চাহেব পুৰাৰ বৰষুণ-বৰষা ডেকা

‘চাহেব পুৰাৰ বৰষুণ’ শ্ৰদ্ধাৰ অনুৰাধা শৰ্মা পূজাৰী বাইদেউৱে ৰচনা কৰা এখন জনপ্ৰিয় অসমীয়া উপন্যাস। এই উপন্যাসৰ কাহিনী কল্পনা আৰু বাস্তৱ জীৱনৰ সংমিশ্ৰণৰ আলমত লিখা হৈছে। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৩ চনত। ‘চাহেবপুৰাৰ বৰষুণ’ কাহিনীটো আৰম্ভ হৈছে বৰ্ষা আৰু প্ৰান্তিকৰ ৰেল যাত্ৰাৰে। প্ৰান্তিক হৈছে বৰ্ষাৰ প্ৰেমিক যাৰ লগত কিছুদিন পাছতেই বৰ্ষাৰ বিয়া হোৱা কথা আছিল। প্ৰান্তিক আৰু বৰ্ষাই ৰেল যাত্ৰা কৰি থাকোঁতেই তেওঁলোকৰ ৰেলখন দুৰ্ঘটনাত পতিত হোৱাৰ বাবে বিহাৰৰ চাহেবপুৰা নামৰ ঠাইত ৰ’ব লগা হয় আৰু সেই মুহূৰ্ততেই বৰ্ষাই লগ

Read more

সিংহল সমুদ্ৰ সৈকত-উৎপলা কৌৰ

‘সিংহল সমুদ্ৰ সৈকত’ শীৰ্ষক বিশিষ্ট কবি তথা গল্পকাৰ অতনু ভট্টাচাৰ্যৰ শেহতীয়া গ্ৰন্থখনি পঢ়ি উঠিলোঁ। আগতে আমাৰ বেছি ভ্ৰমণ কাহিনী পঢ়া হোৱা নাই। প্ৰকৃততে আলোচনী-বাতৰি কাকত ইত্যাদিত প্ৰকাশিত ভ্ৰমণমূলক লেখাসমূহ পঢ়ি সিমান আমোদ নাপাওঁ। পঢ়াৰ ভিতৰত ডঃ সুনীল কুমাৰ শইকীয়াৰ বিভিন্ন স্থানত হোৱা খাদ্য সম্পৰ্কীয় অভিজ্ঞতাবোৰ পঢ়োঁ আৰু উপভোগ কৰোঁ কাৰণ তেওঁ বৰ সোৱাদলগাকৈ কথাবোৰ বৰ্ণনা কৰে। খাদ্যৰ বিৱৰণ পঢ়ি যদি লোভেই নালাগে অথবা ভ্ৰমণকাহিনী পঢ়ি যদি বৰ্ণিত ঠাইখন চোৱাৰ হেঁপাহেই নাজাগে তেনেহলে সেই বৰ্ণনাৰ সাৰ্থকতানো ক’ত? সিংহল সমুদ্ৰ সৈকত পঢ়ি

Read more
1 2 3