সাহিত্য জগতলৈ ছাত্ৰ সমাজৰ ভূমিকা-বৰষা ডেকা

সাহিত্য মানে কেৱল কাগজৰ ক’লা ক’লা আখৰৰ শাৰী নহয়। সাহিত্য মানে এটা জাতিৰ শ্বাস-প্ৰশ্বাস। যেতিয়া জাতিটোৱে কান্দে, তেতিয়া কোনোবা এজন কবিৰ কলমৰ পৰা চকুপানী বৈ আহে। যেতিয়া জাতিটোৱে সপোন দেখে, তেতিয়া কোনোবা এজন গল্পকাৰৰ কল্পনাত নতুন পৃথিৱী এখন গঢ় লৈ উঠে। আৰু এই নিশ্বাসক প্ৰতিটো পুৱাই নতুনকৈ তেজ দি জীয়াই ৰাখে কোনে? তেওঁলোকেই হ’ল আমাৰ ছাত্ৰ সমাজ। কাৰণ ছাত্ৰ জীৱনটোৱেই হ’ল সেই মধুৰ সময় য’ত মনত ভয় নাথাকে, কলমত বান্ধোন নাথাকে। যি অনুভৱ হয় তাকেই শব্দৰ ৰূপ দিবলৈ ইচ্ছা হয়।

Read more

তমসো মা জ্যোতিৰ্গময়-বিজয়া শৰ্মা

“তমসো মা জ্যোতির্গময়” প্রাচীন বৃহদাৰণ্যক উপনিষদৰ এক প্ৰসিদ্ধ  মন্ত্ৰৰ এটা অংশ। ইয়াৰ অৰ্থ হৈছে…… “হে ঈশ্বৰ মোক অন্ধকাৰৰ পৰা পোহৰৰ দিশে লৈ যোৱা।”  এই বাক্যাংশৰ মাজত বহুত গভীৰ অর্থ নিহিত হৈ আছে। পোহৰ মানে অন্তৰাত্মাৰ পোহৰ। অজ্ঞানতাৰ পৰা জ্ঞান প্ৰাপ্তিৰ দিশে যাত্রা। অজ্ঞানতা প্ৰকৃততে মন আৰু আত্মাৰ অন্ধকাৰ।এই মন্ত্ৰৰদ্বাৰা আমি নিজকে প্ৰেম,সত্য আৰু বিনম্ৰতাৰ দিশে লৈ যাব পাৰোঁ। বর্তমান ভোগবাদী পৃথিৱীখনত মানৱতা, নৈতিকতা আদিৰ কোনো মূল্যয়েই নোহোৱা হৈছে। আমি যেন বর্তমান অন্ধকাৰৰ দিশে ধাবিত হৈছোঁ। কিন্তু আমাৰ ভাৰতীয় গ্রন্থসমূহে সুস্থ

Read more

জ্যোতিপ্ৰসাদৰ নাটকত জিলিকা অসমীয়া নাৰী চৰিত্ৰ, এটি আলোকপাত-উপাসা ভাগৱতী

জ্যোতিৰে জেউতিৰে অসমীয়া ভাষা সাহিত্য,সমাজ, সংস্কৃতি উজলি আছে। পুৰোধা ব্যক্তিগৰাকীয়ে নিজৰ নামটোৰ দৰেই জ্যোতিৰ্মান  কৰি গৈছে অসমীয়া সাহিত্যৰ প্ৰতিটো চুক-কোণ।  সাহিত্যৰ প্ৰতিটো খলপ তেখেতৰ কলমেৰে নিগৰা সুৰে অসমীয়াৰ কাণত লাগি হৃদয় পৰশেগৈ।  অসমৰ সাহিত্য, সংস্কৃতিৰ  প্ৰতিটো দিশ তেখেতৰ কলমৰ জ্যোতিৰে আজিও আলোকিত। জ্যোতিপ্ৰসাদ আগৰৱালা নামৰ অগৰৰ সুগন্ধিৰে অসমীয়াৰ দেহ-প্ৰাণ সুগন্ধিময়। একেধাৰে অসমীয়া ভাষা-সংস্কৃতি, গীত-মাত, নৃত্য-বাদ্য, অভিনয়, নাট্যকলা, চিত্রকলা সকলো দিশতে প্ৰতিভাশালী ব্যক্তিসকলৰ ভিতৰত তেজপুৰৰ বিখ্যাত আগৰৱালা পৰিয়ালত জন্ম গ্রহণ কৰা জ্যোতি প্ৰসাদে প্ৰতিটো সাহিত্যৰ ধাৰাত জুবুৰিয়াই গৈছে তেখেতৰ কলম। এই

