বুৰঞ্জীয়ে পৰশা নাহৰকটীয়া, শলগুৰি আলি, চাঁচনি আৰু কালৰ বুকুত হেৰাই যোৱা দুটি মৈদামৰ পম খেদি যৎকিঞ্চিত-জয়ন্ত গগৈ

বুৰঞ্জীৰ চৰিত্ৰবোৰ মনেসজা আৰু কাল্পনিক নহয়। বুৰঞ্জীত অতীত,বৰ্তমান আৰু ভৱিষ্যত- একেডাল সূতাৰে গঁথা থাকে। বুৰঞ্জীত অতীজৰপৰা শিক্ষা লৈ বৰ্তমানক বুজিব পাৰি, ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰি। সেইবাবেই  নতুনক পালেও পুৰণিক ৰোমন্থন কৰি মনলৈ আহে এক বৰ্ণনা কৰিব নোৱাৰা সুখানুভূতি। এই বুৰঞ্জী বুৰঞ্জী লগা এক স্মৃতিময় কথা কিছুমানে শৈশৱতে এছোৱা সময় পাৰ কৰা চাঁচনি পথাৰৰ মাজত থিয় দি থকা দুটা বৃহৎ মৈদামৰ স্মৃতিয়ে আজি মোক বহুত ভাৱ বিভোৰ কৰি তোলে।তাতোকৈ বেছি দুখ অনুভৱ কৰিবলগা হয় সেই বৃহৎ মৈদাম দুটাক হেৰুৱাৰ দুখে। শৈশৱতে

Read more

ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০- এক নতুন দিগন্তৰ সূচনা-চন্দামিতা শৰ্মা

মানৱ সমাজৰ সম্ভাৱনীয়তা, সামাজিক ন্যায়নিষ্ঠতা আৰু ৰাষ্ট্ৰীয় বিকাশক পৰিপূৰ্ণ ৰূপত আগবঢ়াই নিয়াটোৱেই হ’ল শিক্ষাৰ মূল উদ্দেশ্য। প্ৰতিজন ব্যক্তি তথা প্ৰতিখন দেশ আগুৱাই যোৱাত শিক্ষাই অপৰিসীম গুৰুত্ব বহন কৰে আৰু সেয়েহে  শিক্ষাক কোৱা  হয় জীৱনৰ চালিকা শক্তি। শিক্ষাই মানুহৰ জীৱনৰ দিক্ নিৰ্ণায়কৰ ভূমিকা পালন কৰে। প্ৰতিখন দেশে নিজ নিজ দেশৰ উন্নতিৰ বাবে এক নির্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰে। আমাৰ দেশ ভাৰতেও স্বাধীনতাৰ পাছৰে পৰাই “ৰাষ্ট্ৰীয় শিক্ষা নীতি” অভিধাৰে নিৰ্দিষ্ট কিছুমান শিক্ষানীতি গ্ৰহণ কৰি আহিছে আৰু প্ৰয়োজন সাপেক্ষে সময়ে সময়ে ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি”

Read more

অসমীয়া ফকৰা-যোজনাত নাৰী-ড° মৃদুস্মিতা ফুকন

লোক-সাহিত্যৰ বিভিন্ন বিভাগসমূহৰ ভিতৰত ফকৰা-যোজনাৰো সাহিত্যিক তথা সামাজিক মূল্য অনস্বীকাৰ্য। কোনো এটা গূঢ় তত্ত্ব বা একোটা গধুৰ কথাৰ সাৰমৰ্ম কম কথাৰে, সৰ্ব-সাধাৰণে বুজি পোৱাকৈ ফকৰা-যোজনাৰে বুজাই ক’ব পাৰি। নিৰক্ষৰ চহালোকৰ জীৱনৰ অভিজ্ঞতা আৰু জ্ঞানৰ ভঁৰালস্বৰূপ এনে ফকৰা-যোজনাসমূহৰ প্ৰচলন পৃথিৱীৰ প্ৰায় সকলো ভাষা-ভাষীৰ মাজতে প্ৰচলিত। তাৰ ভিতৰত সৰ্বাধিক স্থান অধিকাৰ কৰিছে নাৰীকেন্দ্ৰিক ফকৰা-যোজনাই। অসমীয়া ফকৰা-যোজনাও নাৰীকেন্দ্ৰিক ফকৰা-যোজনা, পটন্তৰ আদিৰে চহকী। এগৰাকী নাৰী জীয়াৰী- বোৱাৰী, স্ত্ৰী, ভনী আৰু গৌৰৱময়ী মাতৃ। নাৰীৰ এই সকলো ৰূপেই সুন্দৰভাৱে প্ৰতিফলিত কৰাবলৈ এই ফকৰা-যোজনাসমূহ যথেষ্ট। তদুপৰি এইসমূহৰ

