অসমত নাৰী মুক্তি আন্দোলনৰ বাটকটীয়া…..হেমচন্দ্ৰ বৰুৱা-ববিতা শৰ্মা
নাৰী আৰু পুৰুষ সমাজৰ দুই প্ৰধান চালিকা শক্তি। দুই স্তম্ভ।উভয়ে উভয়ৰ পৰিপূৰক হৈ নাৰী আৰু পুৰুষ মিলি সমাজ এখন আগবঢ়াই নিয়ে।পুৰুষৰ অবিহনে নাৰী, নাৰীৰ অবিহনে পুৰুষ অসম্পূৰ্ণ।বিশ্ব ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে সভ্যতাৰ বিকাশত নাৰীসকলে পুৰুষৰ সমানেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।এই ক্ষেত্ৰত ভাৰতীয় নাৰীসকলো পিছ পৰি থকা নাই।বৈদিক যুগৰেপৰা ভাৰতীয় নাৰীয়ে সভ্যতাৰ বিকাশত আগবঢ়াই অহা অৱদানৰ সাক্ষী ভাৰতীয় ইতিহাস। বৈদিক যুগৰেপৰা যুগে যুগে ভাৰতীয় নাৰী ৰাজনীতিৰ পৰা শিক্ষা-সংস্কৃতি, সামৰিক, প্ৰশাসনিক, অৰ্থনীতি তথা সামাজিক ক্ষেত্ৰত স্ব মহিমাৰে জিলিকি আছে।প্ৰাচীন
Read more