Read more

আদি গুৰুৰ প্ৰতি আমাৰ দায়বদ্ধতা আৰু কৰণীয়-বিৰিঞ্চি মহন্ত

যিটো পিতৃ-মাতৃ জনিলেক দেহ পুষিলেক অনুদিন  শতেক বৎসৰে যিটো পুত্ৰ তাৰ সুদিব নপাৰে ঋণ॥”( দশম, পদ ২১২৬) শাস্ত্ৰ বা ভাগৱতত উল্লিখিত কথা বুলিয়েই নহয়, আমাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আমি যিমান যি কৰিলেও যাৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ সেয়াই হৈছে এই জগতৰ লগত আমাক পৰিচিত কৰা আমাৰ পিতৃ-মাতৃ। যাৰ অবিহনে আমাৰ অস্তিত্বৰ কোনো মূল্য নাই। মাতৃৰ গৰ্ভত স্থিতি লোৱাৰেপৰা সন্তানৰ প্ৰতি এহাল মানুহৰ মনত সপোনে পোখা মেলে। ভূমিষ্ঠ হোৱা সন্তানৰ প্ৰথম কান্দোনে তেওঁলোকৰো চকুলৈ চকুলো আনে। আনন্দৰ সমানে দুয়োজনৰে দায়িত্ব

Read more

ৰঙালী বিহুৰ ঐতিহ্য পৰম্পৰাৰ এক চমু আভাস-বৰষা ডেকা 

বিহু হ’ল চহা জীৱনৰ সৈতে সম্পৰ্ক থকা অসমৰ এটি উৎসৱ৷ তিনিটি বিহুৰ অন্যতম অসমীয়াৰ অতিকৈ চেনেহৰ ৰঙালী বিহুটিৰ কথা কৈ শেষ কৰিব নোৱাৰি। ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। ব’হাগ বা ৰঙালী বিহু, একেৰাহে সাতদিন ধৰি উদযাপন কৰা হয়। চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি থাকে। প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। চ’তৰ দোমাহীৰ

Read more

বিহুনামত অসমৰ নদ-নদী-ববিতা শৰ্মা 

সভ্যতাৰ উত্থান আৰু বিকাশত নদীয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে নদীক সভ্যতাৰ প্ৰাণকেন্দ্ৰ আৰু জীৱনৰেখা বুলি ভবা হয়। জীৱিকাৰ সুবিধা আৰু পৰিবহণৰ সুচলতাৰ বাবে প্ৰাচীন কালৰেপৰা নদীক কেন্দ্ৰ কৰি মানুহে বসতি স্থাপন কৰি আহিছে। কৃষিকৰ্মৰ উৎপত্তি আৰু বিকাশো নদীৰ বাবেই সম্ভৱ হৈছে। পুৰণি কালত পিয়াহৰ পানী টুপিৰ লগতে গা-ধোৱা, কাপোৰ ধোৱা আদি দৈনন্দিন কাম-কাজৰ বাবে মানুহে নদীৰ ওপৰতে নিৰ্ভৰ কৰিছিল। স্বাভাৱিকতে নদীৰ লগত মানুহৰ এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। যাৰ ফলশ্ৰুতিতে মানুহৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ

Read more

হুঁচৰি, বিহুনাম আৰু ইয়াৰ আঙ্গিকতা-জয়ন্ত গগৈ

অসমৰ হেঁপাহৰ ৰঙালী বিহুৰ এক অবিচ্ছেদ্য অংগ হ’ল হুঁচৰি।অসমীয়া লোক-সংস্কৃতিৰ প্ৰাণস্পন্দন বিহুৰ লগত হুঁচৰি আৰু বিহু নামৰ সম্পৰ্ক অতি গভীৰ আৰু অবিচ্ছেদ্য। হুঁচৰি কেৱল বাদ্য-নৃত্য নহয়, ই অসমীয়া সমাজৰ পৰম্পৰাগত অনুশাসন, ভক্তি আৰু আনন্দৰ এক সুন্দৰ মিশ্ৰণ। হুঁচৰি পৰিৱেশনৰ এক নিৰ্দিষ্ট পৰম্পৰাগত আঙ্গিক বা শৈলী আছে। সামাজিক সমন্বয় ,জাতীয় ঐতিহ্য, মানৱীয় প্ৰমূল্য আদি হুঁচৰিত আছে বাবেই হুঁচৰিয়ে জাতি-বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অসমীয়া সমাজক একেলগে বান্ধি ৰাখে।গৃহস্থৰ ঘৰলৈ গৈ পৰস্পৰৰ মাজত মৰম-চেনেহ আৰু মান-সৎকাৰ বৃদ্ধি কৰাই ইয়াৰ মূল উদ্দেশ্য।  হুঁচৰি পৰিৱেশন কৰোঁতে

Read more

বিদ্যালয় শিক্ষাত নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা-হৰগোবিন্দ দাস 