Read more

অসমৰ বস্ত্ৰশিল্প অতীতৰ পৰা বর্তমানলৈ-উপাসা ভাগৱতী

মানৱ জাতিৰ বাবে অন্ন, বস্ত্ৰ, বাসস্থান -এই তিনিটা আদিম কালৰেপৰা চলি অহা মৌলিক প্ৰয়োজন৷ বস্ত্ৰৰ ক্ষেত্ৰখনলৈ দৃষ্টি দিলে আদিম অৱস্থাত মানুহে গছৰ বাকলি, পশুৰ ছালহে ব্যৱহাৰ কৰা আমি দেখিবলৈ পাওঁ৷ যদিও কালক্ৰমত কৃষিকৰ্ম কৰিবলৈ যেতিয়াই শিকিলে তেতিয়াই হয়তো কৃষিৰ সমান্তৰালকৈ কাপোৰ কেনেকৈ প্ৰস্তুত কৰিব পাৰি জানিলে৷ পূৰাতত্ববিদসকলে এই সন্দর্ভত বিভিন্ন সিদ্ধান্ত দাঙি ধৰা দেখা যায়৷ আনুবংশিক ছালৰ ৰং অনুসন্ধানৰ আধাৰত ক’ব পৰা যায় যে মানুহে ১০ লাখ বছৰৰ আগতে শৰীৰৰ জন্তুৰ দৰে থকা নোম হেৰুৱাইছিল আৰু শীতৰ প্ৰকোপ তথা গৰমৰপৰা

Read more

পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ইটো-সিটো আৰু জৈৱ সংৰক্ষণৰ প্ৰয়োজনীয়তা-জয়ন্ত গগৈ

প্ৰকৃতিয়ে নিৰংকুশভাৱে পৃথিৱীখন বৰ্ণিল ৰূপেৰে সজাই তুলিছে। ভৌগোলিক অৱস্থান, পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৰিৱেশক প্ৰধানতঃ  চাৰিটা মণ্ডলত বিভক্ত কৰিছে। এই মণ্ডলবোৰ হ’ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ,স্থলভাগৰ কিছু মিটাৰ গভীৰতা লৈ বিয়পি থকা অংশ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকতি  আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণী জাতি চিনাক্ত কৰা হৈছে। পৃথিৱীৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল।

Read more

বৈদিক যুগত নাৰীৰ স্থান -বিজয়া শৰ্মা

ভাৰতীয় সভ্যতা হৈছে অতি পুৰণি সভ্যতা। ভাৰতীয় সংস্কৃতিৰ বিশ্ব ইতিহাসত আছে এক বিশেষ মৰ্যাদা।আমাৰ ধৰ্মগ্ৰন্থ সমূহৰপৰাও জীৱন দৰ্শনৰ সুন্দৰ জ্ঞান আহৰণ কৰিবপৰা যায়। আনুমানিক খ্ৰী:পূ: ১৫০০ ত সিন্ধু সভ্যতা ধ্বংসৰ পিচত বেদক ভিত্তি কৰি বৈদিক যুগৰ সূচনা হৈছিল। বেদ অৰ্থাৎ জ্ঞান —এই বেদ শব্দটি সংস্কৃত “ৱিদ্ ” ধাতুৰপৰা আহিছে। বেদক ‘শ্ৰুতি’ বুলিও কোৱা হয় কাৰণ ঋষিসকলে বেদমন্ত্ৰ মুখে মুখে উচ্চাৰণ কৰি শিষ্য সকলক শুনাইছিল আৰু শিষ্য সকলে মনত ৰাখিছিল। চাৰি বেদ হৈছে— ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ । প্ৰত্যেক বেদৰ

Read more

আজিৰ চিন্তাঃ প্ৰকৃতি ,সমাজ আৰু মানুহ -জ্যোতিমণি দেৱী

‘প্ৰকৃতি’ শব্দৰ আভিধানিক অৰ্থ হৈছে বহিৰ্জগত বা নিসৰ্গ; সৃষ্টিৰ মূল বা আদি কাৰণ ৷ গতিকে প্ৰকৃতি বুলিলে আমি আমাৰ সমগ্ৰ বিশ্ব চৰাচৰকে বুজি পাওঁ৷ আনহাতে মানুহ হ’ল এই বিশ্ব-প্ৰকৃতিৰে ক্ষুদ্ৰ অথচ গুৰুত্বপূৰ্ণ অংশ৷ গুৰুত্বপূৰ্ণ এই বাবেই যে প্ৰকৃতিৰ সৃষ্টিবোৰৰ ভিতৰত একমাত্ৰ মানুহেই হ’ল একক, অনন্য সৃষ্টি; যিয়ে চিন্তা কৰিব পাৰে, সেই চিন্তা ভাষাৰে ব্যক্ত কৰিব পাৰে, উচিত-অনুচিত বিচাৰ কৰি কৰ্ম কৰিব পাৰে,নিজৰ সা-সুবিধা বিবেচনা কৰি সেইমতে জীৱন ধাৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ সেয়েহে মানুহে এই বিশ্ব চৰাচৰত নিজকে ‘জীৱশ্ৰেষ্ঠ’ বুলিও

