বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ-বিশ্বৰাণী ভূঞা

শিশুক সৰুৰেপৰা ঘৰতেই বিজ্ঞানমনস্ক, যুক্তিবাদী হ’বলৈ শিকাব লাগে ৷ “এইটো কাম কৰিব নাপায়” বুলি ক’লে “কিয় নাপায়” তাৰ যথাযথ উত্তৰ দিব পাৰিব লাগে।যেনে ধৰক : জন্মবাৰত চুলি,নখ কাটিব নাপায় বুলি বহুতে কয় ৷ সৰুৱে “কিয় নাপায়” বুলি সুধিলে, ডাঙৰে প্ৰশ্নটোৰপৰা ফালৰি কাটি গৈ “তুমি আজিকালি মুখে মুখে প্ৰশ্ন কৰা হৈছা দেই, নাপায় বুলি কৈছো নাপায়”  বুলি দাবি-ধমকি দি আঁতৰি গ’লে সমস্যাৰ সমাধান নহয় ৷ “কিয় নাপায়” তাৰ কাৰণ, যুক্তি, তথ্য, প্ৰমাণ সহকাৰে শিশুক বুুজাই দিব লাগে ৷ সকলো কাৰ্য্যৰে কাৰণ

Read more

জীৱন : এক সুন্দৰ আৰ্শীবাদ-চন্দামিতা শৰ্মা

ড০ নিৰ্মল প্ৰভা বৰদলৈৰ ভাষাত “জীৱন জীৱন বৰ অনুপম”।সঁচাকৈয়ে জীৱন সুন্দৰ,জীৱন অমূল্য।সেয়েহে হয়তো কোৱা হয় যে – আপুনি যে জীয়াই আছে পৃথিৱীত,তাতকৈ ডাঙৰ কথা একো নাই। এনে ভাৱ মনত লৈয়ে  সৰুৰেপৰা ডাঙৰ হোৱা এজন সুন্দৰ-সুঠাম দেহৰ যুৱক।সৰুৰেপৰাই যথেষ্ট সাহসী আৰু দু:সাহসিক ক্ৰীড়াৰ প্ৰতি অতি উৎসাহী।ল’ৰাজনে  সৰুৰেপৰাই দুচকুত কঢ়িয়াই লৈ ফুৰিছিল এক সপোন,  এভাৰেষ্ট শৃংগত আৰোহণ কৰাৰ।সময় নিজ কক্ষত ঘূৰি আছিল আৰু সমানে দৃঢ় হৈছিল ল’ৰাজনৰ সপোন।সময়ত ল’ৰাজনে যোগদান কৰিলে নিজ দেশৰ সেনাবাহিনীত।কিন্তু..। পেৰাগ্লাইডিঙৰ সময়ত প্ৰায় ১৭,০০০ ফুট উচ্চতাৰপৰা পৰি ল’ৰাজন ঘূণীয়া হৈছিল।

Read more

সাহিত্য : সমাজ গঢ়াৰ এক আহিলা-ববিতা শৰ্মা 

‘সাহিত্য’ হ’ল এক প্ৰকাৰৰ কলা । এই কলাক লিখন শিল্প বুলিও অভিহিত কৰা হয়।প্ৰাথমিকভাবে এই শিল্পক গদ্য, পদ্য আৰু নাটক — এই তিনিটা ভাগত ভাগ কৰা হয়।সাহিত্য শব্দটো আমাৰ ভাষালৈ সংস্কৃত ভাষাৰপৰা আহিছে।শব্দটো সংস্কৃত ‘সহিত’ শব্দৰপৰা নিষ্পন্ন, যাৰ বুৎপত্তিগত অৰ্থ হ’ল সংগতি বা মিলন।এই মিলন শব্দ আৰু অৰ্থৰ মিলন। সাধাৰণ অৰ্থত সমাজ হ’ল ব্যক্তিৰ সমষ্টি।শব্দটোৰ আভিধানিক অৰ্থয়ো অনুৰূপ ধাৰণাকে দিয়ে।অভিধান অনুসৰি  ‘সমাজ’ শব্দটোৰ অৰ্থ হ’ল ‘মানুহৰ সমূহ’।একে ৰাজনৈতিক কৰ্তৃত্ব আৰু প্ৰভাৱশালী সাংস্কৃতিক বৈশিষ্ট্যসম্পন্ন, একে সামাজিক সম্পৰ্কৰে জড়িত ব্যক্তিৰ একোটা গোটক

Read more

ভূপেনদাৰ গীতত শ্ৰেণী-বৈষম্যহীন সমাজৰ সপোন: ‘দোলা হে দোলা’ গীতৰ বিশেষ উল্লিখন সহ-ড° চাহিন জাফ্ৰি