সনাতনী সভ্যতাৰে সু-প্রসিদ্ধ, সংস্কাৰ আৰু চিৰ সুন্দৰৰ সাধনাৰ সার্বিকতাৰে পৰিপূৰ্ণ বাৰেৰহণীয়া দেশ ভাৰতবৰ্ষ।অতীজৰে পৰাই পুণ্যভূমি ভাৰতবৰ্ষত মহান ঋষি-মুনি সকলৰদ্বাৰা সৃষ্টি হৈছিল- বৈদিক সাহিত্য, উপনিষদ, বেদান্ত, সাংখ্য, যোগ, আয়ুর্বেদ, নীতি-শাস্ত্র, কাব্য, মহাকাব্য, পুৰাণ আদি বিভিন্ন প্ৰকাৰৰ গ্রন্থ।য’ত ধর্ম, নীতি-জ্ঞান, মানৱৰ জীৱন দৰ্শন আৰু আত্মা-পৰমাত্মাৰ ৰহস্যৰে পৰিপূৰ্ণ আধ্যাত্মিকতাৰ মহা বীজ আৰু বিশ্বব্রহ্মাণ্ডৰ অলেখ ৰহস্যৰ সুগভীৰ শিক্ষা তত্ত্ব সংপৃক্ত হৈ আছে। এই মহা তীর্থস্থান স্বৰূপ বিশাল ভাৰতবৰ্ষৰে এখনি অঙ্গ-ৰাজ্য আমাৰ অসমভূমি। অলেখ প্রাকৃতিক সম্পদ আৰু সৌন্দৰ্য্যৰ ৰম্যভূমি এই অসমতে জন্মগ্রহণ কৰিছিল- মহাপুৰুষ শ্রীমন্ত

Read more

হিন্দু পৌৰাণিক কাহিনীত পঞ্চসতী বা পঞ্চকন্যা হৈছে অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী-কুঞ্জ খাউণ্ড

যদিও প্ৰচলিত ধাৰণাৰে সতী বুলিব পৰা নাৰী ভাৰতবৰ্ষত অজস্ৰ আছিল, বা ঐতিহাসিক কালতো এনে নাৰীৰ অভাৱ নাই তথাপি এইসকলৰ ভিতৰৰে বিশেষ পাঁচগৰাকী নাৰীক চিহ্নিত কৰি পঞ্চসতী বা পঞ্চকন্যাৰ নামেৰে চিহ্নিত কৰি আহিছে।’  -এই পাঁচগৰাকী মহীয়সী নাৰী,যাৰ নাম স্মৰণ কৰিলে মহাপাপ নাশ হয় বুলি বিশ্বাস কৰা হয়।তেওঁলোকৰ কাহিনী ত্যাগ,ধৈৰ্য্য আৰু চৰিত্ৰ দৃঢ়তাৰ প্ৰতীক, যিয়ে ৰামায়ণ আৰু মহাভাৰতৰ গুৰুত্বপূৰ্ণ মোৰসমূহ নিয়ন্ত্ৰণ কৰিছিল।আনকি তেওঁলোকৰ নাম ল’লে মহাপাপো নাশ হয় বুলি বিশ্বাস কৰা হয়। অহল্যা দ্ৰৌপদী কুন্তী তাৰা মন্দোদৰী তথা। পঞ্চকন্যা স্মৰে নিত্যং মহাপাতক

Read more

প্ৰেমৰ দাৰ্শনিক সংজ্ঞা-সংহিতা ভট্টাচাৰ্য্য

(ভাৰতীয় দৰ্শন আৰু পাশ্চাত্য দৰ্শনত প্ৰেম: এক তুলনামূলক আলোচনা)   (১) আত্মিক প্ৰেমঃ প্ৰেম সাধাৰণতে মানুহৰ লগত মানুহৰ মাজৰ এক আবেগগত সম্পৰ্ক বুলি ধৰা হয়, কিন্তু দাৰ্শনিক আৰু আধ্যাত্মিক দৃষ্টিকোণত প্ৰেম কেৱল আবেগ নহয়; ই আত্মাৰ গভীৰ অনুভৱ। এই প্ৰেম কেৱল মানুহৰ লগত মানুহৰ মাজৰ আবেগিক সম্পৰ্কই নহয়। বৰঞ্চ প্ৰেম হৈছে মানুহৰ লগতে জীৱ জন্তু, গছ-গছনি, প্ৰকৃতি আদি সকলোৰে লগত হোৱা এক আত্মিক উপলব্ধি। আত্মিক প্ৰেম মানে হৈছে এনে এক অনুভূতি য’ত মানুহে নিজৰ স্বাৰ্থ, অহংকাৰ আৰু সংকীর্ণতাক অতিক্ৰম কৰি আনজনৰ

Read more
1 2 3 5