Read more

বিহু আহে, বিহু যায়। কৈ থাকিলেও ওৰকে নপৰে !-জয়ন্ত গগৈ

বিহু আহে, বিহু যায়, নাজানাে এই অহা-যােৱাৰ সাঁকোৰ উৎপত্তি ক’ত কেনেকৈ হৈছিল বা হ’বলৈ পালে।আমি মাত্র জানিছিলাে, বিহুৰ আগমনৰ জাননী কুলি-কেতেকী চৰাইৰ কুহু কুহু ধ্বনি শুনাৰ পাছত, যেতিয়া তাহানিতে গাঁৱৰ গাভৰুৱে ঢোল-পেঁপাৰ মাতত যঁতৰ ভাঙিছিল, ঢেকীৰ গুম-গুমনিত গাঁৱখন ৰজনজনাইছিল, গছৰ কুঁহিপাতে , ফুলে মিচিকিয়াই কৈ যােৱা বিহুৰ বতৰা…লগে লগে গা–মন ৰাইজাই কৰেহি , দহিকতৰা জনীৰ থেউ ধৰি ধৰি গা-নচুৱাই যােৱা বতৰাই আমাৰ মন-প্ৰাণত সঞ্চাৰিত কৰে এক‌ বিহুৰ অবুজ কিবা মিঠা ভাল লগা মন গা-নচুৱাই দিয়া হেন্দোলনি – যাৰ বাবেই আমি

Read more

বিবাহ আৰু বৈদিক শ্লোকসমূহত পত্নীৰ মহত্ব-উপাসা ভাগৱতী

কুলিৰ মাতত ব’হাগ পালেহি। বছৰৰ প্ৰথম এই মাহটোতে বহুতে জীৱনৰ এক গুৰুত্বপূৰ্ণ সংস্কাৰ বিয়াখন পাতি গাৰ্হস্থ্য জীৱনত প্ৰবেশ কৰিবলৈ উত্তম সময় বুলি বিবেচনা কৰে বাবেই কয় ‘বহাগতে পাতি যাওঁ বিয়া’ আৰু বিহুনামবোৰতো তাৰেই ধ্বনি শুনা যায়। গাৰ্হস্থ্য জীৱনত স্বামী আৰু স্ত্ৰীলৈ পৰিণত হোৱা নৰ-নাৰীৰ বিশেষ ভূমিকা থাকে। বিশেষকৈ জন্মৰ ঘৰখন এৰি আহি স্বামীৰ ঘৰখনক আঁকোৱালি লৈ সংসাৰ ধৰ্ম পালন কৰা নাৰী এগৰাকীৰ গুৰুত্ব অধিক।বৈদিক শ্লোকসমূহত বিবাহৰ লগতে কিছুমান পত্নী বিষয়ক শ্লোকত পত্নীৰ মহত্ত্ব বৰ সুন্দৰকৈ ফুটি উঠা দেখিবলৈ পাওঁ।  হিন্দু

Read more

পৰিৱেশ ৰক্ষাত জলাশয়ৰ ভূমিকা আৰু আমাৰ কৰণীয়-চন্দামিতা শৰ্মা

বিল তথা জলাশয়সমূহ হ’ল জৈৱবৈচিত্ৰতাৰ এক প্ৰধান আধাৰ । বিভিন্ন পৰিভ্ৰমী চৰাই, জলজ উদ্ভিদ আৰু প্ৰাণীৰে ভৰা এই জলাশয়সমূহ  সবাতোকৈ চহকী, উৎপাদনক্ষম আৰু দীৰ্ঘম্যাদী পুনৰ্ব্যৱহাৰযোগ্য প্ৰাকৃতিক ভাণ্ডাৰ। অন্য অৰ্থত এইবোৰ আমাৰ ৰক্ষা কৱচ কাৰণ এই জলায়শসমূহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত অপৰিসীম ভূমিকা পালন কৰে ।জৈৱবৈচিত্ৰতা সংৰক্ষণকে ধৰি বানপানী প্ৰতিৰোধ তথা  বিভিন্ন জলজ উদ্ভিদেৰে পানীৰ সোঁত প্ৰতিৰোধ কৰাৰ লগতে  প্ৰদূষণ ৰোধ কৰাত জলাশয়ৰ  ভূমিকা  অপৰিসীম।এইবোৰ হ’ল প্ৰকৃতিৰ শ্ৰেষ্ঠ উপহাৰ । এই বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্যবোৰ সম্পাদন কৰে বাবে জলাশয়ক প্ৰকৃতিৰ বৃক্ক বা 

Read more
1 2 3 4