“ড° ভূপেন হাজৰিকাৰ প্ৰায়বােৰ গীততেই এখন শ্রেণী-বৈষম্যহীন সমাজ বা সাম্যবাদৰ সুৰ শুনিবলৈ পােৱা যায়।বিশেষকৈ জাতিপ্রেমী মনােভাৱ তথা মানৱদৰদী সুৰেই তেওঁৰ গীতসমূহক এক উচ্চ পর্যায়ত অধিস্থিত কৰাইছে বুলি ক’ব পাৰি। সময়ে সময়ে তেওঁৰ বহু গীতত বিদ্রোহী প্রাণৰ স্পষ্ট সুৰ এটিও শুনিবলৈ পােৱা যায়।শােষণকাৰীৰ বিৰুদ্ধে, অত্যাচাৰীৰ বিৰুদ্ধে, দমনকাৰীৰ বিৰুদ্ধে, দৰিদ্র বা শ্রমিকে ভূগিবলগীয়া হােৱা নিৰ্যাতনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মানুহক উৎপ্ৰেৰণা যােগােৱাত তেওঁৰ বিদ্রোহী গীতবিলাক লাচিতৰ তৰােৱালতকৈও চোকা।” (দিলীপ কুমাৰ দত্ত, ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ, পৃ. ৭৫)  “তেওঁৰ হে’দোলা হে’ দোলা

Read more

কুইজৰ কিছু কথা-ড০  মৃদুস্মিতা ফুকন

“আমাৰ পূজা-পাৰ্বণ বা শ্ৰাদ্ধাদিত সাধাৰণতে জাহাজী কল ব্যৱহাৰ কৰা নহয় কিয়?”—কুইজ প্ৰতিযোগিতা এখনত প্ৰশ্নকৰ্তাজনে প্ৰতিযোগীকেইজনৰ উদ্দেশ্যে এই কুইজটো নিক্ষেপ কৰিলে। _______________________________________________ ইতিমধ্যে অনুষ্ঠানটোত ভাগ লোৱা ল’ৰা-ছোৱালী কেইটাক দেখি আমি অভিভূত হৈ পৰিছিলোঁ।বিজ্ঞান-বাণিজ্য,সমাজ-সংস্কৃতি,খেল-খাদ্য যি বিষয়ৰে প্ৰশ্ন নকৰক লাগে, আটাইবোৰৰে উত্তৰ দিবলৈ তেওঁলোক সদা তত্‍পৰ।আটাইবোৰ উত্তৰেই যেন তেওঁলোকৰ জিভাৰ আগত। ইয়াকে বোধকৰো কণ্ঠত সৰস্বতীয়ে থিত লোৱা বুলি কয়।মই এই ল’ৰা-ছোৱালীকেইটাক দেখিছিলোঁ টেলিভিছনৰ পৰ্দাত—তেওঁলোকে কুইজৰ অনুষ্ঠান এটাত ভাগ লৈছিল|কিন্তু উল্লিখিত প্ৰশ্নটো শুনি সেই সপ্ৰতিভ প্ৰতিযোগী ল’ৰা-ছোৱালীকেইটাৰ মুখৰ মাত হৰিল।পৰস্পৰে পৰস্পৰৰ মুখলৈ চোৱা-চুই কৰিলে।আনকি

Read more

অসমৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য  অংশ: থিয় নাম বা বীৰ নাম-ৰীণা দাস

এজন পাঠক আৰু ৫/৬ জনমান সহযোগীয়ে থিয় হৈ দলবদ্ধভাবে নৃত্যছন্দৰ মাজেৰে ঘোষা আৰু পদ তালৰ সহায়ত পৰিৱেশন কৰা ভক্তিমূলক অনুষ্ঠানটিয়েই হ’ল  ‘থিয় নাম  বা  বীৰ নাম’। নামৰ পদসমূহ ভাগৱত শাস্ত্ৰৰপৰা লোৱা হয়। ‘থিয় নাম’ বা  দৈত্য বীৰসকলে গোৱা ‘বীৰ নাম’ৰ মুখ্য পাঠক পৰম বৈষ্ণব প্ৰহ্লাদ। আমাৰ অসমত জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ দিনৰে পৰা ‘থিয় নাম’ বা  ”বীৰ নাম’ৰ প্ৰচলন হোৱা বুলি ধৰিব পাৰি।ধুঞাহাট বেলগুৰিত থিয় নামৰ প্ৰথম আৰম্ভণি হয় আৰু সেয়া আছিল ‘পালনাম’ৰ এটি বিশেষ মুহূৰ্তত। ধুঞাহাটত পালনামৰ লগে লগে

Read more

শক্তিতত্ত্ব আৰু অসমত ইয়াৰ ক্ৰমবিকাশ-বৰষা ডেকা

শক্তি উপাসনাৰ দেশ ভাৰতবৰ্ষ। ভাৰতৰ উত্তৰ-পূব অঞ্চল অসম (প্ৰাচীন নাম কামৰূপ) শক্তি পূজাৰ কেন্দ্ৰস্থল। অসমৰ গুৱাহাটীত অৱস্থিত নীলাচলৰ কামাখ্যা মন্দিৰ শক্তি উপাসনাৰ কেন্দ্ৰবিন্দু। এই শক্তি পূজাৰ মূল উৎস ক’ত? মহেঞ্জদাৰোত আৱিষ্কৃত বিভিন্ন নাৰীমূৰ্তি লক্ষ্য কৰিলে শক্তিৰ উৎপত্তি তথা ধাৰণা পূৰ্ব বৈদিক বুলি অনুমান হয়। কিন্তু পণ্ডিত সমাজে এই কথা মানি নলৈ শক্তিৰ উৎপত্তি সম্বন্ধে বহু মত পোষণ কৰিছে। ১. কিছুমানৰ মতে Fertility theory-য়েই শক্তি ধৰ্মৰ উৎপত্তিৰ মূল কাৰণ। তেওঁলোকৰ মতে পৃথিৱীখন মাতৃ; ইয়াৰ লগতে কৃষি কাযৰ্কো জড়িত কৰিছে। ২. মাতৃ

