনৰ আক্ৰমণ বুলি। কিন্তু সেয়া কিমানদূৰ সত্য বাৰু? ব’মডিলা পাৰ হৈ আহিও চীনা সৈন্য কিয় ঘূৰি গ’ল? দৰাচলতে কাৰ আৰু কিহৰ কাৰণে হৈছিল

Read more

গ্ৰন্থৰ নাম:মোৰো এটা সপোন আছে-কুঞ্জ খাউণ্ড

  মই পঢ়ি ভালপোৱা গ্ৰন্থবোৰৰ ভিতৰত ডঃ ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” নামৰ এই সংবেদনশীল গ্ৰন্থখনে  হৃদয়ত এক আলোড়নৰ সৃষ্টি কৰিছিল।সেয়ে গ্ৰন্থ খনৰ এটি থুলমূল আভাষ দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে লেখকৰ পৰিচয়টো দিছোঁ–বৰ্তমান ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ মেডিচিন’ত গবেষণাৰত গৱেষক বিজ্ঞানী তথা ইন’ভেশ‍্যন ফেল’ ডঃ ৰুবুল মাউতে শৈশৱ, যৌৱনত দৰিদ্ৰতা আৰু নানা ঘাত-প্ৰতিঘাতৰ বিৰুদ্ধে অশেষ সংগ্ৰাম কৰি এদিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাচাছ‍্যূচেটচ বিশ্ববিদ্যালয়ৰপৰা আধুনিক জীৱবিজ্ঞানৰ এক যুগান্তকাৰী আৱিষ্কাৰ  ‘জিন এডিটিং’ৰ বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে। মানৱ কোষৰ ত্ৰুটিপূৰ্ণ

Read more

লেখকৰ প্ৰথম গ্ৰন্থঃলভ এন এডভেঞ্চাৰ অৱ ফিলিংছ্,মোৰ অনুভৱ-খজেন ডেকা

–বুকুখন ভৰি থাকিলেও কোতিয়াবা কথাবোৰে আঁত হেৰুৱাই পেলায়। ক’ব খুজিও ক’ব নোৱাৰা কথাবোৰে আকৌ বুকুলৈকে বাট পোনায়, গধুৰ হৈ পৰে বুকুৰ ভিতৰখন।  –তাই অকলে আছে ঘৰত। অকলশৰীয়া সময়বোৰে পাৰ হৈ যোৱা স্মৃতিৰ কোলাত সপোন ৰচে। হেঁপাহবোৰ জাগি উঠে। …  –মৌনতাৰো ভাষা থাকে। নিজস্ব ভাষা। কিন্তু কেতিয়াবা মৌনতায়ো বৰ অস্থিৰ কৰি তোলে মনক।…. বৰ অপূৰ্ব মৌনতা ভাষাৰ মূৰ্ছনা । অনূভৱী হৃদয়ে ঠিকেই পঢ়ি পেলাব পাৰে এই ভাষাৰ লালিত্য আৰু ব্যঞ্জনা।  —হেঁপাহৰ পিঠিতে আঁউজি আশাবোৰ ঢপলিয়াই আৰু এই আশাবোৰেই মানুহক জীয়াই থাকিবলৈ

Read more
1 2 3