উজনি অসমৰ মৰাণ জনগোষ্ঠীৰ ব’হাগ বিহুৰ পৰম্পৰা আৰু মৌখিক গীতি সাহিত্য-শ্ৰী সদানন্দ ভূঞা

(‘ক’ অংশ ) বসন্ত উৎসৱ হৈছে ঋতুৰ উৎসৱ । প্ৰকৃতিৰ আহ্বানত, প্ৰকৃতিৰ ৰঙেৰে, কৃষিজীৱী লোকে দেহ-মন ৰঙাই তোলা প্ৰাকৃতিক উৎসৱ। অসমৰ প্ৰায় প্ৰতিটো সৰু-বৰ জাতি-জনগোষ্ঠীয়ে নিজা নিজা ৰীতি-নীতি, লোকাচাৰ-পৰম্পৰা মানি পালন কৰা এক সাৰ্বজনীন লোক উৎসৱ… বসন্ত উৎসৱ । পোছাকী নাম হয়তো বেলেগ বেলেগ । কাৰোবাৰ বাবে ব’হাগ , কাৰোবাৰ বাবে বৈশাখ বা বৈশাখী, কাৰোবাৰ বাবে বহাগী বিচুৱা, আন কাৰোবাৰ বাবে বৈছাগু । ব’হাগ মাহত আনুষ্ঠানিক ৰূপত পালন কৰা হয় বাবে সামূহিকভাৱে কোৱা হয়  ‘ব’হাগ বিহু’। জাতি, ধৰ্ম, ভাষা, গোষ্ঠী

Read more

নাৰী স্বাধীনতা, মৰ্যদা ইত্যাদি-বৰষা ডেকা

মহাত্মা গান্ধীয়ে কৈছিল,  “মই যদি নাৰী হৈ জন্ম গ্রহণ কৰিলোঁহেঁতেন, তেন্তে পুৰুষে নাৰীক খেলাৰ সামগ্রী হিচাপে গণ্য কৰি অহা ভ্রান্ত ধাৰণাৰ বিপক্ষে বিপ্লৱ কৰিলোঁহেঁতেন৷” এই কথাষাৰ মনলৈ আহিল এই কাৰণেই যে আজিকালি বৈদ্যুতিন মাধ্যম আৰু ছপা মাধ্যমৰ যোগেদি সহজতে আৰু সঘনাই দেখি-পঢ়ি থকা খবৰটো হ’ল নাৰী বলাৎকাৰৰ নির্লজ্জ ঘটনা৷ বর্তমানৰ স্বাধীন দেশখনত পৰাধীনতাৰ শিকলিৰে মেৰ খাই থকা নাৰীৰ বিষয়ে বহু কথাই মনলৈ আহে৷ পদ্মশ্রী নলিনীবালা দেৱীয়ে ‘নাৰী’ নামৰ এটা কবিতাত এনেদৰে নাৰীক উপস্থাপন কৰিছে যে কবিতাটোৰ প্রতিটো শব্দ, প্রতিটো স্তৱকে

Read more

জীৱন-কুমকুম দেৱী শৰ্মাবৰুৱা

জন্মৰ পৰা মৃত্যুলৈকে জীয়াই থকা সময়খিনিকেই জীৱন বুলি কোৱা হয়। এই জীৱনকাল সকলোৰে সমান নহয়।ইয়াত আমি কেৱল  মানৱ জীৱনৰ কথাহে আলোচনা কৰিম । (১) কৰ্মৰ যোগেদিহে জীৱনৰ মূল্যাঙ্কন কৰা হয়। কিমান দিন জীয়াই আছে তাৰ যোগেদি নহয়। স্বামী বিবেকানন্দ, ৰামানুজন, জ্যোতিপ্ৰসাদ আগৰৱালা, জয়ন্ত হাজৰিকা আদি মনীষীসকলৰ জীৱনকাল বৰ চুটি আছিল। কিন্তু তেওঁলোকে নিজৰ কৰ্মৰ যোগেদি নাম ৰাখি যাব পাৰিলে। (২) এজন লোক কেৱল পৰিৱেশৰ প্ৰভাৱত নহয় নিজৰ যত্নৰ বলতহে মহান হ’ব পাৰে। তেওঁ জীৱনক ধনাত্মক দৃষ্টিভংগীৰে চলাব জানিব লাগিব। লিওনাৰ্ডো

Read more
1 3 4 5