Read more

অধঃপতিত যুৱসমাজ আৰু অভিভাৱকৰ কৰ্তব্য-ইলি তালুকদাৰ

মানৱ সম্পদ সকলো সম্পদতকৈ শ্ৰেষ্ঠ সম্পদ। যুৱশক্তি এই সম্পদৰে এক গুৰুত্বপূৰ্ণ অংশীদাৰ। এখন দেশৰ সামগ্ৰিক উন্নয়নৰ মূল চালিকাশক্তিয়েই হৈছে যুৱ সমাজ। সম্প্ৰতি  যেন এই শক্তিৰ অৱক্ষয় হ’বলৈ লৈছে। যুৱ সমাজক কেন্দ্ৰ কৰি দেখা দিয়া উচ্ছৃংখলতাই সম্প্ৰতি এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ইয়ে দেশৰ উজ্জ্বল ভৱিষ্যতৰ বিপৰীতে এক অন্ধকাৰ ভৱিষ্যতৰ ছবি এখনহে দাঙি ধৰিছে। আজি কিছুবছৰ আগলৈ  অসম এখন শান্তিপূৰ্ণ অতিথিপৰায়ণ ৰাজ্য হিচাপে বিখ্যাত আছিল । অতিথিপৰায়ণতাৰ যেন সুযোগ ল’লে বিদেশী নাগৰিকে। সমস্যাৰে জৰ্জৰিত সমাজখনত এটা সমস্যাৰো  যেন সমাধান নহ’ব ।

Read more

প্ৰদূষণৰ  প্ৰত্যাহ্বান আৰু ইয়াৰ বিকল্প-চন্দামিতা শৰ্মা

প্ৰকৃতি হৈছে মানুহৰ প্ৰাণস্পন্দন – যি সঞ্জীৱনী  সুধা হৈ জীৱনক গতিশীল কৰি ৰাখিছে। ধৰিত্ৰীয়ে শিকাই  মানুহক জীয়াই থকাৰ   অমোঘ মন্ত্ৰ।পাহাৰ-পৰ্বত, নৈ-জান-বিল -নিজৰা আদিয়ে যি অনুপম নৈসৰ্গিক পৰিৱেশ ৰচনা কৰে তাৰ মাজতে আচলতে আমি   বিচাৰি পাব লাগিছিল জীৱনৰ অৰ্থ, জীয়াই থকাৰ মন্ত্ৰ। কিন্তু বাস্তৱক্ষেত্ৰত  এই মাতৃস্বৰূপা ধৰিত্ৰীৰ  ওপৰত  পদে পদে কৰি আহিছে অমানুষিক অত্যাচাৰ, সততে জীৱশ্ৰেষ্ঠ(?) বুলি  অহংকাৰ কৰা মানুহ নামৰ  প্ৰজাতিটোৱে ।অবৰ্ণনীয় ক্ষতিসাধনৰ ফলত বিনষ্ট হৈছে পৰিবেশ,  বিনষ্ট হৈছে প্ৰকৃতি। মানৱজাতিয়ে যান্ত্ৰিকতাৰ যি প্ৰতিযোগিতা পাতিছে, সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত সেউজী ধৰণী

Read more

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত এক পৰিৱৰ্তন-বৰষা ডেকা

অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত ক্ৰমে ক্ৰমে এক পৰিৱৰ্তনে গা কৰি উঠিছে৷ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছৰ পৰাই ইংৰাজৰ শাসন আৰু বাঙালী আমোলাসকলৰ চলন-ফুৰণ, আচাৰ-ব্যৱহাৰৰ প্ৰতি অন্ধ অনুকৰণে অসমীয়া সংস্কৃতিৰ ভেঁটি কপাই থৈ যায়৷ সংস্কৃতিৰ ক্ষেত্ৰত সততে এটা কথা ব্যৱহাৰ কৰা হয় ‘সংস্কৃতি পৰিৱৰ্তনশীল’৷ এই কথা ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংস্কৃতিৰ ধাৰণাৰো পৰিৱৰ্তন হয়৷ পূৰ্বতে মানুহ গাঁৱত বাস কৰিছিল৷ ক্ৰমে ক্ৰমে মানুহ নগৰমুখী হ’ল৷ নানান শিল্প-বাণিজ্যৰ প্ৰসাৰ বাঢ়িল৷ উদ্যোগৰ সৃষ্টি হ’ল৷ সংস্থাপনৰ কাৰণে মানুহে নিজৰ গাঁও এৰি নগৰত বাস কৰিবলৈ

Read more
1 2 3 4